মোৰ লʼৰালি

কৈছে, লʼৰালিৰ বিষয়ে মনত পেলাবলৈ। তাকে কৰিবলৈ লʼলেচোন কমেও পঁচাশীটা বছৰ পিছলৈ উভতি লৰ মাৰিব লাগিব। আৰু কি লৰ! পুৱা গাঁৱৰ পৰা পোনতে শিলঘাটৰ মাইনৰ স্কুললৈ আৰু তাতে কিতাপ-বহীৰ বোজাটো থৈ পোনচাটেই ‘দুইমুনি শিল’ দুটাৰ ওপৰত উঠিবলৈ তৰানৰা ছিগা লৰ। শিল দুটাৰ মুধত প্রথমে গৈ বগোৱাৰ কি যে আনন্দ! স্কুলখনৰ পৰা অকণমান গৈয়েই পোৱা কিংবদন্তীৰ সেই শিল দুটা। একোটা বৰ ডাঙৰ ঘৰৰ সমান ওখ আৰু গাত গা লগাই থকা প্ৰকাণ্ড দুটা শিল আৰু তলত পৰি থকা বহুতো চাপৰ শিলৰ সেই থুলটো বোলে কোনোবা কালত ঋষি-মুনিৰ শিক্ষাশ্রম আছিল। আমি বাপ্পেকে মনৰ উলাহতে গৈ সেই হেডমাষ্টৰ আৰু ছেকেণ্ড মাষ্টৰ বোলা ডাঙৰ শিল দুটাৰ ওপৰত বহিছিলোগৈ আৰু তলত থকা ছাতৰ শিলবোৰক উপলুঙা কৰিছিলো। বোধকৰোঁ সেইবিয়াগোম শিল দুটা এতিয়া আৰু তেনেকৈ চকু জুৰোৱা হৈ থকাগৈ নাই। ব্ৰহ্মপুত্ৰ কাল হʼল। নৈখনো চাগৈ আমাৰ সেই স্কুললৈকে চাপি আহিল আৰু শিল দুটাও পোত যোৱা যেন হʼল।

সেই ইংৰাজী মাইনৰ স্কুলখনেই সেইসময়ত গোটেই অঞ্চলটোৰ একমাত্র উচ্চশিক্ষাৰ স্থল আছিল। কলিয়াবৰৰ আন এটা বৃহৎ অঞ্চলৰ তদ্রুপ উচ্চ শিক্ষাৰ একমাত্র এম ই আৰু এম ভি স্কুল আছিল কুঁৱৰীটোলত। আমাৰ যৌৱন গঢ়িছিল আৰু ততোধিক উচ্চ শিক্ষাৰ আৱশ্যকতাও বাঢ়িছিল। এই দুয়োখন ঠাইৰ কোনখনতহে এখন হাইস্কুল হʼব লাগে, তাৰ খোৱা-কামোৰা কম নাছিল আৰু তাৰ বায়ুৱে আমাৰ লʼৰালিকো বাৰুকৈ চুইছিল। মানুহৰ শৰীৰৰ দুটা হাওঁফাওঁৰ তেজ চলাচলতহে জীৱন আৰু পুষ্টি নিৰ্ভৰ কৰে৷ সেই আপ্তবাক্যটো জানিও কিয় বাৰু কলিয়াবৰৰ দুখন হাওঁফাওঁ সদৃশ ঠাই শিলঘাট আৰু কুঁৱৰীটোলৰ কাজিয়াক লৈ আমাৰ লʼৰালিকে দূষিত কৰিলো, ভাবিলে দুখ লাগে।

silghat
শিলঘাটৰ পৰা দেখা কলিয়াভোমোৰা দলং। ছবি: কংকণ হাজৰিকা

আমাৰ লʼৰালিত শিলঘাট আছিল এখন টাউন, নগৰকেন্দ্ৰিক ঠাই। ৰেল সংযোগ, জাহাজঘাট, আনকি উজনিৰ পৰাও শিলঘাটেদিহে পাৰাপাৰ হোৱা আৰু এনে সামগ্রিকতাৰে অপেক্ষাকৃত আধুনিক ব্যৱস্থাৰ ভেটি এটা থকাৰ বাবেই এখন হাইস্কুল হোৱাটোত অগ্রাধিকাৰ আৰু স্বাভাৱিকতা আছিল। সেই হাইস্কুলৰ পাতনিত আমাৰ লʼৰালি যেনেকৈ পৰি আছে, তেনেকৈ তাৰ বেৰ-ছাল, বোকা-মাটি, সুদিন-দুদিন আদিতো লিপ্ত হৈ আছে। স্কুলৰ বাবে আমি পিঠিত বস্তা লৈ ধানৰ বৰঙণিও বিচাৰিছিলো। ব্ৰহ্মপুত্ৰ আৰু তাৰ নিষ্ঠুৰতাই যেনেকৈ এদিন দুইমুনি শিল দুটাক পুতি পেলালেহি, তেনেকৈয়ে ব্ৰহ্মপুত্ৰক নিৰ্ভৰ কৰি গঢ়ি উঠিব খোজা নগৰকেন্দ্ৰিক আধুনিকতাও এদিন পোত যোৱাৰ দৰে হʼল। যাৰ ফলশ্রুতিত কলিয়াবৰৰ আনটো হাওঁফাওঁ কুঁৱৰীটোললৈ স্বাভাৱিক সক্রিয়তা গুচি আহিল। ব্ৰহ্মপুত্ৰক সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় পথে একাষৰীয়া কৰি থʼলে। এতিয়া কুঁৱৰীটোলেই কলিয়াবৰৰ ধমনী। মোৰ লʼৰালিৰ একোছোৱা এই দুয়োটি হাওঁফাওঁৰ সৈতে জড়িত। এক ঐতিহ্যৰ ভেটিত শিলঘাট আগবাঢ়ি আহিছিল আধুনিকতালৈ আৰু তেনে এক আধুনিকতাৰ খোজেৰে কুঁৱৰীটোল আগবাঢ়ি আছে ঐতিহ্যলৈ। শিলঘাট এতিয়াও সুন্দৰ। ব্ৰহ্মপুত্ৰই চুই থকা যি কোনো এখন ঠাইৰ সৌন্দৰ্যৰ দৰেই। শিলঘাটৰ পাহাৰ টিলাটোৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ সূর্যাস্তৰ দৃশ্যৰ তুলনা নাই। এতিয়া সম্ভৱ কলিয়াভোমোৰা দলংখনে কিছু স্নান কৰিছে।

আমাৰ লʼৰালিৰ স্মৃতিভাৰবোৰত কলিয়াবৰৰ বাঘভেটা, উজানৰ মাছভেটা আৰু এসময়ত বৰদেউতাৰ লগত গৈ জালেৰে পহু ভেটা দিয়াৰ দৰে কতনা ৰোমাঞ্চকৰ কথা ভৰি আছে! মাঘবিহুৰ উৰুকাৰ দিনা বিললৈ গৈ বহুবোৰ গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰা চাবলৈও গৈছিলো। খলিহামাৰীৰ দৰে সেই বিলবোৰ আজি আৰু নাই। দেখিছিলো হাজাৰ হাজাৰ মানুহে, যাৰ ভিতৰত জনজাতিৰ তিৰোতাসকলো আছিল, যিয়ে যেনেকৈ পাৰে মাছ ধৰে। সকলোৱেই মাছ নাপাইছিল; তেনেবোৰক সৰহকৈ মাছ পোৱাবোৰে নিজৰ পৰা কিছুমান দি থৈ আহিছিল। উজানৰ মাছ ভেটা দিয়াটো এটা ভয়ানক উত্তেজনা আৰু সাহসৰ কাম। শ শ নে তাৰো বেছি বৰ বৰ বৰালী মাছৰ জাক সশব্দে ভৰা নৈৰ পৰা তৰাং সুঁতিলৈ উজাই আহে কণী পাৰিবলৈ। শ শ মানুহে বাহৰ বান বান্ধি আগচি ৰখাটো আৰু যাঠি-জোং লৈ আৱদ্ধ কৰাটো আছিল এক প্রকাৰৰ যুদ্ধক্ষেত্ৰৰ দৰেই। সেই কামটো সদায় কৰিব লাগিছিল নিশাহে। কাৰণ মাছৰো সদলবলে ৰাওনা হোৱাৰ সময়ো সেয়ে। এনে একোটা জাকক আগচি ধৰি জব্দ কৰাৰ কামটো আছিল প্রায় বাংলাদেশত পাকিস্তানী সেনাবাহিনীটোক বন্দী কৰাৰ দৰেই। এই ভয়ানক আৰু উত্তেজনাপূর্ণ চিকাৰ প্ৰত্যক্ষ কৰিবলৈ দেউতাহঁত গৈছিল, লগতে কেতিয়াবা আমিও। নিশা পেট্রোমাক্স লাইট জ্বলাই থোৱা আছিল। এতিয়া বোধহয় এই আটাইবোৰ দুঃসাহসী ৰাজহুৱা উদ্যম নাই। মনত আছে, একেদিনাৰ উজানৰ তেনে শ শ বৰালী মাছ গৰুৰ গাড়ীতহে তুলি গাঁৱলৈ অনা হৈছিল। আৰু একোটা বৰালী মাছৰ গোট একোটা থুলন্তৰ মানুহৰ সমান শকত আৰু ফিছাও গাড়ীৰ পৰা মাটিত চুচৰি যোৱা ধৰণৰ আছিল। মাছবোৰৰ সৰহভাগ মঙহ পেলনি গৈছিল। কেৱল মাছৰ কণীহে চৰিয়াই চৰিয়াই ঘৰে ঘৰে নিছিল। ভাবিলে কথাটো আজিৰ বিচাৰত এটা আসুৰিক ক্রীড়াৰ কাম আছিল। কিন্তু আমাৰ লʼৰালি তাহানিৰ এনেবোৰ সামাজিক বৈচিত্ৰ্যতেই বিলীন হৈ আছে।

ৰচনা কাল: ২০১৫

nclogo300১৯২১ চনৰ ৩ অক্টোবৰ তাৰিখে কলিয়াবৰৰ সোণাৰি গাঁৱত জন্মলাভ কৰা, সংবাদ সেৱাৰ সৈতে ৬০ বছৰৰো অধিক কাল একনিষ্ঠতা আৰু উৎসৰ্গীকতাৰে জড়িত হৈ থকা অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ যোৱা ২২ অক্টোবৰ ২০১৬ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুৱে অসমৰ সংবাদ জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে বুলি আমি অনুভৱ কৰিছোঁ। তেখেতৰ স্মৃতিত ‘নীলা চৰাই’ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
তিলক হাজৰিকা

তিলক হাজৰিকা

বৰ্ষীয়ান সাংবাদিক, সাহিত্যিক৷ জন্ম: ৩ অক্টোবৰ, ১৯২১ (সোণাৰি গাঁও, কলিয়াবৰ, নগাঁও)৷ ʼসাদিনʼ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক৷

1
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
0 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
1 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Member

ভাল লাগিল।