বিবেকানন্দৰ দেৱী দৰ্শন

নৰেন্দ্রনাথ দত্ত দেৱী-উপাসক নাছিল, পৌগণ্ড কালৰে পৰা আধ্যাত্মিক দিশত আসক্ত নৰেন্দ্রনাথে দুৰ্গা-কালী আদিৰ পূজাক সমৰ্থন নকৰিছিল, তেওঁ নিজে লিখিছে— “How I Used To Hate Kali And Her Ways! That Was The Ground Of My Six Years’ Fight That I would Not Accept Her!” মুঠৰ ওপৰত, মূৰ্তি পূজাকে আদি কৰি আন সকলো দিশলৈ দৃষ্টিপাত কৰি দেৱীৰ প্রতি তেওঁৰ আছিল এক হেয় জ্ঞান। ১৮৮৪ চনত পিতৃ বিশ্বনাথ দত্তৰ মৃত্যু হোৱাত তেওঁলোকৰ পৰিয়ালটিলৈ নামি আহে দুৰ্যোগ, অৰ্থনৈতিক সমস্যাৰে জৰ্জৰিত পৰিয়ালৰ সকলো দায়িত্ব নৰেন্দ্রই ল’বলৈ বাধ্য হ’ল। কিন্তু, প্রতিটো খোজতেই দুৰ্ভাগ্যই তেওঁৰ লগ নেৰিলে,— “I was dying of starvation. Barefooted I went from office to office and was refused everywhere. I learnt by experience what human compassion is. This was my first contact with realities of life; and I discovered it had no room for the weak, the poor, the deserted.”

এনেকৈয়ে নিৰাশাত ভুঞ্জা নৰেন্দ্র দক্ষিণেশ্বৰলৈ গৈছিল, ৰামকৃষ্ণ পৰমহংসৰ ব্যক্তিত্বই তেওঁক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল, সেই মানুহজনৰ মুখৰ অনাসক্ত হাঁহিটোতে যেন জীৱনমুক্তিৰ সকলো ব্যাখ্যা সমাহিত হৈ আছিল। প্রথমবাৰ যেতিয়া তেওঁ ৰামকৃষ্ণক লগ পাইছিল, তেতিয়া পৰমহংসদেৱে সুধিছিল,— তুমি যদি মোৰ কালী মাক স্বীকাৰেই নকৰা, তেন্তে ইয়ালৈ কিয় আহিছা? নৰেন্দ্রনাথে তাৰ প্রত্যুত্তৰ এনেকৈ দিছিল— মই আপোনাক চাবলৈহে আহিছোঁ, কাৰণ মই আপোনাৰ সান্নিধ্য ভাল পাওঁ।

এদিনাখন নৰেন্দ্রই ৰামকৃষ্ণ পৰমহংসক নিজৰ সমস্যাৰাজিৰ কথা কৈ, দেৱীক তাৰ সমাধানৰ বাবে প্রাৰ্থনা কৰিবলৈ কৈছিল। তেওঁ ভাবিছিল, কিজানিবা ৰামকৃষ্ণদেৱে দেৱীৰ ওচৰত প্রাৰ্থনা কৰিলে কষ্টবোৰৰ উপশম ঘটেই! ৰামকৃষ্ণদেৱৰ দেৱী উপাসনা কেৱল মূৰ্তিপূজাতেই সীমাবদ্ধ নাছিল, তেওঁ সৰ্বভূতত দেৱীক দেখা পাইছিল, জীৱ মাত্রেই ব্রহ্মক দেখা পোৱা ৰামকৃষ্ণই সকলো ধৰ্মৰ মতকেই শুদ্ধ বুলি স্বীকাৰ কৰি কৈছিল,— ‘যত মত তত পথ’। প্রাণী মাত্রেই ঈশ্বৰৰ অস্তিত্বৰ সন্ধান পোৱা পৰমহংসদেৱে নিজৰ ব্রাহ্মণত্বৰ অভিমান খণ্ডন কৰি দক্ষিণেশ্বৰৰ কোনো এজন শূদ্রৰ চৰণ পখালি নিজৰ মূৰৰ চুলিৰে মোহাৰি জাত-পাতৰ সকলো সন্ধি ভাঙি আদৰ্শ দেখুৱাইছিল। আন নালাগে, এবাৰ তেওঁ মৃন্ময় মূৰ্তিৰ পূজা নকৰি মন্দিৰৰ আসনত নিজ পত্নী সাৰদা দেৱীক বহুৱাই চিন্ময় স্বৰূপা দেৱী বুলি উপাসনা কৰিলে। দৰাচলতে পত্নীক দাসী বুলি গণ্য কৰা সকলৰ প্রতি এয়া এক বিৰল প্ৰত্যাহ্বান আছিল।

যি কি নহওক, নৰেন্দ্রনাথৰ কথাবোৰ শুনি ৰামকৃষ্ণদেৱে কৈছিল,— তুমি নিজেই প্রাৰ্থনা নকৰা কিয়? দেৱীয়েই পৰম জ্ঞান; তেওঁ পৰব্রহ্মৰ মহাশক্তি, সেই শক্তিৰ দ্বাৰাই চৰাচৰ জগতৰ সৃজন হৈছে। ৰামকৃষ্ণদেৱৰ প্রেৰণাত নৰেন্দ্রই দক্ষিণেশ্বৰী মন্দিৰলৈ প্রাৰ্থনা কৰিবলৈ গ’ল, তেতিয়া ৰাতি ন বাজিছিল। ভৱতাৰিণী দেৱীৰ বিগ্রহৰ সন্মুখত আঁঠু লোৱা মাত্রেই নৰেন্দ্রনাথে এক বিচিত্র অনু্ভূতি লভিলে, এক পৰমানন্দই তেওঁক আৱৰি পেলালে, তেওঁ পাহৰি পেলালে তেওঁৰ প্রাৰ্থনাৰ উদ্দেশ্য। ৰামকৃষ্ণই দেৱী উপলব্ধিৰ ঠিক তেনে এটি বিৱৰণেই দিছিল, তেওঁ কৈছিল,— যেতিয়া দেৱী জাগৃত হৈছিল, তেতিয়া আন একো চিন্তা তেওঁৰ মনলৈ অহা নাছিল। মন্দিৰৰ প্রতিমা, ঘট, উপাচাৰ সকলো চৈতন্য শক্তিৰ দ্যোতনত সমাহিত হৈ পৰিছিল। আন একোৰে অস্তিত্ব নাছিল, কেৱল আছিল চৈতন্যৰ সেই আৱৰণ। নৰেন্দ্রনাথেও অনুভৱ কৰিলে তেনে এক প্রেমাভক্তিৰ আবেগ।

মন্দিৰৰ বাহিৰ হৈ তেওঁ ৰামকৃষ্ণক দেখা পালে, ৰামকৃষ্ণই সুধিলে— যি লাগে, সেয়া দেৱীক বিচাৰিলা নে? নৰেন্দ্রই গম পালে যে তেওঁ সাংসাৰিক দোমোজাৰ উপশমৰ বিষয়ে দেৱীক প্রাৰ্থনা কৰিবলৈয়ে পাহাৰিলে। পুনৰ তেওঁ মন্দিৰলৈ গ’ল, আকৌ সেই একে অনুভূতি, কি বিচিত্র লীলা! তেওঁ প্রাৰ্থনা কৰিলে— হে’ মাতৃ, মোক জ্ঞান দিয়া, বৈৰাগ্য দিয়া, নিৰ্বোধ দৃষ্টিপাত হওক।

পুনৰবাৰ ৰামকৃষ্ণৰ ওচৰলৈ আহিল নৰেন্দ্র। এইবাৰ ব্যংগাত্মক সুৰত পৰমহংসদেৱে তেওঁক পাৰ্থিৱ সুখ বিচাৰি শেষবাৰৰ বাবে মন্দিৰলৈ যাবলৈ ক’লে। মন্দিৰৰ ভিতৰত প্রৱেশ কৰি প্রাৰ্থনা কৰিব খোজা নৰেন্দ্র লজ্জিত হৈ পৰিল; কি স্বাৰ্থজনিত কাৰণত তেওঁ ঈশ্বৰৰ ওচৰলৈ আহিছে।এয়া জানো ভক্তি? প্রেমাশ্রু নিৰ্গত কৰি তেওঁ দেৱীক ভক্তিৰ বাবে কাকূতি কৰিলে।

নৰেন্দ্রৰ ভাব দেখি প্রসন্ন হোৱা পৰমহংসদেৱে নৰেন্দ্রৰ পৰিয়ালটি যাৱৎজীৱন দুৰ্যোগৰ পৰা মুক্ত হ’ব বুলি আশিস দিলে। এনেকৈ আৰম্ভ হ’ল নৰেন্দ্রনাথ দত্তৰ আধ্যাত্মিক যাত্রা, পৰবৰ্তী কালত এই নৰেন্দ্রই হয়গৈ স্বামী বিবেকানন্দ। কালীৰ সন্দৰ্ভত তেওঁ পাছলৈ এনেকৈ ক’লে— I Had to accept Her at last!… আকৌ— The sea calm is absolute; the same sea in waves is the divine mother, she is time, space & causation. Mother is the same as Brahma and has two natures; the conditioned and unconditioned. As the former, she is God, nature and soul. As the later, she is unknown and unknowable. (Inspired Talks, My Master And Other Writings, Swami Vivekananda)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

অথৰ্ৱণ গোস্বামী

নেহু, শিল্বং-২২, মেঘালয় ফোন নং: ৮৪৮৬১ ৫৯৩৮৬

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of