অপহৃত টুপিটোৰ ৰহস্য

[ মূল (উড়িয়া): মনোজ দাস | অনুবাদ: প্ৰতিভা গোস্বামী ]

Manoj_Das(সাম্প্ৰতিক সময়ৰ এজন শক্তিশালী লেখক হিচাপে কেৱল উড়িষ্যাতেই নহয়, সৰ্বভাৰতীয় স্তৰতো মনোজ দাসৰ যশস্যা বিয়পি পৰিছে। ১৯৩৪ চনত জন্মগ্ৰহণ কৰা দাসৰ লেখাই আধুনিক উড়িয়া গল্পৰ জগতখনক এক নতুন ৰূপ দিলে। কৈশোৰ কালৰ পৰা সাহিত্য ৰচনা কৰা শ্ৰীদাসে সম্পাদনাতো মনোনিৱেশ কৰিছিল। ছাত্ৰাৱস্থাতে কাৰাবৰণো কৰিছিল। শ্ৰীদাসে কটকৰ খ্ৰীষ্ট কলেজ আৰু পিছত পণ্ডিচেৰীৰ শ্ৰীঅৰবিন্দ আন্তৰ্জাতিক শিক্ষা সদনত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰিছিল। ইংৰাজী ভাষাৰ বিখ্যাত আলোচনী ‘দ্য হেৰিটেজ’ (The Heritage)-ৰ সম্পাদক (১৯৮৪-৮৯), সাহিত্য অকাডেমী সন্মান লাভ কৰা প্ৰথম উড়িয়া গল্পকাৰ (১৯৭২) আৰু উড়িয়া শাৰলা পুৰস্কাৰ বিজেতা দ্বিতীয় সাহিত্যক (১৯৮০) শ্ৰীদাস ‘পদ্মশ্ৰী’ আৰু ‘সৰস্বতী’ সন্মানেৰে বিভূষিত (২০০১)। ‘অপহৃত টুপিটোৰ ৰহস্য’ (অপহৃত টোপিৰ ৰহস্য) নামৰ গল্পটোত প্ৰকট হৈছে শ্ৰীদাসৰ অপূৰ্ব হাস্য-ব্যংগ ৰচনাশৈলী। —অনুবাদক)

An Orissa village

 

বহুত বছৰৰ আগেয়ে ঘটা এই ঘটনাটো লিখাৰ পশ্চাদ্ভূমিত মহাৰণাবাবুক অথবা সেই সময়ৰ মীন তথা কাৰুকলা বিভাগৰ মান্যবৰ মন্ত্ৰী বীৰবাবুক ঠাট্টা কৰাৰ দৰে নিষ্ঠুৰ উদ্দেশ্য যে মোৰ নহয়, এইখিনিকে আপোনালোকে বিশ্বাস কৰিব বুলি মই আশা কৰোঁ।

মহাৰণাবাবুৰ বহুত সম্পত্তি আছিল। প্ৰায় পঁচিশখন গাঁও সমন্বিতে সেই এলেকাটোত একমাত্ৰ দুমহলীয়া প্ৰাসাদ তেওঁৰেই আছিল। স্বাধীনতাৰ আগতেই প্ৰাসাদটোত নতুনকৈ চূণকাম কৰা হৈছিল। নিবিড় সেউজীয়া গছ-গছনিৰ ফাঁকেদি অহা সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰা ঘৰটোৱে ওচৰৰ বাট-পথবিলাকো চিক্মিক্ কৰি ৰাখিছিল আৰু সেয়ে ওচৰ-পাজৰৰ বাসিন্দাসকলৰ কাৰণে ই এক পৰ্যটনৰ আকৰ্ষণীয় উৎস হৈ পৰিছিল। প্ৰায় পঞ্চাশ বছৰৰ পিছত সম্পাদিত প্লাষ্টাৰ আৰু চূণকামৰ পটভূমিত থকা প্ৰতীক-তাৎপৰ্যৰ প্ৰতি সকলো সজাগ হৈ থকাটো একো আচৰিত নহয়।

এজন উদাৰ, বিবেকী ভদ্ৰলোক বুলি মহাৰণাবাবুৰ নাম আছিল। বন্ধুৰ গুণ বখনাটো তেওঁৰ চখ আছিল। মধ্যম আকাৰৰ দুটা পুখুৰীত বাছি বাছি বহুত মাছ পুহিছিল। গৰুৰে তেওঁৰ গোহালিটো পৰিপূৰ্ণ আছিল। মুঠতে তেওঁ আছিল এজন আদৰ্শনীয় গাঁওবাসী।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগে-পিছে ব্ৰাহ্মণ-ক্ষত্ৰিয়-বৈশ্য-শূদ্ৰস্থিত এই পুণ্যভূমিত যি এক নতুন বৰ্গৰ আৱিৰ্ভাৱ হৈছিল, কোৱা বাহুল্য, তেওঁলোকেই হ’ল দেশপ্ৰেমীবৰ্গ, কি ৰহস্যময় নিয়মৰ বলত ক’ব নোৱাৰি, দেশপ্ৰেমবোধটো সাৰ্বজীন হোৱাৰ পৰিৱৰ্তে বিশেষ বিশেষ ব্যক্তিৰ বৃত্তিৰ ৰূপত বিকাশ ঘটি প্ৰায় এটা উপজাতি সৃষ্টিৰ পথত অগ্ৰসৰ হ’ল, গাঁৱে-ভূঞে ব্ৰাহ্মণ-বৈষ্ণৱ আদিৰে সৈতে স্থায়ী দেশপ্ৰেমীৰো সৃষ্টি হ’ল।

এনেকুৱা এজন-দুজন দেশপ্ৰেমীৰ সন্মানাৰ্থে মহাৰণাবাবুৰ মৎসালয় প্ৰায়েই আলোড়িত হোৱা দেখা গ’ল। তাৰ পিছত যথা সময়ত মহাৰণাবাবুৰ হৃদয়ো দেশপ্ৰেমৰ দ্বাৰা আলোড়িত হ’ল। পিছলৈ মই বুজিব পাৰিছিলো যে তেওঁ আনকি বিধানসভালৈ নিৰ্বাচিত হোৱাৰ আশাও পোষণ কৰিছিল। যি ঘটনাৰ সংক্ষিপ্ত বিৱৰণ মই ইয়াত দিবলৈ ওলাইছোঁ, তেনে প্ৰস্তুতিৰ কাৰণে সেয়া আছিল তেওঁৰ প্ৰথম পদক্ষেপ। মোৰ মামাৰ ঘৰ মহাৰণাৰ ঘৰৰ ওচৰতে আৰু মই তাত মাজে মাজে দীঘলীয়াকৈ আছিলো। আজি অৱশ্যে তাকে লিখোঁতে মোৰ বয়সৰ অনুৰূপ দৃষ্টিভঙ্গীৰ প্ৰভাৱ মোৰ তৎকালীন পৰ্যৱেক্ষণৰ ওপৰত পৰাটো স্বাভাৱিক।

সেই সময়ত নতুনকৈ গঠন হোৱা মন্ত্ৰীমণ্ডলত ডেপুটি বা চাব্ ডেপুটি আদিৰ সৃষ্টি হোৱা নাছিল, সকলোৱেই আছিল সম্পূৰ্ণ মান্যবৰ। মীন তথা কাৰুকলা বিভাগৰ মন্ত্ৰী বীৰবাবুৰ ঘৰ আমাৰ জিলাতে হোৱাৰ কাৰণে তেওঁকো এক বিপুল সম্বৰ্ধনা (স্বাধীনতাৰ পিছতেই মন্ত্ৰীসকলৰ দৈনন্দিন কাৰ্যসূচীৰ মুখ্য অংশ আছিল ‘সম্বৰ্ধনা’ গ্ৰহণ) জ্ঞাপন কৰিবৰ ব্যৱস্থা কৰি মহাৰণাক ৰাজনীতিৰ পৃথিৱীলৈ অনাৰ ব্যৱস্থা কৰিলে প্ৰৱৰ্তকমণ্ডলীয়ে।

অচিৰেই তোৰণ আদি তৈয়াৰ কৰা হ’ল। ৰাস্তা-ঘাট বহল আৰু পৰিস্কাৰ কৰা হ’ল। মহাৰণাৰ এখন এতি ডাঙৰ পুৰণা বেতৰ চকীক (গাঢ় নীলা আৰু ৰঙা ৰঙৰ দুটা পক্ষীয়ে দুটা ধুনীয়া মাছ কামুৰি থকা দৃশ্যৰ চিত্ৰ সম্বলিত) কাপোৰেৰে আবৃত কৰা হ’ল। প্ৰায় পোন্ধৰ দিন ধৰি আদৰ্শ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ আবেলিৰ সকলো অধ্যয়ন— ‘বেত্ৰাঘাত অধিৱেশন’ স্থগিত ৰাখি ল’ৰা-ছোৱালীবিলাকক স্বাগত সঙ্গীতৰ শিক্ষা দিয়া হ’ল। সেই নৱযুগৰ নানা পূৰ্ব-অদৃষ্ট ঘটনাবিলাকৰ ভিতৰত সেই সঙ্গীতটোৰ জন্ম অন্যতম, কাৰণ ইয়াৰ কবি বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত হেডপণ্ডিতে কাব্য প্ৰণয়নৰ ক্ষেত্ৰত কোনো অভিলাষ বা প্ৰেৰণাৰ বিনা দৃষ্টান্তৰে সেই সময়ত তিনি কুৰি সাত বছৰত ভৰি দিছিলহি। ল’ৰা-ছোৱালীহঁতে বৈৰাগ্যব্যঞ্জক কীৰ্তনৰ সুৰত প্ৰত্যেক দিনেই বহুত সময় ধৰি অভ্যাস কৰা সেই গীতটোৰ ‘ঘোষা’ মোৰ এতিয়াও মনত আছে, সেয়া হ’ল— ‘আহাঁ হে আহাঁ হে, মন্ত্ৰী হে, কেনেকৈনো তৰি আছা পৃথিৱী হে’! গীতটোৰ বাকী অংশত মন্ত্ৰীৰ আগমন হেতু গাঁৱৰ চাৰিওফালৰ প্ৰকৃতিত কেনেকুৱা অভাৱনীয় পৰিৱৰ্তন দেখা গৈছিল, যেনে চৰাইবিলাকে কেনেকৈ এটা নিৰ্দিষ্ট ‘ৰাগ’ত আৰাও কৰিছিল, ফুলবিলাকে কেনেকৈ হঠাৎ বেছি সুগন্ধ বিতৰণ কৰিছিল, আনকি স্বয়ং সূৰ্যদেৱতাই কেনেদৰে সলজ উল্লাস প্ৰকাশ কৰিছিল, তাৰে এক ধাৰাবাহিক বিৱৰণী পৰিবেশন কৰা হৈছিল।

এই লেখকে জানে, আজিকালি মন্ত্ৰীসকলৰ আৰু আগৰ গৌৰৱ নাই, কিন্তু তেতিয়াৰ কথাই বেলেগ। আমি কম বয়সীয়া বিলাকে বহুত সমস্যাৰ আলোচনা কৰোঁ— মন্ত্ৰীয়ে কি খায়, ভাবে কি? তেওঁৰ পেট কামোৰে নে আদি।

মই বুজি পাইছিলো, মহাৰণাবাবুৰ উৎকণ্ঠাৰ শেষ নাছিল। সদায় দুপৰীয়া তেওঁ ডেৰ ঘণ্টা শোৱে, কিন্তু মন্ত্ৰী অহাৰ দহ-বাৰ দিন আগৰে পৰা তেওঁ সেই অভ্যাস এৰিছিল। বাৰে বাৰে সকলোবোৰৰে তদাৰক কৰি কৰিও তেওঁ সন্তুষ্ট হ’ব পৰা নাছিল।

অৱশেষত সেই মহিমাময় দিনটো আহি পালেহি। গাঁওবাসী আবাল বৃদ্ধ-বনিতাৰ উদগ্ৰীৱ-উৎকণ্ঠিত প্ৰতীক্ষাক সাৰ্থক কৰি মন্ত্ৰীৰ জীপ পালেহি। প্ৰথম তোৰণৰ ওচৰতে মাটিত ভৰি থৈয়েই মহাৰণাৰ অতি বৃহৎ ফুলৰ মালা গ্ৰহণ কৰিলে। তেওঁৰ তথা ভাৰতমাতাৰ জয়ধ্বনিৰে চৌদিশ মুখৰিত হৈ উঠিল। গন্তব্য স্থান আৰু এক ফাৰ্লং দূৰত কাৰণে মন্ত্ৰীক আকৌ এবাৰ জীপত উঠিবলৈ যেতিয়া অনুৰোধ কৰা হ’ল, তেতিয়া তেওঁ যি ক’লে, তাৰ মৰ্মাৰ্থ হ’ল— ভাগ্যই যদিও তেওঁক মহান কৰিছে, তথাপি তেওঁ মাটিত ভৰি দিবলৈ ভাল পায়। জীৱনদৰ্শনমূলক এই আকস্মিক বিবৃতিত সকলোকে মন্ত্ৰমুগ্ধ হোৱা দেখা গ’ল।

মন্ত্ৰীৰ লগে লগে যাওঁতে, বিশেষকৈ মন্ত্ৰীয়ে যেতিয়া তেওঁৰ শকত হাতখন চুটি-চাপৰ মহাৰণাৰ কৃতাৰ্থ বাহুত থ’লে, তেতিয়া মহাৰণাক অতি ৰোমাঞ্চিত হোৱা দেখা গ’ল। সেই সময়ত তেওঁৰ চকুত এক প্ৰশান্তি (পিছৰ কালত এই লেখকে মৃত্যুৰ আগ ক্ষণত জীৱনত সকলো পোৱা বৃদ্ধ লোকৰ চকুত এনে প্ৰশান্তি দেখিছে) আৰু উদাসীনতাৰ ঝলক উঠিল, যেনেকৈ কোৱা হয়— হে আত্মা, এই মৰণশীল জীৱনত আৰু অধিক কি, অধিক কি, অধিক কি তোৰ কাম্য থাকিব পাৰে? হাঃ!

জনতাই বিভিন্ন অঙ্গী-ভঙ্গী কৰি নিৰাপদ দূৰত্বৰ পৰা শুভ্ৰ বস্ত্ৰ পৰিহিত মন্ত্ৰীক চাবলৈ ধৰিলে। দূৰৈৰ পৰা তেওঁক দেখি তেওঁৰ ব্যক্তিত্ব, পুৰুষত্ব, প্ৰভুত্ব ইত্যাদি কথা কল্পনা কৰি আত্মগ্লানিৰে পীড়িত হৈ থাকোঁ আমি শেঙুননকীয়া, টেকেলিপেটিয়া, অৰ্দ্ধাবৃত শৰীৰৰ গাঁৱলীয়া ল’ৰা-ছোৱালীবিলাক।

মহাৰণাৰ প্ৰাসাদত প্ৰৱেশ কৰি মন্ত্ৰী আৰু তেওঁৰ অনুচৰবৰ্গই প্ৰচুৰ পৰিমাণে ডাব নাৰিকলৰ পানী খালে। আধা ঘণ্টাৰ পিছত মধ্যাহ্ন ভোজন হ’ল। পোলাওৰ লগত প্ৰায় কুৰি প্ৰকাৰৰ স্বাদিষ্ট ব্যঞ্জন।

তাৰ পিছত মন্ত্ৰীয়ে বিশ্ৰাম ল’লে। তেওঁৰ বিশ্ৰামত যাতে বাধা নজন্মে, তাৰ কাৰণে পূৰ্ব-প্ৰস্তুতি অনুসৰি গোটেই গাঁওখনেই নিস্তব্ধ হৈ গ’ল। গৰমকালিৰ দুপৰীয়া, কিন্তু মন্ত্ৰীৰ উদ্দেশ্যে ঠিক কৰি থোৱা কোঠাটো বাগিচাৰ পুখুৰীৰ পাৰত, গতিকে খিৰিকীয়েদি মৃদু বতাহ বৈ আহিছিল। ‘তিমি’ সদৃশ বিৰাট বপুৰ মন্ত্ৰী মহোদয় চাৰিখন তুলীৰ বিচনাত শুই পৰিল।

মহাৰণাই মোক বৰ মৰম কৰিছিল, তাৰ সাহসত আৰু মই এটা দায়িত্বশীল, শান্ত-শিষ্ট ল’ৰা— এই আত্মবিশ্বাসতে লাহে লাহে আগবাঢ়ি গৈ মন্ত্ৰীৰ কোঠা আৰু পুখুৰীৰ মাজত থকা বাৰাণ্ডাখনত থিয় হ’লোগৈ। দুৰ্লভ ব্যক্তিসকলৰ সান্নিধ্য লাভ সেই বয়সত মোৰ এটা অন্যতম উচ্চাভিলাষ আছিল। মন্ত্ৰীৰ শুই থকা অৱস্থাটোৱেই সেই অভিলাষক চৰিতাৰ্থ কৰিবৰ কাৰণে মোৰ বাবে সুবিধাজনক আছিল। অৱশ্যে ডাঙৰ মানুহ সম্পৰ্কে থকা মোৰ জীৱনৰ প্ৰথম ভুলটো তেতিয়াই ভাগিল। কাৰণ আচৰিত হৈ মই দেখিলো, যিকোনো সাধাৰণ ব্যক্তিৰ দৰে মন্ত্ৰীয়েও নাক ঘোৰঘোৰাইছে!

উৎসাহ আৰু উচ্চাভিলাষ সম্পৰ্কে অলপ হতাশ হ’লো। তেনেতে ঘটনা এটা ঘটিল, যাৰ ফলত মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো।

খিৰিকীৰে মই দেখিছিলো যে শুই থকা মন্ত্ৰীৰ কণীৰ দৰে তপা আৰু চিকচিকাই থকা মূৰত পিন্ধা টুপিটো ওচৰৰে টুল এখনত থোৱা হৈছে। পিছ মুহূৰ্ততে মই দেখিলো, অত্যন্ত অভদ্ৰ আৰু দুষ্ট বুলি খ্যাত ঝাণ্ডু পুখুৰীৰ কাষৰ বাগিচাৰ পৰা আহি খিৰিকীয়েদি টুপিটো লৈ চকুৰ নিমিষতে অন্তৰ্ধ্যান হ’ল।

মই চিঞৰিব নোৱাৰিলো, প্ৰথমে— ঝাণ্ডুৰ প্ৰতি থকা মোৰ মৰমৰ কাৰণে (তাৰ দুঃসাহসৰ পৰিণাম কিমান ভয়াবহ হ’ব পাৰে তাকে ভাবি মোৰ বুকুত যেন ভূমিকম্পহে হ’ল), দ্বিতীয়তে— মন্ত্ৰীৰ নাক ঘোৰঘোৰণি আৰু টুপিৰ ভিতৰত কোনটো বেছি মূল্যবান তাক নিৰ্ণয় কৰিব নোৱৰা বাবে।

মামাৰ ঘৰলৈ বাৰু উভতি আহিলো, কিন্তু অতি সোনকালেই এটা হুলস্থুল শুনি আকৌ মহাৰণাৰ চোতালত উপস্থিত হ’লোগৈ। দেখিলো, বজ্ৰ পৰাৰ দৰে মহাৰণা স্তম্ভিত। মন্ত্ৰীৰ পিএ-ই গোটেই গাতে বিছাই ডকাৰ নিচিনা কৰি ঘূৰি ফুৰি চিঞৰিছে— ‘আচৰিত, অতি আচৰিত আৰু ৰহস্যজনক’। সকলোৱে কোৱা-কুই কৰিছে, টুপিটো গ’ল বাৰু কোনো কথা নাই, কিন্তু যি ধৰণেৰে গ’ল, সেইটোহে চিন্তাৰ কথা। ষড়যন্ত্ৰ,— সন্দেহ নাই। দেশৰ ৰাজনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব, কোনে জানে? মন্ত্ৰী আছিল কোঠাটোৰ ভিতৰত, কিন্তু তেওঁক লগ পাবলৈ কোনেও সাহ কৰিব পৰা নাই।

মহাৰণাৰ গাৰ পৰা ইমান বেছিকৈ ঘাম ওলাইছিল যে মই ভাবিলো— এওঁ দেখোন আইচক্ৰীমৰ দৰে গলি গলি শেষ হৈ যাব। ঝাণ্ডুৰ কথাটো ক’ম নে নক’ম, সেই সম্পৰ্কে মোৰ যি অন্তৰ্দ্বন্দ্ব হৈছিল, মহাৰণাৰ অৱস্থা দেখি সেই অন্তৰ্দ্বন্দ্বৰ অৱসান হ’ল। জীৱনত প্ৰথমবাৰৰ বাবে মই এজন বয়স্ক ব্যক্তিৰ দৰে কাম কৰিলো। আঙুলিৰে নিৰ্দেশ দি মহাৰণাক মোক অনুসৰণ কৰিবলৈ ক’লো। ভাল ল’ৰা এটাৰ দৰে মহাৰণাই তাকে কৰিলে। প্ৰকৃততে বুৰিব খোজা ব্যক্তিজনে কুটা এডাল ধৰিও বাচিবলৈ ইচ্ছা কৰে। মই তেওঁক ভিতৰলৈ মাতি ঝাণ্ডুৱে টুপি চুৰ কৰাৰ কথা ক’লো। ৰোগ নিৰ্ণয় কৰিবলৈ ব্যাকুল এজন ৰোগীৰ ৰোগ যেতিয়া ধৰা পৰে আৰু লগতে ৰোগ দুৰাৰোগ্য বুলি জনা যায়, তেতিয়া ব্যক্তিজনৰ মানসিক অৱস্থা যেনেকুৱা হয়, মহাৰণাৰ মুখতো সেই অৱস্থাৰ অভিব্যক্তি ফুটি উঠিল। তাৰ পিছত কপালৰ ঘাম মচি মোৰ মূৰত সস্নেহে হাত থৈ তেওঁ ক’লে— ‘বোপাই, তই এই কথাটো কাকো নকবি। তোক পিছত মই বহুত লাড়ু দিম।’

টুপি চুৰিৰ ঘটনাটোৱে গোটেই পৰিৱেশটো হিম-শীতল কৰি দিলে। যি মন্ত্ৰীয়ে মুখলৈ চায়েই অকাৰণতে হাঁহি দিছিল, পিঠি থপৰিয়াই দিছিল, আবেদন শুনিয়েই হা কৰিছিল, তেওঁ বৰ্তমান কোঠাটোৰ ভিতৰত ইমান গম্ভীৰ হৈ বহি আছে যে লাহে লাহে সেই কোঠা আৰু সাধাৰণ মানুহৰ ব্যৱধান ক্ৰমাৎ বাঢ়িবই লাগিছে।

মই মোৰ বন্ধুহঁতৰ ওচৰলৈ গৈ দেখিলো, তেওঁলোকৰো উৎকণ্ঠাৰ অন্ত নাই, টুপি চোৰ ধৰা পৰিলে তাৰ ফাঁচি অনিবাৰ্য, সেই সম্পৰ্কে আৰু দ্বিমত নাছিল। কিন্তু কথা হ’ল, ফাঁচি হ’লে ক’ত হ’ব? গাঁৱৰ মূৰৰ বৰগছত নে চহৰৰ জেলখানাত সেই কাৰ্যটো অনুষ্ঠিত হ’ব, সেয়াই আলোচ্য বিষয় হৈছিল। আমাৰ লগৰে কেইটামান এনেকুৱা মূৰ্খও আছিল, যি ভাবিছিল যে টুপিটো যিয়ে পিন্ধিব সিয়েই মন্ত্ৰী হ’ব।

সূৰ্য অস্ত যোৱাৰ অলপ পিছতে অৱস্থাৰ হঠাৎ অলপ উন্নতি হোৱা যেন লাগিল। মহাৰণাই কোঠাৰ ভিতৰলৈ গৈ মন্ত্ৰীক কি ক’লেগৈ জানো, মন্ত্ৰী হাঁহি হাঁহি বাহিৰলৈ ওলাই আহিল। তেওঁ এতিয়ালৈকে যিমান হাঁহিলে, তাৰ ভিতৰত এইটো বিশেষ আছিল। ইতিমধ্যে বেলেগ বেলেগ ঠাইৰ পৰা বিভিন্ন টুপি তেওঁৰ ওচৰলৈ অনা হ’ল, কিন্তু টুপি নিপিন্ধাকৈ তেওঁ সুসজ্জিত সভা-মণ্ডপলৈ আগুৱাই আহিল। মোৰ নিচিনা অনভিজ্ঞ ল’ৰা এটায়ো বুজিব পাৰিলো যে তপা মূৰটোৰ পৰা এক উজ্জ্বল আভা নিৰ্গত হৈছে।

সভা-মণ্ডপত তেতিয়া অন্ততঃ পাঁচ হেজাৰ লোকৰ সমাবেশ ঘটিছিল। মন্ত্ৰীয়ে যেতিয়া মণ্ডপৰ আছুতীয়া মঞ্চত আৰোহণ কৰিলে, তেতিয়া তেওঁক বৰ আনন্দিত দেখা গৈছিল। তেওঁ মূৰ জোঁকাৰি হাঁহিছিল। মহাৰণাৰ ভাগিনীয়েক (নাতি দূৰৰ স্কুলখনৰ নৱম শ্ৰেণীৰ ছাত্ৰী, তেওঁ অঞ্চলটোৰ একমাত্ৰ ছাত্ৰী) আহি মঞ্চত উঠি মন্ত্ৰীক ফুলৰ মালা পিন্ধালেহি। আৰু সেয়াই আমাৰ এলেকাত এটা নতুন যুগৰ প্ৰভাত যেন হ’ল, কাৰণ সকলোৰে সন্মুখত এজনী গাভৰু ছোৱালীয়ে এজন পুৰুষক মালা পিন্ধোৱাটো আগেয়ে কাৰো দৃষ্টিগোচৰ হোৱা নাছিল।

তাৰ পিছত ‘আহাঁ হে মন্ত্ৰী হে’ গীতটো দুটা হাৰ্মোনিয়াম, এখন বেহেলা, এযোৰ খোল তথা কৰতালৰ সহযোগত গোৱা হ’ল (ইয়াৰ কেইদিনমান পিছতে স্বৰ্গগামী হোৱা এই গীতৰ প্ৰণেতা হেডমাষ্টৰ মহাশয়ে সেইদিনা লাজ লাজকৈ ‘গীতটো কেনে হৈছে’ বুলি সকলোকে সুধি ফুৰিছিল)। অভ্যৰ্থনা সমিতিৰ সভাপতি ৰূপে এইবাৰ মহাৰণাৰ বক্তৃতা দিবৰ সময় আহিল। মই মঞ্চৰ ওচৰতে থিয় হৈ চাই আছিলো। মহাৰণাই হাত-মূৰ জোঁকাৰি আছে, ভয়ৰ কাৰণে বোধকৰোঁ! তাৰ পিছত তেওঁ জোৰেৰে মাইকটো ধৰি নিজকে স্থিৰ কৰি ৰাখিবলৈ সক্ষম হ’ল আৰু প্ৰায় এঘণ্টা ধৰি বীৰবাবুৰ ত্যাগৰ বিৱৰণী শুনাই তেওঁৰ পিতৃ-মাতৃকো এনে সুযোগ্য সন্তান মাতৃভূমিক উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনাই সামৰিলে।

জনতাৰ আগত তেওঁ জীৱনৰ প্ৰথম পৰীক্ষাত সফল হোৱা দেখি মই বৰ আনন্দিত হ’লো। কিন্তু ইয়াৰ পিছত মই যি শুনিলো, সেয়া মোৰ জীৱনৰ চূড়ান্ত বিস্ময়কৰ অভিজ্ঞতা। পাঠকবৃন্দ! কি প্ৰণালীৰ সহায়ত সেই অভিজ্ঞতাৰ যথাৰ্থ বৰ্ণনা দিম, সেয়া মই ভাবিয়েই পোৱা নাই। বহুতেই অৱশ্যে মহাৰণাক টেটোন ৰাজনীতিজ্ঞ বুলি অভিহিত কৰিব; কিন্তু মই জানো, এয়া এক মিছা প্ৰচাৰ। আবেগৰ বশৱৰ্তী হৈ তেওঁ কণ্ঠস্বৰ তুঙ্গত তুলি ক’লে— ‘ভাই আৰু ভনীহঁত, আপোনালোক সকলোৱে মান্যবৰ মন্ত্ৰী মহোদয়ৰ টুপিটো ৰহস্যময়ভাৱে অন্তৰ্ধ্যান হোৱাৰ কথা শুনিছে, আপোনালোকে ভাবিছে, টুপিটো চুৰি হ’ল; কিন্তু ভাই-ভনীহ’ত, সেইটো চুৰি হোৱা নাই, হ’ব নোৱাৰে (হাতচাপৰি)।’ মহাৰণাই ৰহস্যময়ভাৱে হাঁহিলে। মন্ত্ৰীয়ে তেওঁৰ উপগ্ৰহৰ দৰে লৰাই থকা মূৰটো খজুৱালে। মহাৰণাই আকৌ ক’লে— ‘প্ৰকৃততে টুপিটোৰ কি হ’ল? কলৈ গ’ল? কি? ক’ত? এইখিনি জানিবৰ কাৰণে আপোনালোকৰ হৃদয়ে কান্দিছে, হয়, নিশ্চয় কান্দিছে। সেইটোৱেই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ। আমাৰ অঞ্চলৰ এজন সম্ভ্ৰান্ত ব্যক্তিয়ে টুপিটো লৈ গৈছে। কিয়? সযত্নে ৰাখিবলৈ বুলি। হয় হয়, সযত্নে ৰাখিবলৈ। স্মৃতি হিচাপে যত্ন কৰি ৰাখি থ’বলৈ। তেওঁ কিয় মনে মনে লৈ গ’ল? কাৰণ, জানিলে আমাৰ মান্যবৰ মন্ত্ৰীয়ে কেতিয়াও নিদিয়ে। আমাৰ মন্ত্ৰী মহান, বিনয়ত তেখেতক কোনে চেৰ পেলাব? তেখেতৰ টুপিটো কোনোবাই পৱিত্ৰ বস্তু হিচাপে যত্নেৰে ৰাখিব খোজে,— এই কথাটো জনাৰ পিছত তেখেতে টুপিটো কিয় দিব? কেতিয়াও নিদিয়ে।’

হাজাৰ হাজাৰ হতভম্ব চকুৰ আগত মহাৰণাই ইতিমধ্যে নিজৰ পকেটৰ পৰা অলপ পইচাৰ সৈতে এখন ৰুমাল উলিয়াই সেয়া সকলোকে দেখুৱাই ক’লে— ‘ভাই-ভনীহঁত, আমাৰ সেই টুপি নিয়া বন্ধুজনে এশ এটকা মান্যবৰ মন্ত্ৰীৰ হাতত অৰ্পণ কৰিবলৈ মোক অনুৰোধ কৰিছে। মান্যবৰৰ জীৱনৰ ব্ৰত— জনতা-জনাৰ্দনৰ সেৱাত এইখিনিয়ে কিঞ্চিৎ কাম দিলে তেওঁৰ জীৱন ধন্য হ’ব।’

শ্ৰোতামণ্ডলীৰ সেই সময়ৰ ভাবাবেগৰ কথা নক’লেও হ’ব। বিপুল হাতচাপৰিৰ মাজতে মহাৰণাই ৰুমালখন মন্ত্ৰীক সমৰ্পণ কৰিলে। লাহে লাহে হাতচাপৰিৰ প্ৰকোপ ইমান বেছি হ’ল যে মহাৰণা আৰু মন্ত্ৰীয়েও হাতচাপৰি বজাবলৈ আৰম্ভ কৰিলে। তাৰ পিছত মন্ত্ৰীয়ে তেওঁৰ ভাষণ শুনালে দুঘণ্টা ধৰি। শেষত তেওঁ পুনৰ হাতচাপৰি মাৰি ঘোষণা কৰিলে যে যদিও এই ধনে-ধানে, পুষ্পে ভৰা দেশত টুপিৰ অভাৱ নাই, সেই অজ্ঞাত গুণগ্ৰাহীৰ সন্মানাৰ্থে তেওঁ সেই বিৰাট সভাত অনাবৃত মস্তিস্কৰেই বহি থাকিবলৈ সিদ্ধান্ত লৈছে।

চমকৰ অৱসান হোৱাৰ পিছত মই মহাৰণাৰ বুদ্ধিৰ প্ৰশংসা কৰিলো, লগতে ঝাণ্ডুৰ দুষ্টামিৰ কাৰণে এশ এটকা খৰচ কৰিবলগীয়া হোৱা বাবে দুখো লাগিল। সেই ৰাতি আমাৰ এলেকাৰ বিশিষ্ট লোকসকলে মন্ত্ৰীৰ লগতে মহাৰণাৰ ঘৰতে খোৱা-বোৱা কৰিলে। সকলোৱে মন্ত্ৰীৰ টুপিৰহিত মূৰলৈ চাই চাই সেই মহান টুপিচোৰৰ কথা আলোচনা কৰি থাকিল।

পিছদিনা ৰাতিপুৱা মই মহাৰণাক দেখি ধৰিব পাৰিলো যে তেওঁ তীব্ৰ গ্লানিবোধত আক্ৰান্ত। মোক দেখা মাত্ৰকে তেওঁ তললৈ মূৰ কৰিলে। তেওঁ কেতিয়াও মিছা কথা নকৈছিল; কিন্তু যেতিয়া ক’লে, হাজাৰ হাজাৰ নৰ-নাৰীক একেলগে ক’লে। ভগৱানৰ কথা বাদ দিলে, অন্ততঃ মই জানিছিলো যে তেওঁ আৰু এতিয়া সত্যবাদী নহয়।

মন্ত্ৰীক কিন্তু বৰ প্ৰফুল্ল দেখা গৈছিল। সেই প্ৰফুল্লতা অৱলোকন কৰি তাৰ ফলস্বৰূপে আমাৰ এলেকাত অতি সোনকালেই পকা ৰাস্তা হ’ব, হাইস্কুল এখন হ’ব, আনকি প্ৰসূতি ভৱন এটাও হ’ব বুলি মানুহে কোৱা-কুই কৰিলে।

মহাৰণাই হাঁহি হাঁহি সকলো সম্পাদন কৰিছিল সঁচা, কিন্তু মইহে বুজিছিলো, তেওঁ কিমান দুখ পাইছে, অন্তৰে কেনেকৈ ছাটি-ফুটি কৰিছে।

অৱশেষত মন্ত্ৰীৰ বিদায় ল’বৰ সময় আহিল। বাহিৰৰ বাৰাণ্ডাত সকলোৱে অপেক্ষা কৰিছিল। মন্ত্ৰীক তেওঁৰ কোঠাৰ ভিতৰত সেই অঞ্চলৰ বৃহত্তম আইনাৰ গিলাচটোত দৈৰ চৰবত দিয়া হ’ল। তেওঁ সেয়া লাহে লাহে খাই খাই দৈৰ কাৰণে আৰু ভাবপ্ৰৱণতাৰ কাৰণে ডিঙিৰ পৰা মাত নোলোৱাতো লাহে লাহে ক’লে— ‘বুজিলা মহাৰণা, হাঃ হাঃ হাঃ…, যি দেখা গৈছে… হাঃ হাঃ হাঃ…, এনেকুৱা দিনো আহিব, যেতিয়া হাঃ হাঃ হাঃ…, মানুহে মোৰ গাৰ পৰা পিন্ধা কাপোৰো হাঃ হাঃ হাঃ… কাঢ়ি লৈ যাব হাঃ হাঃ হাঃ…, আৰু হাঃ হাঃ হাঃ মই কিজানি উলঙ্গ হৈ ঘূৰি ফুৰিব লাগিব হাঃ হাঃ হাঃ…। কিন্তু কি কৰা যায় হাঃ হাঃ হাঃ… মানুহক ভাল পাবলৈতো আৰু হাঃ হাঃ হাঃ… এৰি দিব নোৱাৰি… হাঃ হাঃ হাঃ…।’ দৈৰ চৰবত খাই মুখ ধুবলৈ মন্ত্ৰী পুখুৰীৰ পাৰলৈ গ’ল, লগতে মহাৰণাই পানীৰ লোটা লৈ গ’ল।

সেইফালৰ বাৰাণ্ডাত মোৰ বাহিৰে আৰু কোনো নাছিল। দৈৱাৎহে মই তালৈ গৈছিলো, তেনে নহয়; অলপ আগেয়ে ঝাণ্ডুৱে মন্ত্ৰীৰ টুপিটোৰে খেলি খেলি পুখুৰীৰ পাৰলৈ যোৱা মই দেখিছিলো। মন্ত্ৰীয়ে ঝাণ্ডুক নেদেখক বুলি সেই সময়ত মই যেনেকৈ কামনা কৰিছিলো, জীৱনত কোনো বস্তুৰ বাবে মই তেনেকৈ কামনা কৰা নাছিলো।

অ’ মই বোধহয় এতিয়ালৈকে কোৱাই নাই যে ঝাণ্ডু এটা ল’ৰাৰ নাম নহয়,— সি এটা বান্দৰহে। বান্দৰৰ নিচিনা কাম কৰিছে বুলি নহয়, সি সঁচাকৈয়ে এটা বান্দৰ। এবাৰ ল’ৰা এটাই খেদাত তৎ নেপাই তাৰে সৈতে তাৰ মাক মহাৰণাৰ প্ৰাসাদত লুকাই আছিল। পিছে কি হ’ব, মহাৰণা তেতিয়া ঘৰত নাছিল, এটা অবিবেকী পৰিচাৰকে বান্দৰজনীক মাৰি পেলালে। মহাৰণাই ঘটনাটো জানি প্ৰায় ডেড় দিন একো নাখালে। পোৱালী বান্দৰটোক তেওঁ বৰ যত্নেৰে পালন কৰিলে। এতিয়া ঝাণ্ডু নামেৰে বিদিত উক্ত বান্দৰটো আধা মানুহ আধা বান্দৰৰ নিচিনা হ’ল। বান্দৰৰ দল দেখিলে সি ভিতৰলৈ সোমাই আহে। সকলোৰে লগত দুষ্টামি কৰে। সকলোৱে তাক মৰম কৰে, আমি ল’ৰাবিলাকে তাক সন্মান কৰোঁ।

মই ভয় খাই চালো, ঝাণ্ডুৱে ইফালৰ পৰা মন্ত্ৰী আৰু মহাৰণালৈ চাই চাই আগুৱাই আহিছে; মই মহাৰণাক এবাৰ ইঙ্গিতেৰে বুজাবলৈ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো। লাহে লাহে সি আহি ঝপক্ কৰে দুয়োজনৰ মাজতে বহি টুপিটো নিজৰ মূৰত পিন্ধি তাৰ পিছত খুলি বৰ সৌজন্যতাৰে সৈতে মন্ত্ৰীলৈ আগবঢ়াই দিলে।

মোৰ বুকু তিনি গুণ জোৰে ধপধপাবলৈ আৰম্ভ কৰিছিল। দেখিলো, মহাৰণাৰ মুখখন বিবৰ্ণ, তেওঁ কঁপিছিল। মন্ত্ৰীয়ে ক’লে— ‘আৰে আৰে, এইটোৱেইতো মোৰ টুপিটো! এজন ভদ্ৰলোকে হেনো লৈ গৈছিল?’

মহাৰণাৰ মুখৰ ৰং তেতিয়া ক্ষণে ক্ষণে সলনি হৈছিল। স্নায়বিক উত্তেজনাৰ এটা অসহায় মুহূৰ্তত তেওঁ অপ্ৰত্যাশিত কথাটো কৈ পেলালে, মৃত্যু আসন্ন ব্যক্তিৰ অন্তিম কথাৰ দৰে শুনা গ’ল— ‘হয় মহাশয়, এইজনেই সেই ভদ্ৰলোক।’ বীৰবাবুৱে অতি আচৰিত হৈ সুধিলে— ‘মহাৰণা, কি ক’লা?’ কিন্তু মহাৰণাই আৰু একো ক’ব নোৱাৰি কান্দিবলৈ আৰম্ভ কৰিলে। পিছ মুহূৰ্ততে বিস্ময়ৰ চিৰিত আৰু এখাপ উঠি মই দেখিলো, মীন আৰু কাৰুকলা বিভাগৰ মন্ত্ৰীয়েও কান্দিছে।

আগফালৰ বাৰাণ্ডাৰ পৰা পি-এৰ কণ্ঠস্বৰ শুনা গ’ল— ‘চাৰ, জীপ প্ৰস্তুত।’ মন্ত্ৰীয়ে মুখ ধুবলৈ লোৱা গোটেই লোটা পানী খাই পেলালে। লাহে লাহে তেওঁ আগফাললৈ আগবাঢ়িল, পাছে পাছে মহাৰণা, তেওঁলোকৰ ফুলা ফুলা মুখ দেখি মানুহে বিদায়কালীন দুখৰ প্ৰতিক্ৰিয়া বুলি ভাবি ল’লে।

ৰাজনীতিৰ দিশত মহাৰণাৰ স্পৃহা আৰু কিমান দূৰ আগবাঢ়িল, মই নাজানো। বৰ বিস্ময়ৰ কথা যে এদিন বস্ত্ৰহীন হৈয়ো বিচৰণ কৰাৰ কথা কোৱা বীৰবাবুও কেইবছৰমান পিছতেই ৰাজনীতিৰ পৰা বিস্মৃত হ’ল।

মোৰ কিয় জানো, মনলৈ আহে, তেওঁলোকৰ জীৱনৰ এনে পৰিৱৰ্তনৰ লগত সেই টুপিজনিত ঘটনাটোৰ অবিচ্ছেদ্য সম্পৰ্ক আছে।

ছবিঃ ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্বন নন-কমাৰ্চিয়েল শ্বেয়াৰ এলাইক ২.০ জেনেৰিক লাইচেন্সৰ আধাৰত উপলব্ধ
মূল ৱেবছাইটঃ ফ্লিকআৰ

(মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ 'নামঘোষা' পুথি উড়িয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰোৱা শ্ৰী্যুতা প্ৰতিভা গোস্বামীয়ে শেহতীয়াকৈ উড়িয়া সাহিত্যিক শ্ৰীযুত মনোজ দাসৰ গল্পৰ অসমীয়া অনুবাদৰ এটা সংকলন প্ৰকাশৰ যো-জা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। শ্ৰীযুতা গোস্বামীলৈ শুভেচ্ছা। —সম্পাদক, নীলা চৰাই)

নীলা চৰাই . ফেব্ৰুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz