ৰাণুমণি বৰাৰ কবিতা

প্ৰকাশ: ১৪ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

spl poem 100111হৃদয়ৰ পৰা হৃদয়লৈ

হৃদয়ৰ শূন্যতা পূৰাবলৈ প্ৰয়োজন
আন এখন মৰমেৰে পলসুৱা হৃদয়

ভগা কলিজা জোৰা লগাবলৈ
প্ৰয়োজন উমাল সান্নিধ্যৰ
যাক কোনো মূল্যৰে জুখিব নোৱাৰি

সংকীৰ্ণতাৰ ঠেক কুঠৰীৰ পৰা
উত্তৰণ সম্ভৱ হয় উদাৰতা,
হৃদয়ৰ আকুলতাৰে
বিশালতাৰ বক্ষলৈ।

সস্নেহ সান্নিধ্যৰ সোণালী সূতাৰে
সেতু গঢ়িব পাৰি হৃদয়ৰ পৰা হৃদয়লৈ

দুৰ্লংঘ্য প্ৰাচীৰকো হেলাৰঙে নেওচিব পাৰি
হৃদয় অভিমুখী যাত্ৰাৰ সংকল্পৰে।

নীলা চৰাই . জুলাই ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts