শূন্যতাবাদ

শূন্যতাবাদ মানে অভাৱ নহয়। প্রকৃতাৰ্থত, শূন্যতাৰ গতি ঊৰ্ধ্বদিশলৈ তথা অভাৱৰ গতি নিম্নদিশলৈ! অস্তি–নাস্তি, শুদ্ধাশুদ্ধতাৰ অন্তয়েই প্রকৃত শূন্যতাবাদ। গৌতম বুদ্ধক এবাৰ এজন পৰিব্রাজকে প্রশ্ন কৰিছিল, ‘জগৎ শাশ্বত নে অশাশ্বত?’ বুদ্ধই তেওঁৰ প্রশ্নক নিৰৰ্থক তথা অনিশ্চিত বুলিহে আখ্যা দিছিল!

‘ভোগ-আকাংক্ষা’ তথা লালসাই যুগে যুগে মানুহক বিপথে পৰিচালিত কৰি আহিছে; ঠগ–প্রৱঞ্চনাৰ পৰা আৰম্ভ কৰি যুদ্ধ-বিগ্রহত যুগে যুগে মানৱীয়তাবোধৰ যেন অন্ত পৰিছে ।উত্থান-পতনৰ মাজত যেন নৈতিক প্রৱোধনৰ সংজ্ঞাও সময়ে সময়ে সলনি হৈ আহিছে। আজি একবিংশ শতিকাতো প্রৱঞ্চনা, মাৰি–মৰক, অন্ধবিশ্বাস, গোলকীয় সমস্যাৰাজিৰ সমধান কৰিবলৈ সকলো বিফল হৈছে; বিজ্ঞানৰ এই সোণোৱালী যুগতো বৰ্তি থকা অন্ধবিশ্বাস আৰু বাঢ়ি অহা অনৈতিক কাৰ্যকলাপক ৰোধ কৰিবলৈ প্রৱোধন হোৱাটো অতীব প্রয়োজনীয়।

ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু ‘আত্ম-বিজ্ঞান’— এই পাঁচবিধ স্কন্ধ প্রকৃততে কল্পনাকাৰীৰ সৃজন; বুদ্ধৰ প্রথম বাস্তৱিকতাৰ বাখ্যা এনেধৰণৰ: তথাকথিত সকলো ব্যৱস্থাৰেই পতন আছে, সকলো দ্রৱ্যৰ মূল হৈছে ৰিক্ততা, যি পীড়াৰ বীজ স্বৰূপ। মানৱ ১২ স্কন্ধৰে সৃজিত; সকলোৱেই জন্মৰ পৰা মৃত্যুলৈকে কেৱল পৰিৱৰ্তনৰ চক্রত ঘূৰি থাকে— জনম আৰু মৰণেই এই চক্রৰ দুইমূৰ; ই আধিপত্যহীন ৰিক্ত ব্যক্তিত্বৰ গৰাকী। মানুহৰ মনেই হৈছে অসংগত প্রহেলিকাৰ বীজ তথা শৰীৰেই হৈছে কৰ্মৰ উৎস। যদি এই কথা আয়ত্ব কৰি সাধন কৰা হয়, তেন্তে প্রৱোধন নিশ্চিত।

বুদ্ধই দ্বিতীয় ৱাস্তৱিকতাৰ (প্রৱোধন) বাখ্যা দিছিল— “যি জাগৰণে কামনা পোষণ কৰে, তাত অন্তহীন পীড়া তথা দুখ জড়িত হৈ পৰে। দৈনন্দিন কষ্টৰ উৎস হৈছে কামনা আৰু লালসা; গতিকে কামনামুক্ত বা ক্ষুদ্রতম কামনাস্থিত অৱস্থাই জটিলতাৰ পৰা মুক্ত কৰে।” মনৰ প্রভাৱতে কোনো সন্ত হয় তথা কোনো অপৰাধী; এতেকে, বুদ্ধই তৃতীয় প্রৱোধন শিষ্যসৱৰ আগত এনেকৈ দাঙি ধৰিলে— “মানৱৰ মন কেতিয়াও সন্তুষ্ট নহয়, ই সদায়েই পাৰ্থিৱতাৰ আশাত ঘূৰি থাকে। শান্তি প্রাপ্তিৰ বাবে মনক দমন কৰাটো অপৰিহাৰ্য।”

আলস্য বিপত্তিৰ উৎস। জগতৰ প্রলোভনৰ পৰা মুক্ত হ’বলৈ মনোৱস্থাক উন্নত কৰিব লাগিব। অজ্ঞানতাই অন্তহীন জন্ম-মৃত্যু চক্রৰ বীজ ।বুজন ক্ষমতা আৰু সুবচনেৰে নিজ অৱস্থা উন্নত কৰাৰ লগতে সমগ্র মানৱ জাতিক শিক্ষিত কৰি তোলা পৰম কৰ্তব্য।এতেকে, জ্ঞান প্রাপ্তিৰ ই চতুৰ্থ আৰু পঞ্চম প্রৱোধন।

৬ষ্ঠ আৰু ৭ম প্রৱোধন বুদ্ধই এনেকৈ আগবঢ়ালে— “সুখ-দুখৰ মাজত প্রভেদ কৰাটো বৌদ্ধিসত্তাৰ বাবে অনুচিত; কাৰোবাৰ বৰ্তমানৰ অপবাদত ৰুষ্ট নহৈ তাক ভাললৈ পৰিৱৰ্তন কৰাত মনোনিৱেশ কৰিব লাগে।” “ভৌত্ববাদীত্বই সদায় কষ্টই প্রদান কৰে, এতেকে এই সমূহৰ পৰা মুক্ত হ’বলৈ অভ্যাস কৰাটো উচিত।”

“দয়া পোষণ কৰি সকলোকেই যথা সম্ভৱ সহায় কৰাটো উচিত।”— এয়া হৈছে অন্তিম প্রৱোধন।

| আৰু পঢ়ক: ভাগৱত মাধুৰ্য

শূন্যতাবাদক নাস্তিকতাবাদ বা উচ্ছেদবাদ বা Nihilism আদি আখ্যা দিয়াটো দৰাচলতে ভ্রান্ত ধাৰণা। প্রকৃতাৰ্থত, শূন্যতাবাদে আস্তিকতা অথবা নাস্তিকতা— কোনো এটাৰে প্রামাণিক আদৰ্শ নিবিচাৰে; এই আদৰ্শত সৎকায় দৃষ্টিকহে মুক্তি লাভৰ পথ হিচাপে গণ্য কৰা হয়। ‘নিৰ্বাণ’ শব্দটি হৈছে শান্তিৰ লক্ষণ; নিঃ + বাণ; বাণ বা তৃষ্ণাৰ অভাৱেই নিৰ্বাণ। দুখৰ উপশমেই তাৰ কৰণীয় তথা অচ্যুতি তাৰ ৰস। মাধ্যমিক পণ্ডিতগণে নিৰ্বাণকেই শূন্যতাবাদ হিচাপে আখ্যা দিছে। প্রকৃতাৰ্থত শূন্যতাবাদ কোনো ত্যাগ নহয়, ই কোনো প্রাপ্তিও নহয়! শূন্যৰ কোনো উৎপত্তি আৰু বিনাশ নাই।

সহায়ক গ্রন্থ:
১. The Lotus Sutra; Burton Watson, Columbia University Press
২. Sutra on Eight Realisation, Commentary; Thich Nhat Hanh
৩. সূত্রপিটকে দীৰ্ঘনিকায়, প্রথম খণ্ড; ভিক্ষু শীলভদ্র

লেখকৰ ঠিকনা: উদয় নগৰ, জেইল ৰোড, যোৰহাট-১

আপোনাৰ আৰু ভাল লাগিব পাৰে:

অথৰ্ৱণ গোস্বামী

নেহু, শিল্বং-২২, মেঘালয় ফোন নং: ৮৪৮৬১ ৫৯৩৮৬

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of