নাকান্দিবি ঐ কাঁচোনমতি ছোৱালীজনী

(যাৰ হাঁহিত ফুলিবলৈ ৰৈ থাকে পৃথিৱীৰ সমস্ত সোণাৰু, তেওঁলৈ বুলি)image

[ ধনজিৎ কলিতা ]

নাকান্দিবি ঐ কাঁচোনমতি ছোৱালীজনী
নাকান্দিবি তই!
তই কান্দিলেচোন গৰুহাল নোজোঁটে হালত,
লাউবোৰ নাবাঢ়ে চালত,
নজ্বলে দেখোন জুই মোৰ ভোকৰ আখলত!

নাকান্দিবি তই
আনি দিম দে সুখৰ মহঙা বজাৰৰ
কুৰিতোলা আশীসূতা
বৈ লবি হেঁপাহৰ বনকৰা চাদৰ
নাচিবি কঁকাল ঘুৰাই!

তোৰ বুকুৰ গাভৰু বিষাদেচোন
বুৰাই পেলায় মোৰ ন-শালিৰ কঠিয়া
আহুখিনিনো কেতিয়া চপাম
আলিখিনিনো কেতিয়া কাটিম
মোৰ আকালৰ ভঁৰালতো যে আছে দুখৰহে অলপ শালি
বৰ নিঃকিন অ' মই!

বুজোঁ অ’ তোৰ উঠন বুকুৰ গোপন বেথা
নাকান্দিবি তই!
আনি দিম দে মহঙা দিনৰ সুখ অকণ
ঘাম পেলাই!

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar