খবৰদাৰ

খবৰদাৰ
  • 24 Mar, 2023

পুৱাৰ পৰা দুপৰলৈ
দুপৰৰ পৰা নিশালৈ
পোৱাৰ পৰা নোপোৱালৈ
নোপোৱাৰ পৰা প্ৰাপ্তিৰ গভীৰতালৈ
আমি কঢ়িয়াই লৈ ফুৰোঁ
একোটা নতুন খবৰ প্রাত্যহিক…

প্ৰতিটো খবৰৰ বুকুত
হেজাৰ সপোন
হেজাৰ দিঠক
পোৱা-নোপোৱা অথবা পাই হেৰুওৱা
সেউজীয়া-হালধীয়া-তেজোদীপ্ত ৰঙা…

এই যে আমাৰ যাত্ৰা
পুনৰপি অহা আৰু যোৱা
খবৰ একোটাৰ বাবে—
অবিৰাম অবাধ্য আৰূঢ়,
শেষ খবৰটো কিন্তু সেই একেই,
ছপা নহয় যিটো বৰ হৰফত—
‘ভোকত চটফটাই মৰে খবৰৰ নগৰ’।

❧ | অধিক কবিতা:

খবৰদাৰ | তপন শইকীয়া
Follow Nilacharai on Facebook