হীৰুদালৈ

হীৰুদালৈ
  • 14 Aug, 2012

মুঠি মুঠিকৈ সৰি পৰে ধূসৰিত সময়
ধানৰ মুঠিৰ পৰা যিদৰে হয় পতান নিষ্কাষ

তোমাৰ মুঠি নিগৰা কাঁচিয়লিৰ বাবেই
ভাল পাবলৈ শিকিলো এৰা পৰলীয়া শব্দবোৰ
মাঝিৰ ডিঙাত যেন জীৱন সুৰ

দুমুঠি শব্দৰে জুখিব নোৱাৰি
মেঘ মাটি আৰু মানুহৰ সহৃদয়তা যেনেকৈ নোৱাৰি জুখিব
তোমাৰ হৃদয়তা জীৱনৰ সৈতে

হীৰুদালৈ | বৰ্ণালী দেউৰী

Follow Nilacharai on Facebook