ভঁৰালী নামঘৰ

ভঁৰালী নামঘৰ
  • 30 Aug, 2018

তিহ্যমণ্ডিত কলিয়াবৰৰ এক চকুত লগা নজহা-নপমা মুকুতা মণি হ’ল— ভঁৰালী নামঘৰ। এই নামঘৰটি হাটৰৰ পৰা প্ৰায় ডেৰ কিল’মিটাৰ দক্ষিণ দিশত অৱস্থিত। ভঁৰালী নামঘৰ সম্প্রতি অসমৰ এক উজ্জ্বল ধর্মীয় ক্ষেত্র। ১৫৯৪ শক মানতে বামগাঁৱত (বর্তমান দৌলপুখুৰী) বালিসত্ৰৰ বাপুৰাম দেউৱে এই নামঘৰ প্রতিষ্ঠা কৰিছিল। মানৰ তৃতীয় আক্ৰমণৰ পাছত ১৭৪৪ শক মানত বালিসত্রৰ গোসাঁয়ে বিখ্যাত চতাই আলিৰ কাষত এই নামঘৰভাগি প্রতিষ্ঠা কৰি আহোম বিষয়া ভঁৰালী হাজৰিকাৰ হাতত ইয়াৰ পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰে। সেই কাৰণে এই নামঘৰৰ নাম ভঁৰালী নামঘৰ আৰু গাঁওখনৰ নাম ভঁৰালী গাঁও হয়। উল্লেখযোগ্য যে ভঁৰালী হাজৰিকাৰ বংশধৰ, চতিয়াল মৌজাৰ ইংৰাজৰ দিনৰে মৌজাদাৰ প্রয়াত সোমকান্ত হাজৰিকাৰ আজু নাতি দীজেন হাজৰিকা আৰু প্ৰয়াত পদুম হাজৰিকাৰ নাতি ৰঞ্জন হাজৰিকা বর্তমান ভঁৰালী নামঘৰৰ লগত ওতপ্ৰোতভাৱে জড়িত থকাটো এক গৌৰৱৰ কথা।

ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ সম্প্রতি ভক্তপ্রাণ ৰাইজৰ বাবে এক নিৰাপত্তাৰ প্রতীক হৈ পৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই নামঘৰৰ জয়গান মুখে মুখে। বিশেষকৈ মাঘ মাহত এই নামঘৰৰ সৌন্দর্য বর্ণনাতীত। মাঘমহীয়া নিতৌ হাজাৰ হাজাৰ যাত্রীৰ সমাগম হয় এই নামঘৰত।

ভঁৰালী নামঘৰৰ পুৰণি বাটচ’ৰা

ভঁৰালী নামঘৰৰ পুৰণি বাটচ’ৰা

ভঁৰালী গাঁৱৰ বর্ষীয়ান ব্যক্তিসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি এই নামঘৰে এক বিশেষ ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল ব্যক্তিৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত এই নামঘৰে আজিৰ ৰূপ লাভ কৰিলে, সেই সকলৰ ভিতৰত অন্যতম হ’ল— প্রয়াত অকাম শইকীয়া, চন্দ্ৰ বৰা, বালিৰাম হাজৰিকা, ফণীধৰ হাজৰিকা, দেবেন হাজৰিকা, পূৰ্ণকান্ত বৰা, পুনাৰাম শইকীয়া, জয়কান্ত বৰা, নোমল বৰা, ৰমা হাজৰিকা, বিদ্যা হাজৰিকা, কমলা হাজৰিকা, কেশৱ হাজৰিকা, কনক বৰা, লীলাধৰ বৰা, ললিত হাজৰিকা, গজেন্দ্ৰ মোহন হাজৰিকা, ৰাজেন বৰা আদি।

মাঘী পূৰ্ণিমা উৎসৱ হৈছে এই নামঘৰৰ প্রধান উৎসৱ। এই উৎসৱত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ইয়াৰ উপৰিও বৌদ্ধ পূর্ণিমা উৎসৱ, শ্ৰীমন্ত শঙ্কৰদেৱৰ তিথি, শ্রীশ্রীমাধৱদেৱৰ তিথি, জন্মাষ্টমী— এই নামঘৰৰ উল্লেখযোগ্য অনুষ্ঠান। ভাদ মাহত নিতৌ চাৰি প্রসঙ্গ কৰাটো এই গাঁৱৰ এক পৰম্পৰা।

তুলসী খুঁটাৰ এক সুন্দৰ বৈশিষ্ট্য থকা এই নামঘৰৰ প্রতি ভক্তপ্রাণ যাত্রীৰ সমাগম নতুন নামঘৰটি সজাৰ পৰা বেছি হোৱা যেন অনুভৱ হয়। ২০১৬ চনৰ ২২ ফেব্ৰুৱাৰীত নতুন নামঘৰভাগ লোৱা হৈছিল যদিও ইয়াৰ আগতে ১৯৬৬ চনতো এইনামঘৰ ভাগ ৰাইজে বহু কষ্ট কৰি নিৰ্মাণ কৰি উলিয়াইছিল। ১৭৪৪ শকতে সজা এইনামঘৰটি পুনৰ ১৪৪ বছৰৰ পাছত ৰাইজে সজাৰ তথ্য পোৱা যায়। কিন্তু তেতিয়া এই নামঘৰৰ মাহাত্ম্য গাঁৱৰ ভিতৰতে সীমাবদ্ধ আছিল। নব্বৈ দশকৰ পৰাহে এই নামঘৰৰ মাহাত্ম্য লাহে লাহে বৃদ্ধি পাবলৈ ধৰে। ২০১৬ চনত বৰ্তমানৰ বিশাল নামঘৰটি (১০,৫০০ বর্গ ফুট) সাজি উলিওৱাৰ পাছতেই এই নামঘৰে এক বিশেষ মাত্রা লাভ কৰে। উল্লেখযোগ্য যে এই নামঘৰ নিৰ্মাণ সমিতিৰ সভাপতি আছিল কলিয়াবৰৰ স্থানীয় বিধায়ক তথা বাপুৰাম দেউৰ আজু নাতি কেশৱ মহন্ত।

ভঁৰালী নামঘৰত জনসমাগম

ভঁৰালী নামঘৰত জনসমাগম

এক জাকত জিলিকা গাম্ভীর্যপূর্ণ এই নামঘৰভাগ পৰিচালনা সমিতিয়ে এখন নতুন সংবিধান আগত ৰাখি নিয়াৰিকৈ চলাই নিয়াৰ বাবে যত্ন কৰিছে। ৰাজনৈতিক ব্যক্তিসকলৰ পৰা লাভ কৰা ধনৰাশিৰ উপৰিও ভক্তপ্রাণ ৰাইজৰ পৰা পোৱা অৰিহণাৰ ধনেৰে পৰিচালনা সমিতিয়ে আন্তৰিকতাৰে নামঘৰটিৰ উন্নয়নৰ দিশত মনোনিৱেশ কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰ পৰিচালনা সমিতিয়ে ৰাইজৰ দান-বৰঙণিৰ ধনেৰে প্রায় ৮ লাখ টকা মূল্যৰ মাটি নামঘৰৰ প্ৰসাৰৰ বাবে ক্রয় কৰিছে। ভৱিষ্যতলৈ এটি আটকধুনীয়া ৰাজহুৱা প্রেক্ষাগৃহ, ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰাৰ পৰিকল্পনা কৰি থকা হৈছে। নামঘৰৰ কাষতে এটি বৃহৎ পুখুৰী আটকধুনীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

এই নামঘৰৰ জৰিয়তে গাঁওখনত এক শক্তিশালী অর্থনৈতিক বুনিয়াদো গঢ়ি উঠিছে। প্রায় ১৫খন দোকানৰ জৰিয়তে গাঁৱৰ কেইবাটাও পৰিয়ালে সুন্দৰকৈ চলি থকাৰ সুবিধা পাইছে। নামঘৰৰ দেউৰী, পাঠকসকলৰ বাবে প্রতি মাহে প্রায় ২২ হাজাৰ টকা দৰমহাৰ নামত ব্যয় কৰা হৈছে।

❧ | আৰু পঢ়ক: বৈষ্ণৱৰ বৈকুণ্ঠ: ভঁৰালী নামঘৰ

পৰিচালনা সমিতিৰ বিশেষ যত্নত গাঁৱৰ ক্ষুদ্ৰ নামঘৰটিক ক্ৰমাৎ জগত জিনাৰ বাবে আগবঢ়াই লৈ যোৱা হৈছে। এই ক্ষেত্ৰত গঞা ৰাইজৰ আশাশুধীয়া হেঁপাহ আৰু ভক্তপ্রাণ যাত্রীসকলৰ অৰিহণা আমাৰ বাবে একো একোপাহ সোণ-ৰূপৰ ফুল সদৃশ।

লেখক ভঁৰালী নামঘৰ পৰিচালনা সমিতিৰ সভাপতি।

ছবি: পল্লৱপ্ৰাণ গোস্বামী

ভঁৰালী নামঘৰ | বিৰাজ ভূষণ বৰা

Follow Nilacharai on Facebook