সামাজিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ মাধ্যম স্বৰূপে অনুবাদ: সমস্যা আৰু সম্ভাৱনীয়তা

সামাজিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ মাধ্যম স্বৰূপে অনুবাদ: সমস্যা আৰু সম্ভাৱনীয়তা
  • 27 Nov, 2019

সা মাজিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ কথা অৱতাৰণা কৰাৰ লগে লগে সমাজ আৰু সংস্কৃতিনো কি, এই বিষয়ে সাধাৰণতে আমাৰ মনত কিছুমান প্ৰশ্নৰ উদয় হয়। ইংৰাজী ভাষাত Community অৰ্থাৎ জনসমষ্টি বা জনগোষ্ঠী আৰু Society অৰ্থাৎ সমাজ— এই শব্দ দুটা প্ৰায় সমাৰ্থক বুলি সৰ্বসাধাৰণে বিবেচনা কৰে। কিন্তু বিদ্যায়তনিক দিশত শব্দ দুটাৰ পাৰ্থক্য আৰু অৰ্থ একে নহয়। এই বিষয়ে ওটৱে (Ottaway) নামৰ শিক্ষাদৰ্শনৰ পণ্ডিতগৰাকীয়ে লিখিছে এইদৰে— “A community is everybody, adult and children, social and non social persons living in the certain territory where all share a mode of life, but not all are conscious of its organization or purpose. A society is a kind of community (or a part of a community) whose members have become socially conscious of their mode of life and are united by a common set of aims and values.” (Education and Society, 1962, Page 3)

সমাজৰ বিকাশৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে মানৱ সমাজৰ সংস্কৃতি। সংস্কৃতি হ’ল সমাজৰ প্ৰাণ বা আত্মা। সংস্কৃতিৰ মাজেৰেই গঢ়ি উঠে একোটা জাতি, একোখন দেশৰ সভ্যতা। সংস্কৃতি শব্দৰ ব্যুৎপত্তিগত অৰ্থটোও মন কৰিবলগীয়া— সম্‌ √কৃ+ক্তিন্‌=সংস্কৃতি। ইয়াৰ অৰ্থ হ’ল— সংস্কাৰ, পৰিমাৰ্জন, সংশোধন, সংস্কৃত কৰ্ম ইত্যাদি। মানৱ সমাজৰ পৰিমাৰ্জিত ৰূপটোৱেই হ’ল প্ৰকৃতাৰ্থত সংস্কৃতি। সভ্যতা আৰু সংস্কৃতি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। আধুনিক জগতৰ চিন্তাশীল পণ্ডিতসকলে সভ্যতা আৰু সংস্কৃতিৰ মাজত সীমাৰেখা টানিব নোখোজে; অৱশ্যে ব্যতিক্ৰম নথকা নহয়। বৰ্তমান যুগত নৃতত্ত্ববিদ পণ্ডিতসকলে সংস্কৃতিৰ অধ্যয়ন তেওঁলোকৰ একচেটিয়া অধিকাৰৰ বিষয় বুলি ভাবে। নৃতত্ত্বৰ মুধাফুটা পণ্ডিত এ এল ক্ৰয়েবাৰে তেওঁৰ ‘The Nature of Culture’ গ্ৰন্থত সংস্কৃতি আৰু সভ্যতা সম্পৰ্কে অভিমত প্ৰকাশ কৰিছে এইদৰে— “Civilization means a body or stream of products of mental exercises” (Page 40)। আকৌ সেই বিষয়ে সেই গ্ৰন্থতেই লিখিছে— “(Civilization is) the historically differentiated and variable mass customary ways of functioning of human societies. (Page 157) …In addition to content, channeled or selected forms, norms and values, culture also includes human behaviour, for what also matters is the way forms and patterns of culture work or function as a group of human beings lives under them.” তেওঁ সভ্যতা আৰু সংস্কৃতিৰ মাজত কোনো প্ৰভেদ স্বীকাৰ নকৰে— “The word ‘culture’ is used as the customary term applicable alike to high or low products of societies. ‘Civilization’ is used as the term for the longer and richer cultures, carrying an overtone of high development of society.”

মেথিউ আৰ্ণল্ড (Mathew Arnold)-এ দাঙি ধৰা সংস্কৃতিৰ সংজ্ঞাৰ পৰা নৃতত্ত্ববিদৰ সংজ্ঞা বহু দূৰত। আৰ্ণল্ডৰ মতে— “Culture reveals a passion for perfection.”

দৰাচলতে নৃতাত্ত্বিকসকলে Culture বা সংস্কৃতি সম্পৰ্কে দাঙি ধৰা সংজ্ঞাৰ অংশ হিচাপেহে Cultivation and refinement: উৎকৰ্ষ সাধন আৰু পৰিমাৰ্জনৰ স্থান। নৃতত্ত্ববিদসকলে ঊনবিংশ শতিকাৰ মাজ ভাগৰ পৰা ব্যৱহাৰ কৰিবলৈ লোৱা Culture বা সংস্কৃতি শব্দটো মূল German ভাষাত ব্যৱহৃত হৈছিল। Becoming more cultural, অৰ্থাৎ অধিক সংস্কৃতিসম্পন্ন হোৱা অৰ্থত German ভাষাতেই অষ্টাদশ শতিকাৰ শেষৰফালে ব্যৱহৃত হৈছিল।

Weber নামৰ পণ্ডিতগৰাকীৰ মতে— “Civilization corresponds with science and technology, culture with philosophy, religion and arts. Culture is restricted to philosophy, religion and art, because the arts have always to begin all over again. They prepress independently and in different directions. Civilizational culture is objective whereas cultural culture is subjective.”

উক্ত বিবৃতিবোৰৰ পৰা সহজে উপলব্ধি কৰিব পাৰি যে সংস্কৃতি হ’ল মানুহে সৃষ্টি কৰি লোৱা এটা অৱস্থা— যিটো অৱস্থা মানুহে নিজৰ জীৱন নিৰ্বাহ পদ্ধতিৰ লগত খাপ খোৱাকৈ নিজে নিজে যুগৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন সাধন কৰি থাকে। আন কথাত ই হ’ল এটা সামগ্ৰিক প্ৰক্ৰিয়া। ইয়াক জন্ম দিয়ে মানুহে। ই স্বয়ংসম্ভূত বস্তু নহয়; মানুহৰ শ্ৰম, মূল্যবোধ, উন্নততৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰশীল। সেই কাৰণে E B Taylor-অৰ Culture সম্পৰ্কীয় সংজ্ঞাটো বৰ প্ৰণিধানযোগ্য। তেওঁ কৈছিল— “Culture is that complex whole which includes knowledge, belief, arts, morals, law, customs and any other capabilities and habits acquired by man as a member of society.”

এই সংস্কৃতিৰ বাহক কোন? ইয়াৰ বাহক বৰ্তমান যুগত মাত্ৰ এটা জাতি, এখন দেশ বা এটা ধৰ্ম নহয় বা কোনো ৰাজনৈতিক, সমাজনৈতিক বা অৰ্থনৈতিক মতবাদৰ ওপৰতো প্ৰতিষ্ঠিত নহয়। আজিৰ সংস্কৃতি এক বিশ্ব সংস্কৃতিত পৰিণত হৈছে যদিও বিভিন্ন মতবাদৰ আদৰ্শত নিজা নিজা সংস্কৃতিৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত অভ্যুত্থান ঘটে, তথাপি একবিংশ শতিকাত সেই ভেদাভেদৰ সীমাৰেখা নাথাকিব যেন লাগে। সমগ্ৰ মানৱ জাতিক এক সামগ্ৰিক মানৱ সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ সময় আহি উপস্থিত হৈছে। ১৯৪৬ খৃষ্টাব্দতেই UNESCO-ৰ Preparatory Commission-ৰ কাৰ্যবাহী সচিব ড° জুলিয়ন হাক্সলীয়ে মানৱ জীৱনৰ ভৱিষ্যৎ সম্পৰ্কে History of Mankind গ্ৰন্থত লিখিছিল এইদৰে— “The chief task before the humanities today would seem to be to help in constructing a history of the development of the human mind, notably in its highest cultural achievements. For this task the help of art critics and artists will be need as well as of art historians; of anthropologists and students of comparative religions as well as divines and theologians; of archaeologists as well as of classical scholars; of poets and creative men of utters as well as of professors of literature; as well as the whole hearted support of the historians.”

তেওঁ আৰু কৈছে— “A society is never static; it is dynamic always changing. It is a collection of people who have their values and needs, likes and dislikes, hopes and aspirations. There is a feeling of belongingness, cohesion and involvement among the members of a society and it depends on the extent to which the members are socially conscious and emotionally organized.”

উক্ত কথাষাৰৰ পৰা এইটো স্পষ্টভাৱে ওলাই পৰে যে ব্যক্তি জীৱনৰ উৎকৰ্ষ সাধনৰ কাৰণেই সমাজৰ জন্ম। ব্যক্তিৰ নিজস্ব কল্যাণকৰ চিন্তাৰাশি আৰু সমাজৰ সামূহিক উন্নতি বিধানৰ চিন্তাৰাজিৰ সংমিশ্ৰণত সমাজৰ বিকাশ, পৰিৱৰ্তন, প্ৰমূল্যবোধ, জাতীয় বৈশিষ্ট্যৰ (ethos) প্ৰকাশ ঘটে। এখন সমাজৰ বুনিয়াদ হ’ল আনুভৌতিক ঐক্য (emotional unity), পাৰস্পৰিক ভাবৰ বিনিময় আৰু সামূহিক লক্ষ্য পূৰণৰ অভিলাষ আৰু আকাংক্ষা। সেই কাৰণেই মানুহৰ মনৰ মিলনৰ কাৰণে আৰু সামাজিক সচেতনতাৰ কাৰণে আৱশ্যক হয় ভাবৰ বিনিময়ৰ। এই ভাবৰ বিনিময় সমকালীন সমাজত চলি থকাৰ উপৰিও সমাজৰ চিন্তাধাৰা পৰৱৰ্তী কাললৈ নিৰবচ্ছিন্ন গতিত প্ৰৱাহিত হৈ থাকে এপুৰুষৰপৰা পৰৱৰ্তী পুৰুষলৈ। এপুৰুষত অৰ্জন কৰা জ্ঞান-অভিজ্ঞতা পৰৱৰ্তী পুৰুষে একাদিক্ৰমে লাভ কৰে আৰু প্ৰত্যেক পিৰিতেই নতুন নতুন জ্ঞানৰ সংযোজন ঘটি থাকে। সংস্কৃতিৰ সুবিন্যস্ত প্ৰকাশ ঘটে সাহিত্যৰ মাজেৰে, কলাৰ মাজেৰে, সৌন্দৰ্যবোধৰ মাজেৰে, জীৱনদৰ্শনৰ মাজেৰে। মানুহৰ মনৰ ভাব-অনুভূতি, ধ্যান-ধাৰণা, ৰুচি-অভিৰুচিৰ প্ৰকাশ সাহিত্যৰ সুঁতিৰে প্ৰৱাহিত হয়। সংস্কৃতি সাহিত্যৰ বাংময় ৰূপৰ মাজেৰে প্ৰকাশ হয় সঁচা, কিন্তু তাৰ উপৰিও গীত-নৃত্য, বাদ্য, চিত্ৰ-ভাস্কৰ্য, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিৰ মাজেদিও সংস্কৃতিৰ প্ৰকাশ পৰিস্ফুট হয়। সাহিত্য ব্যক্তি বিশেষৰ সৃষ্টি যদিও তাৰ মাজেৰে প্ৰকাশিত হয় এখন সমাজৰ চিত্ৰ। সাহিত্য স্ৰষ্টাৰ প্ৰতিভাই সমাজৰ সাৰ্বজনীন ৰূপ নিৰূপিত কৰে। সংস্কৃতিতো ব্যক্তি বিশেষৰ অৰিহণা যথেষ্ট, কিন্তু সি সমাজৰ সামগ্ৰিকতাক সামৰি ল’বলগীয়া হয়। সহস্ৰ বছৰৰ শত শত লোকৰ সাধনা আৰু প্ৰচেষ্টাৰ মাজেৰে একোটা জাতিৰ সংস্কৃতিৰ প্ৰকৃত স্বৰূপ প্ৰকাশিত হয়। কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে সাহিত্যহে সংস্কৃতিৰ ধাৰক আৰু বাহক। উদাহৰণ স্বৰূপে— বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, পুৰাণ, নাটক, গল্প-সাহিত্য আদিৰ মাজেৰেহে আমি ভাৰতীয় সংস্কৃতিৰ উমান পাওঁ। আধুনিক যুগত বঙ্কিমচন্দ্ৰৰ ‘বন্দে মাতৰম’, ৰবীন্দ্ৰনাথৰ ‘জন গণ মন’ৰ মহাজাতীয় ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৰিহণা কোনে অস্বীকাৰ কৰিব পাৰে?

এতিয়া আমাৰ প্ৰশ্ন হ’ল, আমি আমাৰ নিজৰ সাহিত্যক সমৃদ্ধ কৰি সংস্কৃতিৰ ঐশ্বৰ্যময় ৰূপ লাভ কৰিব পাৰোঁ নে নোৱাৰোঁ, সেইটো বিচাৰ কৰিব লাগিব। যিবোৰ ভাষাত প্ৰতিভাশালী পণ্ডিত বা বিজ্ঞানীৰ জন্ম হয়, সেইবোৰ ভাষাৰ সাহিত্য বা বিজ্ঞানে উৎকৰ্ষ লাভ কৰিব পাৰে। কিন্তু যিবোৰ ভাষাৰ সাহিত্য দুৰ্বল, সেইবোৰ ভাষাৰ পণ্ডিতসকলে অন্য সমৃদ্ধ ভাষাৰ সাহিত্যৰ ফালে চকু দিব লাগিব। অকল চকু দিলেই নহ’ব, সেই সাহিত্যৰ অনুবাদো তেওঁলোকে কৰিব লাগিব। বৰ্তমান যুগত কোনো এটা জাতি বা জনগোষ্ঠী বা সমাজ নিৰ্জন দ্বীপত বাস কৰা আলেকজেণ্ডাৰ ছেলকাৰ্কৰ দৰে সকলোৰেপৰা বিচ্ছিন্ন হৈ জীয়াই থাকিব নোৱাৰে।

ভাৰতবৰ্ষৰ পুৰণি সাহিত্য, বিশেষকৈ সংস্কৃত, পালি, প্ৰাকৃত প্ৰভৃতি ভাষাৰ সাহিত্যই অখণ্ড গৌৰৱ অৰ্জন কৰি গৈছে সঁচা; কিন্তু মধ্যযুগত সেইবোৰ ভাষাৰ সাহিত্য অচল হৈ পৰাৰ ফলত আধুনিক ভাৰতীয় ভাষাসমূহৰ জন্ম হ’ল আৰু এই ভাষাসমূহৰ সাহিত্য মূলতঃ প্ৰাচীন ভাৰতীয় সাহিত্যক মূলাধাৰ ৰূপে গ্ৰহণ কৰি একধৰণৰ নতুন সাহিত্যৰ সৃষ্টি কৰিলে অনুবাদৰ মাধ্যমেৰে। হেম সৰস্বতী, মাধৱ কন্দলী, অনন্ত কন্দলী, শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী, ভট্টদেৱ প্ৰভৃতি অশেষ প্ৰজ্ঞা আৰু প্ৰতিভাৰ অধিকাৰী পণ্ডিতসকলে প্ৰাচীন সংস্কৃত ভাষাৰ গ্ৰন্থবোৰৰ বিষয়বস্তু আত্মসাৎ কৰি লৈ নিজস্ব ভাব-ভঙ্গীৰে পদ ছন্দেৰে বা গদ্যৰ মাধ্যমেৰে জনসাধাৰণৰ মনত লগাকৈ অনুবাদ কৰিছিল। নৱবৈষ্ণৱ ধৰ্মৰ পুৰোধা পণ্ডিত, কবি, মহাপুৰুষ শংকৰদেৱেও প্ৰাচীন সংস্কৃত গ্ৰন্থ বা শাস্ত্ৰবোৰ অধ্যয়ন কৰি তাৰ সাৰমৰ্ম আহৰণ কৰি কেৱল ভাবানুবাদ কাৰ্যত প্ৰবৃত হৈছিল। প্ৰকৃতাৰ্থত এইগৰাকী মহাকবিৰ যিবোৰ সৃষ্টি, সেইবোৰ অনুবাদ নহয়। কীৰ্ত্তন-ঘোষাখন নানা শাস্ত্ৰৰ পৰা মূল শ্লোকবোৰৰ ভাবাৰ্থসূচক ৰচনাহে। মাত্ৰ তেওঁ ৰচনা কৰা শ্ৰীমদ্ভাগৱত মহাপুৰাণখন আদি দশম মূল গ্ৰন্থৰ প্ৰথমৰ পৰা ৪৭তম অধ্যায়লৈ অনুবাদৰ ওচৰ চপা। উদাহৰণস্বৰূপে, ভাগৱতৰ অষ্টম অধ্যায়ৰ তলৰ শ্লোকটোৰ অনুবাদ কিদৰে কৰিছে চোৱা যাওক— অন্তঃস্থঃ সৰ্বভূতানামাত্মা যোগেশ্বৰো হৰিঃ। স্বমাবয়াবৃণোদ্‌ গৰ্ভংৱৈৰাট্যাঃ কুৰুতন্তৱে।। (ভাগৱত, ৮/১৪) (সকলো প্ৰাণীৰে অন্তৰ্যামীৰূপে হৃদিস্থিত যোগেশ্বৰ ভগৱান কৃষ্ণই কুৰু বংশৰ বিস্তাৰৰ কাৰণে বিৰাটতনয়া উত্তৰাৰ গৰ্ভ নিজ মায়াৰে আবৃত কৰিলে।) এইখিনিৰ পদ ৰচনা কৰিলে শংকৰদেৱে এনেদৰে— দেখি আথে বেথে তাক নাথ হৃষীকেশ। গদা ধৰি উদৰত ভৈলন্ত প্ৰৱেশ।। ভাঙিলন্ত ব্ৰহ্মাস্ত্ৰক গদায়ে কোবাই। জীয়ালান্ত শিশুক অমৃত দৃষ্টি চাই।।

ভাগৱতৰ শ্লোকটোত গদা ধৰি ভগৱানে উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰা কথা নাই। এনেকুৱা বহু উদাহৰণ আছে। নৱ সাহিত্য আহিছে ভাৰতলৈ ইংৰাজী ভাষাৰ মাধ্যমেৰে— ইংৰাজ সাহিত্যিকসকলৰ নাটক, কাব্য, উপন্যাস, চুটিগল্প, প্ৰৱন্ধ, জীৱনী আৰু আত্মজীৱনী ইত্যাদিৰ মাধ্যমেৰে। ফৰাচী, জাৰ্মান, ৰুছ আদি ভাষাৰ সাহিত্য বা বিজ্ঞানৰ গ্ৰন্থসমূহ লাভ কৰিছোঁ আমি ইংৰাজী ভাষাৰ মাধ্যমেৰে। দুই-এক অনুবাদকে মূল ভাষাৰ গ্ৰন্থৰপৰা অনুবাদ কৰিছে।

এই প্ৰসঙ্গত আমি মনত ৰখা উচিত যে, অনুবাদ কৰোঁতে অনুবাদকসকলৰো এটা মৌলিক লক্ষ্য থাকে; যেনে— বাইবেল গ্ৰন্থৰ অনুবাদ মূলতঃ ধৰ্ম প্ৰচাৰৰ কাৰণে হৈছিল। ভাগৱত, পুৰাণ, বিষ্ণুপুৰাণ— ভক্তিধৰ্ম প্ৰচাৰৰ কাৰণে।

মহাভাৰতৰ অনুবাদ হৈছে নৈতিক জ্ঞান, ব্যৱহাৰিক জীৱনৰ জ্ঞান, ৰাজনৈতিক জ্ঞান, প্ৰশাসনিক জ্ঞান, যুদ্ধ নীতি ইত্যাদিৰ কাৰণে, মানৱ চৰিত্ৰ অধ্যয়নৰ কাৰণে।

পঞ্চতন্ত্ৰৰ অনুবাদ পৃথিৱীৰ নানা ভাষালৈ হোৱাৰ কাৰণ হৈছে— গল্প শুনাৰ প্ৰতি মানুহৰ মনত থকা আগ্ৰহ-উৎসুকতাৰ কাৰণে, নৈতিক জ্ঞান লাভৰ কাৰণে, মানৱ চৰিত্ৰ গঠনৰ কাৰণে জীৱজন্তুক আশ্ৰয় কৰি মানুহৰ প্ৰকৃতি উদ্‌ঘাটন কৰাৰ কাৰণে।

আধুনিক বা নব্য সাহিত্যৰ অনুবাদ হৈছে— যুগৰ দাবীত, যুগৰ পৰিবৰ্তনৰ কাৰণে। সমগ্ৰ পৃথিৱী আজি “বসুধৈব কুটুম্বকম্‌” ভাবত আৱদ্ধ হৈ সমগ্ৰ মানৱেই এক বিশ্বৰ প্ৰশাসনত থাকিবলগা হৈছে। সকলো জাতিয়েই আজি পৰস্পৰ নিৰ্ভৰশীল। সেই কাৰণেই সংস্কৃতিৰ সংজ্ঞাও পৰিৱৰ্তন হোৱাটো বাঞ্ছনীয় হৈছে।

অসম দেশ ইংৰাজ শাসনাধীন হোৱাৰ পাছত পাশ্চাত্যৰ চিন্তাধাৰাৰ লগত যি সংস্পৰ্শ ঘটিল, তাৰ ফলত উদ্ভৱ হ’ল এক নতুন সভ্যতা, নতুন সংস্কৃতি, নতুন সামাজিক দৃষ্টিভঙ্গীৰ আৰু সৰ্বোপৰি সৃষ্টি হ’ল নতুন সাহিত্য, যাক আধুনিক সাহিত্য বুলি আখ্যা দিয়া হ’ল। নতুন সাহিত্যই কিন্তু প্ৰাচীন সাহিত্যৰ পৰিৱৰ্তে আদৰি ল’লে এক নতুন যুগৰ আহ্বান। পাশ্চাত্যৰ সাহিত্যৰ নতুন ভাবধাৰা, বিজ্ঞানৰ নানা আৱিষ্কাৰে সমগ্ৰ ভাৰতবৰ্ষত এক নতুন আলোড়নৰ সৃষ্টি কৰিলে। পাশ্চাত্যৰ শিক্ষা-দীক্ষাৰে উদ্বুদ্ধ চিন্তাশীল লোকসকলে নতুন সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিলে। কিন্তু উন্নততৰ সাহিত্যৰ সৃষ্টিৰ কাৰণে পাশ্চাত্যৰ মুখৰ ফালে চাবলগীয়া হ’ল। সেই কাৰণেই ‘জোনাকী’ কাকতৰ জন্মৰ মুহূৰ্ততে আৰম্ভ হ’ল মহান নাট্যকাৰ ছেক্সপীয়েৰৰ The comedy of Errors-অৰ অনুবাদ। ‘ভ্ৰমৰঙ্গ’ নামেৰে ১৮৮৮ খৃষ্টাব্দত প্ৰকাশিত হ’ল এই নাটখনৰ অনুবাদ। অৱশ্যে ইতিপূৰ্বে বাইবেল, জাত্ৰিকৰ যাত্ৰা, শকুন্তলা (১৮৮৭ খৃষ্টাব্দত) আদিৰ অনুবাদৰ কাম হৈছিল।

“ভিন্নৰুচিৰ্হিলোকঃ”— কোনো কোনোৱে অনুবাদ সাহিত্যৰ প্ৰতি অনীহা আৰু উপেক্ষাৰ মনোভাব গ্ৰহণ কৰিছিল। অসম সাহিত্য সভাৰ তৃতীয় অধিৱেশনৰ সভাপতি ভাষাবিদ পণ্ডিত কালিৰাম মেধিয়ে তেওঁৰ অভিভাষণত অনুবাদৰ বিৰোধিতা কৰি লিখিছিল এইদৰে— “…আমাৰ পক্ষে অনুবাদ যিমান বৰ্জন কৰা যায় সিমান ভাল, বিশেষকৈ, নাটক, কাব্য আৰু উপন্যাস অনুবাদ অনিষ্টকাৰী।” মেধিৰ এই মন্তব্যৰ প্ৰতিবাদকল্পে উদীয়মান ডেকা তীক্ষ্নধী ছাত্ৰ কৃষ্ণকান্ত সন্দিকৈয়ে অক্সফৰ্ডৰপৰাই ‘অনুবাদৰ কথা’ ১৯২০ খৃষ্টাব্দত লিখি অনুবাদ সাহিত্যৰ আৱশ্যকীয়তা সম্পৰ্কে উদাত্ত কণ্ঠে ব্যক্ত কৰিছে। বিদেশী সাহিত্যৰ অনুবাদে আমাৰ অসমীয়া জাতীয় সাহিত্যৰ ক্ষতিসাধন কৰিব পাৰে নেকি তাৰ সমালোচনা কৰি সন্দিকৈয়ে লিখিছিল— “…উপযোগী আৰু কাৰ্যকৰভাৱে স্বদেশী হ’বলৈ গ’লে বিদেশী যিবিলাক উৎকৃষ্ট আৰু নিৰ্মল গুণ আছে, তাৰ ভিতৰেদি স্বদেশী হ’ব লাগিব, নহ’লে সি কূপমণ্ডুক ধৰণৰ স্বদেশী হ’ব।” (ৰচনা সম্ভাৰ, পৃষ্ঠা ৫১)

সন্দিকৈয়ে জাপানী সাহিত্য অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি লিখিছিল যে বিদেশী সাহিত্যৰ অনুবাদে জাপানী সংস্কৃতিৰ বিঘ্নিত কৰাতকৈ ইউৰোপীয় প্ৰভাৱৰ জাপানীকৰণ প্ৰক্ৰিয়া এটাহে বৰং তাত আৰম্ভ হ’ল। সন্দিকৈয়ে লিখিছে— “বিদেশী সাহিত্যৰ অনুবাদে আৰু এটা কাম কৰিব, যিটো কাম জাপানত কৰিছিল আৰু আমাৰ দেশতো কৰিব। সেইটো হৈছে লোকতন্ত্ৰ আৰু তুল্য ভাবৰ প্ৰচাৰ, যাৰ অভাৱত সংস্কাৰ আৰু নবীনত্ব সম্ভৱপৰ নহয়।”

এতিয়া আমি আহোঁ অনুবাদৰ সমস্যালৈ। অনুবাদকৰ দায়িত্ব কি? মূল লেখকে যি কথা যি লক্ষ্য পূৰণৰ কাৰণে উপস্থাপন কৰে, ঠিক সেই কথাখিনি সেই লক্ষ্য পূৰণৰ কাৰণে ভাষান্তৰীকৰণত অনুবাদকে পিছলি পৰিব নালাগিব। অনুবাদকে যিটো ভাষাৰপৰা অনুবাদ কৰে, সেই ভাষাটোৰ বাক্‌ভঙ্গী, ৰচনাৰীতি, জতুৱাঠাঁচ, ফকৰা-যোজনা, ছন্দ-অলংকাৰ, কবি প্ৰসিদ্ধি, চিত্ৰকল্প আৰু সাংস্কৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অনুবাদেক নিজৰ ভাষাৰ সম্যক জ্ঞান,— ব্যাকৰণ বিধি, জতুৱা ঠাঁচ, প্ৰকাশভঙ্গী ইত্যাদিৰ প্ৰতি সৰ্তক দৃষ্টি ৰাখিব লাগে।

আমাৰ অসমীয়া ভাষাৰ অনুবাদ সাহিত্যৰ ক্ষেত্ৰত যিমান অগ্ৰগতি হ’ব লাগিছিল, সিমান হোৱা নাই। শকুন্তলাৰ অনুবাদক লম্বোদৰ বৰাৰ দিনৰপৰা বৰ্তমানলৈ অনূদিত গ্ৰন্থৰ সংখ্যা (এশ দহ বছৰ) অন্য ভাষাৰ অনুবাদ সাহিত্যৰ তুলনাত বৰ কম যেন অনুমান হয়। ইয়াৰ কাৰণ প্ৰধানতঃ দুটা,— দক্ষ অনুবাদকৰ অভাৱ আৰু যি দুই-চাৰি অনুবাদক আছে বা আছিল, তেওঁলোকৰ অনূদিত গ্ৰন্থবোৰৰ প্ৰকাশকৰ অভাৱ। চৰকাৰী প্ৰতিষ্ঠান অসম প্ৰকাশন পৰিষদেও আপেক্ষিকভাৱে প্ৰকাশনৰ কাম হাতত ল’লেও অৰ্থাভাবত কামবোৰ পেলাই থ’বলগীয়া হয়।

দক্ষ অনুবাদকৰ কথা উল্লেখ কৰাৰ কাৰণ হ’ল যে আমাৰ অসমীয়া ভাষাৰ সাহিত্য, কি পুৰণি কি নতুন, খৰচি মাৰি পঢ়া মানুহৰ অভাৱ। বৰ্তমানে ইংৰাজী ভাষাৰ শিক্ষা আৰু সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত যিমান আগ্ৰহেৰে কৰা উচিত আছিল, সিমান আগ্ৰহেৰে কৰা নহয়। যদিও ইংৰাজী মাধ্যমৰ স্কুলে ৰঘুমলাৰ দৰে ছাটি ধৰিছে, তথাপি সেই স্কুলবোৰত পঢ়া-শুনা কৰা ছাত্ৰৰ অধিক সংখ্যকে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি এক অনীহাৰ মনোভাব পোষণ কৰে। অধ্যাপক কবীন ফুকনে লিখিছে— “ ইংৰাজী শিকি অসমীয়ালৈ পিঠি নিদিয়া আৰু অনুবাদ-আগ্ৰহী হৈ পৰা যথেষ্ট সংখ্যক অসমীয়া ওলালেহে অসমীয়া ভাঙনি সাহিত্যই এদিন চকুত লগাকৈ গা কৰিব পাৰিব।”

তদুপৰি আমাৰ মাধ্যমিক বিদ্যালয়বোৰত সংস্কৃত বিষয়টো ঐচ্ছিক বিষয়ৰূপেহে মাহী আই মনোভাৱেৰে পঢ়িবলৈ দিয়া হয়। অন্ততঃ বিশ-পচিশ বছৰ আগলৈ সংস্কৃত ভাষাৰ অধ্যয়ন বাধ্যতামূলক থকা অৱস্থাত অসমীয়া ছাত্ৰসকলে ভাষাৰ এটা শৃংখলিত ৰূপ পঢ়িবলৈ আৰু আয়ত্ব কৰিবলৈ সুযোগ-সুবিধা পাইছিল। এই প্ৰসঙ্গত আমি মনত ৰখা উচিত যে সংস্কৃত ভাষাৰপৰা তৎসম আৰু তৎভৱ শব্দমালা অসমীয়া ভাষাত গৃহীত হৈছে। এই শব্দবোৰ অসমীয়া ভাষাৰপৰা বাদ দিলে অসমীয়া ভাষাৰ প্ৰাণবায়ু নাইকিয়া হ’ব। সংস্কৃত ভাষাৰ অন্ততঃ এটি কাৰ্যক্ষম জ্ঞান (Working Knowledge) সকলো অসমীয়া পণ্ডিতৰে থকা উচিত। অৱশ্যে অসমীয়া ভাষা সংস্কৃত ভাষাৰপৰা উদ্ভৱ হ’লেও অসমীয়া ভাষাৰ নিজস্ব বৈশিষ্ট্য আছে, নিজস্ব শব্দ গঠন প্ৰণালী আছে। এই ভাষালৈ বহুতো দেশজ শব্দ, জনজাতীয় শব্দ, বিদেশী শব্দৰো প্ৰৱেশ ঘটিছে আৰু অসমীয়া ভাষাৰ প্ৰকাশভঙ্গীৰ এটা নিজস্ব কালিকা লগা শক্তিও আছে। অসমীয়া অনুবাদকসকলৰ ইংৰাজী ভাষাৰ সম্যক জ্ঞান থকাৰ উপৰিও (ইয়াত ইংৰাজী ভাষা এই বুলিয়েই উল্লেখ কৰা হৈছে যে বাকী উৎকৃষ্ট বিদেশী ভাষা— জাৰ্মান, ফৰাচী, ৰুছ, গ্ৰীক, লেটিন আদিৰ অধ্যয়ন-অধ্যাপনাৰ ব্যৱস্থা অতি সীমিত ৰূপতহে আমাৰ দেশত আছে) অসমীয়া ভাষা আৰু সংস্কৃত ভাষাৰ জ্ঞান থাকিব লাগে।

তদুপৰি নব্য ভাৰতীয় ভাষাৰ উৎকৃষ্ট সাহিত্যবোৰৰ অনুবাদৰ কাৰণে সেইবোৰ ভাষাৰো জ্ঞান আৰু অধ্যয়ন থকাটো আৱশ্যকীয়। আমাৰ অসমতে আৰু অসমৰ সীমান্তৱৰ্তী পশ্চিম বংগ, বাংলাদেশ প্ৰভৃতিত বঙলা ভাষাৰ যিবোৰ উৎকৃষ্ট সাহিত্যৰ সৃষ্টি হৈছে, সেইবোৰৰ অনুবাদৰ কাৰণে বঙলা ভাষা অধ্যয়ন কৰাও উচিত। বঙ্কিমচন্দ্ৰ, শৰৎচন্দ্ৰ, ঈশ্বৰচন্দ্ৰ, ৰবীন্দ্ৰ, জীবনানন্দ, নজৰুল প্ৰভৃতি বিদগ্ধ পণ্ডিত-সাহিত্যিকসকলৰ সৃষ্টিধৰ্মী (Creative) সাহিত্যৰ অনুবাদেৰে অসমীয়া ভাষাৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাটো সমীচীন হ’ব। সাহিত্য অকাডেমিৰ পুৰস্কাৰ, জ্ঞানপীঠ পুৰস্কাৰ, ন’বেল বঁটা ইত্যাদিৰে পুৰস্কৃত সাহিত্যিকসকলৰ গ্ৰন্থৰাশি অনুবাদ কৰাটো নিতান্ত প্ৰয়োজনীয়। হিন্দী ৰাষ্ট্ৰভাষা হোৱা হেতুকে হিন্দীৰ উৎকৃষ্ট সাহিত্যৰাশি অনুবাদ কৰা উচিত।

অসমীয়া অনুবাদৰ ক্ষেত্ৰত উপযুক্ত পাৰিভাষিক শব্দৰ ব্যৱহাৰ এতিয়াও আহুকলীয়া অৱস্থাত আছে। প্ৰশাসনিক কাৰ্যৰ কাৰণে চৰকাৰী পৰিভাষা কিছুমান কৰা হৈছে যদিও সেইবোৰে জনমানসত থিতাপি ল’ব পৰা নাই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহুতো শব্দৰ যথাযথ পাৰিভাষিক শব্দ বিচাৰি হাবাথুৰি খাবলগা হয়। পাৰিভাষিক শব্দবোৰো সংস্কৃত ভাষাক আশ্ৰয় কৰিহে কৰিবলগীয়া হৈছে। অসমীয়া ভাষাৰে পাৰিভাষিক শব্দ প্ৰস্তুত কৰিব নোৱাৰি, কাৰণ শব্দ আৰু অৰ্থৰ নিত্য সম্বন্ধসূচক শব্দ অসমীয়া ভাষাত নাই। এই প্ৰসঙ্গতে আমি মনত ৰখা উচিত যে পৰিভাষা কৰিব লাগে কাৰণেই পৰিভাষা এটা কৰি লোৱাতকৈ যিটো ভাষাৰ শব্দেৰে বস্তু বা কোনো তত্ত্ব কথা বুজোৱা হয়, সেইটোকে অসমীয়াত ব্যৱহাৰ কৰিব লাগে। বৰ্তমানে Cup-Plate, Table-Chair, Phone, Radio, T.V., Station, Necktie, Computer, Sputnik, Rocket, Cricket, Bat, Ball আদিৰ ব্যৱহাৰ আমি দিনে-ৰাতি কৰিয়েই থাকোঁ; এতিয়া সেইবোৰ শব্দৰ প্ৰতিশব্দ বা পাৰিভাষিক শব্দ প্ৰস্তুত কৰাৰ কোনো কাৰণ নাই।

❧ | আৰু পঢ়ক: সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী

বিদেশী ভাষাৰ ফকৰা-যোজনাবোৰৰ উপযুক্ত অৰ্থজ্ঞাপক অনুবাদ কৰাটো অতি কঠিন কাম। Rome was not built in a day— ভুকুতে কলটো নপকে; Time and tide wait for none— সময় কাৰো কাৰণে ৰৈ নাথাকে; A sleeping fox catches no poultry— শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ইত্যাদি উপযুক্ত অৰ্থব্যঞ্জক অনুবাদ। এনেকুৱা ধৰণৰ প্ৰকৃত ভাবটো বুজি নাপালে অনুবাদ কৰিব নোৱাৰি।

❧ | আৰু পঢ়ক: আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম অনুবাদক আত্মাৰাম শৰ্মা

প্ৰত্যেকগৰাকী শ্ৰেষ্ঠ লেখকৰ ৰচনাত এটা মৰ্ম (Spirit) থাকে; সেই মৰ্ম বা Spirit-টো যিমান পাৰি সিমান ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে। মহাকবি কালিদাস বা ছেক্স¸পীয়েৰৰ লেখনিৰ যি কালিকা বা মৰ্ম (Spirit), সেইটো ৰক্ষা কৰাটো নিশ্চয় অতি কঠোৰ কাম। মহাকবি কালিদাসৰ অভিজ্ঞান শকুন্তলম্‌ নাটকৰ অনুবাদ বহুতো ভাষালৈ হৈছে আৰু সেই অনুবাদ পঢ়িয়েই পৃথিৱীৰ বিখ্যাত মনীষীসকল অভিভূত হৈছে। সেইদৰে ছেক্সপীয়েৰৰ The Merchant of Venice, Hamlet ইত্যাদিৰ হৃদয়গ্ৰাহী অনুবাদ বহুতো ভাষাত হৈছে। এইবোৰ গ্ৰন্থৰ অনুবাদ কৰোঁতাসকলৰ প্ৰতিভাও কম নহয়।

সামাজিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ মাধ্যম স্বৰূপে অনুবাদ: সমস্যা আৰু সম্ভাৱনীয়তা | ড° বাণীকান্ত শৰ্মা

Follow Nilacharai on Facebook