নাও

নাওবোৰে মোৰ বয়স জানে

নাৱত উঠি ঘূৰি ফুৰোঁতে
সৰুতে মই বহুবাৰ বৰষুণত তিতিছোঁ

মই বৰষুণত তিতিলে
জোনটো ক্ৰমে তললৈ নামি আহে

মোৰ চকুৰ আগত ভাহি উঠিছে
স্মৃতিৰ সৰু সৰু নাও

য’ত মই মাছৰ সতে’ খেলা কৰিছিলো

নাওবোৰ জোনাকৰ ছাঁ-পোহৰত
ব্যাকুল হৈ মোৰ বাবে ৰৈ আছে

আৰু বৰষুণৰ সতে’ ওলমি
ক্ৰমে জোনটো তললৈ নামি আহিছে

এটোপ-দুটোপকৈ।

| আৰু পঢ়ক: নীলিম কুমাৰৰ কবিতা ‘ভ্ৰমণ’

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of