ড° ভবেন্দ্ৰ নাথ শইকীয়া: অসাধাৰণ কৰ্মযোগী ব্যক্তিসত্তা

ড° ভবেন্দ্ৰ নাথ শইকীয়া: অসাধাৰণ কৰ্মযোগী ব্যক্তিসত্তা
  • 13 Aug, 2022

প্ৰ তিভাৱান ব্যক্তিসকলৰ স্বাৰ্থহীন অৰিহণাৰে একোখন সমাজ বিকশি উঠিব পাৰে৷ আমাৰ ৰাজ্যখনত জাতীয় ভাষা-সাহিত্য, কলা-শিল্প-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ হকে অৱদান আগবঢ়োৱা লোকৰ সংখ্যা নিচেই তাকৰ নহয়৷ আমাৰ সমাজ তথা জাতীয় জীৱনৰ উত্তৰণত আমাৰ মাজৰ পৰা আঁতৰি যোৱা যিসকল ব্যক্তিৰ বৰ্ণাঢ্য অৱদান আছিল, উঠি অহা চামক উদগনি দিবৰ বাবেই সেইসকলৰ স্মৃতি ৰোমন্থনৰ প্ৰয়োজনো নিশ্চয় আছে৷ সংস্কৃতিপ্ৰেমী এইসকল মনীষীৰ চিন্তা-কৰ্ম আৰু সৃষ্টিৰাজি উত্তৰপুৰুষৰ বাবে প্ৰেৰণাৰ উৎস৷

এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰি নিজৰ চিন্তা-চৰ্চা, সাধনা আৰু সৃষ্টিশীল কৰ্মৰাজিৰ দ্বাৰা আমাৰ সমাজ তথা জাতীয় জীৱনৰ কাৰণে কিবা এটা কৰাৰ তাড়নাত আগবাঢ়ি অহা এগৰাকী মহান সংস্কৃতিপ্ৰাণ অতুলনীয় প্ৰতিভাধৰ ব্যক্তি আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া ৷ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে ব্যক্তিত্ব বিৰল৷ গল্পকাৰ, ঔপন্যাসিক, চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ, সম্পাদক, অধ্যাপক, পদাৰ্থবিদ, শিশুৰ হিতচিন্তাকাৰী— বহু বিচিত্ৰ কৰ্মক্ষেত্ৰত অভাৱনীয় দখলেৰে সাৱলীলভাৱে বিচৰণ কৰা এক অদ্বিতীয় ব্যক্তিসত্তা ড° ভৱেন্দ্ৰ নাথ শইকীয়া৷ জীৱনৰ শৃংখলাবদ্ধতা, সময়ৰ সুব্যৱহাৰ আৰু নিয়মানুৱৰ্তিতা— এই ক্ষেত্ৰতো ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে ব্যক্তিয়ে এই অসমৰ মাটিত পুনৰবাৰ জন্ম লাভ কৰিব নে নকৰে সেই বিষয়ে সন্দেহ আছে৷

ড° ভবেন্দ্ৰ নাথ শইকীয়া আছিল গভীৰ আত্মবিশ্বাসী আৰু কাম কৰাৰ দূৰন্ত ইচ্ছাৰ অধিকাৰী ব্যক্তি৷ সেই ইচ্ছা শক্তিৰ বলতেই তেখেত ভাষা-সাহিত্য-কলা-সংস্কৃতিৰ বহুমুখী সেৱাত আত্মনিয়োগ কৰিবলৈ সক্ষম হৈছিল৷ অধ্যয়ন-অধ্যাপনা, গৱেষণা আৰু অভিজ্ঞতাৰ প্ৰজ্ঞাৰে ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসমৰ জাতীয় জীৱন আৰু ভাষা-সংস্কৃতিক ঐশ্বৰ্যশালী আৰু গৌৰৱান্বিত কৰি থৈ গৈছে৷ ড° শইকীয়া আছিল এগৰাকী সৎ মানৱতাবাদী সাহিত্যিক আৰু মানুহৰ প্ৰতি তেখেতৰ আছিল গভীৰ সহানুভূতি৷ আনৰ সকলো দুখ তেখেত সহজে উপলব্ধি কৰে আৰু তাৰ মোচনৰ কাৰণে পাৰ্যমানে সহায় কৰে৷ কিন্তু নিজৰ চৰম বিপৰ্যয়ৰ সময়তো আত্মপ্ৰত্যয়ৰ বাহিৰে আন কাৰোৰে মুখলৈ নাচায়৷ দুখত বিহ্বল নহয়, আনন্দত উত্ৰাৱল নহয়, খঙত উন্মাদ নহয় অথবা কৃতিত্বত অকণমানো অহংকাৰী নহয়— সেইজনেই ড° ভবেন্দ্ৰ নাথ শইকীয়া৷

