সংযোজন

ক’ত ক’ত
হীৰুদাক নাই পোৱা

সোণাৰু ভ্ৰমণত ব্যস্ত
সৌৰভ শইকীয়া
পিছে চোতালত আহিন

প্ৰণৱ নামৰ কবি
বহি আছে চাগে আঁঠুত মুখ গুজি
নিচুকাই কবিতা
আৰু ৰাতি
সেই ৰাতি

হিমাংশু, সেই উন্মাদ পখীটো
উৰি পৰিছেহি
এই মাত্ৰ
এক ছেকেণ্ড আগতে
হঠাৎ বতাহবোৰেই হৈ গ’ল
দিৱানা মস্তানা

হৈ যোৱা হ’লে মই কবি
আৰু তেওঁ মই

ধেৎ, হ’লোৱে যেনিবা কবি
তেওঁৰ ইমান ব্যস্ততা
ক’ত আৰু কবিতা
কবি, মই

বাদ দিয়া
সকলো পানীফুলৰ দৰে কথা

পাহৰি যোৱা

আপোনাৰ আৰু ভাল লাগিব পাৰে:
দেৱজ্যোতি শইকীয়া

দেৱজ্যোতি শইকীয়া

কলিয়াবৰ

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of