বৰষুণৰ স্তৱক

১.
imgবুকুজুৰি বাজে প্ৰেমৰ প্ৰাচীন মেঘমল্লাৰ,
দুচকুৰ ধাৰে বৰষুণ হৈ নামে
ব’ব নোৱৰা কলিজাৰ ভাৰ।

২.
আৱেগৰ বৰষুণত জুৰুলি জুপুৰি
বুকুৰ চুবুৰি,
স্মৃতিৰ এছাৰকণিয়ে তিয়াইহি
উৰুখা জুপুৰি।

৩.
এখুজি দুখুজি কাৰ সন্তৰ্পণ দুভৰি,
নেপূৰ বাজে ৰুণজুণ মোৰ বুকু ভৰি।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

1 Comment on "বৰষুণৰ স্তৱক"

avatar
Sort by:   newest | oldest | most voted
Mridusmita Mahanta
Guest

উৎকৃষ্ট সাধনা