স্বপ্ন, স্বপ্নভংগৰ বিষাদ আৰু আশা

খুব সম্ভৱতঃ ১৯৯৮ চনৰ এটা অলস দুপৰীয়া। ‘দৈনিক অগ্ৰদূত’ৰ কাৰ্যালয়ত সময় গণিছোঁ অলসভাৱে। হঠাতে সম্পাদক মহোদয়ৰ কাৰ্যালয়ত ভুমুকি মাৰি আহি এগৰাকী পৌঢ়ই সুধিলে, ‘তেখেত নাই নেকি?’ খদ্দৰৰ ধূতি-পাঞ্জাৱী পৰিহিত সহজ-সৰল ব্যক্তিগৰাকীৰ প্ৰশ্নই অলসতাত মৃদু জোকাৰণি তুলিলে। সেইদিনা কনকসেন ডেকা ছাৰ নাছিল। তেওঁক বহিবলৈ ক’লো। কিন্তু আচৰিতভাবে সপ্ৰতিভ হৈ তেওঁৰ দুহাতৰ মাজত সুমুৱাই ল’লে মোৰ দুহাত। চকুৱে-মুখে বিয়পি পৰা উজ্জ্বলতাৰে তেওঁ মোক সুধিলে, ‘তুমি উদ্দীপ্তক চিনি পোৱা?’…

উদ্দীপ্ত নামৰ কোনো চিনাকি ল’ৰাৰ নাম সেই সময়ত মনলৈ নাহিল। কিন্তু তেখেতৰ সম্ভ্ৰম আৰু আন্তৰিকতাক কেনেকৈ আঘাত কৰোঁ! অনুচ্চ সুৰত ক’লো, ‘কওকচোন তেওঁ কোনখন কাকতত কাম কৰে।’ মনত তেতিয়া এটাই ভাব, উদ্দীপ্ত মোৰ লগৰে কোনোবা। মোৰ উত্তৰত মিচিকিয়া হাঁহি এটা মাৰি তেওঁ ক’লে, ‘মই উদ্দীপ্ত, মানে উদ্দীপ্ত হাজৰিকাৰ কথা কৈছোঁ। আচল নাম ৰাজেন শৰ্মা। মই তাৰ দেউতাক নৃপেন শৰ্মা।’ নিজৰ মূঢ়তাত লজ্জিত হ’লো। লজ্জিত ভাবেৰে ক’লো উদ্দীপ্ত হাজৰিকাৰ ‘মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা’ৰ কথা। তেওঁৰ ত্যাগৰ কথা, যিখিনি পঢ়িবলৈ পাইছিলো। তেওঁ এক হুমুনিয়াহ কাঢ়ি মাথোঁ ক’লে, ‘মই গান্ধীজীৰ আদৰ্শৰে চলা মানুহ। মোৰ আদৰ্শৰ সৈতে ল’ৰাৰ আদৰ্শৰ মিল নাই। তথাপি কওঁ, মোৰ ল’ৰাই মানুহ মাৰিব নোৱাৰে। অত্যন্ত মেধাৱী আছিল মোৰ একমাত্ৰ পুত্ৰ। সপোন দেখিছিলো তাক লৈ। দেশৰ হৈ সি মৰিল। সেই লৈ গৰ্ব কৰোঁ। কিন্তু এতিয়া কি হৈছে? তাৰ লগৰ বহুতেই কক্ষচ্যুত হৈছে…।’

চশমাৰ ফাকেৰে ওলাই আহিব খোজা তেওঁৰ দুচকুৰ বাষ্পই মোক একপ্ৰকাৰ স্পন্দনহীন কৰি তুলিছিল। অহিংসাৰ নীতিৰে সৰ্বস্ব ত্যাগ কৰা পিতৃৰ মুখত সশস্ত্ৰ পন্থাত বিশ্বাসী পুত্ৰৰ আত্মবলিদানৰ কৰুণ গাথা। মুখত মাত নাছিল। তেওঁৰ মুখত ফুটি উঠা শত যুগৰ বঞ্চিত-শোষিত-নিপীড়িত মানুহৰ দৈন্যদশাৰ ছবিয়ে যেন ছিৰাছিৰ কৰি তুলিব সেই সময়! আদৰ্শৰ সংঘাত নে এয়া অবধাৰিত বাস্তৱ? সেয়া বুজিবলৈ কাৰোৰে যেন সময় নাই।

তেওঁৰ কথাই বাস্তৱলৈ ঘূৰাই আনিলে। ‘মোৰ ল’ৰা দহজনৰ বাবে আদৰ্শ হ’ব পাৰিছে। বহুতে তাক এতিয়াও মনত ৰাখিছে। মোলৈ তিনিচুকীয়া, মাৰ্ঘেৰিটাৰ পৰা বহু লোকে চিঠি লিখে- দেউতা উদ্দীপ্তৰ মৃত্যু হোৱা নাই।… মোৰ ল’ৰাৰ নামো উদ্দীপ্তই ৰাখিছোঁ।… এজন পিতৃক ইয়াতকৈ আৰু লাগিছে কি?’

সকৰুণ মুখত হাঁহি বিৰিঙাই নৃপেন শৰ্মা এইবাৰ যাবলৈ ওলাল নলবাৰীৰ বাঁহজানীত থকা ঘৰলৈ, গান্ধীৰ আদৰ্শৰে য’ত তেওঁ এখন আশ্ৰম গঢ়ি তুলিছে।

নৃপেন শৰ্মা এতিয়া প্ৰয়াত। কিন্তু তেওঁৰ স্বপ্ন আৰু স্বপ্নভংগৰ বিষাদ আৰু নতুনক লৈ কৰা আশাবোৰ এতিয়াও প্ৰাসংগিক।

(বহু ল’ৰাই আপোন ঘৰ এৰি অৰণ্যলৈ যোৱাৰ বাতৰি আহিছে। তেওঁলোকে কি বিচাৰি এইদৰে বিপদৰ মাজলৈ আগবাঢ়ি গৈছে, সেয়া সহৃদয়তাৰে বুজিবলৈ চেষ্টা কৰিবই লাগিব।)

লেখকৰ ঠিকনা: গুৱাহাটী

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of