ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ

ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ
  • 21 Aug, 2020

ৰ্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱে আজিৰ পৰা পাঁচশ বছৰৰ আগতেই ধৰ্ম, শিক্ষা, ভাষা-সাহিত্য, শিল্প-কলা আদি সকলো দিশতেই অসমীয়া জাতিক শক্তিশালী ৰূপত গঢ় দি থৈ গৈছে। গুৰুজনাই ষোড়শ শতিকাৰ দোকমোকালিতে নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ শলিতা জ্বলাই ধৰ্মীয় অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে, তাৰ তুলনা পাবলৈ নাই। জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ শিল্প-সংস্কৃতি তথা ধৰ্মীয় জগতলৈ উপহাৰ দিছিল অভিনৱ সম্পদ— ‘ভাওনা’। গুৰু দুজনাৰ অতুলনীয় সৃষ্টি এই অংকীয়া নাট-ভাওনা অসমীয়া সংস্কৃতিৰ মনোৰম সম্পদসমূহৰ অন্যতমেই নহয়, সৰ্বোত্তম কীৰ্তি।

এই ভাওনা সংস্কৃতিৰ মাধ্যমেৰে গুৰুজনাই অজ্ঞ-অনাখৰী জনতাক কৃষ্ণভক্তিৰ মালা পিন্ধাই বিভিন্ন ধৰ্ম তথা জাতি-উপজাতিৰে বহুধা বিভক্ত অসমীয়া সমাজখনক একত্ৰিত কৰি নামঘৰ, সত্ৰ কেন্দ্ৰিক এখনি বৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে। পঞ্চদশ শতিকাৰ শেষৰ দশকৰ পৰা ভাওনাৰ ইতিহাস পোৱা যায়। বৃহৎ অসমীয়া সংস্কৃতি তথা জাতি গঠনৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰোধা, অতুলনীয় বুদ্ধিমত্বা আৰু সৃষ্টিশীল প্ৰতিভাৰ গৰাকী শঙ্কৰদেৱে সমসাময়িক সমাজখনক এক স্বচ্চ পথৰ সন্ধান দিবলৈ, গাঁৱে-ভূঞে নামঘৰ, সত্ৰ স্থাপন কৰি অনাখৰী চহা সমাজক আলোকৰ পথেৰে আগবঢ়াই নিবলৈ বিভিন্ন আঁচনি হাতত লৈছিল। ইয়াৰ ভিতৰতে ভাওনা প্ৰদৰ্শনৰ কথা চিন্তা কৰি তেৰাই এলানি অংকীয়া নাট ৰচনা কৰিছিল। গুৰুজনাৰ এই আঁচনি সফলতাৰে কাৰ্যকৰী আৰু জনপ্ৰিয় কৰি তোলাত তেৰাৰ সোঁহাত স্বৰূপ মহাপুৰুষ মাধৱদেৱ আৰু পৰৱৰ্তী ভৱানীপুৰীয়া গোপাল আতা বা গোপালদেৱ, ৰামচৰণ ঠাকুৰ, দৈত্যাৰী ঠাকুৰ প্ৰমুখ্যে বৈষ্ণৱ নাট্যকাৰসকলৰ ভালেমান অৱদান আছে। নৱবৈষ্ণৱ আন্দোলনৰ মহৎ ফলশ্ৰুতি, জগৎগুৰু শঙ্কৰদেৱৰ মহান শিল্পকৃতি এই ভাওনাক তেখেত এহাতে যিদৰে ভক্তি-আদৰ্শ প্ৰচাৰৰ মাধ্যম, এক সামাজিক কলা হিচাপে সৃষ্টি কৰিছিল, তেনেদৰেই সংগীত-নাটক-নৃত্য সমন্বিতে এক ব্যঞ্জনাময় কলাৰূপে সৃষ্টি কৰি ভাওনাৰ গাঠনিতো বৰ্ণাঢ্যতাৰ প্ৰকাশ ঘটাইছিল। সামাজিক কলা হিচাপে ভাওনাৰ মাজত নিহিত হৈ আছে সংহতি আৰু সমন্বয়ৰ আদৰ্শ। আজিও গাঁৱত ‘ভাওনা পাতিছে’ বুলি ক’লে গাঁওখনৰ লগতে ইয়াৰ ওচৰ-চুবুৰীয়া অঞ্চললৈকে যি এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়, সেয়া আন কোনো মাধ্যমেই সৃষ্টি কৰিব নোৱাৰে।

ভাওনা অসমৰ সৰ্বত্ৰ অতি ভক্তিসহকাৰে আৰু পৱিত্ৰতাৰে পালন কৰা হয়। মাত্ৰ ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত সৰ্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱে সপ্ত বৈকুণ্ঠৰ চিত্ৰপট আঁকি আজিৰ আধুনিক ৰঙ্গমঞ্চ বা কথাছবি শিল্পৰ লেখিয়াকৈ অভিনৱ পদ্ধতিৰে ‘চিহ্নযাত্ৰা’ নাট মঞ্চস্থ কৰি তেৰাৰ সুবিশাল সৃষ্টি প্ৰতিভাৰ পৰিচয় দিছিল। শঙ্কৰদেৱে নিজ হাতে তুলাপাতত হেঙুল-হাইতাল বোলাই সাত বৈকুণ্ঠ অংকন কৰি, কপিলীমুখৰ কুমাৰৰ হতুৱাই অভুতপূৰ্ব মাটিৰ ‘খোল’ বাদ্যৰ সৃষ্টি কৰি সাত বৈকুণ্ঠত সাত গোপাল, ছয় ভক্ত, চৈধ্য পাৰিষদ আৰু দ্বাদশ বৈষ্ণৱক থাপি ন ধেমালি, নাট ধেমালি, সৰু ধেমালি আদি বাজনা বজাই শেষত ঘোষা ধেমালি আৰু নটা খোল একেলগে লৈ ‘দেৱ ধেমালি’ বজাই গীত-মাত-নৃত্য-নাট-সূত্ৰৰ সুমধুৰ শব্দৰে দৰ্শকক বিস্ময়াভিভূত কৰি সাত দিন সাত ৰাতি একেৰাহে এই ‘চিহ্নযাত্ৰা’ নাট মঞ্চায়ন কৰিছিল। মন কৰিবলগীয়া যে শ্ৰীমন্ত শঙ্কৰদেৱে ১৪৬৮ চনত যি অভিনৱ নাট ৰ সৃষ্টি কৰিলে, তাৰ শতাধিক বছৰৰ পাছতহে বিশ্ববন্দিত ইংৰাজ নাট্যকাৰ উইলিয়াম শ্বেইক্সপীয়েৰে তেওঁৰ নাট্য আন্দোলনৰ সূচনা কৰিছিল।

‘চিহ্নযাত্ৰা’ই প্ৰথম অসমীয়া নাট্যাভিনয় আৰু জগতগুৰু শঙ্কৰদেৱেই অসমীয়া নাট্য জগতৰ ‘নাটসূৰ্য’। ড° মহেশ্বৰ নেওগৰ ভাষাত ‘এই চিহ্নযাত্ৰাই সংগীত আৰু নাট্যকলাৰ এক অভিনৱ অধ্যায় আৰু ভাৰতীয় সংগীত আৰু নাট্য সাহিত্যৰ বুৰঞ্জীতো এক নতুনত্বৰ সংযোজন’। অসমীয়া নাট্যশিল্পৰ জনক মহাপুৰুষ শঙ্কৰদেৱে অসমত প্ৰাচীন কালৰে পৰা অসমত চলি থকা থলুৱা নাট্যগুণ সম্পন্ন অনুষ্ঠানৰ উপাদান বৰঙণিৰে আৰু সংস্কৃত নাটকৰ আৰ্হি লৈ বৈশিষ্ট্যপূৰ্ণ অংকীয়া নাটৰ সৃষ্টি কৰে। এই অংকীয়া নাটৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ পূৰ্বৰে পৰা অসমত প্ৰচলিত ‘ওজাপালি’, ‘পুতলা নাচ’ আৰু ‘ঢুলীয়া ভাও’— এইকেইটা থলুৱা নাট্যগুণ সম্পন্ন অনুষ্ঠানৰ উপাদানৰ প্ৰভাৱ সুস্পষ্ট। প্ৰচাৰধৰ্মী হ’লেও গুৰুজনাৰ নাট্যসৃষ্টিত সাহিত্যিক গুণৰ অভাৱ হোৱা নাই। নৱৰসৰ সমাৱেশেৰে এই নাটবোৰ উচ্ছাংগ সাহিত্যৰ অংশ বিশেষহে হৈছে। এই নাটবোৰকে গুৰুজনাই ভক্তিধৰ্ম প্ৰচাৰৰ বাবে সৰ্বসাধাৰণৰ আগত ‘ভাওনা’ ৰূপে মঞ্চস্থ কৰিছিল। আদিৰ পৰা অন্তলৈ ‘ভাওনা’ত ভক্তিৰস বিজড়িত হৈ আছে। ভগৱানৰ অপাৰ মহিমা প্ৰত্যক্ষ কৰাই তেওঁৰ প্ৰতি দৰ্শক-শ্ৰোতাৰ অন্তৰত ভক্তিভাৱ জাগৃত কৰাই ইয়াৰ মূল উদ্দেশ্য। সংস্কৃতিৰ প্ৰতীক কৃষ্ণ বা ৰামচন্দ্ৰৰ দ্বাৰা দুষ্কৃতিৰ বিনাশ ঘটালেহে অনাদি অনন্ত ভগৱানৰ মহিমাৰ কথা সকলো মানুহৰে বোধগম্য হ’ব। লগে লগে মানুহৰ মনত ভক্তিভাৱৰ হেন্দোলনি উঠিব আৰু কৃষ্ণ বা ৰামচন্দ্ৰই সৰ্বময় কৰ্তা বুলি তেওঁৰ চৰণ ল’ব। সেয়ে ‘নাট’ হ’ল জনসংযোগ আৰু গণশিক্ষাৰ সবল মাধ্যম।

নামঘৰত ভাওনা

নামঘৰত ভাওনা

অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই একোটাকৈ নামঘৰ আছে। এইবোৰ সামূহিক প্ৰাৰ্থনাগৃহ আৰু ৰংগমঞ্চ। গুৰুকেইজনাৰ বছৰেকীয়া তিথিত গাঁৱৰ নামঘৰত বাৰ্ষিক উৎসৱ হিচাপে ভাওনা-সবাহ পতাৰ নিয়ম আজিও আছে। নামঘৰে ভাওনা কৰাৰ স্পৃহা জন্মাই আহিছে আৰু ভাওনাই নামঘৰক সজীৱ কৰি ৰাখিছে। নামঘৰ আৰু ইয়াত পালন কৰা তিথি-পাৰ্বণ, ভাওনা-সবাহ আদিৰ জৰিয়তেই গাঁওসমূহ সদ্ভাৱ-সম্প্ৰীতিৰে আছে। নাট বা ভাওনা এভাগ কৰিম বুলি উত্থাপন কৰি তাক পাছলৈ আওকাণ কৰা বা নকৰোঁ বুলি ভবাটো দোষণীয় বুলিয়েই ধৰা হয়। গাঁৱত ‘ভাওনা’ বুলি ক’লে নাট মেলাৰ পৰা আৰম্ভ কৰি ভাওনাৰ শেষৰ ‘নাট সামৰণি’লৈকে ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নাট মেলা, বচন লেখা, বচন বিলোৱা, আখৰা কৰা, প্ৰয়োজন মতে নতুনকৈ গায়ন-বায়ন শিকোৱা, ৰাইজ-যুৱক মিলি নামঘৰটি চাফ-চিকুণ কৰি চূণ-তেল দিয়াৰ বাবে ‘হজ’ কৰা, কাঠৰ আচবাবত ৰং-চঙীয়া কাগজ লগাই ভাওনাৰ ৰজা-মহাৰজা বহিবৰ বাবে ‘সিংহাসন’ সজা, নামঘৰৰ ভিতৰচ’ৰাত বাঁহৰ খুঁটা পুতি ওপৰত ধনুভিৰিয়াকৈ ‘চিটিকা’ দি ৰাজমহলৰ আৰ্হিত সজাই-পৰাই তোলা, ভাওনাৰ দিনা ৰাতি জ্বলাবলগীয়া ‘ভোটা’ৰ বাবে প্ৰয়োজনীয় পুৰঠ কোমোৰা যোগাৰ কৰা, মহিলা-যুৱতীসকলে গামোচা-চেলেং, নামঘৰৰ খুঁটাত মেৰিওৱা গামোচা আদি যোগাৰ কৰা, পিঠা-পনা, জা-জলপান তৈয়াৰ কৰা আদি বিবিধ কামেৰে গোটেই গাঁওখন ব্যস্ত হৈ পৰে। নাট এভাগ কৰাৰ কথা ওলালেই গাঁৱৰ ডেকাহঁতে পছন্দৰ নাট বিচাৰি বিভিন্ন গাঁৱৰ ৰাইজৰ লগত যোগাযোগ কৰে। পছন্দমতে নাটভাগ আনি অধ্যয়ন কৰি নতুনকৈ ভাল হাতৰ আখৰেৰে লিখি পেলায় (মূল নাটভাগ যিহেতু অক্ষত অৱস্থাত পুনৰ ঘূৰাই দিব লাগিব, সেয়ে গাঁৱৰ যিজন যুৱক-যুৱতীৰ হাতৰ আখৰ ভাল, তেওঁকে ‘নকল’ কৰাৰ দায়িত্ব দিয়া হয়)। এটা ভাল দিন চাই নামঘৰত শৰাই-শলিতা দি অতি সাত্বিকভাৱে ‘নাট মেলা’ হয়। যোগ্যতানুসাৰে ভাও (চৰিত্ৰ)বোৰ ভগাই দি বচন বিলাই দিয়া হয় আৰু নাটৰ আখৰা আৰম্ভ কৰা হয়। আটাইতকৈ আচৰিত কথা যে ‘ক’ৰ চুক কেইটা চিনি নোপোৱা এজনেও এশ-ডেৰশ ঠেৱা (ফাকি) বচন, বিলাপ, পয়াৰ, লেচাৰী, মধ্যাৱলী, পীতাম্বৰী, মুক্তাৱলী আদি সলসলীয়াকৈ উপযুক্ত স্বৰ আৰু লয়ত মাতিব পাৰে। একাগ্ৰতা, শ্ৰদ্ধা আৰু একান্ত ভকতিৰ ভাৱনাৰ বাবেই এয়া সম্ভৱ। নাট মেলাৰ দিনৰ পৰা সামৰাৰ দিনালৈকে এক সুমধুৰ ভক্তিভাৱে গোটেই গাঁওখনকে পৱিত্ৰ কৰি ৰাখে। সন্ধ্যা নামঘৰীয়াই ডবাত কোব মৰাৰ লগে লগে গাঁৱৰ ৰাইজ আৰু যুৱকসকল আখৰাৰ বাবে নামঘৰত একত্ৰিত হয়। আখৰা চলি থাকোঁতে মূল ভাৱৰীয়া আৰু নতুনকৈ ভাও লোৱাসকলে ভাওনাভাগত নিখুঁতভাৱে ভাও দিবলৈ শৰাই-শলিতা দি ৰাইজৰ আশীৰ্বাদ লয়। ভক্তপ্ৰাণ লোকেও ব্যক্তিগতভাৱে শৰাই, ভোগ আদি আগবঢ়াই আখৰাত অংশ লয় আৰু ভাওনাভাগৰ সফলতা কামনা কৰে। ভাওনাৰ পূৰ্বসন্ধ্যা ‘গন্ধোৎসৱ’ পাতে। সেইদিনা গোটেই গাঁওখনৰ ৰাইজে কানি-কাপোৰ তিয়াই, চৰু-হাড়ি ধুই শুচি হয়। গায়ন-বায়ন, সূত্ৰধাৰ, ভাৱৰীয়া, ভকত-বৈষ্ণৱকে ধৰি সমূহ গাঁওবাসী উপবাসে থাকে। বহু ক্ষেত্ৰত