কণ ডাক্তৰ-কণ্ডাক্টৰ

img

মোমাইদেউ ডাক্তৰ, মানে তাহানিৰে ডাক্তৰ, অসম মেডিকেল কলেজৰ প্ৰথম খেপ (batch)-ৰ ডাক্তৰ। ঘৰত আইতাই মৰমতে মাতে ‘কণ’ বুলি, গাঁৱৰ ৰাইজে আৰু লগৰ কেইজনে ‘কণ ডাক্তৰ’ক মাতে ‘কণ্ডাক্টৰ’ (Conductor) বুলি। এসময়ত কণ্ডাক্টৰে গোলাঘাটৰ ঢেকিয়াল, বেতিয়নি, চিনাতলি তহিলং কৰি আছিল। পাছলৈ চৰকাৰী চাকৰি পাইছিল গুৱাহাটিত,— পশু চিকিৎসা মহাবিদ্যালয়ৰ মানুহৰ ডাক্তৰ।

তাতো কেণা…, তাহানিৰ দিনত (৭০ৰ দশক) খানাপাৰাত ক্লিনিক খুলিলে মামাই। ৰোগী চাবলৈ মাজে মাজে ন-মাইলৰ ‘নেপালী বস্তিলৈ’ যাব লাগে। এবাৰৰ কথা, প্ৰসুতি এগৰাকীক কোনোবা এটা ‘নেপালী বস্তিত’ পৰীক্ষা কৰি আছে। এনেতে আহি পাওঁক মহিলাগৰাকীৰ ককায়েক দুজন। মোমাইদেউৰ লগত চা-চিনাকি হ’ল— ক’ত থাকে, ক’ত কাম কৰে আদি সুধিলে। মহিলাগৰাকীৰ ককায়েক দুজনৰ অৱস্থা ভনী জোঁৱায়েকতকৈ যথেষ্ট টনকিয়াল যেন মোমাইদেউৰ অনুমান হ’ল। মোমাইেদউৱে তেওঁলোকক ৰোগীৰ কোঠাৰ পৰা বাহিৰলৈ যাবলৈ অনুৰোধ কৰাত তেওঁলোক ওলাই গ’ল, মামায়ো ৰোগী পৰীক্ষাত মন দিলে। প্ৰায় ৫ মিনিট মান পাছত বাহিৰত জেঠেৰিয়েক আৰু ভনী জোঁৱায়েকৰ মাজত নেপালী ভাষাত চিঞৰ বাখৰ,— ওচৰৰ ৰাইজ গোট খাই গ’ল। ভালকৈ নেপালী ভাষা বুজি নোপোৱা মোমাইদেৱে এইটো ঠিকেই বুজি পালে যে কাজিয়াৰ মূল কাৰণ তেওঁ। জেঠেৰিয়েক দুজনৰ খং ভনী জোঁৱায়েকৰ ওপৰত।

: ‘তোৰ পইছা নাই বুলিয়েই আমাৰ ভনীজনীৰ চিকিত্সাৰ বাবে তই কিয় ভেটেনেৰিৰ পৰা ডাক্তৰ আনিবি ? তই আমাৰ মৰমৰ ভনীজনীক কি তোৰ জাৰ্চি গৰুকেইজনী বুলি ভাবিছ নেকি?’

পাছত মামাই ভুল ভাঙি দিয়াতহে ভনী জোঁৱায়েক ৰক্ষা পৰিল।

এবাৰ আই, মানে মোৰ মাৰ অসুখ, তলপেটত প্ৰচণ্ড বিষ; থাকিব পৰা নাই। মায়ে ক’লে— ক’ণ দাদাক মাত, সোনকালে।

অলপ সময়ৰ পাছতেই আমাৰ ঘৰৰ পৰা প্ৰায় আধা কিল’মিটাৰ মান ( অলপ বেছিকৈ ক’লো নেকি! ) দূৰৰ পৰাই ভাৰতীয় বিমান বাহিনীৰ হেলিকপ্টাৰৰ শব্দ শুনা গ’ল। সেই শব্দই মাৰ মুখত হাঁহি বিৰিঙাই তুলিলে।

ভনীয়েকৰ এচ অ’ এচ কল (SOS Call) পাই ককায়েক উধাতু খাই আহিল সেই ঘেৰ্ঘেৰিয়া লেম্বেটাৰখনত উঠি। মামাৰ স্কুটাৰ নে ভাৰতীয় বিমান বাহিনীৰ হেলিকপ্টাৰ সেইটো নেদেখালৈকে শব্দ শুনি বুজাৰ উপায় নাই। লগত পিঠিত বান্ধি লৈ আহিছে কোনোবা কাহানিতে চাহ বাগান এখনৰ ব্ৰিটিছ ডাক্তৰে দিয়া চামৰাৰ দৰব-জাতিৰ বেগটো। দূৰৈৰ পৰা দেখিলে আপোনালোকৰ এনে লাগিব যেন দ্বিতীয় মহাযুদ্ধৰ এজন পেৰাট্ৰুপাৰহে।

ককায়েকক ত্ৰাণকৰ্তা ৰূপত দেখি আইৰ দুধাৰি চকুলো বাগৰি আহিল। তাৰ পাছত ইনভেষ্টিগেচন পৰ্ব।

মামাই মাক সুধিলে— তোৰ পেটতো ক’ত বিষাইছে ?

: একদম নাভিৰ তলত। মাৰ উত্তৰ।
: হুমঃ ! মামাৰ মুখৰ পৰা শব্দটো ওলাল।
: ক’ণ দাদা, তই কচোন, গলব্লাডাৰ হৈছে নেকি ?
: হুঊ ! বুৰ্বক। গলব্লাডাৰ কেনেকৈ হ’ব? নামটোতে তাৰ পৰিচয়, গলৰ পৰা ওচৰত থাকে কাৰণে তাৰ নাম গলব্লাডাৰ। গলব্লাডাৰ তোৰ তলপেট কেনেকৈ পাবগৈ? মামাই ক’লে।

ষ্টেথ`চক`পডাল কাণত লগাই মামাই মাক দীঘলীয়া উশাহ ল’বলৈ ক’লে। অলপ পৰ ষ্টেথ`চক`পৰে মাৰ তলপেটটো পৰীক্ষা কৰাৰ পাছত মামাই সুধিলে— ৰাতিপুৱা কি খাইছিলি ?

: ভাত, ডাইল আৰু কালি ৰাতিয়েই ভজা পাঁচটা পটলৰ বড়া।
: হুমঃ ! প্ৰকান্ড মোছকোছাত হাত বুলাই থাকোঁতে মামাৰ মুখৰ পৰা আকৌ শব্দটো ওলাল।

গণ্ডগোলটো তাতেই বুজিছ? পট কৰে টেঁটুত ধৰে কাৰণে তাৰ নাম পটেটো ( Potato ) আৰু পট কৰে তল পাইগৈ কাৰণে আনটোৰ নাম পটল। লোভত পৰি পাঁচটাকৈ বাহি পটলৰ বড়া খোৱাৰ কাৰণেই তোৰ তলপেটৰ বিষ, পোনচাতেই বাহি পটলৰ বড়া গৈ তোৰ পেটৰ তল পালেগৈ। মামা ৰূপী ধনন্তৰিয়ে ক’লে।

তাৰ পাছৰ খিনি চমু।

মোৰ পুৰণা বেয়া বহী এখনৰ উকা পাত এখিলাত মোমাইদেৱে কেইটামান কাউৰীৰ ঠেং আঁকিলে আৰু মোক ক’লে— যদুৰ ফাৰ্মেচিৰ পৰা এই দৰৱটো লৈ আহ, মোৰ বেগত নাই, দিনত দুবাৰ কৈ দুদিন খুৱাবি।

তাৰ পাচত পুনৰ ভিক্টৰিয়ান যুগৰ লেম্বেটাৰখনত উঠি মামাৰ প্ৰস্থান।

দৰৱ দুপালি পৰাৰ পাছতেই মাৰ পেটৰ বিষ ৰাতিলৈ নোহোৱা হ’ল আৰু আমিও মাৰ সন্মুখত মামাৰ গুণগান গাই মামাৰ গৌৰৱেৰে গৌৰৱান্বিত মাৰ সুখৰ সমভাগী হ’লো।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

2
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
0 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
1 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
কন্দর্পজিৎ কল্লোল

ভাল লাগিল । কিন্তু লেখাটো চুটি হৈছে ।
আৰু অলপ দীঘল হ’লে আৰু ভাল হলহেঁতেন ।