অপেক্ষা

[ নিশাংক মিলন ]

ৰৈ থকাটো এক সুঠাম বিস্ময়
ওঁঠত লৈ কবৰৰ ভাগৰ
সকলো ৰৈ থাকিব খোজে
নিদ্ৰাহীন মেটেকাৰ দৰে

মহানগৰৰ কান্ধত
ৰ’দৰ বৈ পৰা চুলি,
অভাৰব্ৰীজৰ জেপত
বিপ্লৱৰ চিগাৰেট; আৰু
সন্ধিয়াৰ পাৰ্কত এটা
তুমি নামৰ ভ্ৰান্তি

সকলো ৰৈ থকিব খোজে
যন্ত্ৰণাৰ শামুক হৈ!

নীলা চৰাই . আগষ্ট ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz