নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

সীমাহীন অনন্ত দিগন্ত

সীমাহীন অনন্ত দিগন্ত

মূল (স্পেনিচ): জুদিথ পৰ্দন
অনুবাদ: বিকাশ কুমাৰ দাস

✽

গভীৰ বনলৈ আৱেগত ঢপলিয়াইছোঁ
বিতোপন ছায়াৰে আবৰা
গন্তব্যৰ মাজত ওখোৰা-মোখোৰা
ওঁঠ সদৃশ একা-বেঁকা বনপথ,
সেই যাদুৰ মোহিনী মায়া
ভঙ্গ কৰিবলৈ যে আমাৰ খেয়ালো নাই।
কেউফালে কাঁইটীয়া খচখচীয়া
কেঁচা বন-পাতেৰে ভৰা
ঘন জোপোহাৰ মাজে মাজে দেখোঁ—
সৰু সৰু উন্মুক্ততাৰে হালি-জালি থকা উদং ডাল
দেখিলেই বুকু উচলি উঠে উলাহতে!

সেই সুউচ্চ গছজোপাৰ তলতে
আমি বিগলিত, আৱেগৰে সিক্ত আৰু বিলীন।
তাতেই বিলীন হৈ আকৌ ঢপলিয়ালো
সীমাহীন অসীম দিগন্তলৈ।
জোপোহাৰ ডাল-পাতবোৰে মৰমতে
মাজে মাজে চুলি আঁচুৰি দিয়ে।

মোৰ মধুৰ শৈশৱৰ অন্তত
গছবোৰৰ সৈতে বিবাহ-পাশত বান্ধ খাব খুজিছিলো
কিন্তু পাহৰিলো, কেনেকৈ।

✽

Judith Pordon

জুদিথ পৰ্দন

জুদিথ পৰ্দন (১৯৫৪) এগৰাকী আমেৰিকান কবি আৰু লেখক। তেখেতৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ’ল ভিন্ন সাংস্কৃতিক অভিজ্ঞতা, বৰ্ণিল প্ৰেমৰ উদযাপন আৰু সমসাময়িক সামাজিক বিষয়। [অধিক জানক]

এই লেখকৰ সকলো লেখা চাওক →
সীমাহীন অনন্ত দিগন্ত | বিকাশ কুমাৰ দাস

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...