মূল: খলিল জিব্ৰান( Fear)
অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
✽
সাগৰত বিলীন হোৱাৰ পৰত
নৈখন বোলে কঁপি উঠে ভয়ত।
তাই ঘূৰি চাই পঠিয়ায়
পাৰ হৈ অহা সেই গতিপথ,
পৰ্বতৰ চূড়াৰে নামি
হাবি-বন আৰু গাঁৱৰ মাজেৰে
একা-বেঁকাকৈ বৈ অহা দীঘলীয়া পথ।
আৰু সমুখত তাই দেখা পায়
এখনি সাগৰ, সুবিশাল যাৰ পৰিসৰ,
য’ত সোমোৱা মানেইতো
নোহোৱা হোৱা
চিৰদিন চিৰকাললৈ।
অথচ নাই কোনো বিকল্প
নৈ কাহানিও উভতি নবয়।
উভতি যাব নোৱাৰে কোনোৱেই,
উভতনি অসম্ভৱ জীৱনকালত।
নৈয়ে যে কৰিব লাগিব মৰসাহ
সাগৰত সোমোৱাৰ,
কিয়নো তেতিয়াহে নোহোৱা হ’ব ভয়,
কিয়নো তেতিয়াহে বুজি উঠিব তাই
এয়াতো নহয় সাগৰত নোহোৱা হোৱাৰ কথা
এয়া যে নিজে সাগৰ হৈ পৰাৰ কথা।
✽
খলিল জিব্ৰান

‘দ্য প্ৰফেট’ কাব্য সংকলনৰ বাবে বিশেষভাৱে খ্যাত খলিল জিব্ৰান এগৰাকী লেবানিজ-আমেৰিকান কবি, লেখক আৰু শিল্পী আছিল। কবি হিচাপে তেখেতৰ পৰিচয়ৰ উপৰি এগৰাকী চিত্ৰশিল্পী হিচাপে খলিল জিব্ৰানে প্ৰচুৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে। তেখেতৰ জন্ম হৈছিল ১৮৮৩ চনৰ ৬ জানুৱাৰী তাৰিখে আৰু মৃত্যু হৈছিল ১৯৩১ চনৰ ১০ এপ্ৰিল তাৰিখে। খলিল জিব্ৰানৰ প্ৰায় সকলোবোৰ সৃষ্টিয়েই ইংৰাজী আৰু অন্যান্য ভাষাত পোৱা যায়। জিব্ৰানৰ ‘প্ৰফেট’ গ্ৰন্থখন ইতিমধ্যে অসমীয়া ভাষালৈ অনূদিত হৈছে। তেখেতৰ বিষয়ে অধিক জানিবলৈ পয়েট্ৰি ফাইণ্ডেশ্বনৰ ৱেবচাইট চাব পাৰে।