পাতিপইচা

প্ৰকাশ: ৪ এপ্ৰিল, ২০১৮ | অন্তিম সম্পাদনা: ৪ এপ্ৰিল, ২০১৮

মৃগেন বৰা । হিলছ্ ট্রাইব ডেভেলপমেণ্ট অফিছ। মাওলাং।

বগা দীঘল খামটো ডাকঘৰৰ মোহৰেৰে চবকা-চবক হৈ তাৰ অফিছৰ টেবুলত পৰি আছে। এড্রেছটোত লিখা ‘মাওলাং’-অৰ অনুস্বৰটো কাটি কোনোবাই তলত ৰঙা চিঞাহীৰে দাগ এটা দি দিছে। চিঠি দিয়া মানুহজনে সম্ভৱতঃ নাজানে যে এনেকুৱা পাহাৰীয়া ঠাইত অনুস্বৰ এটা বেছিকৈ লাগিলেও চিঠিখন এশ মাইল দূৰলৈ গুচি যাব পাৰে। সি খামটোৰ মুখখন খুলিলে। এখন শ্রাদ্ধৰ চিঠি। চিঠিখনত থকা ফটোখন দেখি সি উচপ খাই উঠিল। ৰাজেন মামা। মৃগেনে এইবাৰহে মন কৰিলে, চিঠিখনৰ লগতে আছে আৰু এখন সৰু চিঠি।

‘মৰমৰ মানু,
ৰাজেন মোমায়েৰ গ’লগৈ। শৰাধলৈ আহিবি। মই কৰা দোষবোৰ মনত ৰাখি নাথাকিবি। ইতি।
তোৰ নমী মামী।’

সি চিঠিখনৰ তাৰিখটো চাই ৰৈ গ’ল। ছমাহৰ আগৰে চিঠি। তাৰ মানে ৰাজেন মামা ঢুকোৱা ছমাহ হ’ল। এক অপৰাধবোধে তাক দহিবলৈ ধৰিলে। সি শৰাধলৈ নোযাৱা দেখি নৱমী মামীয়ে চাগে ধৰিয়েই লৈছে তেওঁক বেয়া পাই আছে বুলি।

তিনি দিনৰ ছুটী লৈ সি আহি তাৰ কোৱাৰ্টাৰ পালেহি। সৰু বেগটোত কাপোৰ দুসাজ ভৰাই ৰূমটোত তলা মাৰি সি ৰাস্তা পালেহি৷ ইয়াৰ পৰা সোতৰ কিলোমিটাৰ ওলাই গ’লেহে গাড়ী পোৱা যাব। ইয়াৰ পৰা ওলাই যোৱাৰ উপায়— হয় বালি কঢ়িওৱা ট্রাকবোৰ, নহ’লে ফৰেষ্ট ডিপার্টমেণ্টৰ জীপ। পুলিছৰ গাড়ী পায় যদিও সাধাৰণতে মানুহবোৰ যাব নিবিচাৰে। উগ্রপন্থী সংগঠনবোৰে কিবা সন্দেহ কৰে বুলিয়েই সাধাৰণ মানুহবোৰে পুলিছৰ লগত মিলা-মিচা নকৰে।

সি চিগাৰেটটো জ্বলাই লওঁতেই এখন গাড়ীৰ শব্দ শুনিলে। শব্দটো শুনিয়েই সি গম পালে সেইখন বালি কঢ়িওৱা ট্রাকেইহ’ব। সি অনুমান কৰিলে, প্রায় এশ ফুট ওখ গড়াটো পাৰ হৈ গাড়ীখন তাৰ ওচৰ পাইহি মানে তাৰ চিগাৰেটটো শেষ হ’ব। তাৰ অনুমান সত্য প্রমাণিত কৰি চিগাৰেটটো শেষ হোৱাৰ ঠিক আগে আগে এখন বালিভর্তি ট্রাক আহি তাৰ ওচৰত ৰৈ গ’ল। গাড়ীখন ৰোৱাৰ লগে লগেই মানুহ এটা কেবিনৰ পৰা ওলাই গাড়ীখনৰ গা বগাই হুডত উঠিলগৈ। সি ড্রাইভাৰৰ কাষতে বহি ল’লে। সোতৰ কিলোমিটাৰ বাট দুঘণ্টামানত অতিক্রম কৰি গাড়ীখন মেইন ৰোড পালেহি।

গাড়ীখনৰ পৰা নামি চিধাই সি টকৌপাতেৰে সজা চালিখনত থকা কাউণ্টাৰটো পালেগৈ। তাক দেখাৰ লগে লগে ল’ৰা এজনে প্লাষ্টিকৰ চকী এখন আগবঢ়াই দি ক’লে, ‘তিনিটা ছিট আছে ছাৰ। আপোনাক কেইটা লাগিব?’
‘নাই নাই, মোক এটা হ’লেই হ’ব।’

তাৰ উত্তৰটো শুনি ল’ৰাজন কিছু নিৰাশ হ’ল। লাহেকৈ চকীখনত আউজি বহি সি সুধিলে, ‘গাড়ী কেইটাত পাবহি?’
‘ফাৰ্ষ্টখন পাঁচটাতে পাবহি, হ’লেও সেইখনত যাব নালাগে ছাৰ, ছিটবোৰ পুৰণি।’ ল’ৰাজনে ক’লে।
‘নাই, ভাল-বেয়াৰ কথা নাই৷ মই ফাৰ্ষ্টখনতে যাম।’

ল’ৰাটোৱে ফাৰ্ষ্ট বাছখনৰ টিকটটোৰে সৈতে পোৰা গোমধান এটাও আগবঢ়াই দিলে। টকাকেইটা দি সি গোমধানটোত কামোৰ মাৰিলে। নির্জন ঠাইটুকুৰা লাহে লাহে আৰু নির্জন হৈ আহিছে।কুঁৱলিও লাহে লাহে বাঢ়ি আহিছে। চাৰি বজাৰ পাছত কুঁৱলিয়ে বাটি এটাৰ দৰে ঢাকি পেলায় পাহাৰটো। ল’ৰাটো ৰাস্তাৰ পৰা আহি ক’লে, ‘ছাৰ আজি গাড়ী সোনকালেই আহিল।’ ৰাস্তালৈ ওলাই আহি সি দেখিলে পাহাৰৰ গা বগাই গাড়ী এখন উঠি আহিছে। গাড়ীখন আহি চালিখনৰ আগত ৰৈ গ’ল। গাড়ীখনত তাকে লৈ দহটামান মানুহ হ’ব। সি কাষৰ ছিট এটাত বহি ল’লে। পাহাৰৰ এই এশ কিলোমিটাৰ বাট ভালদৰে গ’লেই হ’ল। আৰু দুঘণ্টামানলৈ সিফালৰ পৰা গাড়ী নাহে। আঠমান বজাৰ পাছত এছকৰ্ট লৈ বাছ দুখনমান আৰু কয়লা কঢ়িওৱা ট্রাকৰ কনভয় এটা যাব। তাৰ পাছত ৰাস্তাটো শুই পৰিব গোটেই নিশাটোৰ বাবে।

জেকেটৰ পকেটৰ পৰা সি এনেয়ে চিঠিখন উলিয়াই হাতত ল’লে। নৱমী মামী বুলি ক’লেই তাৰ মনলৈ আহে সৰুতে সি বুজি নোপোৱা এটা বাক্য— ‘ইমান ধন-সোণেৰে ভৰি থকা পেৰাটো থাকোঁতে, পাতিপইচাকেইটাতহে তাৰ চকু পৰিল।’ এটা আচৰিত হাঁহিৰে তাৰ গালখনত চেপা এটা মাৰি নৱমী মামীয়ে কথাখিনি কৈছিল।

দৰিদ্ৰতাই থকা-সৰকা কৰা তাৰ বিধৱা মাকৰ দুখ সহ্য কৰিব নোৱাৰি সৰুতেই মামাকে তাক লৈ আহিছিল। নিঃসন্তান মাখন মামা আৰু মামীয়েকৰ মাজত সি ভাবিব নোৱৰা মৰম-চেনেহৰ মাজত ডাঙৰ হৈছিল। সি চতুর্থ শ্রেণীত থাকোঁতেই সিহঁতৰ চুবুৰিত এখন বিয়া হৈছিল— ডাকঘৰৰ চিঠি বিলোৱা ৰাজেন মামাৰ বিয়া। বিয়া পাৰ হৈ যোৱাৰ এসপ্তাহমান পাছত মামীয়েকৰ লগত এদিন সি ৰাজেন মামাকৰ ঘৰলৈ গৈছিল, ন-কইনা চাবলৈ। সিহঁত গৈ পোৱাৰ সময়ত ৰাজেন মামাহঁতৰ পিছফালৰ বাৰাণ্ডাত কেবাজনীও মানুহ বহি আছিল। অলপ পৰৰ পাছতে ন-কইনাই বটা এটাত তামোল লৈ ওলাই আহিছিল। পিপলি আইতাই কইনাৰ মূৰৰ ওৰণিখন গুচাই কৈছিল, ‘হেৰ’, আমাকো দেখুৱাচোন মুখখন, পৈয়েৰকতো ৰাতি ৰাতি দেখুৱায়ে থাক।’ আইতাৰ কথা শুনি বগা মানুহজনী ৰঙা-চিঙা পৰি গৈছিল। হঠাৎ তাৰ মুখেদি ওলাই আহিছিল, ‘বাহ, ইমান ধুনীয়া।’ কথাষাৰ শুনি পিপলি আইতাই তাৰ হাতখনত থাপ মাৰি ধৰি কৈছিল, ‘নিধকটো কটা, হেৰি ফুটিওৱাই নাই, বগী মাইকী চিনি পোৱা হলিয়েই।’ আইতাৰ কথা শুনি মানুহকেইজনীয়ে গির্জনী মাৰি হাঁহি দিছিল, ৰঙা-চিঙা পৰি সি কোনোমতে হাতখন এৰুৱাই একেলৰে আগফালৰ বাৰাণ্ডা পাইছিলহি। অলপ পৰৰ পাছত ধুনীয়া মানুহজনীয়ে তাক হাতত ধৰি ভিতৰলৈ লৈ গৈছিল। নিজৰ কোঠাত বহিবলৈ দি মানুহজনীয়ে তাক মিঠাই এটা খাবলৈ দিছিল আৰু ইটোৰ পিছত সিটো কথা সুধি গৈছিল। আহিবৰ সময়ত তাৰ মামীয়েকক কৈছিল, ‘বাইদেউ, এওঁক আবেলি আবেলি মোৰ ওচৰলৈ পঠাই দিবচোন , মাোৰো লগ এটা হ’ব, তেওঁৰ পঢ়াখিনি চাই দিব পাৰিম।’

তাৰ পাছৰ পৰা সি প্রায়ে অহা হ’ল নৱমী মামীহঁতৰ ঘৰলৈ। প্ৰথমতে সংকোচেৰে ওচৰ চপা নৱমী মামী নামৰ মানুহজনীক এদিন সি নমী মামী বুলি মাতিব পৰা হ’ল। তাক গা ধুওৱা, ভাত খুওৱা কামো কৰা হ’ল। আৰু এদিন সি অনুভৱ কৰিলে, নমী মামীৰ ওচৰলৈ যদি সি এদিনো নোযোৱাকৈ থাকে, কিবা এটা দুখে তাক আচ্ছন্ন কৰি ৰাখে।

সিদিনাও সি নমী মামীহঁতৰ কলৰ পাৰত গা ধুই আছিল, পিন্ধনত সৰু গামোচা এখন। গাটো মচিবলৈ লওঁতেই হঠাৎ নমী মামীয়ে তাৰ গামোচাখন টান মাৰি খুলি দি খিলখিকৈ হাঁহিবলৈ ধৰিলে। সৰু লৰা হ’লেও সিদিনা তাৰ আত্মসন্মানত লাগিছিল। সি থিৰাং কৰিছিল, নমী মামীক সি আৰু কেতিয়াও নামাতে। তাৰ পিছত সি কেবাদিনো তালৈ অহা নাছিল আৰু এদিন নমী মামীয়ে নিজেই ৰাস্তাৰ পৰা তাক তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল। মামীহঁতৰ ঘৰ সোমায়ো সি মুখ ওফোন্দাই বহি আছিল।

‘কি হ’ল ইমান খং নে?’ নৱমী মামীয়ে তাক চিৰাই-গাখীৰে খাবলৈ দি জোকাইছিল। সিদিনাৰ পৰা সি আকৌ নৱমী মামীহঁতৰ ঘৰলৈ আহিবলৈ লৈছিল।

এদিন নৱমী মামীৰ কোঠাত সোমাই সি দেখিলে মামীয়েকে বুকুত মেঠনি এখন মাৰি কাঠত কটা ম’ৰা চৰাই এহালে ধৰি থকা আইনাখনৰ সন্মুখত ৰৈ চুলি আঁচুৰি আছে। তাৰ জেদী মনটো হঠাৎ সাৰ পাই উঠিল। সি মনতে ভাবিলে, প্রতিশোধ লোৱাৰ এয়াই উপযুক্ত সময়। সি হাতত সাৰে ভৰিত সাৰে মামীয়েকৰ ওচৰ চাপিল আৰু পিন্ধি থকা কাপোৰখন টান মাৰি খুলি দি খিলখিলাই হাঁহিবলৈ ধৰিলে। সি ভাবিছিল, নৱমী মামীয়ে সি কন্দাদি কান্দিব, সি চিঞৰাদি কাপোৰখন বিচাৰি চিঞৰিব আৰু সি কলৰ পাৰৰ গা ধোৱা ঘটনাটো মনত পেলাই দি আগলৈ তেনে নকৰিবলৈ সাৱধান কৰি দিব। কিন্তু তাক আচৰিত কৰি নৱমী মামীয়ে সি ভবা মতে একোৱেই নকৰিলে। বৰঞ্চ মামীয়ে তাৰ হাত এখনত ধৰি ক’বলৈ ধৰিলে, ‘ৰ, মোমায়েৰক লগাই দিম।’ তেতিয়াহে তাৰ মনলৈ আহিল সি কি সাংঘাতিক কাম কৰিলে। মোমায়েকৰ পৰা পাব লগা সম্ভাব্য শাস্তিৰ ভয় আৰু আনে কথাটো জনাৰ লাজত সি ফেঁকুৰিবলৈ ধৰিলে। কিন্তু তাক আচৰিত কৰি তাৰ হাতখনত ধৰি থাকিয়েই নৱমী মামীয়ে তালৈ চাই হাঁহিবলৈ ধৰিলে। তাক সংকটৰ দোমোজাত ৰাখি মুখত সেই শব্দহীন আচৰিত হাঁহিটো লৈয়েই তেওঁ তাক সুধিলে, ‘মানু, কিয় কান্দিছ?’

সি নৱমী মামীৰ মুখলৈ চালে, মুখত সি ভালপোৱা হাঁহিটো লাগিয়েই আছে। তাৰ ভয়খিনি নিমিষতে কৰ্পূৰৰ দৰে উৰি গ’ল আৰু এক সাংঘাটিক আৱিষ্কাৰৰ আনন্দই তাৰ মনত খোপনি পুতিলে। সি এইবাৰ নৱমী মামীক ভালদৰে চাবলৈ ধৰিলে আৰু এপাকত আহি তাৰ চকুহাল নৱমী মামীৰ কঁকালটোত ৰৈ গ’ল। সি বিস্ময় বিমুগ্ধ নেত্রে কঁকালটোলৈ চাই থাকোঁতেই হঠাৎ তাৰ মুখেদি ওলাই গ’ল, ‘দিবা মামী?’

মামীয়েকে তাক মৰমেৰে কৈছিল, ‘নাপায় নহয়। ৰাজেন মামাই খং কৰিব।’
‘মোক দিলে মামাই একো নকয় দিয়া। দুইটা যদি নিদিয়া এটাকে দিয়া।’ কথাষাৰ কৈ কৈ সি নমী মামীৰ ঠিক নাইটোৰ তলতে ওলমি থকা পাতিপইচা দুটাত হাত দিছিল। মামীয়েকে তাৰ নাকটোত চেপা এটা মাৰি কৈছিল, ‘বেঙাটো ক’ৰবাৰ, ইমান ধন-সোণেৰে ভৰি থকা পেৰাটো থাকোঁতে পাতিপইচাটোতহে তাৰ চকু পৰিল।’

সেইদিনা সি একো বুজা নাছিল,— তাক মাথোঁ তেনেকুৱা পইচা এটা লাগে। এটা অদ্ভুত জেদ।

আৰু সেই অদ্ভুত জেদটোৰ কাৰণেই সি বহুবাৰ মুখ ওফোন্দাই বহি আছিল নৱমী মামীৰ ওচৰত। পাতিপইচাকেইটাৰ মোহত সিদিনাও সি গৈছিল নৱমী মামীৰ কাষলৈ। নৱমী মামী সেইদিনা আচৰিত ধৰণে গহীন হৈ আছিল। বহু পৰ সিও মনে মনে বহি আছিল।

‘মানু।’ সি আহিবলৈ ওলাওঁতেই মামীয়েকে তাক মাত দিছিল। ‘কলৈ যাৱ?’
‘ঘৰলৈ।’ সি অভিমানেৰে কৈছিল।
‘উৱা, তোৰ আকৌ কি হ’ল?’
নৱমী মামীৰ কথাষাৰৰ সি একো উত্তৰ দিব পৰা নাছিল।
‘মই মন মাৰি থাকিলে তই বেয়া পাৱ নহয়…?
মামীয়েকৰ প্ৰশ্নটোৰ উত্তৰ সি এইবাৰ মূৰ দুপিয়াইহে দিছিল। তাৰ মূৰত হাত ফুৰাই দি মামীয়েকে সুধিছিল, ‘পাতিপইচাকেইটা নাচাৱ?’
‘ওঁহো, তুমি হাঁহি নাথাকিলে সেইকেইটা চাই ভাল নালাগে।’ সি তলমূৰকৈ কৈছিল।
‘মই বাৰু সদায় হাঁহি থাকিম। তই মোক কাম এটা কৰি দিবি?’ মামীয়েকে লাহে লাহে কৈছিল কথাখিনি। কথাৰ লগে লগে ব্লাউজৰ ভিতৰৰ পৰা কাগজৰ টুপলি এটা উলিয়াই তাৰ হাতত দি কৈছিল, ‘এইটো হেম দোকানীক দিব পাৰিবি?’ সি মামীয়েকৰ মুখৰ ফালে একেথৰে চাই আছিল।
‘এইখন দি আহিলে তোক পাতিপইচা এটা দি দিম।’ মামীয়েকৰ কথাষাৰ শেষ হোৱাৰ লগে লগে সি কাগজৰ টুপলিটো লৈ দৌৰ মাৰিছিল।

আৰু পঢ়ক:  কঠীয়া

সি গৈ যেতিয়া হেমকান্তৰ দোকান পাইছিল, তেতিয়া দোকানৰ গাদীখনত বহি হেমকান্তই ৰঙা বহী এখনত কিবা লিখি আছিল। লিখাৰ মাজে মাজে ভোৰভোৰাই মানুহটোৱে কাৰোবাক গালিও পাৰি আছিল। তাক দেখাৰ লগে লগে হেমকান্তই মাত লগালে, ‘অ নগঞা ভাগিন, কি খবৰ?’ সি কাগজৰ সৰু টুপলিটো উলিয়াই দি কৈছিল, ‘নৱমী মামীয়ে দিছে।’ হেমকান্তই কাগজৰ টুপলিটো আলফুলে খুলি ৰঙা বহীখনৰ ওপৰত মেলি দি হাতৰ গাদিটোৰে ঘঁহাই পোন কৰি লৈছিল। সি মন কৰিলে, কাগজৰ টুকুৰাটো চাই থাকোঁতে হেমকান্তৰ কঠুৱা মুখখন যেন লাহে লাহে কোমল হৈ আহিছে।
‘হোঁ ল৷’ হেমকান্তই কাগজ এখনত এমুঠিমান লুজেন গুটি বান্ধি তাৰ হাতত দিছিল। সি আহিবলৈ ধৰোঁতেই হেমকান্তই তাৰ চোলাৰ জেপত মাটি পেঞ্চিলৰ টুকুৰা দুটামানো গুজি দিলে।

যুদ্ধজয়ী বীৰৰ দৰে সি যেতিয়া উভতি আহিছিল, নৱমী মামী চোতালৰ শেৱালিজোপাৰ তলত ৰৈ আছিল। সি গৈ পোৱাৰ লগে লগে তাক চেপা মাতেৰে সুধিলে, ‘পালিনে?’ সি পেণ্টৰ পকেটৰ পৰা তাৰ সৰু সৰু হাতৰ দুমুঠি লুজেন মামীয়েকৰ আগত দাঙি ধৰিছিল। মামীয়েকে তাক ভিতৰলৈ নি কল এটা হাতত দি কৈছিল, ‘কাইলৈ দেৰিকৈ আহিবি দেই, মোৰ কাম এটা আছে।’

পাছদিনা আবেলি সি দেৰিকৈ নৱমী মামীৰ ওচৰলৈ গৈছিল। সি মন কৰিলে নৱমী মামীয়ে আজি ধুনীয়াকৈ হাঁহি আছে, গুণগুণকৈ কিবা এটা গায়ো আছে। তাৰ মনটো ভাল লাগি গ’ল। অলপ সময়ৰ পাছত মামীয়েকে তাক সঁচাকৈ পাতিপইচা এটা আনি দিছিল। সি পইচাটো লৈ খুঁটিয়াই খুঁটিয়াই চালে, এক পইচাটোতকৈ অকণমান ডাঙৰ, মাজটো ফুটা।সি আলফুলে হাত ফুৰাইছিল পইচাটোৰ ওপৰত। সি আচৰিত হ’ল, পইচাটো কেনেকৈ ইমান খহটা হ’ল? নৱমী মামীৰ কঁকালত ওলমি থাকোঁতে পইচাটো ইমান মিহি আৰু ধুনীয়া হৈ আছিল। মামীয়েকক পইচাটো দি কৈছিল, ‘এইটো লৈ যোৱা। এনেকৈ চুই ভাল লগা নাই। তোমাৰ কঁকালত ওলমি থাকোঁতেহে পইচাটো চুই ভাল লাগে।’ মামীয়েকে তালৈ আচৰিত হৈ চাইছিল।

ছমহীয়া পৰীক্ষাৰ পাছত এদিন স্কুলৰ পৰা আহিয়েই হাতত পৰীক্ষাৰ ঘূৰাই দিয়া বহী এখন লৈ সি নৱমী মামীৰ ওচৰলৈ দৌৰ মাৰিছিল। হঠাৎ তাৰ মনলৈ আহিল, আজি সি নৱমী মামীক ভয় খুৱাব। লাহে লাহে গৈ সি মামীয়েকৰ শোৱা কোঠাৰ পিৰালিটোত ভৰি দিছিলগৈ। সৰু খিৰিকীখনৰ ফাঁকেদি জুমি চাই সি দেখিছিল, মাটিত পাটী এখন পাৰি শুই আছে নৱমী মামী আৰু মামীৰ গাৰ ওপৰত তাৰ মৰমৰ পাতিপইচাকেইটা ঢাকি শুই আছে হেমকান্ত। এক অদ্ভুত যন্ত্রণাত পিৰালিটোৰ পৰা নামিয়েই সি দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু ঘৰ পায়েই পঢ়া টেবুলত বহীখন থৈয়েই সি কলৰ পাৰ পাইছিলগৈ, কলৰ পাৰত বহি মুখত হাতখন ভৰাই বমি কৰি এমাহৰ আগতেই হেমকান্তই দিয়া লুজেনৰ টুকুৰাবোৰ ওলাইছেনে নাই পৰীক্ষা কৰিছিল। পাগলৰ দৰে সি তাৰ ৰবৰ-পেঞ্চিল নিয়া পাউদাৰৰ টেমাটোৰ পৰা হেম দোকানীয়ে দিয়া মাটি পেঞ্চিলৰ ক্ষয় যোৱা টুকুৰাবোৰ চুৱাপাতনিলৈ দলিয়াই দিছিল। এক প্রচণ্ড দুখত তাৰ চকুপানীবোৰ সৰ সৰকৈ বৈ আহিছিল আৰু সিদিনা সন্ধিয়াই মাখন মোমায়েকক কৈছিল, সি আৰু তাত নপঢ়ে। মাখন মামাৰ ধমকি, বুজনি, মামীয়েকৰ কান্দোন,— এইবোৰ একোৱেই তাক টলাব পৰা নাছিল। এদিন তাৰ সিদ্ধান্তৰ ওচৰত হাৰ মানি মাোমায়েকে আকৌ তাক মাকৰ ওচৰত থৈ গৈছিলহি।

ঘৰলৈ অহাৰ দিনা সি নৱমী মামীৰ ওচৰলৈ গৈছিল। সি লাহে লাহে মামীয়েকৰ কোঠাটোত সোমাইছিল। তাক দেখিয়েই নৱমী মামীয়ে চিঞৰি উঠিছিল, ‘মানু, এইকেইদিন কিয় অহা নাই? মই তোলৈ আতলচ্ কঁঠাল পকাই থৈছোঁ।’ সি একো কোৱা নাছিল। তাৰ চকুহাল চলচলীয়া হৈ পৰিছিল। নৱমী মামীয়ে কপালত হাতখন থৈ সুধিছিল, ‘গা বেয়া নেকি?’ সি তেওঁৰ হাতখন জোৰৰে আঁতৰাই দি কৈছিল, ‘তোমাক কিয়?’ অলপ সময়ৰ পাছত সি আকৌ কৈছিল, ‘মই আৰু ইয়াত নপঢ়োঁ।’
‘কিয়?’

মামীয়েকৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ প্রয়োজন হোৱা সাহসখিনি গোটাই ল’বলৈ তাৰ কিছু সময়ৰ দৰকাৰ হৈছিল। কিন্তু তাৰ জেদী মনটোৱে তাক উচটাই আছিল, ‘কৈ দে, কৈ দে’। সি থোকাখুকি মাতেৰে কৈছিল, ‘মোৰ পাতিপইচাকেইটা তুমি কিয় আনক চুবলৈ দিছিলা? হেম দোকানীক কিয় পাতিপইচাকেইটাৰ ওপৰত শুবলৈ দিছিলা?’

তাৰ কথা শুনি নৱমী মামী সাপ গচকা মানুহৰ দৰে পিছুৱাই গৈ আঁঠুৱাৰ খুঁটিটোত ধৰি থকথক্‌কৈ কঁপিবলৈ ধৰিছিল। মানুহজনী আঁঠু কাঢ়ি বহি লৈ তাক গাৰ কাষলৈ টনি আনি শুনা-নুশুনাকৈ সুধিছিল, ‘এইবোৰ কথা তই আৰু কাৰোবাক কৈছ নেকি?’ সি একো নকৈ খৰ খােজেৰে ওলাই আহিছিল।

এনেদৰে ওলাই অহাৰ পোন্ধৰ বছৰৰ পাছত সি আকৌ গৈছিল নৱমী মামীহঁতৰ ঘৰলৈ, তাৰ চাকৰি হোৱাৰ খবৰটো দিবলৈ। নৱমী মামীক লগ নাপালে। মাখন মামাই তাক এফালৰ পৰা খবৰবোৰ কৈ গৈছিল—ন ৱমী মামীৰ ল’ৰা এটা হোৱাৰ কথা, হেম দোকানীয়ে চুইচাইদ কৰাৰ কথা, ৰাজেন মামাই মদ খাবলৈ লোৱাৰ কথা…।

আজি আকৌ পাঁচ বছৰৰ মূৰত আহিছে কেৱল নৱমী মামীৰ কাৰণে, সেইখন ঘৰলৈ। অট’খনত গৈ প্রথমেই সি মাখন মামাৰ পদূলিত নামিল। নঙলাডাল খুলি চোতাল পোৱাৰ লগে লগেই মাখন মামাই চিঞৰি উঠিল— ‘আহ আহ। পাছে বৰ বেয়া দিনটোতহে আহিলি, মামীয়েৰ কলিয়াবৰলৈ গ’ল।’

গাটো ভালদৰে ধুই মোমায়েকে কৰি দিয়া চাহ কাপ খাই দিয়াৰ লগে লগে যেন পৃথিৱীৰ গোটেইসোপা ভাগৰে আহি তাক হেঁচা মাৰি ধৰিলে। গোটেই নিশাৰ বাছযাত্রাই ভাগৰুৱা কৰা তাৰ দেহাটোক সি বিছনাখনত এৰি দিলে। মোমায়েকৰ মাতত সি যেতিয়া সাৰ পালে, তেতিয়া তিনি বাজি গৈছে। ভাতকেইটা খাই কাপোৰ সাজ সলাই সি নৱমী মামীৰ ঘৰলৈ বুলি ওলাল।

নৱমী মামীহঁতৰ সেই পুৰণি ঘৰটো এতিয়া নাই, তাৰ ঠাইত এটা ধুনীয়া সৰু টিনৰ ঘৰ। সি গেটখন খুলি বাৰাণ্ডাত উঠিলগৈ। কলিং বেলৰ শব্দত মামী ভিতৰৰ পৰা ওলাই আহিল। সি নৱমী মামীলৈ চালে, বিশেষ একো সলনি হোৱা নাই, পাতল নীলা পাৰিৰ এযোৰ চাদৰ-মেখেলা, কাণত বগা বাখৰ খটোৱা এযোৰ সৰু কাণফুলি, ডিঙিত এডাল মিহি সোণৰ চেইন। বাৰাণ্ডাত সজাই থোৱা বেতৰ চকী এখন দেখুৱাই মামীয়ে কলে, ‘বহক।’

সি গম পাইছে, নৱমী মামীয়ে তাক চিনি পোৱা নাই। সি লাহেকৈ মাত লগালে, ‘নমী মামী।’

নৱমী মামীয়ে এপলক তাৰ ফালে চাই থাকি এক অস্ফুট চিত্কাৰ কৰি তাক সাবটি ধৰি উচুপিবলৈ ধৰিলে। নৱমী মামীয়ে উচুপি উচুপি ক’বলৈ ধৰিলে, ‘এতিয়া কিয় আহিলি?’ তাৰো ক’বৰ মন গৈছিল— এদিন তোমাৰ কাৰণেই গৈছিলো, আজি আকৌ তোমাৰ কাৰণেই আহিছোঁ। চকুপানীখিনি ওলাবলৈ নিদিয়াকৈ সি মাত্র নিশ্চুপ হৈ ৰৈ থাকিল।

নৱমী মামীয়ে তাক হাতখনত ধৰি তেওঁৰ কোঠালৈ লৈ গ’ল। সি কোঠাটো ভালদৰে চালে। তাৰ পুৰণি চিনাকি বস্তুবোৰেৰেই ভৰি আছে কোঠাটো।
‘কি চাইছ? ঘৰটোহে সলনি হৈছে, বস্তুবোৰ একেই আছে।’

নৱমী মামী কোঠাৰ পৰা ওলাই গ’ল। অলপ পাছতে গাখীৰ এগিলাছৰ সৈতে কল এটাই বিস্কুট দুটামানে লৈ নৱমী মামী আকৌ আহিল। সি বহা বিছনাখনতে ট্ৰেখন থৈ তাৰ মুখামুখিকৈ বহি ক’লে, ‘খা।’ সি মন কৰিলে, সি খাই থাকোঁতে নৱমী মামীয়ে পলক নেপেলোৱাকৈ তালৈ চাই আছে।

‘শৰাধত কিয় নাহিলি?’ নৱমী মামীৰ প্ৰশ্নৰ উত্তৰত সি চিঠিখনৰ কাহিনীটো বর্ণনা কৰিলে।
‘এবাৰ ভাবিছিলো তই কিজানি মোক বেয়া পায়েই আছ, পাছত আকৌ মনলৈ আহিল— নাই, তই মোক বেয়া পাবই নোৱাৰ।’ নৱমী মামীয়ে লাহে লাহে ক’লে। ‘সকলোবোৰ বিশ্বাসৰ কথা, সকলোবোৰ…। মামীৰ চকুৰ কোণত জিলিকি উঠা পানী দুটোপ তাৰ মচি দিবলৈ মন গৈছিল।
‘মোৰ ওপৰত বিশ্বাস এটা লৈয়ে মানুহটো গ’লগৈ…। এইবোৰ কথা কাকো ক’ব নোৱাৰোঁ। লৰাটোৱে মোমায়েৰৰ মুখত জুই দিয়াৰ সময়তো নিজকে দোষী দোষী লাগিছিল। তেতিয়া একো ভবা নাছিলো, মোক কোনোদিনেই ল’ৰা-ছোৱালী এটা মোমায়েৰে দিব নোৱাৰে বুলি গম পোৱাৰ পাছতহে যেন মই ভাবিবলৈ লৈছিলো— মই বাৰু মোৰ কঁকালত আঁৰি ফুৰা পাতিপইচাকেইটাৰ দৰে হৈ যাম নেকি? কোলাত কেঁচুৱা এটা নাথাকিলে মোক বাৰু মানুহে পাতিপইচাকেইটাৰ দৰে জ্ঞান কৰিব নেকি?’

তাৰ এনেকুৱা লাগিল যেন নৱমী মামীয়ে আজি বহু দিনৰ মূৰত কথা ক’বলৈ লৈছে। নতুনকৈ কথা ক’বলৈ আৰম্ভ কৰা সৰু ল’ৰা-ছোৱালীৰ দৰে অনর্গল কথা কৈ থকা নৱমী মামীৰ মুখলৈ সি তধা লাগি চাই ৰ’ল। নৱমী মামীৰ কথাবোৰ শুনি সি ভাবিবলৈ ধৰিলে, নৱমী মামীৰ ভিতৰখন বাৰু পাতিপইচাটোৰ মাজডোখৰৰ দৰে এতিয়াও খালী হৈয়ে আছে নেকি? নিশ্বাসে সেতু বান্ধিব পৰা দূৰত্বত বহি সি নৱমী মামীৰ মুখখনৰ ফালে চাই ৰ’ল। গভীৰ মমতাৰে সি তেওঁৰ হাত এখনত খামুচি ধৰিলে। নৱমী মামীৰ মুখখন সি ভালপোৱা মসৃণ পাতিপইচাটোৰ দৰে উজ্জ্বল তামৰঙী হৈ উঠিছে। নৱমী মামীয়েও তাৰ হাতখন আনখন হাতেৰে মুঠি মাৰি ধৰিলে। নৱমী মামী নামৰ শূন্য পাতিপইচাটোৰ মাজডোখৰ পূৰাবলৈ সি যেন লাহে লাহে মামীৰ বুকুৰ মাজলৈ সোমাই গৈছে— এসময়ত তেনেকুৱা লাগিল তাৰ।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

৭ responses to “পাতিপইচা”

  1. ৰূপামণি দেৱী Avatar
    ৰূপামণি দেৱী

    বহুত ভাল লাগিল।

    1. Aradhya Kashyap Avatar
      Aradhya Kashyap

      Beautifully crafted.ketya porhi hex hol dhoriboi nuarilu

  2. Aradhya Kashyap Avatar
    Aradhya Kashyap

    Teur aru likha kot porhibo parim? Aitu websiteot ase ne?jodi ase tenehole keneke bisarim?

    1. সম্পাদক Avatar

      মন্তব্যৰ বাবে ধন্যবাদ। আগত দিনত লেখক ভূপেন্দ্ৰ নাথ হাজৰিকাৰ পৰা অধিক গল্প আমি পাবলৈ চেষ্টা কৰিম। আপুনি ‘নীলা চৰাই’ত প্ৰকাশিত অান গল্পসমূহ এই লিংকৰ জৰিয়তে চাব পাৰিব— https://nilacharai.com/category/story/

  3. David Avatar
    David

    Dhuniya….bohut dinor murot ba bosor buli koleu bhul nohobo enekua kiba eta likhoni porhilu…xosakei bhal lagil

  4. KISHORE GOGOI Avatar
    KISHORE GOGOI

    গল্পটো পঢ়ি ভাল লাগিল । উপস্থাপণ সুন্দৰ হৈছে । পাঠকৰ লোভ বঢ়াবলৈ পাতপইচাৰ বিবৰণটো আৰু অলপ lustful কৰিব পাৰিলেহেতেন।লিখকৰ পৰা আগলৈও আৰু বলিষ্ঠ লিখনি আশা কৰিলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts