ভূপেন হাজৰিকাৰ ‘নতুন পুৰুষলৈ এখনি সৰু চিঠি’

মৰমৰ নতুন পুৰুষ,
আজি ২৬ জানুৱাৰীৰ দিনা (১৯৭১ চন) দুটি কথা পাতোঁ একেলগে বহি। ‘নতুন পুৰুষ’ শব্দ দুটি ‘নীলাচল’ পত্ৰিকাৰ সুন্দৰ আৱিষ্কাৰ। New Generation-অৰ অনুবাদ মোৰ ভাল লাগে। ভাল লাগে এই বাবেই যে শব্দ দুটাই আমাৰ মানসপটলৈ আনে এখনি নতুন মুখ। এই শব্দ দুটা শুনিলেই সহস্র সহস্র নতুন মুখ সামূহিকভাৱে দেখোঁ সঁচা; কিন্তু তাৰ মাজৰ পৰাই আপোনাৰ এখন মুখ মোৰ সন্মুখলৈ আহে। আপোনাক ‘আপুনি বুলিছোঁ, আপুনি এতিয়া পূর্ণবয়স্ক নাগৰিক বাবে। মৰমেৰে ‘তুমি’ বুলি সম্বোধন কৰিলে আপুনি ক্ষুব্ধ নহয় বুলিও আমি জানো। কিয়নো, এতিয়াও অসমৰ নতুন পুৰুষৰ ৰুচি মার্জিত। ওচৰৰ ৰাজ্য এখন নতুন পুৰুষৰ দৰে নিজৰ পিতৃ বা উপাধ্যক্ষক পিছফালৰ পৰা ছুৰী মাৰি মাৰি হত্যা কৰা বা অন্য মতাৱলম্বী যুৱকৰ মূৰৰ লাওখোলা বোমাৰে চূৰ্ণ কৰাটো মহাবিপ্লৱ বুলি অসমৰ আপুনি অন্ততঃ এতিয়াও ভবা নাই। হয়তো কোনোৱে ভাবিছে। তেওঁলোকৰ সংখ্যা নিচেই কম। এইটোও জানো যে নতুন পুৰুষ খঙাল হৈ উঠিছে। এইটোও জানো যে পুৰণি পুৰুষৰ কাৰ্যকলাপ, মূল্যবোধ সকলোবোৰতে আপনি কেৰোণ পাইছে। পুৰণি পুৰুষৰ মাজত যদি কিছু ‘ভাল’ আপুনি পাইছিলে, তথাপি ‘বেয়াখিনি’ৰ অনুপাতে ই ইমান কম যে আপনি সেই ভালকণক গণ্য কৰিবলৈ স্বাভাৱিকতে টান পাইছে। নতুন পুৰুষে এই কথা উপলব্ধি নকৰিলেও নম্ৰভাৱে সোঁৱৰাই দিয়া ভাল হ’ব যে পুৰণি পুৰুষৰ মাজতো এনে অসংখ্য পুৰুষ আছে— যি নতুন পুৰুষৰ এই খঙক সন্মান কৰে। কাৰণ, সেই পুৰণি পুৰুষসকলৰ বিশ্লেষণ-জ্ঞানত এতিয়াও মামৰে নাই আৰু আপুনি আজিৰ নতুন পুৰুষ। কাইলৈ আপুনিও হৈ যাব পুৰণি পুৰুষ, আপোনাতকৈ সৰু ভাই-ভনীচামৰ চকুত। এতিয়া থকা ৰাজনৈতিক দলসমূহৰ মতি-গতি, কার্যকলাপ দেখিও নতুন পুৰুষ হতাশ হয়। বাকী থাকেগৈ ৰক্তাক্ত বিপ্লৱৰ বাবে হত্যৰ পথ। আকৌ বুৰঞ্জী মনত পৰে।

১৯২৪ চনৰ পৰা ১৯৪৬ চনলৈ সুদীর্ঘ একুৰি দুবছৰ ৰাইজক শিকাই শিকাই মাও চে তুঙে চীনত বিপ্লৱৰ বিস্ফোৰণ আনিলে। তাকো সম্ভৱপৰ হ’ল চীনৰ সমগ্ৰ চৰকাৰী সৈন্যবাহিনীক তেওঁৰ পাৰ্টিয়ে হাত কৰি পেলোৱাৰ পাছতহে। এনে গ্ৰেট মাৰ্চ বা বৃহৎ সমদল এটা মণিপুৰৰ পৰা দ্বাৰকালৈ ভাৰতত এতিয়াই হ’ব পৰা অৱস্থা হৈছেগৈ বুলি সকলো বাস্তৱবাদী ৰাজনৈতিক বিশেষজ্ঞই এতিয়াও ভাবি উঠিব পৰাগৈ নাই। ভাবিব পাৰি মাথোঁ এইটোহে যে নতুন পুৰুষে ভাৰতৰ এই দুৰৱস্থা শেষ কৰাত নিশ্চয় আগভাগ ল’ব লাগিব। যদি হত্যাৰ পথ আৰু আত্মহত্যাৰ পথ দুটা সকলোৰে বাবে গ্রহণযোগ্য নহয় (হোৱাও নাই), তেন্তে সংসদী গণতন্ত্রৰ পৰিৱেশত নতুন পুৰুষে মাথোঁ ভোট দি সমাজ সলাব পাৰিব নেকি?

১৮ বছৰ বয়সৰ পৰা ভোটাধিকাৰ পোৱা হ’লে ভাৰতৰ নতুন পুৰুষৰ শক্তি বিৰাট হ’লহেঁতেন। ইংলণ্ডৰ দৰে ভাৰতৰ নতুন পুৰুষে এই অধিকাৰ এতিয়াও পোৱা নাই। পাইছে ২১ বছৰ বয়সত পৰা নতুন পুৰুষেহে! ইন্সিটিউট অব পপুলেশ্বন ষ্টাডিজৰ মতে— ভাৰতত এইবাৰ ২৭ কোটিজনে ভোট দিব পাৰিব। তাৰে ৪ কোটিজন নতুন পুৰুষ, যাৰ বয়স ২১-ৰ পৰা ২৪ বছৰৰ ভিতৰত। এই নতুন পুৰুষৰ অধিক ভাগে ৰোগাক্রান্ত সংসদী গণতন্ত্রৰ ওপৰত বিশ্বাস বহুখিনি হেৰুৱাইছে, যদিও নিজে ভোটাধিকাৰ পোৱাৰ প্রতি সজাগ হৈছে। বিশ্লেষণ কৰিব পৰা নতুন পুৰুষে সেই শক্তিখিনি নিশ্চয় পেলাই নিদিয়ে। যদি পেলাই নিদিয়ে, আমাৰ বিশ্বাস হয়, নতুন পুৰুষে এই নৱলব্ধ গণতান্ত্রিক শক্তি ভোটাধিকাৰৰ (পুৰণি পুৰুষৰ বহুতৰে দৰে) নিশ্চয় অপব্যৱহাৰ নকৰে। তেওঁলোকৰ স্মৃতিশক্তিৰ আৰম্ভণিৰ পৰা (যাৰ জন্ম ১৯৪৭ চনৰ আশে-পাশে) যোৱা তেইশ বছৰে যি যি সমাজত ঘটা দেখিলে, তাৰ পটভূমিকাত তেওঁলোকে নিজক জুখি চাব পৰা শক্তি আছে। অসমৰ নতুন পুৰুষৰ বিশ্বদর্শনো আছে আৰু থলুৱা দৰ্শনো আছে; দুয়োটাৰ নেতিবাচক সংঘর্ষ নোহোৱাকৈ আগুৱাব পৰা মন এটাও নিশ্চয় আছে। আপুনি অসমৰ নতুন পুৰুষ, আপোনাৰ ভাষা, কৃষ্টি, ধর্ম বেলেগ বেলেগ হ’ব পাৰে, তথাপি আপুনি আমাৰ নিচেই আপোন। আপোনাৰ নোপোৱাৰ বেদনা, প্ৰকৃত শিক্ষা নোপোৱা, প্রকৃত চাকৰি নোপোৱা, প্রকৃত মথাউৰি নোপোৱা, প্রকৃত উদ্যোগ নোপোৱা, শোষণকাৰীৰ হাতৰ পৰা মুক্তি নোপোৱা, প্রকৃত প্রতিনিধি নোপোৱাৰ এই বেদনাসমূহে আপোনালোকৰ কেঁচা পৱিত্ৰ মনত যেনেদৰে দুখ দিয়ে, যিদৰে আপোনালোকক ক্রোধান্বিত কৰে, যিদৰে ধৈৰ্যহীন কৰি তোলে, তাৰ পৰিপ্ৰেক্ষিতত এই ক্ষুদ্ৰ চিঠিখন লিখিলো।

উদেশ্য: উপদেশ নহয়।
উদ্দেশ্য: এটা Loud thinking-হে। এটা বিশ্লেষণহে। পথ আৰু পন্থা আপোনালোকে নিজেই বাছি লোৱাৰ যোগ্য।

| আৰু পঢ়ক: শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ ‘যদি জীৱনে কান্দে নাই নাই বুলি’

আপোনালোকৰ মাজত এলাহ বা হতাশা দেখা কথাটো আমি ভাবিবই নোৱাৰোঁ। বোধ হয়, অমাৰ নিজৰ সৰু ভাই-ভনীহঁতৰ চকুত আমি স্বাভাৱিকতে বিচাৰোঁ আগত দিনৰ বাবে চিৰ-উৎসাহী হাঁহি আৰু চিৰ-উদ্যোগী কার্যাবলী। কাৰণ, আপোনালোকেই হ’ল দেশমাতৃৰ মনৰ নতুন জ্যোতি আৰু নয়নৰ উজ্জ্বল মণি।

(আমাৰ প্ৰতিনিধি, একাদশ বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী ১৯৭১)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of