জুয়ে পোৰা সোণ হৈ উঠক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ

জুয়ে পোৰা সোণ হৈ উঠক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ
  • 11 Feb, 2023

সমীয়া জাতিৰ প্ৰাণ-পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মীয় নীতি-আদৰ্শ অনুসৰণ-পালন; সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ-সংৰক্ষণৰ উদ্দেশ্যে প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ এক নিছিগা ধাৰৰ বিপ্লৱ৷ প্ৰতিষ্ঠাৰ শতবৰ্ষ গৰকিবলৈ আৰু কেইটামান বছৰ বাকী থকা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এই বিপ্লৱে বিগত প্ৰায় এশটা বছৰৰ নিৰৱচ্ছিন্ন পৰিক্ৰমা আৰু অভিজ্ঞতাৰে এক মজবুত ৰূপ পৰিগ্ৰহ কৰিছে৷ মনোযোগ আকৰ্ষণকাৰী কথাটো হʼল, ধৰ্মীয় ৰীতি-আচাৰৰ ব্যতিৰেকেও সংঘ ‌এক বিশাল পৰিমাণৰ মানুহৰ দৈনন্দিন জীৱন-চৰ্যাত পৰিণত হৈছে৷ তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হʼল, আমাৰ সমাজৰ একেবাৰে প্ৰান্তীয় জনকো, লাগে আৰ্থিকভাৱেই হওক কিম্বা সামাজিকভাৱেই হওক, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই এক ধৰণে শক্তিশালী— গুৰুত্বপূৰ্ণ আৰু অনুপেক্ষণীয় কৰি তুলিছে৷ এনেবোৰ কাৰণতে আমি নিজে সংঘৰ সদস্য (সঙ্গী) নহʼলেও অনুষ্ঠানটিয়ে সদায়ে আমাৰ সমীহ-শ্ৰদ্ধা আদায় কৰি আহিছে৷

মহাপুৰুষৰ গীত-বৰগীতৰ শুদ্ধ ৰূপত চৰ্চা, পৰিশীলিত ৰূপত অংকীয়া ভাওনাৰ চৰ্চা আৰু প্ৰচাৰ, বৈষ্ণৱ ধৰ্মীয় সাহিত্য আৰু সিবিলাকৰ তাত্ত্বিক-সাংস্কৃতিক মূল্যায়নৰ আলোচনাত্মক গ্ৰন্থৰ প্ৰণয়ন-প্ৰকাশ, কেইবাখনো সাময়িক পত্ৰিকা আৰু কাকত প্ৰকাশ, শিশু-কিশোৰ-যুৱ-নাৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ প্ৰয়াস আদিৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই বৌদ্ধিক দিশত মহামূল্যবান অৱদান আগবঢ়োৱাৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা, বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠাৰ যোগেদি জীৱন-যাপন সম্পৰ্কীয় ব্যৱহাৰিক দিশতো সাধাৰণ মানুহৰ ব্যৱহাৰৰ অবিচ্ছদ্য অংগ হৈ উঠাৰ প্ৰয়াস কৰি আহিছে৷

সত্ৰই সত্ৰই, গাঁৱে গাঁৱে বিভিন্ন উপলক্ষ্যত অনুষ্ঠিত হৈ থাকিলেও ভাওনা কৃষ্টি সম্প্ৰতি এক নিয়ন্ত্ৰণহীন ধামখুমীয়াত পৰাটো আমি লক্ষ্য কৰি আহিছোঁ৷ কʼব পাৰি, ভাওনাক বিকৃত কৰাৰ এক অঘোষিত প্ৰতিযোগিতাহে যেন চলিব লাগিছে৷ বলিউডী সস্তীয়া চলচ্চিত্ৰ-চিৰিয়েলৰ অনুকৰণ, বিহু-বিয়ানাম-অৰ্বাচীন সুৰৰ প্ৰয়োগ, পশ্চিমীয়া বাদ্যযন্ত্ৰ আৰু সুৰৰ প্ৰয়োগ, চাউণ্ড এফেক্ট আৰু লাইটিঙৰ ব্যাকৰণবিহীন প্ৰয়োগ আদিৰ সংমিশ্ৰণত ভাওনাই নিজস্ব গৰিমা আৰু থিয়েট্ৰিক্স হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ অসমীয়া সংস্কৃতিৰ এক গম্ভীৰ আৰু অনন্য চিনাকি যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ এনে ধৰণৰ গুৰু-গোসাঁই নমনা এক নিয়ন্ত্ৰণহীন পৰিৱেশৰ মাজত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই ভাওনাক তাৰ নিজস্ব গৰিমাময় ৰূপত ধৰি ৰাখিবলৈ কৰা প্ৰয়াস নিতান্তই আদৰণীয়৷ ভাওনাৰ প্ৰণালীবদ্ধ শিক্ষণ-শিকনৰ বাবেও সংঘৰ প্ৰচেষ্টা লক্ষণীয়।

ভাওনা চৰ্চা কৰা সকল সতৰ্ক নহʼলে অসমীয়া জাতিয়ে হয়তো ভাওনাক হেৰুৱাই পেলাব। তেনে ক্ষেত্ৰত অদূৰ ভৱিষ্যতে হয়তো সংঘৰ ভাওনায়েহে অংকীয়া ভাওনাৰ প্ৰকৃত ৰূপটো ধৰি ৰাখিবগৈ পাৰিব৷ এই নিৰাশাজনক পৰিৱেশৰ মাজতো অসমীয়া জাতীয় দায়িত্বৰ খাতিৰত এই ক্ষেত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তৰফৰ পৰা সংঘৰ পৰিসীমাৰ বাহিৰতো নিয়মীয়া চৰ্চা, আলোচনা, কৰ্মশালা আদি আমি আশা কৰোঁ৷

ধৰ্মীয়, সামাজিক, সাংস্কৃতিক দিশত অনবদ্য অৱদান আগবঢ়াই অসমীয়া জাতীয় জীৱনক চহকী কৰাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিলেও শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ মাজে মাজেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰাটো আমি লক্ষ্য কৰোঁ৷ আমি এই কথাটোও মন কৰোঁ যে এই বিতৰ্কবোৰ সাধাৰণতেই ধৰ্মীয় ৰীতি-নীতি, লোকাচাৰ, পায়-নাপায়ক কেন্দ্ৰ কৰি উদ্ভৱ হয়৷

বিকেন্দ্ৰীকৃত ব্যৱস্থা গণতান্ত্ৰিক পদ্ধতিৰ অনুগামী বুলি স্বীকৃত হʼলেও সময়ত বিকেন্দ্ৰীকৰণে অসুবিধা বা বেমেজালিৰো সৃষ্টি কৰে; ইয়াৰ এক উদাহৰণ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ হʼব পাৰে৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ যথেষ্ট বিকেন্দ্ৰীকৃত ধাৰণাৰে গঠিত হৈছে— মূল, জিলা শাখা, আঞ্চলিক শাখা, প্ৰাথমিক শাখা— এনেকৈ অনুষ্ঠানটো পিৰামিডৰ আকাৰত তৃণমূল পৰ্যায়লৈ বিয়পি গৈছে৷ প্ৰচলিত আচাৰ, পায়-নাপায়ক লৈ কোনোবা এটা প্ৰাথমিকে সংঘৰ সংবিধানৰ বাহিৰত লোৱা একোটা সিদ্ধান্তই মূল অনুষ্ঠানটোক বিতৰ্কৰ সন্মুখীন কৰে৷ তদুপৰি সংঘই সাংবিধানিকভাৱে গ্ৰহণ কৰা সময় অনুপযোগী কিছু নীতি-নিয়মেও অনুষ্ঠানটোক সময়ে সময়ে বিতৰ্কৰ মুখামুখি কৰায়৷ কোনো নিয়মেই যাতে অসমীয় জাতিৰ সামগ্ৰিক সামাজিক মিলা-মিছাৰ অন্তৰায় নহয়, সেইটো সংঘই মন কৰা উচিত৷

ইয়াৰ উপৰি মানুহৰ অৰ্থনৈতিক তথা জীৱন-জীৱিকাৰ লগত সম্পৰ্কিত দিশৰ সৈতে জড়িত নীতি-নিয়মসমূহৰো সময় উপযোগী সংশোধন-সংযোজন-বিযোজনৰ প্ৰয়োজনীয়তা সংঘই উপলব্ধি কৰা উচিত বুলি আমি বিবেচনা কৰোঁ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিশাল সামাজিক-সাংস্কৃতিক-বৌদ্ধিক অৱদানক যাতে এই ধৰণৰ অনাহুত বিতৰ্কই লঘু কৰিব নোৱাৰে, তাৰবাবে সংঘই চোকা দৃষ্টি ৰখা উচিত৷ ক্ষেত্ৰ বিশেষে সংঘৰ আত্ম-মূল্যায়ন, পুনৰ বীক্ষণৰ প্ৰয়োজন হʼলে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সংঘই বিষয়বোৰ বিবেচনাৰ আওতালৈ অনাটো দৰকাৰ৷

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ জোনাই অধিৱেশন ২০২৩ সংঘৰ জোনাই অধিৱেশন ২০২৩

অসমীয়া জাতীয় জীৱনক সবল কৰাত, ধৰ্মীয় মতবাদৰ ঊৰ্ধ্বত, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এক শক্তিশালী তথা উপেক্ষা কৰিব নোৱৰা ভূমিকা আৰু উপস্থিতি আছে বুলি আমি অনুভৱ কৰোঁ৷ এই ভূমিকা আৰু উপস্থিতিক সৰ্বস্তৰৰ মানুহৰ মাজত বিয়পাই দি জাতিক শক্তিশালী আৰু গৌৰৱান্বিত কৰাৰ পৰম কৰ্তব্য সংঘই মূৰ পাতি লোৱাটো আজি নহʼলে কাইলৈ অত্যাৱশ্যকীয় হৈ পৰিব বুলিয়েই ধাৰণা কৰোঁ৷ এনে পৰিপ্ৰেক্ষিতত আত্ম-সমালোচনাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই নিজকে জুয়ে পোৰা সোণ কৰি তোলাটোও অনিবাৰ্য প্ৰয়োজন হৈ পৰিব৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘলৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷

❧ | আৰু পঢ়ক:

ছবি: গুণকান্ত ভূঞা

জুয়ে পোৰা সোণ হৈ উঠক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ | পল্লৱপ্ৰাণ গোস্বামী
Follow Nilacharai on Facebook