গন্ধোৎসৱৰ দিনা গায়ন-বায়নে জোৰাৰ আধা অংশ বজায় আগবঢ়াই থয় যাতে ভাওনাৰ দিনা কম সময়ৰ ভিতৰত গায়ন-বায়ন শেষ কৰিব পাৰে (অৱশ্যে সকলো গাঁৱৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়)। ভাওনাৰ দিনা পুৱাৰ পৰা পুৱালৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাওনাৰ দিনা প্ৰাতঃপ্ৰসংগ, মধ্যাহ্ন প্ৰসংগ আৰু বিয়লি বা সান্ধ্য প্ৰসংগৰ আয়োজন কৰা হয়। ভাওনা উপভোগ কৰিবলৈ একাধিক গাঁৱৰ খেল বা প্ৰাথমিকক আনুষ্ঠানিকভাৱে গুৱা-পাণৰ টোপোলা আগবঢ়াই আমন্ত্ৰণ কৰা হয়। আমন্ত্ৰিত খেলটোৱে উদ্যোক্তা খেলে সন্মানেৰে আগৱঢ়োৱা গুৱা-পাণৰ টোপোলা গ্ৰহণ কৰি আমন্ত্ৰণ ৰক্ষা কৰে। ভাওনাৰ দিনা সন্ধ্যা আমন্ত্ৰিত খেলৰ ভকতসকল আহি নামঘৰৰ বাটচ’ৰাত উপস্থিত হোৱাৰ লগে লগে উদ্যেক্তা খেলৰ ৰাইজে সমূহীয়াকৈ বাটচ’ৰাতে খোল-তাল সমন্বিতে ঘোষা গাই সেৱা ধৰি আদৰে আৰু হাত-ভৰি ধুৱাই যথাসাধ্য সাদৰ-সন্মানৰে নামঘৰৰ ভিতৰলৈ আনি মুঠা-কথ পাৰি বহুৱায়। উল্লেখ্য যে যিটো আমন্ত্ৰিত খেলৰ ভকতসকল প্ৰথমেই নামঘৰত প্ৰৱেশ কৰে, তেওঁলোকক নামঘৰৰ উত্তৰফালৰ মূল খুঁটাৰ কাষত বহুওৱাটো নিয়ম। আমন্ত্ৰিত খেলৰ সহযোগত সান্ধ্য প্ৰসংগ কৰা হয় আৰু সান্ধ্য প্ৰসংগৰ পাছতেই ভাওনাভাগৰ মূল কাৰ্যসূচী আৰম্ভ কৰা হয় গায়ন-বায়নৰ জোৰাৰে। জোৰা আৰম্ভ হোৱাৰ প্ৰাক্‌মুহূৰ্তত কাঠেৰে নিৰ্মিত ধনুভিৰীয়া ‘অগ্নিগড়’ত নটি প্ৰজ্বলিত বন্তি স্থাপন কৰা হয়। এই নটি প্ৰজ্বলিত বন্তি নবিধ মুখ্য ভক্তিৰ প্ৰতীক। সেইবাবে ইয়াক ‘ভক্তি-প্ৰদীপ’ বুলি কোৱা হয়। এখন শুধ বগা কাপোৰ দুজন ভকতে অগ্নিগড়ৰ সৈতে ধৰি থাকে। মূল গায়নৰ দ্বাৰা “(যেষাং) শ্ৰীমদ্‌ যশোদাসুত পদ কমলে নাস্তিভক্তিৰ্নৰাণাং/ যেষামাভীৰ কন্যা-প্ৰিয় গুণ কথনে নানুৰক্তা ৰসজ্ঞা/ যেষাম শ্ৰীকৃষ্ণ লীলা ললিত গুণ কথা সাদৰো নৈৱ কণোৰ্/ ধিক্‌তান্‌ ধিক্‌তান্‌ ধিগেতান্‌ কথয়তি নিতৰাং কীৰ্তনস্থো মৃদঙ্গঃ” আদ্যশ্লোক (শ্লোকটিৰ পাঠ ড° কেশৱানন্দ দেৱগোস্বামীদেৱৰ ‘অংকীয়া ভাওনা’ পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে) গাই লয়লাস গতিৰে গায়ন-বায়নৰ জোৰা অগ্নিগড়ৰ তলেদি আহি ৰংগমঞ্চত প্ৰৱেশ কৰে। বগা আঁৰকাপোৰখন মায়াৰ প্ৰতীক। এই আঁৰ বা মায়া অতিক্ৰম কৰি বিশুদ্ধ ভক্তিমাৰ্গত উপনীত হোৱাৰ প্ৰতীকৰূপে এই বগা আঁৰকাপোৰখন লোৱা হৈছে। জোৰা প্ৰৱেশৰ লগে লগে দুগৰাকী লোকে দুডাল শকত প্ৰজ্বলিত ‘আৰিয়া’ ধৰি আহে। এই আৰিয়া দুয়োডাল দুবিধ মুখ্যভক্তিৰ প্ৰতীক। গায়ন-বায়নৰ জোৰাই নামঘৰত প্ৰৱেশ কৰি সাত পাক মাৰি সপ্তবৈকুণ্ঠ নমাই আনে। দৰ্শকসকল এই বৈকুণ্ঠৰ পাৰিষদ। বায়নে ওপৰলৈ হাত তুলি ‘ধেই’ শব্দৰে গায়ন-বায়নৰ জোৰা আৰম্ভ কৰে। গায়ন-বায়নৰ বিশেষ ধৰণৰ পোছাক আছে। বায়নে বগা চাপকন, মূৰত পাগ আৰু ঘুৰি অথবা ঠাইভেদে ঠোৰমৰা চুৰিয়া পিন্ধাটো নিয়ম। গায়নজনে চৌকন (হাতদীঘল কঁকালৰ তললৈ পৰা বগা চোলা), মূৰত পাগ আৰু ঠোৰমৰা চুৰিয়া পিন্ধে। মূল গায়ন (বৰগায়ন) আৰু বায়ন (বৰবায়ন)জনে মূৰৰ ওপৰৰ পাগটোত বকুলৰ মালা এধাৰ আৰু কপালত চন্দনৰ ফোঁট ল’ব পাৰে।

গুৰুজনাৰ অনবদ্য সৃষ্টি ‘গায়ন-বায়নৰ জোৰা’ নান্দনিক বৈশিষ্ট্যৰে ভৰপূৰ। গায়ন-বায়নে ভাওনা এভাগত গুৰুঘাট আৰু সুকীয়া ৰাগ-ৰাগিনী আৰু তালৰ আধাৰত সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি আদি কেইবাখনো ধেমালি পৰিৱেশন কৰিব লাগে। প্ৰতিখন ধেমালিৰে পদ সঞ্চালনা আৰু মুদ্ৰা, চাপৰ আদি ভিন ভিন আৰু যথেষ্ট আমোদজনক। গায়নৰ বাওঁহাতে বায়ন থাকে। গায়ন-বায়নৰ জোৰা খোল-তালৰ নৃত্যমূলক অনুষ্ঠান, চালে চকুৰোৱা আৰু মনপৰশা। অসমৰ প্ৰতিখন গাঁও আৰু সত্ৰতে গায়ন-বায়ন আছে। গুৰুজনাই এই গায়ন-বায়নৰ সৃষ্টিও ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেই কৰিছিল। নৃত্য-গীতৰ বাবে বাদ্যৰ প্ৰয়োজন। ‘চিহ্নযাত্ৰা’ কৰাৰ সময়তে গুৰুজনাই অনবদ্য খোল বাদ্যৰ সৃষ্টি কৰিলে। খোলৰ প্ৰতিটো শব্দ ঈশ্বৰৰ স্তুতি প্ৰকাশক। যিকোনো সময়ত খোল-তাল বজাব নাপায়, ডবাও কোবাব নাপায়। ডবাইও ভগৱানৰ নামেই ঘোষণা কৰে। ভাওনা আৰম্ভ, সূত্ৰধাৰ, ভাৱৰীয়াৰ প্ৰৱেশ, নৃত্য-গীত, অভিনয় আদি কামত গায়ন-বায়ন নহ’লেই নহয়। নাট মেলাৰ পৰা সামৰাৰ দিনালৈকে খোল-তালৰ শব্দৰে গাঁওখন ৰজনজনাই থাকে। সৰ্বগুণাকৰ শঙ্কৰদেৱে নিজা চিন্তা-চৰ্চাৰে উদ্ভাৱন কৰা গায়ন-বায়নৰ জোৰা অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ।

জোৰা সামৰাৰ পাছত ডবাত কোব পৰে আৰু প্ৰৱেশ হয় ভাওনাভাগত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সূত্ৰধাৰৰ। মহাপুৰুষ শঙ্কৰদেৱ সৃষ্ট অংকীয়া নাটৰ সূত্ৰধাৰৰ ওপৰত সংস্কৃত ৰূপকৰ সূত্ৰধাৰ, ওজাপালি অনুষ্ঠানৰ মধ্যস্থ ব্যক্তি ‘ওজা’ আৰু যক্ষগানৰ ‘ভাগৱতাৰ’ৰ প্ৰভাৱ পৰিছে। সূত্ৰধাৰৰ প্ৰৱেশৰ লগে লগে ভাওনাৰ প্ৰকৃত অভিনয় আৰম্ভ হয়। সূত্ৰধাৰে ‘ভো ভো সভাসদ সাধুজন’ বুলি দৰ্শক-শ্ৰোতাক সম্বোধন কৰি কৃষ্ণ বা ৰামৰ লগতে ভাওনাৰ আন আন চৰিত্ৰসমূহৰ প্ৰৱেশৰ ঘোষণা কৰে। ভাওনা চলি থকা সময়ছোৱাত সূত্ৰধাৰে একেধাৰে ঘোষক, স্মাৰক, নৃত্য পৰিচালক, নাট নিৰ্দেশক, অভিনেতা, নৰ্তক আদি বিবিধ ভূমিকা পালন কৰে। সূত্ৰধাৰী নৃত্য ভাওনা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ, সৰ্বগুণাকৰ শঙ্কৰদেৱৰ যুগান্তকাৰী সৃষ্টি। সেয়ে সূত্ৰধাৰৰ ভাও লোৱা লোকজন সুগায়ক আৰু সুনিপুণ অভিনেতা হোৱাৰ উপৰিও এজন সুদক্ষ নৃত্যবিদো হ’ব লাগে। সূত্ৰধাৰে ভাওনাথলীত প্ৰৱেশ কৰি খোল-তালৰ ছেৱে ছেৱে নাচি প্ৰথমে ‘নান্দী’ আৰু প্ৰাৰম্ভিক ভটিমা, আবৃত্তিপূৰ্বক মাংগলিক ভক্তিজ্ঞাপক নৃত্য কৰে, তাৰ পাছত প্ৰস্তাৱনাৰে নাটৰ কাহিনী, চৰিত্ৰৰ প্ৰৱেশ, কথোপকথন আদিৰ আঁত ধৰে আৰু অন্যান্য প্ৰকাৰে নাট পৰিচালনা কৰে। নাটৰ শেষত সূত্ৰধাৰে আৰম্ভণিৰ দৰেই গদ্যাংশৰে নাটৰ সমাপ্তি ঘোষণা কৰি অংকীয়া নাটৰ মূলমন্ত্ৰ ভগৱানৰ মহিমা প্ৰচাৰ কৰি সমজুৱাসকলক ভগৱানৰ শৰণাপন্ন হ’বলৈ পৰামৰ্শ দিয়ে। নাটৰ অভিনয়ৰ শেষ পযাৰ্য় হ’ল ‘মুক্তিমংগল ভটিমা’ পৰিৱেশন। নাটখনৰ অভিনয়ৰ পাছত সকলো ভাৱৰীয়া আৰু গায়ন-বায়ন আদিয়ে সকলোৰে কল্যাণ কামনা কৰি মুক্তিমংগল ভটিমা বা কল্যাণ খৰমান পৰিৱেশন কৰে। এই ভটিমাৰ মূল গায়ন হ’ল সূত্ৰধাৰ। সেয়ে সূত্ৰধাৰজন ভাওনাভাগৰ কল্যাণ খৰমান গোৱালৈকে উপস্থিত থাকিব লাগে।

ভাওনা নৃত্য-গীত প্ৰধান অনুষ্ঠান। অংকীয়া নাট-ভাওনাৰ অন্যতম বিশেষত্বই হ’ল ইয়াৰ গীতিধৰ্মিতা। অংকীয়া নাটত তিনিপ্ৰকাৰৰ গীতৰ প্ৰয়োগ হৈছে— ভক্তিপ্ৰধান গুৰুগম্ভীৰ ভটিমা, নাট্য-কাহিনীৰ অংগীভূত গীত আৰু বৰ্ণনাত্মক পয়াৰ। ইয়াৰ উপৰি অংকীয়া নাটৰ যি গদ্য, সেয়া কথিত গদ্য নহয়, বৰং লয়যুক্ত গদ্যহে। এনে গদ্যাংশবোৰ ভাৱৰীয়া বা সূত্ৰধাৰে সুৰ ধৰিহে মাতে। বাক্যবোৰৰ অন্তঃধ্বনিৰ মিল আৰু অনুপ্ৰাসৰ প্ৰয়োগে এক সুকীয়া ভংগীৰ সৃষ্টি কৰিছে। ৰচনাভংগীৰ এনে বৈশিষ্ট্যই অংকীয়া ভাওনাক পৃথকতা দান কৰিছে। ভাওনা বা অংকীয়া নাটৰ ভাষাও মন কৰিবলগীয়া। নাটসমূহত গুৰুজনাই ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছে। ব্ৰজাৱলী এটা কৃত্ৰিম সাহিত্যিক ভাষা। পুৰণি অসমীয়া ভাষাৰ লগত শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ স্থান ব্ৰজধামৰ ভাষাৰ সংযোগত এই ব্ৰজাৱলী ভাষা সৃষ্টি কৰিছিল। মৈথিলী ভাষা ব্ৰজাৱলী ভাষাৰ মূল আধাৰ। এই মৈথিলী ভাষাকে ভিত্তি কৰি অসমীয়া বৈয়াকৰণিক আৰু আভিধানিক ৰূপৰ সংমিশ্ৰণ কৰি ব্ৰজাৱলী ভাষাৰ উদ্ভাৱন ঘটাই গুৰুজনাই বৰগীত আৰু নাটত প্ৰয়োগ কৰিছিল। সুনিপুণ সাহিত্যিক-নাট্যকাৰ, তীক্ষ্ণ সামাজিক চেতনাসম্পন্ন শ্ৰীমন্ত শঙ্কৰদেৱে গীত-নাট আদি ৰচনা কৰোঁতে ঘাইকৈ সমসাময়িক সমাজৰ চহা-হজুৱা, নিৰক্ষৰ দৰ্শকসকলৰ কথা সদায় মনত ৰাখিছিল। অন্যহাতে নাটকীয় সৌন্দৰ্য অক্ষুণ্ণ ৰখাৰ কথাও চিন্তা কৰি মিশ্ৰিত কৃত্ৰিম সাহিত্যিক ভাষা ‘ব্ৰজাৱলী’ক তেৰাই নাট-ভাওনাত ব্যৱহাৰ কৰিছিল, যাতে সৰ্বসাধাৰণ মানুহবোৰেও গদ্য, বচন, বিলাপ, পয়াৰ আদিবোৰ সহজে আয়ত্ত কৰি হৃদয়ঙ্গম কৰিব পাৰে। প্ৰকৃতপক্ষে ‘সূত্ৰধাৰ’ আৰু ‘ব্ৰজাৱলী ভাষা’ক বাদ দিলে ভাওনাৰ বা অংকীয়া নাটৰ নান্দনিক বৈশিষ্ট্য আৰু মাধুৰ্য তেনেই লোপ পাব। ভাওনাৰ সৈতে জড়িত হৈ আছে অসমৰ অন্য এক ঐতিহ্যময় লোককলা— মুখাশিল্প। অসমৰ বহু সত্ৰানুষ্ঠান আৰু গাঁৱত এচাম শিল্পী এই মুখাশিল্পৰ সৈতে বৰ্তমানেও জড়িত হৈ আছে। ভাওনাৰ বিভিন্ন চৰিত্ৰত ভিন ভিন মুখা ব্যৱহাৰ কৰা হয়। আকৌ ভাওনাৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা ভাৱৰীয়াসকলৰ সাজসজ্জা আৰু ৰূপসজ্জাৰ বাবেও এচাম শিল্পীয়ে পূৰ্বতে মুখত হেঙুল, হাইতাল, পিঠাগুৰি চন্দন, গেৰুমাটি আদিৰ প্ৰলেপ সানি ৰং-বৰণ ঘঁহি চৰিত্ৰানুযায়ী পোছাক পিন্ধাই ভাৱৰীয়াসকলক সজাই-পৰাই তুলিছিল যদিও বিগত প্ৰায় তিনি-চাৰি দশকমান পূৰ্বৰে পৰা বজাৰত কিনিবলৈ পোৱা বিভিন্ন কোম্পানীৰ গম, কেফিয়াৰ, বিভিন্ন ৰং-বৰণ, মাইকা আদিৰ লগতে দূৰদৰ্শনৰ হিন্দী ধৰ্মমূলক বিভিন্ন ধাৰাবাহিকৰ আৰ্হিত পোছাক তৈয়াৰ কৰি ভাৱৰীয়াসকলক সজাই তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সি যি কি নহওক, এই মুখা বা ৰূপসজ্জা আৰু সাজসজ্জা ভাওনাৰ এক উল্লেখযোগ্য অংগ হিচাপে পৰিগণিত। এই সকল শিল্পীৰ অবিহনে ভাওনা এখন পতাটো কাহানিও সম্ভৱ নহয়।

ভাওনাৰ ৰূপসজ্জা

ভাওনাৰ ৰূপসজ্জা

❧ | আৰু পঢ়ক: নাম-গীত-ভাওনাৰ অমিয়া ৰসেৰে বিঢৌত পৱিত্র ভাদ মাহ

ভাওনা অসমীয়া সমাজ জীৱনৰ এটা অতি পৱিত্ৰ অনুষ্ঠান। অতি নিষ্ঠা, সাত্বিকতা আৰু ভক্তিভাৱেৰে গাম্ভীৰ্যপূৰ্ণ ৰূপত ইয়াক অনুষ্ঠিত কৰা হয়। অসমৰ গাঁৱে গাঁৱে থকা নামঘৰ-সত্ৰসমূহত অনুষ্ঠিত কৰা এই ভাওনা অনুষ্ঠানক ৰাইজে সেৱা হিচাপে গ্ৰহণ কৰে আৰু পৱিত্ৰভাৱে মান্যতা দিয়ে। নৱবৈষ্ণৱ জাগৰণৰ আন আন পৰম্পৰা, কলা-শিল্প-সংস্কৃতি বা অনুষ্ঠানৰ দৰেই এই ভাওনাইও ইতিহাসৰ বিভিন্ন প্ৰতিকূল পৰিস্থিতিক নেওচি যোৱা পাঁচশ বছৰৰো অধিক কাল এক অবিচ্ছিন্ন প্ৰবাহ হিচাপে, এক ঐতিহ্যময় নাট্যকলা ৰূপে চলি আহিছে। আমি নিশ্চিত যে অসমীয়া জাতি, অসমীয়া সমাজ জীয়াই থকালৈকে যিদৰে গুৰুজনা জীয়াই থাকিব, তেনেদৰেই অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিটো নামঘৰত গাঁৱলীয়া সামাজিক জীৱনৰ পৱিত্ৰ ধৰ্মসাধনাৰ অংগ হিচাপে, জাতিটোৰ গৌৰৱোজ্জ্বল সংস্কৃতি হিচাপে ভাওনাও অনন্তকাললৈ প্ৰৱাহিত হৈ থাকিব।

ছবি: পল্লৱপ্ৰাণ গোস্বামী

ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook