কাঁকোলি ভাত

কাঁকোলি ভাত
  • 30 Apr, 2023

আইৰ কাউলি ভৰি
গোলাপৰ মৰহা পাহি।
মানুহৰ জীয়া মঙহ,
তাৰ ওপৰতে মেলি
গুচাইছে নিজ দেহৰ ছাল ওকণি।

কাতৰ মাতে যদি কৰে কাকূতি—
“আই মোক কাঁচলিত নেমেলিবি
ৰ’দে পুৰিব, কেঁচাই গিলি থ’বি”,
তেতিয়া আয়ে কি ৰূপ ল’ব
মোক গোটে গোটে গিলিব বুলি?

❧ | অধিক কবিতা:

কাঁকোলি ভাত | পংকজ গগৈ
Follow Nilacharai on Facebook