ভোচ্চু উঠি গেল

প্ৰকাশ: ৪ নৱেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ৪ নৱেম্বৰ, ২০১৮

আজি ৰাতি থেকচি বৈহৰাণ মাৰক দে
ৰাস্তা-ঘাট খ’দলি ফেলক দে
বাপা ঐ ৰেকৰেকিমাখা সহ্য নহ’ হৈছি
ইমান গৰম চাইৰ’সহয়
ভোচ্চু উঠি গেইছি অসমখান

ৰ’দৰ গৰমতকে কথাৰ গৰম বেছি
গা-চা পুৰি মাৰেয়ে
হাউলা গৰুৰ লেউঙৰোত ধৈৰবা জোৰ নাই
ফেচবুকত আন্দোলন কৰেৱে
বাৰীৰ হুকমা বাৰিতে শুখে গেল
এন্থে আৰো ফেচবুকত পদ্য লিখেৱে

আহাবাৰ মাঘৰ দমহীত
বাইপেৰেৰ নাঙলখানকে দুইটুকৰা কৈৰবি
সেখান থাকিনু কি বেল্টৈছি?
মায়েৰেৰ জাখেটুও আনি
একেলগে জুইত জাপি দিবি
সেইকুৰা জুইৰ গুৰিত বহি ফেচবুকত চিখৰিবি
তাৰ বাহিৰে অন্যতো একোৱে কৈৰবা নৰা

আইতেৰে খেতি কৰা মাটিখেনি কুনি খায়
ভৈজলুকৰ পায় আইঠা কলকলেগি
আজিকালি কুনি খেতি কৰি দেয়
চাকৰিটুৰ পায় বণিজকলেগি
কুনি টানি টানি নেয়
এনাহান কাল ঘুমতিত পৈল্লি কেনকে গম পাবি?
গল্লাই গেইছা, অসমখানক ভোচ্চু উঠেছা

পুখৰীতো মাছ আছিল, ইস্কুলতো কুঁহিপাঠ আছিল
পুৰণা চাইকেল এখানো আছিল
ৰেডিঅ’ত গীতিমালিকাও আছিল
যদি পাৰা এগলাই ফেচবুকত লেখবি
আগতে মাঘোৰ দমহীত
আমাৰ গাঁওত ভেলাপুজি জ্বলেইছিল
আজিকালি চোব ভোচ্চু উঠি গেল

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts