চিকাৰী [হেনা গঙ্গোপাধ্যায়ৰ মৃত্যুত]

আহা! কি নিৰ্ভুল
চিকাৰী হাত!

এটা বনৰ চৰাইৰ
সাতোটা গুলিৰে
হৰিলা মাত!

আহা! কি নিৰ্দয়
চিকাৰী দাঁত!

মই কবি
বহি আছিলো
বা-তিৰবিৰ ৰ’দৰ ছাঁত,
নেজানো কেনেকৈ
মোৰ কলিজাত
লাগিল তেজৰ দাগ!

আহা! কি নিৰ্ভীক
চিকাৰীজাক!
সাতোটা গুলিৰে
এটা চৰাইৰ
হৰিলে সুৱদি মাত!
(১৯৬৯)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of