আকাশ জ্যোতিৰ কবিতা

সুবাস
(মামণি ৰয়ছম গোস্বামী বাইদেউক সুঁৱৰি)

পৃথিৱী এখন ৰঙ্গমঞ্চ,
জীৱনটো এখনি নাট,
এই মঞ্চতেই অভিনয় কৰিছোঁ,
আমি ভাৱৰীয়াৰ জাক!

তোমাৰ জীৱন যাত্রা
সুৰীয়া কৰিলা
আৰু জীৱনৰে নিয়ম মানি
আঁতৰি গ’ল।

বৈ অহা নদীয়ে
পাৰ হৈ অহা সুঁতি
কেতিয়াও ঘূৰাই নাপায়,
কিন্তু তুমি আমাৰ বুকুত
সদায় স্মৰণীয় হৈ ৰ’বা,
এই পৃথিবীৰ ৰঙ্গমঞ্চৰ ওৰ নপৰা পর্যন্ত !

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar