বাজপায়ীৰ বাছ আৰু দুটি সুৰীয়া কণ্ঠ

প্ৰকাশ: ৪ নৱেম্বৰ, ২০১৭ | অন্তিম সম্পাদনা: ২১ মে, ২০১৮

একেটা মাহ। নৱেম্বৰ। ব্যৱধান দুটা বছৰ, দুটা দিন। ২০১১-ৰ ৫ নৱেম্বৰৰ দিনা হেৰাইছিল আমাৰ মৰমৰ ভূপেনদা আৰু ২০১৩-ৰ ৩ নৱেম্বৰৰ দিনটোত চিৰদিনৰ বাবে হেৰাই গৈছিল পাকিস্তানী আৰু পঞ্জাৱী লোকসংগীতৰ ‘আন এগৰাকী প্রতিমা বৰুৱা পাণ্ডে’ ৰেছমা। মই জামুগুৰিহাটৰ পৰা কলেজীয়া জীৱন এটাৰে তেজপুৰত ভৰি দিয়াৰ সময়ত অসমৰ প্রথম চিনেমা-গৃহ ‘জোনাকী’ত সুভাষ ঘাইৰ প্রথম চিনেমা ‘হিৰো’ চাইছিলো, যিখন জেকী শ্ৰুফ আৰু মীণাক্ষী শেষাদ্ৰিৰো প্রথম চিনেমা আছিল। প্রথম হিন্দী তথা ভাৰতীয় চিনেমা আছিল ৰেছমাৰ, পাৰ্শ্ব গায়িকা (Playback Singer) হিচাপে। প্রথম শুনিছোঁ সেই একক অনন্য কন্ঠধ্বনি। এটাই গান— লম্বী জুদাই…!

গুৱাহাটীলৈ আহি মই ১৯৯২-৯৩ মানতহে ৰেছমাৰ লোকসংগীতৰ নন-ফিল্ম অডিঅ’ কেছেটবোৰ কিনিবলৈ পাইছিলো। তেওঁৰ কণ্ঠৰ নহয়, একক অনন্য কণ্ঠৰ ‘স্বকীয়তা’টো মই ৰিজাব পাৰোঁ একমাত্র আমাৰ প্রতিমাদি (প্ৰতিমা বৰুৱা পাণ্ডে)ৰ কন্ঠেৰে। একেদৰেই ভূপেন হাজৰিকাৰ কণ্ঠও পৃথিৱীতে একক, অনন্য, যিটো চিনেমাৰ যিকোনো নায়কেৰে মিল (sink) নহয়। পল ৰবচনৰ সাংগীতিক সান্নিধ্যলৈ অহা ভূপেন হাজৰিকাৰ গায়কীৰ পূৰ্বৰ গায়কীৰ সৈতে বিস্তৰ প্রভেদ। কিন্তু এটা পুৰুষসুলভ কণ্ঠ (manly voice) বুলিলে যি বুজোঁ, সেয়া ভূপেনদাক বাদ দি ভাৰততে বিৰল।

ভাৰত-পাক সম্পৰ্ক উন্নত কৰিবলৈ এবাৰ দেশৰ তদানীন্তন প্রধানমন্ত্ৰী অটলবিহাৰী বাজপায়ীৰ উদ্যোগত বাছ এখন দিল্লীৰ পৰা লাহোৰলৈ অহাযোৱা কৰিছিল। এইফালৰ পৰা যাওঁতে বাজপায়ীয়ে লগত লৈ গৈছিল দুটি বিশিষ্ট কণ্ঠ— ভূপেন হাজৰিকা আৰু জগজিৎ সিঙক। আনহাতে লাহোৰৰ পৰা দিল্লী অভিমুখী বাছখনত আহিছিল সেই সোণালী কণ্ঠ— ৰেছমা।

আৰু পঢ়ক:  বি বৰুৱা কলেজ ছাত্ৰাবাসৰ ভূত

লোকসংগীতৰ প্রতি টান আৰু দখল ভূপেনদাৰ সমান পৰৱৰ্তী সময়ত মই দেখা নাই। সেইবাবেই আনকি মুম্বাইৰ হিন্দী চিনেমাৰ জগততো মাত্ৰ কেইখনমান চিনেমাৰ সংগীত পৰিচালনা কৰা সত্বেও ভূপেন হাজৰিকাৰ প্রতি এক সুকীয়া সন্মান প্রকাশ কৰা হয়, যি সন্মান ভূপেনদাৰ পূৰ্বে পাইছিল একমাত্ৰ এছ ডি বৰ্মণেহে। প্রতিমাদিৰ দৰে ৰেছমাৰ কণ্ঠৰ শলাগ লৈ তেওঁৰ সৈতে কাম কৰাৰ ইচ্ছাৰ কথাও এদিন মোক কৈছিল ভূপেনদাই। সেয়া হৈ নুঠিল, হোৱাহেঁতেন হয়তো ভাৰত-পাক সংগীত আৰু সম্পৰ্কত এক অন্য মাত্রা প্রদান হ’লহেঁতেন! কিন্তু কবি নৱকান্তই এদিন মোক অন্য এক প্ৰসংগত কৈছিল— ‘বিদ্যুৎ, হেঁতেনৰ পৃথিৱীততো সকলো সম্ভৱ…!’

আজি ভূপেনদা, ৰেছমা, প্রতিমাদি, জগজিৎ কিম্বা নৱকান্ত— এগৰাকীও নাই…; প্রতিজনৰ বাবে আছে মাথোঁ এটুপি এটুপি তপত চকুলো…!

ভূপেন হাজৰিকাৰ ছবি: বিদ্যুৎ কুমাৰ ভূঞা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts