শৈশৱত ধেমালিতে কৰা কাম এটা আজি যে নিৰ্মম সত্যত পৰিণত হ’ব, বিষ্ণুৱে কল্পনাও কৰিব পৰা নাছিল। ককায়েকৰ চিঠিখন পোৱাৰ পাছৰে পৰা এই কথাটোৱে গাৰ ছাঁৰ দৰে বিষ্ণুৰ লগ নেৰা হৈছে। ল’ৰালিৰে পৰা তাৰ মনটো আছিল নতুনত্ব প্ৰয়াসী। খোৱা-বোৱা, পিন্ধা-উৰা, লিখা-পঢ়া, চুলিৰ আঁচোৰ,— এই সকলোবোৰতে সি নতুনত্বৰ সন্ধান কৰি ফুৰিছিল। বৌ গুদু, ডায়না, ৰবাব টেঙাৰ ফুটবল,— এইবোৰনো সদায় সদায় কিমান খেলিব? গতিকে খেলা-ধূলাতো নতুনত্ব এটা আনিবলৈ বিষ্ণুৱে এদিন সিহঁতৰ ‘খেলপথাৰ’— নামঘৰৰ টুপৰ মুকলি ঠাইকণত সমনীয়াবোৰক কৈছিল— “আমি নতুন খেল এটা খেলো আহ।”
“কি খেল?”— সমনীয়াবোৰে তাৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰৈছিল।
“ফাকি মৰা খেল।”
“ধেৎ! এইটো খেল হ’ল নেকি? মানুহৰ গালি খাই মৰিব লাগিব।”— বিষ্ণুৰ সমনীয়াবোৰৰ কোনোৱেই খেলটো খেলিবলৈ মান্তি হোৱা নাছিল।
“তহঁত বৰ ভয়পাদুৰা অ’!”— এইবুলি কৈ বিষ্ণুৱে পাছদিনাৰ পৰা অকলেই খেলটো খেলিবলৈ আৰম্ভ কৰি দিছিল। সি তাৰ এই খেলটোৰ আৰ্হি হিচাপে লৈছিল ‘গৰখীয়া আৰু বাঘ’ সাধুটোক। পাছলৈ হাইস্কুললৈ যোৱাৰ পাছতহে বিষ্ণুৱে জানিব পাৰিছিল— এক এপ্ৰিলৰ দিনটোত এনেকুৱা এটা খেল খেলে।
এই খেলটোৰ কাৰণে, তাৰ সমনীয়াবোৰে কোৱাৰ দৰেই বিষ্ণুৱে কিমানৰপৰা কিমান যে গালি নাখাইছিল!
এদিন পথাৰত হাল বাই থকা গাঁৱৰে পোনাধৰক বিষ্ণুৱে দৌৰি দৌৰি গৈ কৈছিল— “কোৱাইদেউ (ককাইদেউ), নবৌ ফিট হৈ পৰি গ’ল। বেগতে ঘৰলৈ ব’ল।”
য’ৰে হাল ত’তে এৰি পোনাধৰ কুকুৰ লৰ দি ঘৰ পাইছিলগৈ। আগফালে ডাঁৰত কাপোৰ মেলি থকা পাঁচমাহৰ গাভাৰী ঘৈণীয়েকক দেখিহে তাৰ মনত পৰিছিল বিষ্ণুৰ খেলটোৰ কথা।
“কটা নিধক! তই মিছা-মিছিকৈ মোৰ কাম কিয় খতি কৰালি?”— পথাৰলৈ ঘূৰি আহি পোনাধৰে মথাউৰিৰ ওপৰত বহি নিৰাপদ অৱস্থান লৈ থকা বিষ্ণুক হালোৱা এছাৰি দাঙি দেখুউৱাৰ বাহিৰে একো কৰিব পৰা নাছিল।
আন এদিন আবেলি নামঘৰৰ বাটচ’ৰাৰ পকাৰ পিলাৰত বহি ‘জাৰ্মান-জাপান’ খেলি থকা মাধুৰীহঁতৰ ওচৰলৈ গৈ বিষ্ণুৱে কৈছিল— “মাধুৰী, তহঁতৰ মোমায়েৰ আহিছে। মাৰে তোক এতিয়াই ঘৰলৈ মাতিছে।” মাধুৰী খেলখনত জিকোঁ জিকোঁ হৈছিল। কিন্তু মোমায়েকে অনা লজেন্স আৰু বিস্কুটৰ লোভত তাই খেল এৰি একেলৰে ঘৰ পাইছিলগৈ। বিষ্ণুৱে মাধুৰীৰ ঠাইত বহি খেলিবলৈ লৈছিল।
“চালা ফাকিবাজ!”— শেনটো যোৱাদি গৈ ফেঁচাটো অহাদি অহা মাধুৰীয়ে বিষ্ণুক পিছফালৰ পৰা অতৰ্কিতে এনেকুৱা দুটা গেমেহা ভুকু সোধাইছিল যে তাৰ ভাগ্যেহে চুলিৰ আগে জীউটো যোৱা নাছিল।
ককায়েক-নবৌয়েক আৰু ভনীয়েকৰ গালিৰ কোবত আৰু পাছলৈ নিজৰো বোধোদয় হোৱাত বিষ্ণুৱে এসময়ত এই খেলটো খেলিবলৈ এৰি দিছিল। কিন্তু পাছলৈ সি বহু ক্ষেত্ৰত সঁচাকৈয়ে ফাকি মাৰিব লগা হৈছিল। অৱশ্যে এইবোৰ ক্ষেত্ৰত সি চিকাৰী নাছিল, চিকাৰহে হৈছিল! কলেজত নাম লগোৱাৰ প্ৰথম বছৰেই সি যে অসুখ বুলি পিকনিকলৈ যোৱা নাছিল, তাৰ জানো আচলতে অসুখ হৈছিল? লগৰ সহপাঠীবোৰে পিকনিকলৈ যাবলৈ দুশ টকাকৈ তুলিছিল। বিষ্ণুৰ পিকনিকৰ নিচিনা বিলাসিতা কৰিবলৈ তাৰ হালোৱা ককায়েকৰ দুশ টকা দিবলৈ সামৰ্থ্য নাছিল।
বিষ্ণুৰ লগৰ ৰবীনৰ ককায়েকৰ বিয়াত সি যে জৰুৰী কাম এটাত মোমায়েকৰ ঘৰলৈ যাব লগা হ’ল বুলি দৰাৰ লগত যোৱা নাছিল, তাৰ জানো সঁচাকৈয়ে জৰুৰী কাম ওলাইছিল? আচলতে দৰাৰ লগত নগৰীয়া কইনাঘৰলৈ যাবলৈ বিষ্ণুৰ ভাল কাপোৰ এযোৰ নাছিল। তাৰ সমনীয়া আটাইবোৰেই দৰাৰ লগত গৈছিল আৰু সি দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাই আছিল।
এইবোৰ ফাকিয়ে বিষ্ণুৰ মনত আঘাত হানিব পৰা নাছিল। পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ এনেকুৱা ফাকি কেতিয়াবা কেতিয়াবা মাৰিবই লাগিব। এনেকুৱা ফাকিয়ে বিশেষ ক্ষতি নকৰে। মাথোঁ খৰালিৰ আবতৰীয়া বৰষুণৰ দৰে খন্তেক সময়ৰ কাৰণে মনত অশান্তি দি যায়। কিন্তু বিষ্ণুৱে ঘৰখনক আৰু মাধুৰীক মৰা দুটামান ফাকিয়ে বাৰিষাৰ নেৰানেপেৰা বৰষুণৰ দৰে তাৰ মনত দীৰ্ঘ সময়ৰ কাৰণে অশান্তি দি আছিল। এতিয়াও দি আছে।
বিষ্ণুৱে ককায়েকৰ চিঠিখন পাইছিল এসপ্তাহৰ আগেয়েই। আচলতে ককায়েকৰ চিঠি নহয়। ককায়েকৰ ভাষাৰে ভনীয়েকে লিখা চিঠি। চুটি চিঠি— “মৰমৰ বিষ্ণু, তোৰ নিশ্চয় কুশল। আমাৰো একপ্ৰকাৰ চলি আছে। অহা দেওবাৰে তোৰ তালৈ যাম। তই টকাখিনি যেনে-তেনে যোগাৰ কৰি থবি। বিশেষ নাই। ইতি,— তোৰ ককায়েৰ ভদৰাম।”
বিষ্ণুৱে দুবছৰৰ আগেয়েই ঘৰৰ বলধহাল বেছি টকা দহ হাজাৰ আনিছিল। তাৰ হাততো বহু কষ্ট কৰি গোটাই থোৱা কেইহাজাৰমান আছিল। দালালটোৱে তাক কৈছিল— “তুমি অকণো চিন্তা নকৰিবা। টকা পোৱাৰ এমাহ পাছতে তোমাৰ চাকৰি হৈ যাব।”
বিষ্ণুৱে দালালটোক টকা দিয়া দুবছৰেই হ’লহি, অথচ আজিলৈকে তাৰ চাকৰি নহ’ল। ইতিমধ্যে ককায়েকে গৰু কিনিবৰ কাৰণে টকা খুজি তালৈ কেইবাখনো চিঠি দিছে। কিন্তু প্ৰতিখন চিঠিৰ উত্তৰতে বিষ্ণুৱে ককায়েকক কিবা নহয় কিবা এটা ফাকি মাৰি আছে। বাৰিষা পালেহিয়েই। আৰুবেলি ককায়েকে মোমায়েকৰ ঘৰৰ পৰাই গৰুহাল আনি খেতিটো উঠাইছিল। আৰুবেলি মোমায়েকে অসুখত পৰি নিজে খেতি নকৰা কাৰণেহে গৰুহাল পাইছিল। কিন্তু এইবেলি? এইবেলি ককায়েকে গৰু ক’ৰ পৰা পাব? কেৱল খেতিৰ ওপৰতে ভাৰসা কৰি চলি থকা ঘৰখন গৰুহাল নহ’লে এইবেলি লঘোনে মৰিব।
নাই, নাই। বিষ্ণুৱে আজি আৰু ককায়েকক ফাকি নিদিয়ে। সি আজি যিকোনো উপায়েৰে ককায়েকক টকাখিনি যোগাৰ কৰি দিব। বিষ্ণু একেচাবেই বিছনাৰ পৰা উঠি আহিল। লৰালৰিকৈ মুখখন ধুই ষ্ট’ভটো জ্বলাই নাল ভগা ছছপেনটোত ফিকা চাহ একাপ কৰি খালে। ডেকচিটোত কালি ৰাতিৰে ভাত অলপ আছিল। গা-পা ধুই বিষ্ণুৱে সেইখিনি ভাতকে তেল-নিমখ দি, পানী ঢালি খাই ৰূমৰ পৰা ওলাই আহিল।
গাঁৱৰ আন আন শিশুৰ দৰেই আৰম্ভ হৈছিল বিষ্ণুৰো শৈশৱ। যদিও তাৰ পাঁচ বছৰমানতে মাক-দেউতাকৰ মৃত্যু ঘটিছিল, ককায়েকেই তাক মাক-দেউতাকৰ মৰম দি আতোলতোলকৈ ডাঙৰ-দীঘল কৰিছিল। কেৱল খেতিৰ মাটি সাত বিঘাকে অৱলম্বন কৰি সিহঁতৰ পৰিয়ালটো চলি গৈছিল টুকটাককৈ। ককায়েকৰ আশা আছিল— পঢ়ি-শুনি বিষ্ণু এসময়ত ডাঙৰ মানুহ হওক। তেওঁৰ দৰেই সিও পথাৰৰ বোকা-পানী গাত লেটিয়াই জীৱনটো পাত কৰাটো ককায়েকে বাঞ্ছা কৰা নাছিল। পথাৰত হাল বাই থকা ককায়েকক চাহ দিবলৈ বিষ্ণু ৰাতিপুৱা সদায় পথাৰলৈ গৈছিল। চাহ দিবলৈ গৈ সমনীয়াবোৰৰ লগত সি মাছ ধৰাত লাগিছিল। মৈৰ পিছফালে বোকাত উঠি অহা গৰৈ মাছবোৰ ধৰিবলৈ সিহঁতে হেতা-ওপৰা লগাইছিল। ককায়েকক কটুৰি কুটুৰি কেতিয়াবা সি মৈতো উঠিছিল। পথাৰলৈ গ’লেই বিষ্ণুৱে ঘৰলৈ আহিবলৈ পাহৰি গৈছিল। ককায়েকে স্কুললৈ পলম হ’ব বুলি ধমকি দিলেহে সি ঘৰলৈ উভতিছিল। বিষ্ণুৰ স্কুল-কলেজৰ ফিজৰ কাৰণে ককায়েকে লোকৰ ঘৰত দিনহাজিৰা পৰ্যন্ত কৰিছিল।
“তই মোৰ কাৰণে ইমান কষ্ট কিয় কৰ?”— এদিন গাঁৱৰে ভোগ মণ্ডলৰ ঘৰত ককায়েকে বৰষুণত তিতি তিতি খৰি ফলা কথাটো গম পাই বিষ্ণুৱে ককায়েকক সুধিছিল।
“ডাঙৰে সৰুৰ দায়িত্ব লোৱাটো কৰ্তব্য বুলি তই কিতাপত পঢ়া নাই জানো? আজিৰ পৰা তই আৰু মোক এনেকুৱা কথা কেতিয়াও নুসুধিবি।”— বিষ্ণুৰ ইংৰাজী কিতাপ এখন কম হৈ আছে বুলি ককায়েকে ভনীয়েকৰ মুখৰ পৰা গম পাইছিল।
আৰু বিষ্ণুৰ নবৌৱেকজনীয়েও তাক কম মৰম কৰা নাছিল! নবৌৱেকে কিবা এটা ভাল বস্তু পালে তালৈ সদায় সাঁচি থৈছিল। গৰম দিনত স্কুলৰ পৰা আহি ভাতৰ পাতত বহোঁতে নবৌৱেকে ওচৰতে ৰৈ তাক বিচি থাকিছিল। সি ভালপোৱা পাতত দিয়া মোৱামাছ, বেহুৱা, নৰসিংহ পাতৰ লগত মাগুৰ মাছৰ তৰকাৰী আদি এশ-এবুৰি কামৰ মাজতো নবৌৱেকে তাক ৰান্ধি খুৱাইছিল। আঘোণ মাহত পথাৰৰ পৰা ধান কঢ়িয়াওঁতে নৰাই ছিৰলা-ছিৰিলকৈ কটা বিষ্ণুৰ হাত-ভৰিত নবৌৱেকে সন্ধ্যা মিঠাতেল সানি দিছিল। মহৰ উৎপাত বেছি হ’লে তাৰ পঢ়া মেজৰ তলত নবৌৱেকে ফটাকানি পকাই ধোঁৱা দি দিছিল। আৰু এদিন বিষ্ণুৰ তীৰকঁপে জ্বৰ উঠোঁতে নবৌৱেকে তাৰ ওচৰত গোটেই ৰাতি চকুৰ টিপ এটা নমৰাকৈ বহি আছিল! সেইদিনা হেনো সি গোটেই ৰাতি ভ্ৰম বকিছিল আৰু নবৌৱেকে ভগৱানৰ নাম লৈ লৈ তাৰ কপালত জলপটি দি আছিল। নবৌৱেকৰ তাৰ প্ৰতি থকা মৰমবোৰ দেখিয়েই বিষ্ণুৱে ভাবিবলৈ বাধ্য হৈছিল,— আগৰ জনমত নবৌৱেক নিশ্চয় তাৰ মাক আছিল।
“মই যদি চাকৰি-বাকৰি পাই আপোনালোকক পাহৰি যাওঁ?”— এদিন কলেজৰ পৰা অহাৰ পাছত পিঠিৰ ঘামচি ফুটাই থকা নবৌৱেকক বিষ্ণুৱে সুধিছিল।
“তোমাক ভালকৈ দুটামান কাণমলা দি মনত পেলাই দিম আকৌ!”— নবৌৱেকৰ কথাত বিষ্ণুৱে মাথোঁ হাঁহিছিল।
বিষ্ণুৰ কাণসমনীয়া ভনীয়েক ৰূপালী তাৰ কেৱল ভনীয়েকেই নাছিল, বান্ধৱীও আছিল। তাৰ কাপোৰ-কানি, পঢ়মেজ আৰু কোঠাটো চাফ-চিকুণ কৰি ৰখাৰ দায়িত্ব আছিল ভনীয়েকৰ। অৱশ্যে বহুদিনলৈ তাৰ আৰু ভনীয়েকৰ কোঠা একেটাই আছিল। ভনীয়েকে সদায় তাৰ লগতহে শোৱা-খোৱা কৰিছিল। বিষ্ণুৰ ভাগৰ আঞ্জা-ভাজি অকণমান খাবলৈ নাপালে ভনীয়েকৰ ভাত খোৱা নহৈছিল। ভনীয়েকে বহুত ডাঙৰলৈকে মাছ বাছি খাব জনা নাছিল। বিষ্ণুৱে সদায় তাইক মাছ বাছি খুৱাইছিল। স্কুল বন্ধ থাকিলে বিষ্ণুৱে দুপৰীয়া ভাত খাই উঠি ভনীয়েকৰ লগত বিছনাত পৰি সাধু কোৱা-কুই, সাঁথৰ সোধা-সুধি খেল খেলিছিল। প্ৰতিটো শ্ৰেণীতে নতুন নতুন কিতাপ কিনি পঢ়াৰ সামৰ্থ্য বিষ্ণুহঁতৰ নাছিল। বিষ্ণুৱে নিজৰখিনিৰ উপৰিও ভনীয়েকলৈও লোকৰ ঘৰৰ পৰা কিতাপ-পত্ৰ বিচাৰি আনিছিল। স্কুলৰ হাতৰ কামত প্ৰয়োজন হোৱা মাটিৰ হাঁহকণী, আম, ৰঙালাও আদি ভনীয়েকক বিষ্ণুৱেই সাজি দিছিল। ভনীয়েকৰ পৰীক্ষালৈ বৰ ভয় আছিল। মেট্ৰিক পৰীক্ষাৰ কেইদিন বিষ্ণুৱে ভনীয়েকক সদায় চাইকেলত তুলি স্কুললৈ লৈ গৈছিল। তাই ভয় নাখাবৰ কাৰণে সি দিনৰ দিনটো স্কুলৰ বাহিৰত ৰৈ আছিল।
“তই পৰীক্ষালৈ ভয় কৰ নহয়! মেট্ৰিক পাছ কৰাৰ পাছতে তোক বিয়া দি দিম ৰ।”— এদিন বিষ্ণুৱে ভনীয়েকক জোকাইছিল।
“নহ’ব। তোৰ কাৰণে মাধুৰীক ঘৰত সুমুৱাইহে মই বিয়া হ’ম।”— ভনীয়েকে ওলোটাই বিষ্ণুক জোকাইছিল।
একেলগে ধূলি-বালিত লেটি লৈ, দৰা-কইনা, ডায়না, লুকা-ভাকু খেলি ডাঙৰ হোৱা মাধুৰীৰ বাকীবোৰ সমনীয়াতকৈ বিষ্ণুলৈ দৰদটো অলপ বেছি আছিল। বিষ্ণুহঁতে নামঘৰৰ টুপৰ মুকলি ঠাইকণত যেতিয়া ৰবাব টেঙাৰে ফুটবল মেচ খেলিছিল, মাধুৰী বিষ্ণুৰ দলটোৰ সমৰ্থক হৈছিল। তাইৰ লগৰকেইজনীকো সিহঁতৰ বাৰীৰ জলফাই-শিলিখা-গোলাপী জামুৰ লোভ দেখুৱাই মাধুৰীয়ে তাইৰ ফলীয়া কৰি লৈছিল। বিষ্ণুৱে ৰবাব টেঙাটো গ’লপষ্টৰ ফাললৈ লৈ গ’লেই মাধুৰীয়ে হাতচাপৰি বজাই চিঞৰি উঠিছিল— “বিষ্ণু, গ’ল দে, গ’ল দে…।”
গৰমকালি বিষ্ণুহঁতে কলং নৈত সাঁতোৰ প্ৰতিযোগিতা পাতিছিল। কলঙত সাঁতুৰি থকা ল’ৰাবোৰৰ লগে লগে মাধুৰীহঁতো পাৰে পাৰে গৈ আছিল। সাঁতোৰ প্ৰতিযোগিতাবোৰত বিষ্ণুৱেই সদায় প্ৰথম হৈছিল। সি বুকু-সাঁতোৰ, চিলনী সাঁতোৰ, থিয় সাঁতোৰ— সকলো সাঁতোৰেই দিব পাৰিছিল। তথাপি কোনোবা সময়ত বিষ্ণু পিছ পৰা যেন দেখিলেই মাধুৰীয়ে পাৰৰ পৰাই তাক উৎসাহ দিছিল— “জোৰ দে বিষ্ণু। জোৰ দে…।”
