জাতীয়তা ৰক্ষাৰ শিক্ষা, অগপ-বিজেপি-কংগ্ৰেছ, মেঘালয় চৰকাৰ আৰু বিধায়ক অতুল বৰাৰ পত্ৰ

জাতীয়তা ৰক্ষাৰ শিক্ষা, অগপ-বিজেপি-কংগ্ৰেছ, মেঘালয় চৰকাৰ আৰু বিধায়ক অতুল বৰাৰ পত্ৰ
  • 12 May, 2018

হি ন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াক লৈ এইকেইদিন অসমৰ চৌদিশ উত্তাল। সপক্ষে-বিপক্ষে সমৰ্থন-প্ৰতিবাদৰ ঢৌ। ব্ৰহ্মপুত্ৰ উপত‍্যকাত বিপক্ষে প্ৰবল প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিৰ বাবে অহা যুটীয়া সংসদীয় সমিতিয়ে সাক্ষ‍্য গ্ৰহণৰ সময়ত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে। বিভিন্ন দল সংগঠন, ব‍্যক্তিবিশেষে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰি শুনানিত ইতিমধ‍্যে সাক্ষ্য প্ৰদান কৰিছে। সমিতিখনে বৰাক উপত‍্যকাৰ তিনিখন জিলাত দুদিন সাক্ষ‍্য গ্ৰহণ কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত‍্যকাত সাক্ষ‍্য গ্ৰহণৰ বাবে মাত্ৰ এদিন স্থিৰ কৰাৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে লোৱা সোপা-ঢিলা নীতিৰ কথা ইতিমধ‍্যে সকলোৱে টং কৰিছে। কংগ্ৰেছ দলে এই বিধেয়কৰ বিৰোধিতা কৰিছে যদিও বৰাকৰ বাংলাভাষী হিন্দু কংগ্ৰেছী নেতাসকলৰ নেতৃত্বত মুকলিকৈ নাগৰিকত্ব সংশোধনী বিধেয়কলৈ মুকলি সমৰ্থন আগবঢ়াইছে। কংগ্ৰেছৰ যদি সঁচাই অসমবাসীৰ প্ৰতি দায়ৱদ্ধতা আছে, তেন্তে সুস্মিতা দেৱ, কমলাক্ষ্য দেৱ পুৰকায়স্থ, গৌতম ৰয়ৰ দৰে নেতাক দলৰ পৰা বহিষ্কাৰ কৰি প্ৰমাণ অসমবাসীৰ আগত দাঙি ধৰক। লামডিঙত বঙালীৰ ত্ৰাণকৰ্তা বুলি পৰিচয় দিয়া কংগ্ৰেছী নেতা অৰ্ধেন্দু দে’ৰ প্ৰৰোচনামূলক মন্তব‍্যই কংগ্ৰেছ দলটোক শ’লঠেকত পেলাইছে। অসমৰ সামগ্ৰিক অৱস্থাটোৰ ভৱিষ‍্যত যিয়েই নহওক, নিজ সম্প্ৰদায়ৰ প্ৰতি থকা এই বঙালী নেতা-ব‍্যক্তিসকলৰ দায়ৱদ্ধতা দল-সংগঠনৰ ঊৰ্ধ্বত বুলি প্ৰমাণ কৰিছে। তাৰ বিপৰীতে এই বিধেয়কৰ সকলোৰে চকুৰ আগত মুকলিকৈ সমৰ্থন কৰিবলৈ ওলাই নহাকৈয়ে বাৰ্তা আৰু সামাজিক মাধ‍্যমত সৰৱ হোৱা বিজেপি নেতা-কৰ্মী-সমৰ্থকৰ জাতিধ্বংসী কাৰ্য‍ অসমৰ সকলোৱে প্ৰত‍্যক্ষ কৰিছে। সামাজিক মাধ‍্যমত শালীনতাৰ সীমা চেৰাই যোৱা মন্তব‍্যসমূহে নিজ জাতি-ৰাজ‍্যৰ প্ৰতি যে তেওঁলোকৰ তিলমাত্ৰও দায়িত্ববোধ নাই, তাকে প্ৰমাণ কৰি পৰম সুখ লভিছে। তেওঁলোক দলৰ কোন কিমান ঘোৰ সমৰ্থক, তাকে প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিছে। এই বিধেয়ক যে অসমৰ ভৱিষ‍্যতৰ কাৰণে এক বিপদৰ আগজাননী, সেই বিষয়ে তেওঁলোকৰ কৰ্ণপাত কৰিবলৈ সময় নাই।

হিন্দু বাংলাদেশীয়ে অসমৰ কোনো অপকাৰ নকৰে বুলি স্বয়ং কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে চৰম দায়িত্বজ্ঞানহীন মন্তব‍্য কৰিছে। তেওঁ যিটো সমষ্টিৰ প্ৰতিনিধি, সেই নগাঁৱৰ পৰাই ব্ৰিটিছৰ দিনতে প্ৰচলিত বঙালী ভাষাৰ বিৰুদ্ধে অকলশৰীয়াকৈ প্ৰতিবাদ আৰম্ভ কৰিছিল আনন্দৰাম ঢেকীয়াল ফুকনে। সঙ্গ দিছিল দুজনমান অসম হিতৈষী আমেৰিকান মিছনেৰীয়ে। মন্ত্ৰীৰ এনে উদ্ধত মন্তব‍্যই ‘এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া’ বুলি ওভটগোৰে নচা বিজেপিৰ সমৰ্থকগণৰ উৎসাহ কেইবাগুণো বঢ়াইছে। সামাজিক মাধ‍্যমবোৰত সততে সক্ৰিয় হৈ থকা তেনে কিছুৱে হিন্দু বাংলাদেশী নাগৰিকত্বৰ বিৰোধিতা কৰাসকলক অশ্লীল বাক‍্যবাণেৰে ধৰাশায়ী কৰিবলৈ কৰা চেষ্টাত যে নিজৰ জাতিদ্ৰোহী চৰিত্ৰটো ওলাই পৰিছে, সেই কথা গম নোপোৱাটো চৰম পৰিতাপৰ কথা। অথচ তেওঁলোকৰ কাৰোবাৰ পিতৃ-পিতৃব্যই হয়তো এতিয়া ‘অসমৰ বৈৰী’ বুলি ভবা দল এটাৰ দালালী-গোলামী কৰিয়েই নিজ সন্তানক লালন-পালন কৰি এতিয়া বিজেপিৰ ঘোৰ সমৰ্থক-নেতা কৰি তুলিলে। তাৰ মাজতে দিছপুৰৰ বিধায়ক অতুল বৰাই মুখ‍্যমন্ত্ৰীলৈ দিয়া পত্ৰখনে তেখেতৰ অসমীয়া জাতিৰ প্ৰতি থকা প্ৰেমৰ কিঞ্চিত নমুনা দাঙি ধৰিবলৈ সক্ষম হৈছে যেন আমি অনুভৱ কৰিছোঁ। এসময়ৰ ‘জাতীয় নায়ক’, বৰ্তমানৰ মুখ‍্যমন্ত্ৰীক তেখেতৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ সোঁৱৰাই দিয়া কাৰ্যই মুখ‍্যমন্ত্ৰী ৰূপে জাতীয় নায়কৰ দায়িত্ব পালনত ব্যৰ্থতাৰ কথাই প্ৰমাণ কৰিছে। যিসময়ত এচাম বিজেপি নেতা-কৰ্মীয়ে প্ৰস্তাৱিত সংশোধিত নাগৰিক আইন সমৰ্থনৰ বাবে অদ্ভুত মন্তব‍্যৰে বিৰোধীক অকথ‍্য ভাষাৰে আক্ৰমণত ব‍্যস্ত, সেই সময়ত এই পত্ৰই এক ৰাজনৈতিক জোকাৰণি যে তুলিব, ই নিৰ্ঘাত। বৰ্তমান অসম মন্ত্ৰীসভাত থকা আছুৰ প্ৰাক্তন সভাপতি বা আন জ‍্যেষ্ঠ নেতাৰ মৌন এই পত্ৰৰ পাছত ভঙ্গ হয়নে নহয়, সি এক লাখটকীয়া প্ৰশ্ন।

মেঘালয়ত বিজেপি সহযোগী চৰকাৰখনে লোৱা সিদ্ধান্তই নিজ জাতি-মাটি-ভেটি ৰক্ষাত যি ইতিবাচক প্ৰভাৱ পেলাইছে, তাৰ প্ৰভাৱ অসমৰ জাতীয়তাবাদৰ পৰা ৰাষ্ট্ৰীয়বাদৰ চোলা পিন্ধা ৰাজনৈতিক নেতাৰ ওপৰত পৰিব বুলি অসমবাসীয়ে আশা কৰিব পাৰেনে?

পূৰ্বতে দীন দয়াল উপাধ‍্যায় মহাবিদ‍্যালয়, বিদ‍্যালয়ত সংস্কৃত শিক্ষা প্ৰচলন আদি বিষয়ত বিজেপি সমৰ্থকসকলৰ উদ্ভট যুক্তিৰ বিপৰীতে চৰকাৰখনে যেনেকৈ অসমবাসীৰ মতামতক সন্মান জনাইছিল, তেনেদৰে এইবাৰো অসমীয়া জাতিৰ অস্তিত্বৰ বাবে অসমীয়া ৰাইজৰ মতামতক সন্মান জনাবনে? যদি নজনায়, অনাগত দিনত সেইসকলৰ নিজৰে ভেটি-মাটি ৰ’বনে? অসমবাসীয়ে এতিয়া যেন তেনে দিনলৈ বাট চাব লাগিব। গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও প্ৰস্তাৱিত সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰাৰ উমান দিছে। নিকট ভৱিষ্যতত দলৰ ভিতৰতে এই আইনৰ বিৰোধিতাৰ ভেটিটো আধিক জোৰদাৰ হওক বুলি আমি আশা কৰিম।

জাতীয়তা ৰক্ষাৰ শিক্ষা, অগপ-বিজেপি-কংগ্ৰেছ, মেঘালয় চৰকাৰ আৰু বিধায়ক অতুল বৰাৰ পত্ৰ | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook