ফাগুন চঞ্চলা হ’ল

ফাগুন চঞ্চলা হ’ল,
আকৌ আহিল বসন্তৰ গোপন পাঠ পঢ়ি
পলাশ মদাৰৰ যৌৱন-উতলা খোপাত
হেঙুলীয়া গেজেঙৰ পাহি।

কমোৱা তুলাৰ মন উতলাই
বৰদৈচিলাৰো গাত তৰণি নাই,
উলাহত চঞ্চলা প্ৰাণ
সৰা পাতেও জুৰিছে গান।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of