গহনা
মোৰ বাবে সাতসৰী গঢ়াই
ভগা সপোনৰ টুকুৰা নুবুটলিবা
আইতাই মোক তাহানিতে কৈছিল
জোনবিৰি পিন্ধিলে মোক বৰ শুৱনি দেখি
দেউতাই পিন্ধাব খুজিছিল কেৰু
মায়ে আকৌ দুগদুগীহে পছন্দ কৰিছিল
নেজেপতা, গলপতা, মুঠিখাৰু, থুৰীয়া—
কিমান যে অলংকাৰেৰে ঠাহ খাইছিল
এনাইদেউৰ পেৰা
খুব মন গৈছিল থুৰীয়া পিন্ধি
খুন্দা তামোলৰ সেলেঙী বোৱাই শৰতৰ চোতালত
আইতাই কোৱাৰ দৰে সাধুকথাৰ পোহাৰ মেলিবলৈ
তিনিখনীয়া কাপোৰ পিন্ধি গৃহিনী হ’বলৈ
কিন্তু হায়!
কঁকালত ৰিহাখনি মেৰিয়াই গাভৰু হওঁতে
চকুত অগাদেৱা কৰা
সোণালী সপোনবোৰ যে হেৰাই থাকিল!
বানে ধুৱাই নিয়া দুপৰীয়াটিত
সপোনৰ জপাটো উটি গৈ
চতিয়নাজোপাৰ ডালত উঠি থাকিল
জপাটো কোনোদিনেই নমাব নোৱাৰিলো
গছজোপা ক্ৰমাৎ ওখ হৈ গৈ থাকিল
গৈ থাকিল
নতুন গহনা পিন্ধাই পুনঃ সপোন দেখুৱাবলৈ
মোৰ কাষত যে এতিয়া আইতাও নাই
এনাইদেউও আঁতৰি গ’ল আকাশত তৰা হ’বলৈ
ভগা সপোনৰ টুকুৰা বুটলি
মোৰ বাবে সাতসৰী নগঢ়াবা
আজিকালি বনফুলেৰেই নিজকে সজাব শিকিছোঁ
চোৱাচোন খৰিকাজাঁইৰ কণ্ঠহাৰেৰে
কিমান শুৱনি লাগিছে মোক,
বোধহয় তুমি দেখুৱাব খোজা সপোনটোতকৈও!
লেখকৰ ঠিকনা:
গুৱাহাটী, ই-মেইল: bitu12bg@gmail.com
নীলা চৰাই . মাৰ্চ ২০১২
ধুনীয়া কবিতা।