য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’

য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’
  • 27 Jul, 2020

ঢ়িবলৈ বিশেষভাৱে হেঁপাহ থকা কিতাপ এখন পঢ়াৰ সমান সুখ আন একো হ’ব নোৱাৰে। কলেজত পঢ়ি থাকোঁতেই য়েছে দৰজে ঠংচিদেৱৰ পৰিচয় পাইছিলো আৰু তেখেতৰ অন্যতম উপন্যাস এখনৰ নামটো শুনিয়েই উপন্যাসখন পঢ়িবলৈ বিশেষ আগ্ৰহ অনুভৱ কৰিছিলো। উপন্যাসখন হ’ল বনলতা প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা ‘শৱ কটা মানুহ’। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে উপন্যাসখন ‘সাদিন’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। কিতাপ ৰূপে পঢ়াৰ আগতে ‘শৱ কটা মানুহ’ৰ কাহিনীটো ৰেডিঅ’ত ধাৰাবাহিকভাৱে শুনিবলৈ পাইছিলো আৰু তেতিয়াৰ পৰাই উপন্যাসখন খৰচি মাৰি পঢ়িবলৈ হেঁপাহ কৰিছিলো। সেই হেঁপাহ অতি সোনকালেই পূৰ হ’ল আৰু কিতাপখন মোৰ হাতত আহি পৰিল।

ঔপন্যাসিকে পাতনিত উল্লেখ কৰা মতে, উপন্যাসখনত ঐতিহাসিক কাৰণত সন্নিৱিষ্ট কৰিব লগা হোৱা পৰমপাবন দালাই লামা, তেতিয়াৰ টাৱাং মহকুমাৰ এডিচনেল পলিটিকেল অফিচাৰ মিষ্টাৰ টি কে মূৰ্তি আৰু আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল নিৰঞ্জন প্ৰসাদৰ বাহিৰে বাকী সকলো চৰিত্ৰই কাল্পনিক। ঔপন্যাসিকে চৰিত্ৰসমূহৰ নামকৰণ কৰোঁতে সম্ভৱ অৰুণাচলৰ মনপা জনগোষ্ঠীৰ বিভিন্ন নামৰ আৰ্হি গ্ৰহণ কৰিছিল। কিছু চৰিত্ৰৰ নাম এনেধৰণৰ— দ্যাৰগে নৰবু, গুইচেংমু, ৰিজোম্বা, পেমা, ভাৱাং, গোম্বু, আও থাম্পা, থিনেল, চেংছোম, টাইমু, লামা কাৰচুং, দেচিন, দোৰচোম, য়চুপুনা, চাংদ্ৰাকপা, গৰচুং আদি।

উপন্যাসৰ প্লট সম্পৰ্কে পাতনিত কিছু কথা উল্লেখ কৰা হৈছে। ঔপন্যাসিকে স্পষ্টভাৱে লিখিছে যে টাৱাঙত ঘটা কিছুমান সঁচা ঐতিহাসিক ঘটনাৰ আধাৰত উপন্যাসখন ৰচনা কৰা হৈছে। ১৯৫০ চনত নিধন হোৱা বহুত মনপা মানুহ, ১৯৫২ চনত টাৱাঙৰ প্ৰশাসন তিব্বত চৰকাৰৰ পৰা ভাৰত চৰকাৰলৈ হস্তান্তৰ কৰণ, চীনৰ তিব্বত অধিকাৰ আৰু দলাই লামাৰ টাৱাং জিলাৰ মাজেদি ভাৰতত প্ৰৱেশ, চীনা আক্ৰমণ আৰু সেই আক্ৰমণত বোজা কঢ়িয়াই সীমান্তলৈ যোৱা মনপা মানুহৰ নিধন, দলাই লামাৰ দ্বাৰা চিৰাঙত কালচক্ৰ পূজা ইত্যাদি সঁচা ঘটনাসমূহৰ আলম লৈ লিখা কাহিনীৰে উপন্যাসখনক সফল ৰূপ প্ৰদান কৰা হৈছে।

এজন শৱ কটা মানুহক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচনা কৰা হৈছে। এই শৱ কটা মানুহজনৰ নাম আছিল দ্যাৰগে নৰবু ওৰফে আও থাম্পা। মনপা সমাজত এই শৱ কটা কামটো তীৰ্থ কৰি অহা পুণ্যৰ সমান বুলি পৰম্পৰাগতভাৱে মানি থকা হৈছে। মনপাসকলৰ বিশ্বাস মতে মৰা মানুহক টুকুৰা টুকুৰ কৰি কাটি নদীত উটুৱাই দিলেহে মৃতকৰ আত্মাই সদ্গতি লাভ কৰে। মৃতদেহৰ টুকুৰা কৰাৰো বিশেষ নিয়ম আছিল। মৃতদেহবোৰ এশ আঠ ভাগ সমান জোখৰ টুকুৰা কৰাৰ নিয়ম মনা হৈছিল।

সৰুৰে পৰা একেলগে খেলি-ধূলি ডাঙৰ হোৱা ৰিজোম্বা আৰু দ্যাৰগেৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ৰিজোম্বাই একো কথা বুজি নোপোৱা সময়ৰে পৰাই দ্যাৰগে নৰবুৰ সৈতে বিয়া হোৱাৰ হেঁপাহ কৰিছিল। কিন্তু সময়ত বিয়াৰ মঙল চোৱাবলৈ দলাই লামাৰ ওচৰলৈ যাওঁতেই লামাই সেই বিয়া অসম্ভৱ বুলি কোৱাত সকলো থানবান হৈ পৰিল। দুৰ্ভাগ্যক্ৰমে সেই সময়তে হোৱা চীন-ভাৰতৰ যুদ্ধত দ্যাৰগে আপোন মানুহৰ পৰা বিচ্ছিন্ন হৈ পৰিল। সেই ঘটনাতেই ভৰিত গুলি লাগি ৰিজোম্বাৰ মৃত্যু হ’ল বুলি সকলোৱে মানি ল’লে। ঘটনা-দুৰ্ঘটনাৰ মাজেৰে দ্যাৰগে নৰবুৱে নিজৰ চেতনা হেৰুৱাই বলিয়াৰ দৰে নিজৰ মাকক জীৱন্ত অৱস্থাতে কাটি টুকুৰা টুকুৰ কৰি কুকুৰক খুৱায়।

তেজপুৰত কিছু দিন থকাৰ পাছত গুইচেংমুৰ সৈতে দ্যাৰগেৰ বিয়া সম্পন্ন হয়। তেওঁলোকৰ এজনী আঁকৰী ছোৱালী জন্ম হ’ল। দৈৱক্ৰমে তাইৰ নাম দেউতাকে ৰিজোম্বা থ’ব লগাত পৰিল। দ্যাৰগেৰ এসময়ৰ প্ৰেয়সীৰ নামেৰে জীয়েকৰ নামকৰণ কৰাক লৈয়ে গুইচেংমুৰ মনত অসন্তোষ। দ্যাৰগেই ৰিজোম্বাক পাহৰিব পৰা নাছিল। শৱ কাটি কাটি জীৱনৰ অধিক বেলা পাৰ কৰাত দ্যাৰগেৰ নিজৰ পত্নী আৰু সন্তানৰ প্ৰতি দায়িত্বক লৈ কিছু উপলব্ধি হ’ল। সেই সময়তে তেওঁ সান্নিধ্য লাভ কৰা আনেচাংগে নোৰলজোবাৰ আগ্ৰহত দ্যাৰগেৰ চিন্তা-চেতনাৰ বহু পৰিৱৰ্তন হ’ল। সময় চক্ৰত সেই আনেচাংগেৰ প্ৰকৃত পৰিচয় পোৱা গ’ল যে সকলোৱে মৃত বুলি ধৰি লোৱা তাহানিৰ ৰিজেম্বাই হ’ল এই আনেচাংগে। আনেচাংগেই দ্যাৰগেৰ আঁকৰী জীয়েকৰ সকলো দায়িত্ব গ্ৰহণ কৰি তাইক শিক্ষিত কৰি তোলে।

জীৱনৰ শেষ কালছোৱাত আনেচাংগে ওৰফে ৰিজোম্বাই তেওঁৰ মৃত্যুৰ পাছত দেহটোৰ সৎকাৰৰ ভাৰ দ্যাৰগেক অৰ্পণ কৰে আৰু কথামতে সময়ৰ আহ্বানত সকলো ধৰ্মীয় ৰীতি-নীতিৰে আনেচাংগেৰ মৃতদেহ সৎকাৰ কৰাৰ পাছত অলৌকিকভাৱে দ্যাৰগেকো নদীৰ বাঢ়নী পানীয়ে জীৱন্ত অৱস্থাতে উটুৱাই লৈ যায়। এনেদৰে দ্যাৰগে নৰবুৰ মৃত্যুৱে উপন্যাসৰ কাহিনীভাগক সফল পৰিণতি প্ৰদান কৰে।

উল্লেখযোগ্য যে এটা সময়ত এই ‘শৱ কটা মানুহ’ৰ ভাব, ভাষা, উপস্থাপন আদিক লৈ কিছু পাঠকে সমালোচনাও কৰিছিল। চাবলৈ গ’লে উপন্যাসখনত ঔপন্যাসিকে এনে কিছু বিৱৰণ দাঙি ধৰিছে, যিসমূহ কিছুমান মানুহে পঢ়িবলৈ অকণমান সংকোচ কৰিব! উদাহৰণস্বৰূপে, গুইচেংমুৰ সৈতে দ্যাৰগেই সংসাৰ কৰাৰ সময়ৰ বিৱৰণলৈ মন কৰিলেই সেই কথাৰ উমান পাব পাৰি— “খোৱাৰ পাছত বৰ্তন ধোৱাৰ কোনো প্ৰয়োজন নাই। খোৱাৰ আগতো বৰ্তন ধোৱাৰ কোনো প্ৰয়োজন নাই। সিহঁতৰ ভাত খোৱা পাত্ৰ, সিহঁতৰ ৰন্ধা-বঢ়া কৰা বৰ্তন কোনেটোৱেই সিহঁতৰ ঘৰত সোমোৱাৰ পাছত এবাৰো পানীত জুবুৰ মাৰি পোৱা নাই। সিহঁতৰ জিভাৰ লেলাউতিৰে খোৱাৰ পাত্ৰবোৰ চিকচিকিয়া হৈ থাকে…। দ্যাৰগে আৰু গুইচেংমুৰ শৰীৰ আৰু গাত পিন্ধা কাপোৰৰো একে অৱস্থা। পানী আৰু চাবোন কেতিয়াও নেদেখা, দুৰ্গন্ধ আৰু ওকণিৰ সাম্ৰাজ্য একো একোটা পোছাক। ৰাতিৰ খোৱা পৰ্ব সামৰাৰ পাছত বাঁহৰ কামি চাচি বন্ধা, ঢাৰিৰ ওপৰত বোবা-কলা ছোৱালাজনীৰ প্ৰসাৱ-পায়খানা লাগি, তাৰ বীৰ্য, ঘৈণীয়েকৰ মাহেকীয়া স্ৰাৱ লাগি লাগি দুৰ্গন্ধময় হোৱা পুৰণা মনপা তুলীখন গুইচেংমুৱে পাৰি লয়…।” গাঁৱৰ মানুহে দ্যাৰগেৰ এই লেতেৰা স্বভাৱৰ বাবে যেতিয়া ঘৃণা কৰে, ৰাতি মদ গিলি আহি মানুহবোৰক চিঞৰি চিঞিৰি গালি পাৰে এনেধৰণে— “গাহৰিবিলাক, লোকৰ উচিষ্ট চেলেকাহঁত, মৰাৰ পাছত তহঁতক কলৈ লৈ যায় মই চাম।… মই কুকুৰ নেকি? পায়খানা-প্ৰসাৱত লেটি-পেটি হৈ থকা গাহৰি নেকি?… মই তহঁতৰ ঘৰৰ ভিতৰত সোমালে খোৱা পাত্ৰ চুৰ কৰিম নেকি? তহঁতৰ মাইকী চুৰ কৰিম নেকি? তহঁতৰ মাইকীবিলাককো এদিন তহঁতে মোৰ হাতত গতাবই লাগিব। উলংগ কৰি তেতিয়া চাই ল’ম সিহঁতকো।…”

❧ | আৰু পঢ়ক: উপন্যাসৰ আলোকত সতী জয়মতী: জুৰী বৰা বৰগোহাঞিৰ ‘নাং-ফা’

এনে কিছুমান পিছপৰা ঠাইৰ বাস্তৱ প্ৰতিচ্ছবি ঔপন্যাসিকে অতি সৰল ভাষাৰে স্পষ্ট ৰূপত উপন্যাসৰ ঠায়ে ঠায়ে চিত্ৰিত কৰিছে। ঔপন্যাসিকে পাতনিত উল্লেখ কৰিছে যে এই শৱ কটা দৃশ্য তেওঁ নিজে চকুৰে দেখা দৃশ্য আছিল। তেখেতে মনপা আৰু চেৰদুকপেন— এই দুই জনজাতিৰ বিষয়ে গৱেষণা কৰি আৰু বাস্তৱ চিত্ৰ প্ৰত্যক্ষ কৰি উপন্যাসৰ প্লটটো গঢ় দিছে। উপন্যাসৰ চৰিত্ৰ চিত্ৰণ, টাৱাঙৰ ভৌগোলিক পৰিৱেশ, কাহিনী চিত্ৰ, জনজাতীয় বিশ্বাস, ৰীতি-নীতি, ভাব-ভাষা আদি বিভিন্ন দিশ খৰচি মাৰি অনুধাৱন কৰিলে একেমুখে স্বীকাৰ কৰিব লাগিব যে য়েছে দৰজে ঠংচিদেৱৰ ‘শৱ কটা মানুহ’ এখন সফল উপন্যাস।

শৱ কটা মানুহ

শৱ কটা মানুহ (উপন্যাস)
লেখক: য়েছে দৰজে ঠংচি
বেটুপাত: ৰবীন বৰুৱা
প্ৰকাশক: বনলতা, পাণবজাৰ, গুৱাহাটী-১
চতুৰ্থ প্ৰকাশ: এপ্ৰিল, ২০১১
পৃষ্ঠা সংখ্যা: ২৪০
মূল্য: ৯০ টকা
ISBN: 81-7339-407-5

য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ | গীতালি কেওট বৰা

Follow Nilacharai on Facebook