“মই পাৰিলে কাৰোবাৰ উপকাৰ কৰিম, নোৱাৰিলে নকৰোঁ৷ কিন্তু জানি-শুনি কাৰো অপকাৰ নকৰোঁ৷ মোৰ কামৰ কাৰণে মানুহ, পশু-পক্ষী কোনেও কষ্ট নাপাওক আৰু অনাহকত যেন মোকো কোনেও কষ্ট নিদিয়ে৷ যিখিনি সময় পাওঁ তাৰ প্ৰতিটো মুহূৰ্ত যেন কাম আৰু নিৰ্দোষ আনন্দৰ মাজেদি পাৰ কৰিব পাৰোঁ৷“— এনে সুগভীৰ মানসিকতাৰ অধিকাৰী আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া৷ বিজ্ঞান মানসিকতাৰ অধিকাৰী হোৱা বাবে ড° শইকীয়াই তেখেতৰ চাৰিওফালৰ সমাজ আৰু ব্যক্তি জীৱনক অতি সূক্ষ্মতাৰে পৰ্যবেক্ষণ কৰিছিল আৰু মানুহৰ যুক্তিবাদী চিন্তা, শ্ৰম আৰু প্ৰয়াসক গুৰুত্ব দিছিল৷ আমাৰ সমাজখন এতিয়াও অন্ধবিশ্বাস, কুসংস্কাৰত আচ্ছন্ন৷ ইয়াৰ বিপৰীতে ড° শইকীয়াই সমাজত যুক্তিবাদী চিন্তা আৰু মানৱীয় মৰ্যাদা সুপ্ৰতিষ্ঠিত কৰিবলৈ আজীৱন আপোচহীন যুঁজ দি গ’ল৷ সমাজৰ বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে যে বৈজ্ঞানিক চিন্তা-চেতনাৰ অতীব প্ৰয়োজন, সেই কথা ড° ভবেন্দ্ৰ নাথ শইকীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ বহুমুখী সৃষ্টিকৰ্ম, অক্লান্ত শ্ৰম, কৰ্মময় জীৱন আৰু নিষ্ঠাৰ আদৰ্শ প্ৰতিগৰাকী নতুন পুৰুষৰ বাবে অনুকৰণীয় আৰ্হি৷

নগাঁৱৰ ফৌজদাৰীপট্টিৰ এটা অতি দৰিদ্ৰ পৰিয়ালত ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ পিতৃ বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া৷ সৰুৰে পৰা দৰিদ্ৰতাৰ সৈতে যুঁজ দিও ১৯৪৮ চনত শইকীয়াই ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে৷ ১৯৫০ চনত কটন মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট আৰু ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৫৫-৫৬ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইচ্‌ ডি ডিগ্ৰী লাভ কৰে৷ তেখেতে লণ্ডনৰ ইম্পেৰিয়েল কলেজ অৱ্ ছায়েন্স এণ্ড টেকন’লজিৰ ডিপ্লোমাও লাভ কৰে৷ শিক্ষা সমাপ্ত কৰি ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে শিৱসাগৰ কলেজত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে, পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ৰীডাৰ আৰু আঞ্চলিক ভাষাত পাঠ্যপুথি প্ৰণয়নৰ সমন্বয়ৰক্ষী সমিতিৰো সচিব হয়৷ পাছত তেখেতে গুৱাহাটী ৰে’লসেৱা আয়োগৰ অধ্যক্ষ আৰু শেষত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ খনিকৰ ড° ভবেন্দ্ৰ নাথ শইকীয়াই পষেকীয়া আলোচনী ‘প্ৰান্তিক’ আৰু শিশু আলোচনী ‘সঁফুৰা’ৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আমৃত্যু জড়িত হৈ দুয়োখন আলোচনীকে এক স্বকীয় গৰিমা প্ৰদান কৰিছিল৷ অসমৰ সাহিত্য তথা সংবাদ ক্ষেত্ৰত এক সম্পূৰ্ণ সুকীয়া ধাৰা সৃষ্টি কৰি প্ৰান্তিক-এ ইতিমধ্যেই ‘প্ৰান্তিক যুগ’ৰ সূচনা কৰিছে আৰু সাম্প্ৰতিক সময়ত প্ৰান্তিকক অসমৰ একমাত্ৰ বিশ্বাসযোগ্য সাহিত্য তথা সংবাদ আলোচনী বুলি ক’লেও বোধহয় অত্যুক্তি কৰা নহ’ব৷ সফলতাৰ ৪০টা বৰ্ষ পাৰ কৰি প্ৰান্তিক-এ অনাগত এক সুস্থ ভৱিষ্যতৰ দিশে গতি কৰিছে৷ সঁফুৰাৰ জীৱনকাল নাতিদীৰ্ঘ হ’লেও শিশু আৰু কিশোৰৰ এই আলোচনীখনে এক নিৰ্দিষ্ট সময়ৰ অসমৰ নতুন প্ৰজন্মক নীতি আৰু মূল্যবোধৰ মহামূল্যৱান শিক্ষাৰে শিক্ষিত কৰি আহিছে৷ কেৱল শিশু আৰু কিশোৰৰ বাবেই নহয়, প্ৰাপ্তবয়স্ক বা অভিভাৱকসকলৰ বাবেও সঁফুৰা সমানেই আকৰ্ষণীয় আৰু চিন্তা উদ্ৰেককাৰী৷

জীৱনৰ প্ৰতিটো ক্ষণকেই অনন্য সৃজনীশীল প্ৰতিভাৰে মহিমামণ্ডিত কৰি তোলা আৰু অহৰহ শ্ৰমৰ দ্বাৰা নিজৰ পৰিকল্পনাক মূৰ্তমান কৰি তোলাটোৱেই আছিল ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য৷ সময়ৰ প্ৰতি অত্যন্ত সচেতন এইগৰাকী কৰ্মযোগী ব্যক্তিয়ে সময়ৰ বালিত খোজ ৰাখি থৈ যাবলৈ যি অক্লান্ত শ্ৰম, সাধনা আৰু সৃষ্টিকৰ্মৰ প্ৰয়োজন— তাক নতশিৰে মানি লৈছিল৷ প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশিত ‘জীৱন বৃত্ত’ আৰু ‘শেষ পৃষ্ঠা’ৰ ‘মোৰ জীৱনৰ কথা’ পঢ়া যিকোনো পাঠকেই কৰ্মময় জীৱনৰ প্ৰতিটো মুহূৰ্তক তেখেতে কিমান গুৰুত্ব দিছিল— তাক উপলব্ধি কৰিব পাৰে৷ প্ৰান্তিকৰ পাতত অনেকজন প্ৰতিভাৱান লেখক-সাহিত্যিকৰ সৃষ্টি কৰাৰ উপৰি অসংখ্য ৰুচিশীল পাঠকৰো সৃষ্টি কৰিবলৈ তেখেত সক্ষম হৈছিল৷ তেখেতে সকলো ক্ষেত্ৰতেই সংঘাত পৰিত্যাগ কৰি চলিবলৈ যত্ন কৰিছিল যদিও অপ্ৰিয় সত্যকো অতি স্পষ্ট আৰু মাৰ্জিত ভাষাৰে প্ৰকাশ কৰিব পাৰিছিল৷ নিজ আদৰ্শ আৰু নীতিত অটল হৈ থাকি জীৱনৰ প্ৰতিটো খোজ বিবেকৰ দ্বাৰা পৰিচালিত কৰি ড° ভবেন্দ্ৰ নাথ শইকীয়াই সততাৰ এক অমল উদাহৰণ ৰাখি থৈ গৈছে৷ তেখেতৰ অতি সহজ সৰল-বিনয়ী স্বভাৱেও সকলোকে আকৰ্ষিত কৰিছিল৷ ব্যস্ততাৰ মাজতো চিনাকি জনৰ সৈতে যি আন্তৰিকতাৰে কথা পাতে, প্ৰতিজনৰে খবৰ লয়; ভাবিলে আচৰিত হ’ব লাগে৷ ড° শইকীয়াৰ কথা-বতৰাবোৰ অতি হৃদয়-পৰশা আৰু পাহৰিব নোৱৰা ধৰণৰ৷ তেখেতৰ দৈনন্দিন জীৱন যাপনৰ মাজত থকা আদৰ্শ, সুস্থ মূল্যবোধ, নৈতিক বিশ্বাস, আচৰণ ব্যৱহাৰ আদি অতি হৃদয়স্পৰ্শী৷ মুঠতে ড° ভবেন্দ্ৰ নাথ শইকীয়া আছিল৷ এক তুলনাবিহীন ব্যক্তিত্বৰ অধিকাৰী৷

‘ৰামধেনু যুগ’ৰ প্ৰতিষ্ঠিত গল্পকাৰসকলৰ ভিতৰত ড° ভবেন্দ্ৰ নাথ শইকীয়াই এখন বিশেষ আসন অধিকাৰ কৰি আছে৷ ১৯৪৭ চনতে তেখেত ‘উদয়’ নামৰ আলোচনী এখনত ‘পথ ৰূপমা’ নামৰ এটি গল্প লিখিছিল৷ তেতিয়াৰ পৰা মৃত্যুৰ আগলৈকে নিৰৱচ্ছিন্নভাৱে তেখেত গল্প ৰচনাত ব্ৰতী হয়৷ তেখেতৰ প্ৰকাশিত গল্প সংকলনসমূহ হ’ল— ‘প্ৰহৰী, ‘গহ্বৰ’, ‘সেন্দূৰ’, ‘শৃংখল’, ‘তৰংগ’ আদি৷ ড° শইকীয়াই তেখেতৰ নিজা ধাৰণা কেতিয়াও পাঠকৰ আগত জোৰকৈ দাঙি ধৰিব বিচৰা নাই, ফলত বৰ্ণনা পাঠকৰ আগত অভিনৱ আৰু চিত্ত-বিনোদক ৰূপত ধৰা দিছে৷ শইকীয়াৰ গল্প-কাহিনীৰ গতিৰেখা সৰল নহয় যদিও, পাঠকৰ ঔৎসুক্য অব্যাহত ৰাখিব পাৰে৷ ব্যক্তি চৰিত্ৰৰ বৈচিত্ৰ্যময়তা আৰু প্ৰাত্যহিক জীৱনৰ এটি উৎকেন্দ্ৰিক মুহূৰ্ত ইয়াত লক্ষ্য কৰা হয়৷ ড° শইকীয়াৰ গল্পত নাৰী জীৱনৰ চিত্ৰও সাৱলীল ৰূপত প্ৰতিফলিত হৈছে৷ নাৰী-জীৱনৰ পৰাধীনতা আৰু সংস্কাৰমুখী মনৰ কথা প্ৰকাশ কৰি নাৰী সমাজৰ উন্নতি কামনা কৰিছে৷ এক কথাত ড° শইকীয়াৰ হাতত চুটিগল্পই পূৰ্ণতা লাভ কৰিছে৷ মহেন্দ্ৰ বৰাই কৈছিল— “ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত আছে ডিটেইলছৰ ধাৰ নিছিগা ৰণ৷ সত্যজিৎ ৰায়ৰ ছবি চাই যিটো সোৱাদ পোৱা যায়, ডিটেইলছৰ সূক্ষ্মতম কাৰুকাৰ্যৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প পঢ়ি পোৱা যায় একেটা সোৱাদ, একেটা কাৰণতে৷” ঔপন্যাসিক হিচাপে অসমৰ সাহিত্য জগতলৈ ড° শইকীয়াৰ অবিস্মৰণীয় অৱদান— ‘আতংকৰ শেষত’ (১৯৫১), ‘অন্তৰীপ’ (১৯৮৬) আৰু ‘ৰম্যভূমি’ (১৯৯১)৷ ইয়াৰে অন্তৰীপ অতি জনপ্ৰিয় আৰু বহুপঠিত উপন্যাস৷ অন্তৰীপ উপন্যাসখন যেতিয়া প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হ’বলৈ ধৰিলে, তেতিয়াৰ পৰাই প্ৰান্তিক যেন অসমৰ প্ৰায় প্ৰতিজন সাহিত্যানুৰাগী পাঠকৰ অতি আপোন হৈ পৰিল আলোচনীখনৰ এটা সংখ্যা পঢ়াৰ পাছত আনটো সংখ্যা প্ৰকাশলৈকে সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থাকে৷ আমাৰ অসমীয়া সাহিত্যত বহু কম সংখ্যকৰে এনে উপন্যাস আছে, যিবোৰ বাৰে বাৰে পঢ়ি থাকিলেও আমনি নালাগে৷ অন্তৰীপ এই কম সংখ্যকৰে অন্যতম এখন উপন্যাস৷ প্ৰান্তিকৰ পাতৰ পৰা গ্ৰন্থৰ ৰূপ পোৱালৈকে বহুজনে বহুবাৰ অন্তৰীপ পঢ়িছে৷ চিন্তাৰ গভীৰতা, পৰ্যৱেক্ষণৰ সূক্ষ্মতা আৰু আকৰ্ষণীয় গদ্যশৈলীৰ বাবেই প্ৰতিজন পাঠকৰ মন-প্ৰাণত অন্তৰীপে মচিব নোৱৰা সাঁচ বহুৱাই থৈ গৈছে৷ আন দুখন উপন্যাসো জনপ্ৰিয় আৰু সৰ্বজনপঠিত৷

ভাৰতীয় সমান্তৰাল ধাৰাৰ এগৰাকী স্বনামধন্য চিত্ৰনিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়াই ১৯৭১ চনৰ পৰা ১৯৯৭ চনলৈকে— এই দুটা দশকত নিজৰ কাহিনী, চিত্ৰনাট্য, সংলাপেৰে সাতখন অসমীয়া আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰে৷ ‘সন্ধ্যাৰাগ’, ‘অনিৰ্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱৰ্তন’ আৰু ‘ইতিহাস’ অসমীয়াত আৰু ‘কালসন্ধ্যা’ হিন্দী ভাষাত নিৰ্মাণ হৈছে৷ ‘অনিৰ্বাণ’ৰ বাহিৰে সাতোখন ছবিয়েই ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছে আৰু সাতোখন অসমীয়া চলচ্চিত্ৰয়েই শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷

একেদৰে অসমৰ নাট্য সাহিত্যৰ এগৰাকী অগ্ৰণী পথিকৃৎ আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া৷ আঠৰ দশকৰ পৰা ২০০১ বৰ্ষলৈকে তেখেতে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ বাবে ২৬খন ভিন্নসুৰী সামাজিক নাটক ৰচনা কবি ভ্ৰাম্যমাণ নাট্য আন্দোলনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত ড° ভবেন্দ্ৰ নাথ শইকীয়াই নাটক পৰিচালনাও কৰিছিল৷ অসমৰ ভ্ৰাম্যমাণ নাট্যমঞ্চৰ সৰ্বাধিক জনপ্ৰিয় নাট্যকাৰগৰাকী ড° ভবেন্দ্ৰ নাথ শইকীয়া বুলি ক’লেও নিশ্চয় ভুল কোৱা নহ’ব৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত নিবেদিত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইখনমান যুগজয়ী নাটক হৈছে— ‘দীনবন্ধু’, ‘আম্ৰপালি’, ‘মণিকূট’, ‘বিষকুণ্ড’, ‘গধূলি’, ‘জন্মভূমি’, ‘পাণ্ডুলিপি’, ‘ৰম্যভূমি’, ‘দিগম্বৰ, ‘সমুদ্ৰ মন্থন’ আদি৷ একেদৰে ‘কোলাহল’, ‘দুৰ্ভিক্ষ’, ‘ইতিহাস’, ‘জোনাকীৰ বিয়া’, ‘জোনাকী বোৱাৰী হ’ল’ আদি বহুল জনপ্ৰিয় অনাতাঁৰ নাট৷

দেশৰ ধৰণী স্বৰূপ শিশুসকলক সৰুৰে পৰাই গঢ় দিবলৈ, শিশুৰ মানসিকতাক যুক্তিবাদী চিন্তাৰে সুস্থভাৱে গঢ় দিবলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াই অহোপুৰুষাৰ্থ কৰিছিল৷ তেখেতে শিশুৰ বাবে ‘মৰমৰ দেউতা’ (১৯৯১), ‘শান্তশিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট’ (১৯৯৭), ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ আদি শিশু উপন্যাস আৰু ১৯৯৮ চনত ‘তোমালোকৰ ভাল হওক’ নামেৰে শিশুৰ বাবে এলানি আকৰ্ষণীয় প্ৰবন্ধ ৰচনা কৰিছিল৷ সঁফুৰাৰ দৰে অতি আকৰ্ষণীয় আৰু প্ৰতিগৰাকী শিশু-চেমনীয়াৰ অতিকৈ প্ৰিয় আলোচনী সম্পাদনা কৰি ড° ভবেন্দ্ৰ নাথ শইকীয়াই শিশুৰ প্ৰতি থাকিবলগা নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যবোধৰ অমল দৃষ্টান্ত দাঙি ধৰিছিল৷ জীৱনৰ শেষ কালছোৱাত শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে তেখেতে ’আৰোহণ’ নামৰ এটি শিশু কল্যাণ ন্যাস গঠন কৰিছিল, যিটো তেখেতৰ জীৱন কালত অসম্পূৰ্ণ হৈ ৰ’ল৷ কিন্তু তেখেতৰ গুণমুগ্ধ অসংখ্যজনে ইতিমধ্যেই এই আৰোহণক সম্পূৰ্ণ কৰি তুলিছে৷

ইমানবোৰ গুৰুত্বপূৰ্ণ কামত নিজকে জড়িত কৰি কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰাত ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসীম ধৈৰ্য আৰু সহনীশলতাৰ পৰিচয় দিছিল৷ তদুপৰি তেখেত সংগীত নাটক অকাডেমী, সাহিত্য অকাডেমী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল গৱৰ্নিং বডী, কলকাতাৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, গুৱাহাটী ইউনিভাৰছিটী কোৰ্ট, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজৰ সন্মানীয় সদস্য, গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅৰ সভাপতি আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম লিমিটেডৰ অধ্যক্ষৰ আসন অলংকৃত কৰিছিল৷ অসাধাৰণ ব্যক্তিত্ব আৰু অতুলনীয় কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে তেখেতে কেইবাটাও সম্মানীয় বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল৷ ১৯৯৮ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা, ১৯৯৯ চনত সুৰেন্দ্ৰ নাথ পাল বঁটা, ২০০১ বৰ্ষত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা পদ্মশ্ৰী সন্মান আৰু চলচ্চিত্ৰ আৰু সাহিত্য জগতলৈ আগবঢ়োৱা বৰ্ণাঢ্য অৱদানৰ বাবে ২০০১ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ড° ভবেন্দ্ৰ নাথ শইকীয়াক ডি লিট্‌ উপাধি প্ৰদান কৰে৷ অসমৰ এখন গুৰুত্বপূৰ্ণ সাহিত্য আলোচনী ‘গৰীয়সী’ আৰু জনপ্ৰিয় সাপ্তাহিক সংবাদপত্ৰ ‘সাদিন’ৰ ফালৰ পৰা চলোৱা এক সমীক্ষাত ড° ভবেন্দ্ৰ নাথ শইকীয়াই কুৰি শতিকাৰ কুৰিজন শ্ৰেষ্ঠ অসমীয়াৰ অন্যতম হিচাপে স্থান লাভ কৰিছে৷

প্ৰতিভা আৰু চৰিত্ৰৰ সু-সমন্বয় ঘটিলেহে এজন ব্যক্তি মহান হ’ব পাৰে, যিগৰাকী মহান ব্যক্তিয়ে সমাজ এখনত নেতৃত্ব দিব পাৰে, জাতি একোটাক পথ নিৰ্দেশ দিব পাৰে৷ তেনে এগৰাকী ব্যক্তিহে হ’ব পাৰে আজিৰ নতুন পুৰুষসকলৰ বাবে আদৰ্শ ব্যক্তি৷ অতি পৰিতাপৰ কথা, আমাৰ সাম্প্ৰতিক সমাজ জীৱনত এনে সুমহান ব্যক্তিত্বৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা৷ এক সৰ্বগ্ৰাসী সাংস্কৃতিক আৰু বৌদ্ধিক ভণ্ডামিয়ে সম্প্ৰতি অসমৰ সমাজ-জীৱন ছানি ধৰিছে৷ তাৰ মাজতে প্ৰতিভা, চৰিত্ৰ আৰু কৰ্মোদ্যমৰ অপূৰ্ব সমাহাৰেৰে এক উজ্জ্বল জ্যোতিষ্কৰ দৰে জিলিকি আছে ড° ভবেন্দ্ৰ নাথ শইকীয়া৷ সৎ, কৰ্মোদ্যমী আৰু সুন্দৰৰ সন্ধানী নতুন প্ৰজন্মৰ কাৰণে ড° শইকীয়া আস্থা আৰু অনুপ্ৰেৰণাৰ নিৰ্ভৰযোগ্য প্ৰতীক৷

এগৰাকী প্ৰকৃত মানৱপ্ৰেমী, জাতিপ্ৰেমী, অতি সাধাৰণ জীৱন-যাপনৰে দহৰ কাৰণে অসাধাৰণ কাম কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াই ২০০৩ চনৰ ১৩ আগষ্টৰ পুৱা ১০ বাজি ৫ মিনিটত ইহসংসাৰৰ পৰা মেলানি মাগিলে৷ মহাপ্ৰাণ অসমীয়া ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ বিয়োগ অসমৰ ভাষা-সাহিত্য, কলা-সংস্কৃতি তথা শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ অসমৰ নতুন পুৰুষে তেখেতৰ বিৰল ব্যক্তিত্ব আৰু অতুলনীয় কৰ্মৰাজিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কলা-সংস্কৃতি, ভাষা-সাহিত্যৰ বেদীলৈ ন ন সৃষ্টিত অৱদান আগবঢ়াব পাৰিলেহে এই ক্ষতি কিছু হ’লেও পূৰ্ণ হ’ব বুলি আশা কৰিব পাৰি৷

🔗 | আৰু পঢ়ক:

ড° ভবেন্দ্ৰ নাথ শইকীয়া: অসাধাৰণ কৰ্মযোগী ব্যক্তিসত্তা | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Facebook