সংস্কৃত ভাষা বনাম বৃটিছ উপনিবেশবাদ

প্ৰাচীন ভাৰতৰ ঋষি-মহৰ্ষিসকলে গভীৰ বিশ্লেষণ কৰি মানৱ জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে শব্দৰ ৰহস্যময় অদ্ভূত শক্তিৰ আৱিষ্কাৰ কৰিছিল। সেই দৈৱীশক্তিৰ প্ৰকাশৰ মাধ্যম হৈছে সংস্কৃত ভাষা। সেই পৱিত্ৰ ভাষাৰ লগত মানৱীয় চেতনাৰ এক অবিচ্ছিন্ন সম্পৰ্ক জড়িত হৈ আছে আৰু সেই ভাষাত উপলদ্ধ বাণীৰ দ্বাৰা চিৰশান্তি, মানৱীয় প্ৰমূল্যবোধ, বিশ্বভ্ৰাতৃত্ত্ববোধ তথা বিশ্বকল্যাণৰ সুবাস সমস্ত পৃথিৱীতে বিয়পি আছে। কিন্তু আজি ভাৰতত গৰীয়সী সংস্কৃত ভাষা তুচ্ছ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে। এইখিনিতে পাঠকসকলক নিবেদন কৰিব বিচাৰিছোঁ যে মই কোনো ৰাজনৈতিক বাসনাৰ দ্বাৰা প্ৰেৰিত নহয় আৰু কোনো ভাষাক মই অসন্মান অথবা কটু আলোচনাও কৰিব বিচৰা নাই। মাত্ৰ নিজৰ ভাষাৰ প্ৰতি হোৱা অত্যাচাৰ আৰু ষড়যন্ত্ৰত দুঃখী হৈ ইতিহাসৰ কলুষিত অধ্যায়ৰ কিছু কথা প্ৰকাশ কৰিব বিচাৰিছোঁ।

কিছু বছৰৰ পূৰ্বে আমেৰিকাৰ প্ৰাচ্যবিদ্যা বিশেষজ্ঞ তথা ছিকাগো বিশ্ববিদ্যালয়ৰ সংস্কৃতৰ অধ্যাপক ছেল্ডন পোলক (Sheldon I. Pollock) যেতিয়া কেৰেলা ৰাজ্যস্থিত সংস্কৃত কলেজৰ আমন্ত্ৰণত বক্তৃতা দিবলৈ আহিছিল, তেতিয়া ভাৰতীয় বুদ্ধিজীৱীসকলৰ সন্মুখত এই গভীৰ প্ৰশ্ন উপস্থাপন কৰিছিল— ‘সম্প্ৰতি আমেৰিকাত সংস্কৃত শিক্ষাৰ প্ৰতি অত্যধিক ৰুচি দেখা যায়, কিন্তু যিখন দেশত সংস্কৃতৰ জন্ম হৈছে, সেইখন দেশতে সংস্কৃতৰ অস্তিত্ত্ব সংকটাপন্ন অৱস্থাত আছে।’ আমেৰিকাৰ বুদ্ধিজীৱীসকলৰ গভীৰ চিন্তা হৈছিল যে যদি ভাৰতবৰ্ষত সংস্কৃতৰ বিলুপ্তি ঘটে, তেন্তে বিশ্বৰ বিৰাট সাংস্কৃতিক পৰম্পৰা আৰু ইতিহাসৰ পতন হ’ব। আমেৰিকাৰ বুদ্ধিজীৱীসকলৰ ধাৰণা আছিল যে ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পুৰাতন সংস্কৃতি এতিয়াও জীৱিত। কথাটো সম্পূৰ্ণভাৱে সঁচা, কিয়নো বাৰে বাৰে বৈদেশিক আক্ৰমণৰ বলি হোৱাৰ পাছতো ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হোৱাৰ প্ৰধান কাৰণ হৈছে সংস্কৃত ভাষাত ৰচিত বিপুল জ্ঞানভাণ্ডাৰ তথা অবিনাশী ভাৰতীয় সংস্কৃতি। আধুনিকতাবাদ বা উত্তৰ আধুনিকতাবাদৰ যুগতো সংস্কৃতৰ প্ৰয়োজন সিমানেই, যিমান প্ৰাচীন কালত আছিল। আমি ভাৰতীয় সকলোৱেই ভাৰতীয় ঐতিহ্য আৰু পুৰাতন সংস্কৃতিক সংৰক্ষণ কৰিবলৈ হ’লে সংস্কৃত ভাষাৰ সংৰক্ষণ কৰিবই লাগিব আৰু তাৰ লগতে বৈদিক কালৰ পৰা চলি অহা জ্ঞান-বিজ্ঞানৰ পৰম্পৰা নিৰ্বহণৰ দায়িত্ব নৱ-প্ৰজন্মৰ হাতত গতাই দিব লাগিব। ছেল্ডন পোলকক ভাৰতত সংস্কৃত শিক্ষাৰ পতনৰ অংশীদাৰ কোন বুলি প্ৰশ্ন সোধাত তেওঁ বৃটিছ উপনিবেশবাদী নীতিকে দোষাৰোপ কৰিছিল। তেওঁ কৈছে, বৃটিছসকল যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া তেওঁলোকে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যে সংস্কৃত সাহিত্যত ৰচিত ভাৰতীয় জ্ঞান-বিজ্ঞানৰ অৱধাৰণা অত্যন্ত নিকৃষ্ট ধৰণৰ। ইয়াৰ পৰাই ভাৰতবৰ্ষত সংস্কৃত শিক্ষাৰ বিস্তাৰ লাহে লাহে হ্ৰাস হ’বলৈ ধৰিলে আৰু আজি বিলুপ্তিৰ পথত আহি উপস্থিত হৈছে। আমেৰিকাৰ প্ৰাচ্যবিদ মনীষীয়ে দিয়া মন্তব্য ঐতিহাসিক দৃষ্টিৰে চালে সম্পূৰ্ণ সত্য অনুভৱ হয়।

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰৱেশ কৰাৰ আগতে বঙ্গদেশত মুঠ আশী হেজাৰ স্বদেশী পাঠশালা আছিল আৰু এই পাঠশালাৰ বাবে আৰ্থিক সাহায্য গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা হৈছিল। কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমনৰ লগে লগে বহুতো গাঁও পঞ্চায়ত নস্যাৎ কৰি দিয়া হৈছিল। তাৰ ফলত পাঠশালাবোৰ লাহে লাহে নোহোৱা হৈ গ’ল। ভাৰতবৰ্ষৰ পৰম্পৰাগত শিক্ষা প্ৰতিষ্ঠানসমূহৰ ওপৰত বৃটিছ উপনিবেশবাদে চলোৱা এইটো এটা ভয়ংকৰ আক্ৰমণ। ইংৰাজসকলৰ ভয় আছিল যে সংস্কৃত, আৰবী, পাৰ্চি আদি ভাষাসমূহৰ শিক্ষাৰ দ্বাৰা ভাৰতবাসীৰ আত্মগৌৰৱ আৰু ৰাষ্ট্ৰীয় চেতনা শক্তিশালী হ’ব; সেই কাৰণে ১৮৫৩ চনত চালৰ্ছ ট্ৰেবেলিয়ানে (Sir Charles Edward Trevelyan) পাৰ্লিয়ামেণ্ট্ৰি কমিটিত ‘ভাৰতীয় শিক্ষা প্ৰণালীৰ ৰাজনৈতিক পৰিণাম’— এই বিষয়ত পত্ৰ প্ৰস্তুত কৰিছিল আৰু উল্লেখ কৰিছিল— ‘মুছলমানসকলে সদায় এই কথা মনত ৰাখিব যে তীব্বতী খ্ৰীষ্টীয়ানসকলে মুছলমানসকলৰ বহুতো প্ৰদেশ নিজৰ অধীনস্থ কৰিছে আৰু হিন্দুসকলৰো এই কথা সদায় মনত থাকিব যে ইংৰাজসকল এনে ধৰণৰ অপৱিত্ৰ ৰাক্ষস, যাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰখা মহাপাপ। গতিকে আমাৰ শত্ৰুয়েও এনে ধৰণৰ শিক্ষানীতিৰ প্ৰচাৰ হোৱাটো নিবিচাৰে যাৰ দ্বাৰা স্বাভাৱিকতে মানুহৰ মনত উগ্ৰ মনোভাৱৰ সৃষ্টি হয়। সেই কাৰণে ইংৰাজী সাহিত্যৰ প্ৰভাৱ আমাৰ বাবে অত্যন্ত উপযোগী। ভাৰতীয় যুৱ মানসিকতাতো ইংৰাজী সাহিত্যৰ প্ৰভাৱ পৰিব আৰু ভাৰতীয়সকলৰ আমাৰ প্ৰতি থকা বিদেশী মনোভাৱো নাথাকিব।‘ এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ বশৱৰ্তী হৈ মেকলে তথা গৱৰ্ণৰ জেনেৰেল উলিয়াম বেণ্টিংক ( Lord William Bentinck)-এ ভাৰতবৰ্ষত এনেকুৱা শিক্ষা প্ৰণালীৰ প্ৰচলন কৰিলে, যাৰ অন্তৰ্গত সংস্কৃত কিম্বা অন্য ভাৰতীয় ভাষাসমূহৰ অধ্যয়নৰ সুবিধা বন্ধ কৰিলে আৰু সকলো বাজেট মাত্ৰ ইংৰাজী ভাষা আৰু সাহিত্যৰ বাবেহে খৰচ কৰিলে। এই শিক্ষানীতি প্ৰচলন হোৱাৰ ১৮ বছৰৰ পাছত ক্ৰমান্বয়ে পৰিণাম দেখিবলৈ পোৱা গ’ল। ইংৰাজী লিখা-পঢ়াসকলৰ মাজত এটা বৰ্গ আছিল, যি তেজ আৰু মঙহেৰে ভাৰতীয় আছিল, কিন্তু আচাৰ-ব্যৱহাৰ তথা সংস্কাৰত সম্পূৰ্ণ ইংৰাজ হৈ পৰিছিল। যদ্যপি ভাৰতবৰ্ষ স্বাধীন হোৱা ৭০বছৰ হ’ল, তথাপি বহুসংখ্যক তথাকথিত ভাৰতীয় বুদ্ধিজীৱীয়ে নিজৰ ভাষা আৰু সংস্কৃতিক পাহৰি আভিজাত্য প্ৰদৰ্শন কৰিবৰ বাবে ইংৰাজৰ গোলামী কৰিবলৈ অকণো কুন্ঠাবোধ নকৰে।

প্ৰাচীন ৰোম নিবাসীসকলে যেতিয়া অন্য দেশক পৰাজিত কৰিছিল, তেতিয়া সেই দেশৰ ভাষা-সাহিত্য আৰু সংস্কৃতিক নষ্ট কৰি ৰোমান ভাষা আৰু সাহিত্য তেওঁলোকৰ ওপৰত জাপি দিছিল। মেকলেইও সেই নীতিকে গ্ৰহণ কৰি প্ৰাচীন ভাৰতীয় ভাষা, ধৰ্ম আৰু সংস্কৃতিক মষিমূৰ কৰি সংস্কৃত ভাষা-বিৰোধী নীতিৰে বৃটিছ সাম্ৰাজ্যবাদ স্থাপন কৰিলে। শিক্ষাৰ এই নীতিক লৈ ইংৰাজ শাসকসকলৰ মাজত কিছু বিভেদৰো সৃষ্টি হৈছিল। ৱাৰেন হেষ্টিংছ (Warren Hastings)-ৰ সময়ত ভাৰতীয়সকলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ডাঙৰ সমস্যা দেখা গৈছিল। শিক্ষাৰ দহজনীয়া সমিতিত পাঁচজন সদস্যই ভাৰতীয় সাহিত্য, ভাৰতীয় বিজ্ঞান, সংস্কৃত, আৰবী, পাৰ্চী তথা অন্যান্য ভাৰতীয় ভাষাৰ সপক্ষে যুক্তি দিছিল; বাকী পাঁচজন সদস্যই এই শিক্ষাৰ বিৰোধিতা কৰিছিল আৰু ইংৰাজী ভাষা-সাহিত্য প্ৰৱৰ্তনত গুৰুত্ব প্ৰদান কৰিছিল। প্ৰথম পৰ্যায়ৰ ব্যক্তিসকলক ওৰিয়েণ্টেলিষ্ট আৰু দ্বিতীয় পৰ্যায়ৰ ব্যক্তিসকলক এক্সিডেণ্টেলিষ্ট বুলি কোৱা হৈছিল। বহুত বছৰ ধৰি দুয়ো বৰ্গৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল। কিন্তু পাশ্চাত্য শিক্ষাৰ সমৰ্থক লৰ্ড মেকলে আৰু জেনেৰেল বেণ্টিংকে বিপুল সমৰ্থন লাভ কৰিলে, তাৰ ফলত ভাৰতীয় প্ৰাচ্যবিদসকলে হাৰ মনিবলগীয়া হৈছিল। পৰিণাম স্বৰূপে পাশ্চাত্য শিক্ষাৰ বোজা বলপূৰ্বক জাপি দিয়াৰ বাবে স্বাধীনতা আন্দোলনৰ জুই দপদপকৈ জ্বলি উঠিছিল। পাশ্চাত্যৰ বহুতো সংস্কৃত অনুৰাগীয় তথা ছোভিয়েট প্ৰাচ্যবিদ্যা মনীষীসকলে ইংৰাজৰ এই সংস্কৃত বিৰোধী নীতিৰ সমালোচনা কৰি ভাৰতীয়সকলক সমৰ্থন কৰিলে। তাৰ ভিতৰত এইচ এইচ উইলচন (Horace Hayman Wilson), ফ্ৰেডৰিখ মেক্স মুলাৰ (Friedrich Max Müller) তথা ৰাছিয়াৰ বিদ্বান আইভান মিনায়েব (Ivan Pavlovich Minayev)ৰ নাম উল্লেখনীয়। ছোভিয়েট ৰাছিয়াৰ ভাৰতীয় বিদ্যাৰ সমৰ্থক আইভান মিনায়েবে তিনিবাৰ ভাৰত ভ্ৰমণ কৰি বহুসংখ্যক ভাৰতীয় বিদ্বানৰ লগত সম্পৰ্ক স্থাপন কৰিলে। সেই সময়তেই মিনায়েবে পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত ‘ৰাছিয়াৰ বিশ্ববিদ্যালয় সমূহত ভাৰতীয় বিদ্যাৰ অধ্যয়ন’— এই বিষয়ত বক্তৃতা প্ৰদানৰ সময়ত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মহত্ত্বপূৰ্ণ যোগদানৰ ভূয়সী প্ৰশংসা কৰিছিল, লগতে ইউৰোপৰ দ্বাৰা বিয়পি থকা কেন্দ্ৰীয়তাবাদৰ বিৰোধিতাও কৰিছিল। তেওঁৰ ভাৰতৰ প্ৰতি অগাধ বিশ্বাস আছিল আৰু কৈছিল যে— ‘প্ৰাচীন ভাৰতৰ জ্ঞান-বিজ্ঞানৰ আগত সম-সাময়িক ভাৰতৰ জীৱন পদ্ধতিৰ বৈজ্ঞানিক আৰু ব্যৱহাৰিক দিশক উপেক্ষা কৰিব নোৱাৰি। ভাৰতীয় ইতিহাসৰ প্ৰতি থকা ৰুচিৰ বাবেই ছোভিয়েট সংস্কৃতি ভাৰতৰ অত্যন্ত নিকট।’ বৃটিছ উপনিবেশবাদৰ সৰ্বপ্ৰথম সংস্কৃত বিদ্বানসকলেই বিৰোধিতা কৰিছিল আৰু এই আন্দোলনত পাশ্চাত্য বিদ্বানসকলেও পৰোক্ষভাৱে সমৰ্থন জনাইছিল। উদাহৰণ স্বৰূপে, মেকলেৰ ইংৰাজী শিক্ষানীতিৰ বিৰোধিতা কৰি ১৬ ডিচেম্বৰ ১৮৬৮ চনত Duke of Argyll-লৈ চিঠি লিখিছিল— ‘India can never be anglicized, but it can be reinvigorated. By encouraging a study of their own ancient literature, as part of their education, a national feeling of pride and self-respect will be reawakened among those who influence the large masses of the people. …….a study of the ancient classical language is absolutely necessary’ (The Life and Letters of Right Honorable Friedrich Max Müller, 1902)। ইষ্ট ইন্ডিয়া কোম্পানীৰ চাকৰ হোৱাৰ বাবে এইচ এইচ উইলচনে একো কৰিব পৰা নাছিল, কিন্তু ভাৰতীয় সংস্কৃত বিদ্বানসকলক সংস্কৃতত শ্লোক এটা লিখি সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল—

‘নিষ্পীড্যাপি পৰং পদাহুতিশতৈঃ শশ্বদ্ বহু প্ৰাণিনাং
সন্তপ্তাপি কৰৈঃ সহস্ৰকিৰণেনাগ্নি স্ফুলিঙ্গোপমৈঃ।
ছাত্ৰাদৈশ্চ বিচৰ্বিতাপি সততং ভ্ৰষ্টাঽপি কুদ্দালকৈঃ
দূৰ্ৱা ন ম্ৰিয়তে কৃশাপি নিতৰাং ধাতুৰ্দয়া দুৰ্বলে।।‘

অৰ্থাৎ, সংস্কৃত ভাষা দিব্য আশীৰ্বাদেৰে পুষ্ট এক বিলক্ষণ ভাষা। হেজাৰ হেজাৰ মানুহৰ দ্বাৰা পদলাঞ্ছিত হ’লেও, সূৰ্যৰ বহ্নিতুল্য সহস্ৰ ৰশ্মিৰ দ্বাৰা পুৰি ছাই হ’লেও আৰু পশু-প্ৰাণীৰ দ্বাৰা চৰ্বিত হ’লেও দূবৰি বনৰ মূল শিপাক কেতিয়াও ধ্বংস কৰিব নোৱাৰি। কিয়নো দুৰ্বলক সদায় ঈশ্বৰে সহায় কৰে।

‘আমেৰিকান সংস্কৃত ইন্সটিটিউট’ৰ নিৰ্দেশক ব্যাস হিউষ্টন (Vyaas Houston)-এ সংস্কৃত ভাষাক ‘A Cosmic Grand opera’ বুলি কৈছে। পৃথিবীত কোনো এখন দেশ নাই, যি ভাষাৰ দৃষ্টিৰে ভাৰততকৈ ভাগ্যবান। লগতে এইটোও সঁচা যে ভাৰতৰ দৰে দুৰ্ভগীয়া দেশ আৰু ক’তো নাই। কিয়নো আমি নিজৰ সভ্যতা আৰু সংস্কৃতিক তিলাঞ্জলি দি পাশ্চাত্য সংস্কৃতিৰ অন্ধানুকৰণ কৰিছোঁ। স্বামী বিবেকানন্দই কোৱাৰ দৰে— ‘আমি ইমান পগলা; ৰোগ উপচাৰৰ বাবে আমাক দৰৱ দিবলৈ অহা জনকে ওলোটাই গালত চৰ মাৰোঁ।‘ আজি সংস্কৃত ভাষাৰ এই সঙ্কট দূৰ কৰিবৰ বাবে সংস্কৃতজ্ঞসকল আগবাঢ়ি আহিব লাগিব। চৰকাৰে ভাষা আৰু শিক্ষানীতিসমূহ বহুতবাৰ অদলি-বদলি কৰিলেও ভাল সুফল দেখা পোৱা নাযায়। এই ক্ষেত্ৰত আমিও (সংস্কৃতজ্ঞ) সমানেই জগৰীয়া। সংস্কৃতত লিখা বিজ্ঞানভিত্তিক গ্ৰন্থবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান উপযোগী আৰু আধুনিক যুগত সেইবোৰৰ প্ৰয়োজনীয়তা কি, আমি চিন্তা কৰিছোঁনে? আধুনিক শিক্ষাৰ লগত খাপ খোৱাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দৰকাৰ, লগতে সংস্কৃত অধ্যয়নোপযোগী বাতাবৰণ তৈয়াৰ কৰি সংস্কৃতৰ অনুকূল মানসিকতাৰ সৃষ্টি কৰিব লাগিব। হেজাৰ হেজাৰ বছৰ ধৰি চলি অহা তথা পূৰ্বপুৰুষসকলে আমাক প্ৰদান কৰা এই সাংস্কৃতিক পৰম্পৰাক সংৰক্ষণ নকৰিলে নতুন প্ৰজন্মক অন্যায় কৰা নহ’বনে?

লেখক গুৰুচৰণ কলেজ (শিলচৰ)ৰ সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপক। ফোন: ৯৪৩৫৯২৭৩১৪

Featured image credit: Wellcome CollectionCC BY

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of