শৈশৱৰ লগৰী মাধুৰীক বিষ্ণুৱে পথাৰত এদিন নতুনকৈ আৱিষ্কাৰ কৰিছিল। পথাৰত হালোৱাক চাহ দি উভতি অহা মাধুৰীৰ ঘৰ্মাক্ত মুখখন আৰু অপ্ৰস্ফুটিত পদুম কলিৰ দৰে সদ্যোদ্ভিন্ন বুকুখনত সেইদিনা বিষ্ণুৱে যেন বেলেগ সৌন্দৰ্য দেখা পাইছিল। ইয়াৰ মাথোঁ অলপ দিনৰ আগেয়ে মাধুৰী পুষ্পিতা হৈছিল। বিষ্ণুৰ চকু-মুখৰ মুগ্ধতা দেখি মাধুৰীৰ মুখখনত এক লজ্জাৰুণ আভাই ঢৌ খেলি গৈছিল। তাই তলমূৰ কৰি ভৰিৰ নখেৰে মাটি খুঁচৰিছিল। সেই দিনাৰ পৰাই মুখেৰে প্ৰকাশ নকৰিলেও বিষ্ণু আৰু মাধুৰীয়ে বুজি পাইছিল— মানুহৰ বহু আকাংক্ষিত প্ৰেমে সিহঁতৰ হৃদয়ত প্ৰৱেশ কৰিছেহি। নিজৰ অজানিতেই। গোপনে।
কলেজীয়া শিক্ষা সাং কৰাৰ পাছতে বিষ্ণুৱে ঘৰখন আৰু মাধুৰীক প্ৰথম বৃহৎ ফাকিটো মাৰিছিল। ঘৰখন আৰু মাধুৰীৰ ক্ষেত্ৰত ফাকিটোৰ ভাষা বেলেগ আছিল যদিও মূল কথাটো একেই আছিল— যেনেকৈ কুঁৱলি আৰু বৰষুণৰ ৰূপ বেলেগ হ’লেও মূল বস্তুটো একেই।
“মই গুৱাহাটীলৈ যাওঁ চাকৰি বিচাৰি। তহঁতে চিন্তা কৰিব নালাগে।”— বিষ্ণুৱে ঘৰখনক এনেকৈ কৈছিল। আৰু মাধুৰীক কৈছিল— ‘‘তই আকৌ মন মাৰি নাথাকিবি। মই গুৱাহাটীলৈহে যাওঁ, দূৰলৈ নাযাওঁ নহয়!”
বিষ্ণু আচলতে গৈছিল সংগঠনত যোগ দিবলৈ। কিন্তু এবছৰ পাছতে তাৰ মোহভংগ ঘটিছিল। আমোদজনক কথা— তাৰ শাৰীৰিক সামৰ্থ্য নাই বুলি সি ফাকি মাৰিয়েই সংগঠনৰ পৰা গুচি আহিছিল। আচলতে সংগঠনৰ কঠোৰ নীতি-নিয়মখিনি পালিবলৈ সি মানসিকভাৱেহে প্ৰস্তুত হ’ব পৰা নাছিল। ইয়াৰ পাছত ঘৰখন আৰু মাধুৰী কাৰো ওচৰতে বিষ্ণু সহজ হ’ব পৰা নাছিল। সি মহানগৰীতে থাকি গৈছিল। পেটৰ ভাতমুঠি মোকলাবলৈ বিষ্ণুৱে কত যে কি নকৰিছিল! দোকানৰ ছেলছমেনৰ পৰা একেবাৰে উকীলৰ ব্যক্তিগত টাইপিষ্টলৈকে। ইয়াৰ মাজতে এদিন বিষ্ণুৰ ঠিকনাটো কেনেবাকৈ সংগ্ৰহ কৰি মাধুৰী তাৰ ওচৰ পাইছিলহি।
“মোৰ কাৰণে ঘৰত দৰা বিচাৰিছে। তুমি কিবা এটা কৰা।”— মাধুৰীৰ দুচকুত বাৰিষাৰ ক’লীয়া মেঘ এসোপা থুপ খাই পৰিছিল।
“ভালহে! তুমি বিয়া হৈ যোৱা।”— মাধুৰীৰ দুচকুত থুপ খোৱা ক’লীয়া মেঘসোপা উৰাই নিবলৈ বিষ্ণুৱে চেষ্টা কৰা নাছিল।
“তুমিও মোক এনেকুৱা কথা ক’ব পাৰা?”
“উপায় নাই মাধুৰী। তোমাক মই কেতিয়াও বিয়া কৰাব নোৱাৰিম।”
“কিয়?”
“তোমাক বিয়া কৰোৱাৰ অধিকাৰ মই হেৰুৱাই পেলাইছোঁ। সংগঠনত থকা সময়তে নগা যুৱতী এজনীৰ লগত মোৰ অবৈধ সম্পৰ্ক ঘটিছিল।”— বিষ্ণুৱে ফাকি মাৰিছিল। পত্নী হিচাপে ভৰণ-পোষণ দিবলৈ তাৰ আৰ্থিক সামৰ্থ্যহে নাছিল। দুচকুত থুপ খোৱা ক’লীয়া মেঘসোপা বৰষুণলৈ ৰূপান্তৰ কৰি মাধুৰী বিষ্ণুৰ কাষৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছিল।
এদিন চাহ বাগিচাত চাকৰি কৰা ল’ৰা এটাৰ লগত মাধুৰীৰ বিয়া হৈ গৈছিল। মাধুৰীৰ বিয়াৰ খবৰটো পাই বিষ্ণুৰ আনন্দও লাগিছিল, দুখো লাগিছিল— যেনেকৈ জোৰকৈ বতাহ বলিলে শেৱালি ফুলৰ আনন্দও লাগে, দুখো লাগে! মাধুৰীৰ বিয়াৰ এমাহৰ পাছত সি প্ৰথমবাৰৰ বাবে ঘৰলৈ গৈছিল। আৰু দুবছৰৰ আগেয়ে দ্বিতীয়বাৰৰ বাবে ঘৰলৈ যাওঁতে তাৰ হোজা ককায়েকে ঘৰৰ বলধহাল বেচি চাকৰিৰ কাৰণে ঘোচ খুৱাবলৈ তাক টকা দহ হাজাৰ দি পঠাইছিল।
বিষ্ণুৱে আজি অনায়াসেই টকাখিনি যোগাৰ কৰিব পাৰিলে। দহ হাজাৰৰ ঠাইত পোন্ধৰ হাজাৰেই পালে। মাথোঁ মানুহজন ব্যৱসায়ৰ কামত বাহিৰলৈ যাব লগা হোৱাত সি গোটেই দিনটো খাপ পিটিব লগা হ’ল। আচলতে মানুহজনৰ লগত বিষ্ণুৰ এমাহ আগেয়েই কথা-বতৰা হৈছিল। সিহে দোধোৰ-মোধোৰ অৱস্থা এটাত পৰি, ভৱিষ্যতৰ কথা ভাবি সিদ্ধান্তটো ল’ব পৰা নাছিল। কিন্তু আজি সি চৰম সিদ্ধান্তটো লৈ পেলালে, লৈ পেলাবলৈ বাধ্য হ’ল,— কেৱল ঘৰখনৰ কথা চিন্তা কৰি।
বাহিৰত ইতিমধ্যে গধূলি হ’বৰ উপক্ৰম হৈছিল। প্ৰায়বোৰ দোকানৰে লাইটবোৰ জ্বলি উঠিছিল। ষ্ট্ৰিট লাইটবোৰো এটা-দুটাকৈ জ্বলি উঠিছিল। কাপোৰ আৰু গহনাৰ দোকানবোৰত সজাই থোৱা ‘ডামি’বোৰক জীৱন্ত মানুহ যেনেই দেখা গৈছিল। ৰাস্তাৰ কাষৰ দোকানবোৰত বিভিন্ন পোছাকেৰে সুশোভিত হৈ বস্তু ক্ৰয় কৰি থকা মানুহবোৰক দেখি বিষ্ণুৱে ভাবিলে— পৃথিৱীৰ ভিতৰত সিয়েই বাৰু সবাতোকৈ অভাৱী মানুহ নে কি?
ঘৰলৈ ওভতাৰ বাটতে পোৱা বজাৰ এখনত বিষ্ণু সোমাই পৰিল। ককায়েকক ভালকৈ এসাঁজ খুৱাবলৈ সি আধা কেজি লোকেল ৰৌ মাছ আৰু ছশ গ্ৰাম ওজনৰ এটা কুকুৰা ল’লে। লগতে শাক-পাচলি, মা-মছলা, বিস্কুট-মিঠাই আদিও। বজাৰ-সমাৰ শেষ কৰি ফুটপাথেদি সৰ্বস্বান্ত মানুহৰ দৰে গৈ থকা বিষ্ণুৱে হঠাতে দেখিলে— পশ্চিম আকাশেদি এচপৰা ক’লা ডাৱৰ উঠি আহিছে। লগতে দুই-এছাটি বিজুলীও মাৰিছে। এজাক খঙাল বতাহে ৰাস্তাৰ ধূলি-বালি আৰু কাগজৰ টুকুৰাবোৰ উৰুৱাই নিছে। চাওঁতে চাওঁতে আকাশৰ ডাৱৰচপৰা গৰ্ভৱতী নাৰীৰ উদৰৰ দৰে ক্ৰমাৎ ডাঙৰ হৈ আহিল আৰু বৰষুণ পৰাৰ উপক্ৰম হ’ল। বিষ্ণুৱে শ্লথ আৰু চুটি খোজবোৰ দ্ৰুত আৰু দীঘলীয়া কৰিলে।
বিষ্ণু ভাৰাঘৰৰ পদূলিমুখত উপস্থিত হোৱাৰ লগে লগে এটোপ-দুটোপকৈ বৰষুণ পৰিবলৈ ধৰিলে। ইতিমধ্যে তাৰ ককায়েক আহি বাৰাণ্ডাত উলিয়াই থোৱা আধাভগা টিনৰ চকীখনত পথাৰৰ ডোবাৰ কাষত মাছলৈ খাপ পিটি জুপুকা মাৰি বহি থকা কণামুচৰিৰ দৰে বহি আছিলহি। বিষ্ণুৱে বাৰাণ্ডাত ভৰি থোৱাৰ লগে লগে বাৰিষাৰ প্ৰথমজাক বৰষুণ ধাৰাসাৰে পৰিবলৈ ধৰিলে। সি দুৱাৰ খুলি ককায়েকক ভিতৰলৈ লৈ গ’ল। কাপোৰ-কানি নসলোৱাকৈয়ে বিষ্ণুৱে ককায়েকক চাহ একাপ কৰি খুৱালে। নিজেও একাপ খালে। তাৰ পাছত সি কাপোৰ-কানি সলাই, গা-পা ধুই ভাত ৰন্ধাৰ যো-জা কৰিলে। ককায়েকে মুখ-হাত ধুই আহি তাৰ বিছনাখনতে দীঘল দিলে। ভাত ৰান্ধি থকা বিষ্ণুৰ লগত ককায়েকে বিছনাৰ পৰাই দুই-এষাৰ কথা পাতি থাকিল।
ভাতৰ পাততে ককায়েকে বিষ্ণুক সুধিলে,— “টকাখিনি যোগাৰ কৰিব পাৰিলিনে?”
“ওঁ, পাৰিলো।”— বাৰিষাৰ নৈৰ দৰে বিষ্ণুৰ মনটো আজি গৰ্বেৰে ভৰি গ’ল।
“তেনেহ’লে তোৰ চাকৰিটো হ’লগৈ?”
“ওঁ, হ’লগৈ।”— বিষ্ণুৱে এটা ফাকিৰ পৰা হাত সাৰিবলৈ পুনৰ আন এটা ফাকি মাৰিলে।
সিনো ককায়েকক কোনটো সতেৰে কয়,— আচলতে আৰু অলপ দিনৰ পাছতে বিক্ৰী হ’বলগীয়া তাৰ কিডনি এটাৰ গ্ৰাহকজনৰ পৰা আগধন হিচাপেহে সি টকাখিনি আনিছে!
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক