বিশ্ব পৰিৱেশ দিৱস: কিছু প্ৰাসংগিক চিন্তা

বিশ্ব পৰিৱেশ দিৱস: কিছু প্ৰাসংগিক চিন্তা
  • 04 Jun, 2022

জুন— সমগ্ৰ বিশ্বই এই বিশেষ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰে৷ আমাৰ ৰাজ্যখনলৈও প্ৰতি বছৰে ৫ জুন আহে, চৰকাৰী-বেচৰকাৰী পৃষ্ঠপোষতাত অতি জাকজমকতাৰে বিশ্ব পৰিৱেশ দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ পৰিৱেশ সুৰক্ষাৰ সেই একেবোৰ শ্ল’গান আওৰোৱা হয়৷ তাৰ পাছত? প্ৰশ্ন হৈছে, পৰিৱেশৰ সুৰক্ষাৰ বাবে বছৰৰ এই নিৰ্দিষ্ট দিনটোৱেই পৰ্যাপ্ত নে? আমি পাৰিছোঁনে সঁচা অৰ্থত পৰিৱেশৰ তিলমানো সুৰক্ষা কৰিব? নে ভয়াবহভাৱে অৱনমিত হৈ গৈহে আছে আমাৰ পৰিৱেশ? আনৰ কথা বাদ, আমাৰ সকলোৰে ওপজা ভূমি এই অসমখন প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ চহকী বুলি আমি গৌৰৱৰ ধ্বজা বহন কৰি আছোঁ, কিন্তু বৰ্তমান পৰিৱেশ-পৰিস্থিতি কি পৰ্যায়লৈ গতি কৰিছে, সেয়া নিশ্চয় নতুনকৈ ক’ব নালাগে৷ আমি প্ৰতিজনেই হয়তো মন কৰিছোঁ, গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে নামি অহা দুৰ্যোগৰ সমান্তৰালকৈ গছ-গছনিৰ অভাৱৰ বাবে আমাৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ কথা৷ কিয় হৈছে এইবোৰ? এবাৰ কিন্তু সকলোৱে দকৈ অনুধাৱন কৰাৰ সময় আহি পৰিছে৷

আমি নিজক নিজে প্ৰশ্ন কৰোঁ আহক,— আমি ৰাজ্যখনৰ বা দেশখনৰ প্ৰতিজন সচেতন নাগৰিক আমাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি কিমান দায়বদ্ধ? ৰাস্তাত সমদল কৰি, আন্দোলন কৰি, অসম বন্ধ দি, চৰকাৰক কুকুৰে কাঁইট নোখোৱাকৈ সমালোচনা কৰি পাৰিছোঁ নে গছ কটা বন্ধ কৰিব? চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰিবলৈ ৰাস্তাৰ কাষৰ গছবোৰ কাটি পেলোৱা হ’ল, ৰাস্তা নিমাৰ্ন হ’ল, কিন্তু পূৰ্বৰ গছবোৰ কাটি পেলোৱাৰ পাছত নতুন ৰাস্তাৰ কাষত কেইটা গছপুলি ৰোপণ কৰা হ’ল— খবৰ ৰাখিছোঁনে আমি? আন কথা বাদেই দিছোঁ, বিভিন্ন সামাজিক সংগঠন, পৰিৱেশ সংক্ৰান্তীয় অনুষ্ঠান আদিয়ে মাজে-সময়ে বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰে, কিন্তু গছপুলিটো ৰোপণ কৰাৰ পাছত পুলিটো কিমান দিনলৈ অক্ষত অৱস্থাত থাকে, আমি এবাৰ ভাবি চাইছোঁনে? সততে চকুত পৰে, বহু এনে বহু অনুষ্ঠানে কেৱল পুলিটো ৰোপণ কৰিয়েই দায়িত্ব সামৰে৷ পৰৱৰ্তী সময়ত তাক প্ৰতিপালন কৰাৰ প্ৰতি উদাসীন হৈ পৰা দেখা যায়৷ ফলত অতি কম দিনতে এই গছপুলিবোৰ সেই স্থানৰ পৰা নোহোৱা হয় বা প্ৰতিপালনৰ অভাৱত মৰি যায়৷ গতিকে এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো অলপ সচেতন হোৱা দৰকাৰ৷

বিশ্ব পৰিৱেশ দিৱস ২০২২ | #OnlyOneEarth

বিশ্ব পৰিৱেশ দিৱসৰ এই বছৰ (২০২২)ৰ প্ৰচাৰৰ বিষয় (campaign) হৈছে— ‘এখনেই পৃথিৱী’ (Only One Earth)। বিশ্ব পৰিৱেশ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী চুইডেনত পালন কৰিবলৈ লোৱা হৈছে।

পৰিৱেশ প্ৰদূষণ বা অৱক্ষয়ৰ দিশত এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে প্লাষ্টিকজনিত সমস্যাই৷ আমি সকলোৱে প্লাষ্টিকৰ ভয়াৱহতা সম্পৰ্কে কম-বেছি পৰিমানে জ্ঞাত৷ চৰকাৰেও মাজে-সময়ে প্লাষ্টিক বৰ্জনৰ বিভিন্ন আইনগত ব্যৱস্থা হাতত লৈ পলিথিনৰ মোনা বা তেনেধৰণৰ প্লাষ্টিকজাতীয় পেকেট বন্ধ কৰাৰ প্ৰচেষ্টা কৰে যদিও আজিলৈকে কোনো ধৰণৰ সুফল লাভ কৰা নাই৷ চৰকাৰে বা প্ৰশাসনে জাননী জাৰি কৰাৰ দুদিনমানলৈকে পলিথিনৰ মোনা বজাৰ-সমাৰ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ পৰা নোহোৱা হয় যদিও কিছুদিনৰ পাছতেই পুনৰ সকলোতে সহজলভ্য হৈ পৰা দেখা যায় পলিথিন জাতীয় মোনা৷ প্ৰশাসনৰ জাননীৰ পাছতে জনসাধাৰণো দুদিন মানৰ বাবে সজাগ হৈ বজাৰ কৰিবলৈ ঘৰৰ পৰা মোনাখন লৈ যায়, কিন্তু দুদিনৰ পাছতে সকলো একেই হৈ পৰে৷ পলিথিনৰ বিভিন্ন মোনা, চিপ্‌চৰ পেকেট, গুটখা বা পাণমছলাৰ প্লাষ্টিকৰ পেকেটবোৰে কিদৰে আমাৰ পৰিৱেশৰ অৱক্ষয়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে, সেয়া সকলোৱে জানো, কিন্তু দেখি-শুনিও চকু-কাণ বন্ধ কৰি ৰাখোঁ আমি সচেতন সকলেই৷

আমাৰ ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত পৰি থকা চিপ্‌চ বা গুটখাৰ পেকেটবোৰ জ্বলাই ধ্বংস কৰাৰ পৰিৱৰ্তে সেইবোৰ আমি পথৰ কাষৰ নলা-নৰ্দমালৈ প্ৰতিদিনে ঠেলি দিওঁ৷ তাৰ পৰিণতিত আমিয়েই সন্মুখীন হ’বলগীয়া হয় কৃত্ৰিম বানৰ দৰে আহুকলীয়া পৰিস্থিতিৰ৷ তদুপৰি সেই প্লাষ্টিকৰ বেগ বা পলিথিনবোৰ বছৰৰ পাছত বছৰৰ পাছতো গেলি-পচি মাটিৰ সৈতে মিহলি হৈ নাযায় আৰু সেইবোৰে ক্ৰমান্বয়ে মাটিৰ উৰ্বৰা শক্তি বিনাশ কৰে৷ এই সকলোবোৰ দিশৰ কথাই আমি প্ৰতিজনে জানো, বুজি পাওঁ, কিন্তু পলিথিন বৰ্জনৰ ক্ষেত্ৰত উদাসীন হৈ থাকোঁ৷

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণ, বিভিন্ন উদ্যোগ, কল-কাৰখানাৰ বৰ্জিত আৱৰ্জনা আৰু সেইবোৰৰ বিষাক্ত দ্ৰব্যই আমাৰ পৰিৱেশৰ কিছুমান জীৱ-জন্তু, পশু-পক্ষীৰ জীৱনলৈ চৰম বিপদ কঢ়িয়াই আনিছে৷ আজি মোবাইল, ইণ্টাৰনেটৰ বহুল প্ৰচাৰ-প্ৰসাৰে মানুহৰ জীৱন সমৃদ্ধ কৰিছে সঁচা, কিন্তু ইয়াৰ বাবে ঠায়ে ঠায়ে নিৰ্মাণ কৰা টাৱাৰসমূহৰ পৰা অহৰহ নিৰ্গত হাই ৰেডিয়েচনৰ নেটৱৰ্কৰ বাবেই বহু গছ-গছনিত ফল নধৰা হোৱা বা বহু প্ৰজাতিৰ চৰাই-ছিৰিকটি বিলুপ্তিৰ গৰাহলৈ যোৱা বুলি সন্দেহ কৰা কথাবোৰ সম্প্ৰতি বিভিন্ন মহলত চৰ্চিত হৈছে৷ মন কৰিলে দেখা পাব, আগতে পুৱা-গধূলি আমাৰ গ্ৰামাঞ্চলসমূহত দেখা পোৱা ভালেমান চৰাই এতিয়া নোহোৱাৰ দৰেই হৈছে৷ বিশেষকৈ শেন, শগুণ, কাউৰী, ঘৰচিৰিকা আদি চৰাইবোৰ আজি কিছুবছৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰচুৰ পৰিমাণে আছিল৷ কিন্তু যোৱা কেইটামান বছৰৰ পৰা এই চৰাইবোৰ কমি গ’ল, বহু ঠাইত দেখিবলৈকে নোহোৱাৰ দৰে হ’ল৷ এইবোৰ একো-একোটা সৰু-সুৰা উদাহৰণহে মাত্ৰ৷

পৰিৱেশজনিত সমস্যা সৃষ্টি কৰা বিভিন্ন কাৰক বা উপাদানবোৰৰ ক্ষেত্ৰত আমি সচেতন হোৱাৰ পৰিৱৰ্তে নীৰৱ দৰ্শকৰ ভূমিকাতহে অৱতীৰ্ণ হৈ আহিছোঁ৷ ফলত ক্ৰমশঃ পৃথিৱীখনৰ পাৰিপাৰ্শ্বিক অৱক্ষয়ে আজি এক ভয়াৱহ ৰূপ ধাৰণ কৰি প্ৰতিটো জীৱলৈ চৰম সংকট কঢ়িয়াই আনিছে৷ সমাজৰ প্ৰতিগৰাকী ব্যক্তি নিজৰ চৌপাশৰ পৰিৱেশৰ প্ৰতিটো উপাদান সম্পৰ্কে যদি সময় থাকোঁতেই সচেতন আৰু সজাগ নহয়, তেন্তে অতি কম দিনতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব৷

আজি পৰিৱেশ সংক্ৰান্তীয় সজাগতাৰ বাবে অতীৱ প্ৰয়োজনীয় এটা দিশ হৈছে,— আমি প্ৰতিগৰাকীয়েই নিজৰ নিজৰ সন্তানসকলক আমাৰ চৌপাশৰ বিনন্দীয়া পৃথিৱীখনৰ সৈতে চিনাকি কৰোৱাই দিয়াৰ উপৰিও পৰিৱেশৰ প্ৰত্যেকটো উপাদান সম্পৰ্কত তেওঁলোকক যথাযথ জ্ঞান প্ৰদান কৰা৷ অকনমান ভাবি চাওঁ আহকচোন, আমি নিজৰ সন্তানক পাঠ্যপুথি আৰু বন্ধ কোঠালিৰ পঢ়া মেজৰ কাষৰ পৰা নতুবা মোবাইলৰ ৰঙীন পৃথিৱীখনৰ আতঁৰাই খন্তেক পৰিৱেশৰ সৈতে সহবাস কৰিবলৈ দিছোঁ জানো? বতৰৰ ফল-মূল, নিজৰ বাৰীৰ ঢাপৰ গছকেইজোপাৰ সৈতে কাহানিবা পৰিচয় কৰাই দিছোঁ নে? পুৱা কিচিৰ-মিচিৰ শব্দৰে ঘৰৰ চোতালত পৰি থকা চৰাইকেইটা চিনাকি কৰাই দিছোঁ নে? গঁড় হত্যা কি বা কোনে কৰে — কেইজন উঠি অহা ছাত্ৰ-ছাত্ৰীয়ে জানে, সেয়াও সন্দেহৰ আৱৰ্তত৷ এইবোৰ সৰু সৰু দুটামান উদাহৰণহে৷

মুঠতে আমি যিমানেই যি নকওঁ, যিদিনালৈকে আমি নিজে সচেতন নহওঁ, আমাৰ অনুজসকলক, উঠি অহা চামক পৰিৱেশৰ সৈতে ব্যৱহাৰিকভাৱে সহবাস কৰিবলৈ দি পৰিৱেশৰ জ্ঞান দিব নোৱাৰোঁ, প্ৰতিগৰাকী মানুহ আন্তৰিকভাৱে পৰিৱেশৰ সৈতে একাত্ম হ’ব নোৱাৰোঁ, তেতিয়ালৈকে পৰিৱেশ সুৰক্ষা কেৱল কাগজে-কলমেহে হৈ থাকিব৷ আহক, আজিৰ দিনটোত সংকল্পবদ্ধ হওঁ— কোনোবাই কৰে বা নকৰে নালাগে, আমি প্ৰতিগৰাকী সচেতন নাগৰিক মনে-প্ৰাণে সজাগ আৰু দায়বদ্ধ হওঁ— আমাৰ চৌপাশৰ পৰিৱেশ, প্ৰাকৃতিক তথা প্ৰতিটো বনজ সম্পদ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত৷ যিমান সম্ভৱ অন্ততঃ নিজা উদ্যোগত সঘনাই নিজৰ ঘৰত, চুবুৰিত, গাঁৱত পৰিৱেশ নিকাকৰণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত৷ নিজৰ সন্তানক প্ৰকৃতিৰ সৈতে, জীৱ-জন্তু, চৰাই-ছিৰিকটিৰ সৈতে যিমান পাৰি একাত্ম হোৱাৰ সুযোগ দিওঁ৷ সিহঁতবোৰৰ সৈতে আমি মানুহনো কিদৰে সংলগ্ন হৈ থাকোঁ, তাক ব্যৱহাৰিক আৰু যথাযথভাৱে শিকাবলৈ চেষ্টা কৰোঁ৷ আজি সিহঁতে সেই জ্ঞান সৰু অৱস্থাতে আহৰণ কৰি ল’লেহে কাইলৈ নিজে দায়বদ্ধ আৰু সচেতন হ’ব পাৰিব৷ আকৌ কাইলৈ এই জীৱ-জন্তু, চৰাই থাকিলেহে আপোনাৰ-মোৰ সন্তানসকলো থাকিব৷ কাৰণ আমি সৰুৰে পৰাই পাই আহিছোঁ প্ৰকৃতিৰ প্ৰতিটো জীৱ জীৱন ধাৰণৰ বাবে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷

নিজৰ সন্তানৰ জন্মদিনত আন নকৰিলেও তেওঁৰ নিজৰ হাতেৰে ঘৰতে হওক, বিদ্যালয়তে হওক বা আন কোনো ৰাজহুৱা স্থানতে হওক, এডালকৈ ভাল গছৰ পুলি ৰোপণ কৰোৱাৰ ব্যৱস্থা কৰকচোন৷ গছপুলি ৰোপণৰ দৰে মহৎ কাৰ্য সমাপন কৰি তেওঁৰ মনত গছৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি আগ্ৰহ আৰু দায়বদ্ধতাৰ মনোভাৱ শিশু অৱস্থাৰ পৰাই জাগ্ৰত কৰাৰ চেষ্টা কৰক৷ এনেদৰে যদি প্ৰকৃতিৰ প্ৰতি গছ-গছনি, জীৱ-জন্তুৰ প্ৰতি আমি নিজক আৰু আমাৰ সন্তানসকলক সৰুৰে পৰা দায়বদ্ধ কৰি তুলিব পাৰোঁ, অনাগত দিনত প্ৰাকৃতিক সম্পদ, বনজ সম্পদ আৰু প্ৰাকৃতিক ভাৰসাম্য কিছু হ’লেও ৰক্ষা পৰিব বুলি আশা কৰিব পাৰি৷ পুনৰ সকলোলৈকে আহ্বান— আহক, আজিৰ দিনটোত অন্ততঃ আমি মানসিকভাৱে প্ৰস্তুত হওঁ, সংকল্প লওঁ— ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত আমাৰ চৌপাশৰ বিনন্দীয়া পৰিৱেশ আৰু গছ-গছনি, জীৱ-জন্তু সুৰক্ষিত কৰাৰ চেষ্টা কৰিম, তেতিয়াহে পৰিৱেশ দিৱস উদ্‌যাপনৰ সাৰ্থকতা থাকিব৷

❧ | আৰু পঢ়ক:

বিশ্ব পৰিৱেশ দিৱস: কিছু প্ৰাসংগিক চিন্তা | হিমাংশু ৰণ্‌জন ভূঞা