কথা: বৰষুণৰ দৰে

কথা: বৰষুণৰ দৰে
  • 25 May, 2021

তুমি নদীৰ পৰা আহিছা? 
বৰষুণৰ দৰে গোন্ধাইছে তোমাৰ গা 
গুটিমালিৰ দৰে ফুলিছে 
তোমাৰ থুপি থুপি কথা 

কথাই নে সেয়া? 
নে বৰষুণৰ কোমল চিনাকি আশা। 

কথাৰ কেঁচা বাটত
মুঠি মুঠি মেঘ সানিছা
ভীষণ নিবিড় হৈ তুমি নামি আহিছা
ওঁঠত বৈ আনিছা ভিজা মাটিৰ সুহুৰি
গান এটা হৈ সি বাগৰি ফুৰিছে
পথাৰে পথাৰে
গছে গছে
বুকুৱে বুকুৱে…

আমৰ ডালে ডালে আকৌ ফুলিছে
তোমাৰ বৰষুণ যেন কথা
সঁচাই কোৱাচোন,
ক’ৰ পৰা আহিছা?
আজি যে আকৌ বৰষুণৰ দৰে গোন্ধাইছা…

কথা: বৰষুণৰ দৰে | মৈত্ৰেয়ী পাটৰ

Follow Nilacharai on Facebook