বাধ্যতামূলক হিন্দী ভাষা প্ৰসংগ: অসমীয়া ভাষাৰ মৃত্যুঘণ্টা বাজিছে নেকি

বাধ্যতামূলক হিন্দী ভাষা প্ৰসংগ: অসমীয়া ভাষাৰ মৃত্যুঘণ্টা বাজিছে নেকি
  • 10 Apr, 2022
বাধ্যতামূলক হিন্দী ভাষা প্ৰসংগত এজন অসমীয়াৰ শংকা-সংশয়

[ প্ৰসংগ: “অসমকে ধৰি উত্তৰ-পূবৰ ৮খন ৰাজ্যত নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দী ভাষা দশমমান পৰ্যন্ত বাধ্যতামূলক ঘোষণা কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা চৰকাৰী ভাষা বিষয়ক সংসদীয় কমিটীৰ অধ্যক্ষ অমিত শ্বাহে এই ঘোষণা কৰি কৈছে– ‘উত্তৰ-পূবৰ আঠখন ৰাজ্যত এতিয়াৰ পৰা দশম শ্ৰেণী পৰ্যন্ত প্ৰত্যেক শিক্ষাৰ্থী আৰু প্ৰতিখন স্কুলত হিন্দী ভাষা বাধ্যতামূলকভাৱে পঢ়োৱা হ’ব৷ তাৰ বাবে ২২ হাজাৰজন হিন্দী ভাষাৰ শিক্ষকক চাকৰি দি উত্তৰ-পূবৰ আঠখন ৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব৷

উত্তৰ-পূবৰ ৯টা জনজাতিয়ে তেওঁলোকৰ কথিত ভাষা দেৱনাগৰী লিপিলৈ সলনি কৰি ল’ব লাগিব৷ দেশৰ ঐক্যৰ বাবে সকলোৱে এতিয়া হিন্দী ভাষা শিকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ দেশৰ সকলো অঞ্চলতে ভাৰতৰ চৰকাৰী ভাষা শিকোৱা অপৰিহাৰ্য বিষয় হিচাপে গণ্য কৰা হৈছে৷ সেয়ে উত্তৰ-পূবৰ আঠখন ৰাজ্যত এতিয়াৰ পৰা হিন্দী ভাষা বাধ্যতামূলকভাৱে দশম শ্ৰেণী পৰ্যন্ত পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷” (আমাৰ অসম, ৯ এপ্ৰিল ২০২২) ]

আমি হিন্দী নক’লেও হিন্দী ভাষা-সাহিত্যৰ কোনো ক্ষতি নহয়, কিন্তু অসমীয়া ভাষাৰ?

স্বাধীন ভাৰতত আটাইতকৈ বেছি বিকাশ লাভ কৰা ভাষাটোৱেই হ’ল হিন্দী ভাষা। বহু পৰিমানে চৰকাৰী পৃষ্ঠপোষকতা আৰু ভাৰতীয় পুঁজিৰ প্ৰচলনৰ মাজেদিয়েই হিন্দী ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ হৈছিল। পৰিসংখ্যা মতে, হিন্দী প্ৰায় ৫৩ কোটি মানুহৰ ভাষা। মুম্বাইৰ চিনেমা উদ্যোগত ব্যৱহাৰ হোৱা পুঁজি আৰু সৃষ্টিশীল মানুহৰ মিলনত হিন্দী ভাষাৰ পৰিসৰ বহু বৃদ্ধি পালে। হিন্দী চিনেমাৰ সুবাদতে ভাৰত উপমহাদেশৰ বহুলোকেই হিন্দী বুজি পায়, ক’ব পাৰে। এই সকলৰ লগতে সৰু-সুৰা চহৰ-নগৰবোৰতো হিন্দীভাষী ব্যৱসায়ী, উদ্যোগৰ লগত জড়িত লোকসকলে হিন্দী ভাষাৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছে।

সেইদৰে ঊনবিংশ শতিকাত বিকাশ লাভ কৰা বাংলা ভাষাৰো পৰিসৰ অনেক বিশাল। এই পৰিসৰ ক্ষেত্ৰ চুবুৰীয়া বাংলাদেশলৈকে বিস্তৃত। তাৰ বিপৰীতে অসমীয়াৰ দৰে ভাষাৰ পৰিসৰ ক্ষেত্ৰ বহু কম। যদিও ঐতিহাসিকভাৱে অসমীয়া ভাষাই কোচ-কমতা-ডিমাচা-ত্ৰিপুৰা সামৰি লৈছিল আৰু নাগামিজ-নেফামিজৰ ৰূপত পাটকাই ক্ষেত্ৰকো সামৰি লৈছিল, তথাপি সময়ৰ লগে লগে এক জাতীয় ভাষা হিচাপে অসমীয়া ভাষাৰ পৰিসৰ ঘাইকৈ ব্ৰহ্মপুত্ৰ উপত্যকাতেই সীমিত হৈ থাকিল।

সেয়ে অসমীয়া ভাষাৰ কথা লৈ এই ভাষাৰ চাবেক উত্তৰাধিকাৰী হিচাপে আমি চিন্তিত হওঁ, শংকিত হওঁ। এই শংকা বৃদ্ধি পায়, যেতিয়া গাঁথনিগতভাৱেই ভাষাৰ ক্ষেত্ৰ সংকুচিত কৰাৰ বাবে ৰাজনৈতিক পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হয়। (এই শংকা প্ৰকাশ কৰিলেই কেতিয়াবা উগ্ৰ জাতীয়তাবাদী, কেতিয়াবা ঝেন’ফবিক বুলিও কোৱা হয়!)

শেহতীয়াকৈ ২২ হাজাৰ হিন্দী শিক্ষক নিযুক্তিৰে হিন্দী ভাষা সম্প্ৰসাৰণ কৰাৰ উদ্যোগৰ কথা বাতৰিত প্ৰকাশ পোৱাৰ লগে লগে বহুজনেই সংশয় প্ৰকাশ কৰিছে। ই অস্বাভাৱিকো নহয়। যদিও বহু সময়ত এনে কথাৰ আঁৰত ভাৰতৰ সমাগত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে হিন্দী বলয়ত ভাষাকেন্দ্ৰিক আৱেগ সৃষ্টিৰ কৌশল লুকাই থাকিব পাৰে বুলিও ভবা হৈছে। (যেনেদৰে ‘কা’ আইনৰ লগত পশ্চিমবংগৰ নিৰ্বাচন প্ৰসংগ জড়িত হৈ আছিল বুলি কোৱা হয়।) কিন্তু আঁৰত যি কথাই নাথাকক কিয়, এনে পদক্ষেপে যে জাতীয় ভাষা হিচাপে অসমীয়া ভাষাৰ ক্ষতি কৰি যাব, সেয়া ধুৰূপ।

এনে পটভূমিত আমি অসমীয়া মানুহে কি কৰিম? কেৱল প্ৰতিবাদ? শ্বহীদ বৰণ? বিগত ‘কা আন্দোলন’ৰ সময়ত আমি প্ৰতিবাদ কৰিলো যদিও আইন প্ৰণয়ন নোহোৱাকৈ নাথাকিল। বৰং আমিহে ফুলকুমলীয়া যুৱক কেইজনমানক হেৰুৱালো!

কথাবোৰে ভবাই তুলিছে। এবাৰত ভাবোঁ যে মোৰ দৰে সততেই ঢৌত উটি যোৱা, নিজৰ শিপা চিনি নোপোৱা মধ্যবিত্তই ইয়াৰ বাবে দায়ী। নহ’লেনো মোৰ পৰিয়ালটোৱে সততেই বিয়া-বাৰু, সামাজিকতাত হিন্দী চিনেমাত দেখুৱাই থকা উছৱ-পাৰ্বণ, পোছাক-পৰিচ্ছদবোৰকে অনুসৰণ কৰি থাকেনে? ময়ো সন্তানৰ ভাল হোৱাৰ দিবাস্বপ্ন খেদি খেদি সিহঁতক স্বভাষা-স্বসংস্কৃতিৰ শিপাৰ পৰা বিচ্ছিন্ন কৰি তোলোনে?

আনবাৰ আকৌ ভাবোঁ যে চুবুৰীয়া মণিপুৰৰ মেইটেসকলৰ দৰে মই কঠোৰ হৈ উঠিব নোৱাৰোঁনে? মেইটেসকলে যদি দুহেজাৰ বছৰীয়া পুৰণি লিপি পুনৰোদ্ধাৰ কৰি প্ৰতিষ্ঠা কৰিব পাৰে, মইনো মোৰ দুহেজাৰ বছৰীয়া ভাষাক লৈ গৌৰৱ অনুভৱ কৰিব নোৱাৰোঁনে? নিজৰ ভাষাৰ ক্ষেত্ৰত কট্টৰ হ’ব নোৱাৰোঁনে,— মাৰাঠীসকলৰ দৰে, তামিল সকলৰ দৰে?

বিষয়টো গভীৰভাৱে ভাবিলে যি চিত্ৰ মোৰ মনলৈ আহে, সেয়া বৰ সুখকৰ নহয়। জাতি একোটাৰ বৈশিষ্ট্যৰ অন্যতম হ’ল সদৃশ মনস্তাত্বিক গঠন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ঐতিহাসিকভাৱেই একো একোটা ভূখণ্ডত গঢ় লৈ উঠে। অসম ভূখণ্ডও তাৰ পৰা পৃথক নহয়। এতিয়ালৈকে প্ৰাপ্ত লিপি, মুদ্ৰা, লোক-সাহিত্যই প্ৰমাণ কৰিছে যে পাটকাই -লুইতৰ চৌপাশে অসমীয়া ভাষা বিকশিত হৈছিল। ডিমাচাসকলৰ মাইবাং শিলালিপি, ত্ৰিপুৰা ৰজাৰ মুদ্ৰাই এই সাক্ষ্য বহন কৰে।

অসমীয়া ভাষাৰ এই আহল-বহল পটভূমিৰ বাবেই এমেৰিকান মিশ্যনেৰীসকলে ইয়াৰ আপডাল কৰিছিল আৰু কুৰি শতিকাৰ মাজভাগলৈকে এই প্ৰক্ৰিয়া আগবাঢ়িছিল। পাছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত এই প্ৰক্ৰিয়াৰ যতি পৰিল। শদিয়াত প্ৰশিক্ষণ কেন্দ্ৰ পাতি নেফাত অসমীয়া ভাষাৰ বাবে কাম কৰি থকা ইন্দিৰা মিৰি মহাশয়াৰ প্ৰচেষ্টাক আওকাণ কৰি নিশাটোৰ ভিতৰতে অসমীয়া ভাষাক আঁতৰাই দিয়া হৈছিল। সাংবিধানিক বিধিৰ আওতাত সুমুৱাই শতাংশৰ হিচাপেৰে অসমীয়া ভাষাক সংখ্যাগৰিষ্ঠ কৰি ৰখাৰ নামত আন এখন ডেমক্লেচৰ তৰোৱাল ওলোমাই দিয়া হৈছে। শেহতীয়াভাৱে পুনঃপৌনিকভাৱে হিন্দী ভাষাক জাপি দিয়াৰ কথাবোৰৰ মাজতো অসমীয়া জাতিৰ মনস্তাত্বিক গঠন ভাঙি দিয়াৰ কূট কৌশলো জড়িত হৈ আছে নেকি? সেই প্ৰশ্নও জাগ্ৰত নোহোৱা নহয়।

কিন্তু এনে পটভূমিত আমি কৰিব পাৰোৱেই বা কি? নিজৰ পেটৰ পোৱালিকো ‘বেটা’, ‘বেটি’ বুলি ঘৰে-পৰে সম্বোধন কৰা অসমীয়া নামধাৰীসকলক লৈ কিবা কৰিব পৰা যায় নে? সেয়ে নিজৰ মনতেই প্ৰশ্ন হয় যে মোৰ দৰে মধ্যবিত্তই স্বভাষাৰ আৱেগক লৈয়ে অনুভৱ কৰি থকা অথচ প্ৰকাশ কৰিব নোৱৰা ব্যৱস্থাগত সীমাবদ্ধতাৰ মাজতেই ছটফটাই জীৱনৰ বাকীকেইটা দিন প্ৰেচাৰ-চুগাৰৰ টেবলেট খাই পাৰ কৰিব লাগিব নেকি?

❧ | আৰু পঢ়ক:

ফিচাৰড্ ইমেজ: ১৫৭৬ চনত মাইবাঙৰ ডিমাচা ৰজা মেঘনাৰায়ণৰ দিনত খোদিত অসমীয়া লিপিৰ শিলালিপি (মাইবাং শিলালিপি)

বাধ্যতামূলক হিন্দী ভাষা প্ৰসংগ: অসমীয়া ভাষাৰ মৃত্যুঘণ্টা বাজিছে নেকি | ড° ইন্দ্ৰজিৎ বেজবৰুৱা