সিপাৰে ভূপেন হাজৰিকাই গায়

‘কোন মোহনাই কোন সুৰ যায়
ৰঙ্গীলা বাঁশী কে একা বাজায়
কাকে চেনা লাগে কে থাকে অচেনা
স্মৃতিতে তবু আনা-গোনা তাঁৰ
ছোট ছোট ঢেউ সচল গলাৰ।’

২০১১ চনৰ ৫ নৱেম্বৰৰ সেই মহাপ্রয়াণৰ দিনটোৰ পাছদিনাই বংগৰ জনপ্রিয়, অনুভৱী, শক্তিশালী আৰু সচেতন সংগীতকাৰ, স্বৰূপার্থত ‘গানৰ কাৰিকৰ’ কবীৰ সুমনে (সুমন চট্টোপাধ্যায়) এই ধৰণে ‘গানৰ দেৱতা’ক শ্রদ্ধাঞ্জলি যাঁচিছিল। ৬ নৱেম্বৰৰ আগবেলা তিনি স্তৱকৰ গীতটো ৰচনা কৰি, সুৰ দি, সংগীতেৰে সজাই আৰু বাণীবদ্ধ কৰি নিশালৈ ইণ্টাৰনেট যোগে মুক্তি দিছিল।

ডঃ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছৰে পৰা অনেক শ্রদ্ধাঞ্জলি আমি দেখিছোঁ, পঢ়িছোঁ, শুনিছোঁ; স্বৰূপ বুজিছোঁ— সৎকাৰথলীৰ পৰা টিভিৰ পর্দালৈ, সুসজ্জিত মঞ্চৰ পৰা আলোচনীৰ পাতলৈ। নির্ভেজাল, অকৃত্রিম, অন্তৰৰ গভীৰ কোণৰ পৰা উঠি অহা; আৰু কৃত্রিম, দায়িত্বৰ খাতিৰত আৰু গ্লেমাৰৰ মোহতো! গ্লেমাৰ? শ্রদ্ধাঞ্জলি জ্ঞাপনত গ্লেমাৰৰ সন্ধান?

এৰা। গ্লেমাৰাছ মানুহ— ভূপেন দা, আইকনিক ব্যক্তিত্ব ভূপেন দাৰ। বিশিষ্ট অভিনেতা, প্রয়াত তচদ্দুক ইডচুফৰ ভাষাত— ‘দেয়াৰ আৰ টু চুইট ৱর্ডছ ইন দ্য ৱৰ্ল্ড অৱ মিউজিক— ভূপেন, হাজৰিকা!’ গতিকে সেই গ্লেমাৰৰ এচিকটা যদি শ্রদ্ধাঞ্জলি যঁচাৰ নামত মোৰ গাতো পেলাব পাৰোঁ!

তেনেহ’লে শত-সহস্র শ্রদ্ধাঞ্জলিৰ মাজৰ পৰা কবীৰ সুমনৰ নিমাখিত শ্রদ্ধাঞ্জলি জ্ঞাপনক আলোচনাৰ মাজলৈ অনাৰ কি বিশেষ তাৎপর্য? আছে।

জার্মানীৰ ৰেডিঅ’ত চাকৰি কৰি আধা জীৱন পাৰ কৰাৰ পাছত কবীৰ সুমন (তেতিয়া সুমন চট্টোপাধ্যায়) বংগলৈ ঘূৰি আহিল। তেখেতৰ প্রথমটো এলবাম, এইচ এম ভিয়ে প্রকাশ কৰা ‘তোমাকে চাই’ মেগাহিট হোৱাৰ পাছত এটা সাক্ষাৎ প্রসংগত সাংবাদিকে যেতিয়া তেখেতক সুধিলে যে তেখেতে চাকৰি এৰি কিয় ভাৰতলৈ ঘূৰি আহিল, সুমন চট্টোপাধ্যায়ে কৈছিল, ‘আধুনিক বাংলা গান’ কৰিবৰ বাবেই তেখেত ঘূৰি আহিল। সেই সাক্ষাৎ প্রসংগতে তেখেতে আৰু ক’লে, ভূপেন হাজৰিকাই বাংলা সংগীত জগতলৈ যি এজাক নতুন বতাহ কঢ়িয়াই আনিলে, সেই বতাহ বৈ নিয়াৰ দায়িত্বও আছে। সুমন চট্টোপাধ্যায়ে ঠিক হয়তো এইকেইটা শব্দই কোৱা নাছিল, কিন্তু তেখেতৰ প্রসংগটোৰ সামগ্রিক অর্থ এইটোৱেই আছিল।

সেই ‘তোমাকে চাই’ৰ পৰা আৰম্ভ কৰি এতিয়ালৈ প্রকাশিত সুমন চট্টোপাধ্যায়ৰ প্ৰায়ভাগ গীতেই আমাৰ শুনাৰ সৌভাগ্য হৈছে। তেখেতৰ বিভিন্ন লেখা আৰু গ্ৰন্থও পঢ়াৰ সুযোগ পাইছোঁ। সংগীত সম্পর্কত আমাৰ সীমিত জ্ঞানৰ সামর্থ্যৰে আমি এই কথাটো বুজি উঠিছোঁ যে সুমন চট্টোপাধ্যায়ে গানৰ কথা, সুৰ বা গায়কীত কোনো ধৰণেই ভূপেন হাজৰিকাক অনুকৰণ বা অনুসৰণ কৰা নাই। তেনেহ’লে ‘নতুন বতাহজাক’ বৈ নিয়াৰ দায়িত্বটোৰ কি হল? আচলতে সুমন চট্টোপাধ্যায়ে ভূপেন হাজৰিকাৰ আত্মাটো চিনিছিল আৰু সেই হিচাপেই তেখেতৰ গীত-সংগীতৰ আত্মাকো। ক’ব পাৰি, সুমন চট্টোপাধ্যায় ভূপেন হাজৰিকাৰ পৰোক্ষ শিষ্যহে। ভূপেন হাজৰিকাই যেতিয়া বাংলা সংগীত জগতত দপদপাই আছিল, তেতিয়া সুমন চট্টোপাধ্যায় শিশু। ডেকা হোৱাৰ পাছত গুচি গল জার্মানীলৈ আৰু যেতিয়া বংগলৈ ঘূৰি আহিল, তেতিয়া ভূপেন হাজৰিকা বাংলা সংগীতৰ জগতৰ পৰা ওলাই আহিছে বা ক’ব পাৰি ভূপেন হাজৰিকাৰ সংগীত জগতত তেজাল সক্রিয়তা কমি আহিছে।

পৰোক্ষ শিষ্যত্বৰেই সুমনে ভূপেন হাজৰিকাৰ আত্মা আৰু গীত-সংগীতৰ আত্মাক উপলব্ধি কৰি তেখেতে কঢ়িয়াই অনা বতাহজাক বৈ নিয়াৰ দায়িত্ব অনুভৱ কৰিছিল আৰু কেৱল বাংলা গান কৰাৰ স্বার্থত চাকৰি এৰি গুচি আহিছিল।

এনেকুৱা ক্ষেত্রত আমি অসমীয়াসকল দুর্ভগীয়া। আজিৰ তাৰিখলৈকে ভূপেন হাজৰিকাৰ এজন শিষ্য ওলাল নে অসমত? বা অসমীয়া সংগীত জগতত? ভূপেন হাজৰিকাৰ ভক্তৰ আকাল নাই। ভূপেন হাজৰিকাৰ মাতটো, ভূপেন হাজৰিকাৰ টুপিটো নকল কৰা গায়ক বা ভক্ত দেধাৰ আছে। কিন্তু শিষ্য? ভূপেন হাজৰিকাৰ ঈৰ্ষণীয় কেৰিজ্‌মা, ভূপেন হাজৰিকাৰ সর্বগ্রাসী সত্তাও হয়তো এই ক্ষেত্রত দায়ী। যি ওচৰ চাপিব খুজিছে, যি বুজিব খুজিছে— তেওঁ মন্ত্রমুগ্ধ হৈ গৈছে, অবাক হৈ গৈছে আৰু ভক্তৰ পর্যায়তে ৰৈ গৈছে, নিজকে উত্তৰণ ঘটাব পৰা নাই শিষ্যলৈ। ঠিক যেন ভূপেন হাজৰিকাই নিজে গোৱাৰ দৰে—

‘তুমি নাহিবা তুমি নাহিবা
মোৰ আশে-পাশে তুমি নাহিবা
মোৰ সুৰৰ মন্ত্ৰ আছে, নাহিবা
মোৰ বশীকৰণ আছে, নাহিবা
মোৰ অহংকাৰো আছে, নাহিবা
মোৰ প্রখৰ দৃষ্টি আছে, নাহিবা
তুমি নাহিবা তুমি নাহিবা…।’

এই কথাও আমি উপলব্ধি কৰোঁ, ভূপেন হাজৰিকাৰ শিষ্য হিচাপে নিজকে গঢ় দিবলৈ যি ধৰণৰ অধ্যয়ন বা মেধাৰ প্রয়োজন, সেইখিনি আমাৰ শিল্পীৰ হয়তো নাই বা আয়ত্ত কৰিব পৰা নাই, হয়তো আগ্রহো নাই। প্রচুৰ জ্ঞান, পৰিষ্কাৰ ধাৰণা, পৰিচ্ছন্ন চিন্তা আৰু পৰম আন্তৰিকতাৰে ভূপেন হাজৰিকা শিল্পকর্মত প্রবৃত্ত হৈছিল। সেয়া গীত ৰচনা কৰা, সুৰ দিয়া, গোৱা, লেখা-মেলা কৰা, চলচ্চিত্র পৰিচালনা কৰা বা সৰু মাছৰ আঞ্জা ৰন্ধাৰ ক্ষেত্রতো সমানে প্রযোজ্য। ভূপেন হাজৰিকাই আন একো নকৰি কেৱল গীতিকবিতা ৰচনা কৰি থকা হ’লেও একেজন ভূপেন হাজৰিকাকে পালোহেঁতেন। অথবা গীত-সংগীত নকৰি যদি কেৱল চিনেমাকে কৰিলেহেঁতেন, তেতিয়াও একক আৰু অনন্য ভূপেন হাজৰিকাকে পালোহেঁতেন। আমি ব্যক্তিগতভাৱে বহু অসমীয়া পৰিচালকৰ বহুল আদৃত ছবিতকৈ ডঃ ভূপেন হাজৰিকাৰ ছবিক ওখ আসনত থওঁ চিনেমাৰ নিজস্ব ভাষা ব্যৱহাৰৰ দক্ষতাৰ ক্ষেত্রত। একে আষাৰে ক’ব পাৰি, ডঃ হাজৰিকা এজন ভাল চলচ্চিত্ৰকাৰ। জগতৰ সকলো ধৰণৰ খা-খবৰ, তথ্য নখ-দর্পণত ৰাখি, ধাৰণা পৰিষ্কাৰ কৰি শিল্পকর্মত প্রয়োগ কৰা এজন বহু প্রতিভাসম্পন্ন শিল্পীৰ শিষ্য হোৱা মুখৰ কথা নহয়; আমি স্বীকাৰ কৰোঁ, হাতে-কামে কৰিবলৈয়ো মেধা-বৌদ্ধিকতা আদি যথেষ্ট ‘সা-সম্পত্তি’ৰ প্রয়োজন। তেনেহ’লে আমি ইয়াতে থমকি ৰ’ম নেকি, বছৰৰ মূৰত ৮ চেপ্তেম্বৰ আৰু ৫ নৱেম্বৰত টিভিৰ পর্দাত ভূপেন দাৰ দুটা গীত গাই? ৮ চেপ্তেম্বৰ আৰু ৫ নৱেম্বৰত অস্থায়ী মঞ্চত বহি আলোচনা চক্রত ভাগ লৈ?

নাথাকোঁ। আমি জানো মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱক চিনিবলৈ, বুজিবলৈ, উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই? পাঁচশ বছৰেও হয়তো এই অন্বেষণ সম্পূর্ণ হোৱা নাই, হয়তো বহু সময়ত আমাৰ অন্বেষণ ধুঁৱলি-কুঁৱলি হৈ পৰিছে, কিন্তু আমি ৰৈ যোৱা নাই। শ্রীমন্ত শঙ্কৰদেৱৰ দৰে এক বিশাল ব্যক্তিত্বও আমি লাহে লাহে চিনি উঠিছোঁ। লক্ষ্মীনাথ, জ্যোতি, বিষ্ণুকো চিনিবলৈ আৰম্ভ কৰিছোঁ। বহু নিস্বার্থ আৰু জাতিৰ প্রতি দায়বদ্ধ সেৱকে সেই অন্বেষণ আগুৱাই নি আছে। ভূপেন হাজৰিকা-অন্বেষণো আগুৱাই নিব লাগিব। শঙ্কৰদেৱ, জ্যোতি-বিষ্ণু আৰু ভূপেন হাজৰিকাৰ অন্বেষণ স্তব্ধ হলে অসমীয়া জাতিৰ কালৰাত্রি নামিব। ভূপেন দাই আশাবাদৰ চুড়ান্ত প্রকাশেৰে গাই গৈছে—

‘সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাবটিব মহান মানৱতা
বিজ্ঞানে আনিব জোঁৱাৰ
জিলিকাব লুইতৰে পাৰ।’

সাঁচিপাতো লাগিব, চিফুঙো লাগিব। ৰংঘৰৰ দুৱাৰ খুলিও চাব লাগিব আৰু বিশ্লেষণ-চিন্তন হ’ব লাগিব বিজ্ঞানৰ আধাৰত। তেতিয়াই লুইতৰ পাৰ জিলিকিব। ভূপেন হাজৰিকাৰ স্বৰূপ আৰু আত্মাৰ অন্বেষণো সেই ধৰণেই হ’ব লাগিব।
স্বৰূপ অর্থত ভূপেন হাজৰিকা এখন বিশালকায় এনচাইক্ল’পেডিয়া। কি নাই তাত? ব্রহ্মাণ্ডৰ অলেখ বতৰা থাহ খাই আছে ভূপেন হাজৰিকাৰ ৰচনাৰ ছত্রে ছত্রে। কাৰণ যাযাবৰ হ’লেও ভূপেন হাজৰিকাৰ পর্যটন অর্থহীন নহয়—

‘বহু যাযাবৰ লক্ষ্যবিহীন, মোৰ পিছে আছে পণ
ৰঙৰ খনি যতেই দেখিছোঁ ভগাই দিয়াৰ মন।’

স্বাভাৱিকতে সেই ভঁৰাল মেটমৰা হ’বই। গতিকে প্রস্তুতিও সেই ধৰণেই হ’ব লাগিব। যদিও তেখেতৰ সমগ্র ৰচনাৰাজি, বিশেষকৈ গীতখিনি ভূপেন হাজৰিকাৰ এটা দীঘল জীৱন-মালিতাৰ অংশ, কিন্তু তেখেতৰ চাৰিটা শাৰী, আমি ভাবোঁ, তেখেতৰ চুম্বক আত্মগাথা; যি ভূপেন হাজৰিকাৰ বহিৰংগক ব্যাখ্যা কৰিছে প্রকৃষ্টভাৱে। কি সেই চাৰিটা শাৰী?

‘মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমহাই প্রচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।’

বহিৰংগ তেখেতে নিজেই ব্যাখ্যা কৰি গৈছে, অন্তৰংগ ব্যাখ্যা কৰাৰ দায়িত্ব আমাৰ। সেই দায়িত্ব নতুন পুৰুষে ল’বই লাগিব। কিয়নো নতুন পুৰুষৰ ওপৰত আটাইতকৈ বেছি আস্থা আৰু বিশ্বাস সম্ভৱতঃ ‘হেজাৰ চকুত দীপ্ত সূর্যশিখা’ বিচৰা ডঃ ভূপেন হাজৰিকায়ে স্থাপন কৰিছে—

‘নতুন পুৰুষ নতুন পুৰুষ
তুমিতো নোহোৱা আৰু ভীৰু কাপুৰুষ
হাতে-কামে আজি যদি নোহোৱা পুৰুষ
কাইলৈ হ’বা তুমি পুৰণি পুৰুষ,
নতুন পুৰুষ নতুন পুৰুষ
অগণন উজ্জ্বল ডেকা সুপৰুষ
আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ
মানসপটত আজি জিলিকি উঠে
হে মোৰ মৰমৰ নতুন পুৰুষ।’

সেই আহ্বান শুনাৰ দায়িত্ব নতুন পুৰুষৰ, নতুন মনৰ ‘সূর্যসম তৰুণ-তৰুণী’সকলৰ— এটা ভাল অসমীয়া জাতি মূৰ দাঙি থিয় হৈ থকাৰ মহান গৰজতে।

‘তোমালোক নতুন কবিতা
নতুন গীতিকবিতা
সুৰ হ’ল তাত গৌন
চিন্তাহে মুখ্য।…’

সেই চিন্তাৰ কৰ্ষণেই ইপাৰেও ভূপেন হাজৰিকাক গোৱাই ৰাখিব।

লেখাত উল্লেখ থকা গীতকেইটা:

আপোনাৰ আৰু ভাল লাগিব পাৰে:
পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of