কেনে আছোঁ, নুসুধিবা
দুচকু মুদিয়েই অনুভৱ কৰিব পাৰোঁ
সেই শৈশৱ-কৈশোৰতে হেৰুৱাই পেলোৱা তোমাক,
এতিয়াও।
সুখৰ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ মোৰ পৃথিৱী,
তথাপি জীৱনৰ পোৱা-নোপোৱাৰ
কিমানখিনি হিচাপ-নিকাচত তোমাক বিচাৰোঁ,
নাজানো।
বৈধ-অবৈধৰ সংজ্ঞা মচি ক’বলৈ মন যায়,
ধাৰলৈ দিয়া মোক জীৱনৰ দুটা পল,
তাৰেই জীৱন উদযাপন কৰোঁ
শত-সহস্ৰ শীত-গ্ৰীষ্ম আৰু
হেমন্তৰ পাছতো, আজিও
তোমাতেই মৰোঁ মই তোমাতেই
জী উঠোঁ।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক





