চেলিব্ৰেশ্বন জিন্দাবাদ
প্ৰকাশ: ২২ জুন, ২০১৮ | অন্তিম সম্পাদনা: ২২ জুন, ২০১৮
আমি পাৰোঁ,
দেউতাৰ কেঁচা ঘামৰ এদিনো কদৰ নকৰি
এটা দিনত কেক্ এটা কাটিব পাৰোঁ
চেলিব্ৰেশ্বন জিন্দাবাদ!
আমি পাহৰিব পাৰোঁ ক’লা দিনবোৰ
আমি পাহৰিব পাৰোঁ আৰ্ত চিঞৰবোৰ
এদিন মম জ্বলাই
সন্তুষ্টি লভিব পাৰোঁ—
আমি জগতক পোহৰালো যুগান্তৰলৈ।
আপোনাৰ মোৰ তেওঁৰ আপডেট খুঁচৰি
মৌ বৰ্ষণ কৰিব পাৰোঁ
অনুসন্ধিৎসু মই, আপুনি, তেওঁ
—প্ৰিয়ংকা চোপ্ৰাৰ সংসাৰ কেনে চলিছে?
—চলমানে বিয়া পাতিবনে?
—দিগন্তই কোন গাঁৱৰ ছোৱালী পলুৱাই আনিলে?
—হনীমুন প্লেন ক’ত কৰিছে দীপিকা পাডুকনে?
এইবোৰ খবৰ ৰাখিব পাৰোঁ আমি!
মিনিটত জ্বলাই চাৰখাৰ কৰিব পাৰোঁ এটা সভ্যতা
ছেকেণ্ডত হত্যা কৰিব পাৰোঁ সোদৰৰ ভাই
তাইৰ বুকুৰ উৰ্ণা খহাই চৰিতাৰ্থ কৰিব পাৰোঁ কামনা
উপৰ্যুপৰি চলি থকা দুৰ্বিসহ সময়ে
আমাক স্তব্ধ কৰিব নোৱাৰে
নিৰ্বাক কৰিব নোৱাৰে,
টলাব নোৱাৰে আমাক লক্ষ্যৰ পৰা
য়েছ, ৱী কেন ডু এনিথিং
মাই লাইফ মাই ৰুলছ্
আপোনাৰ কি যায়?
চেলিব্ৰেশ্বন জিন্দাবাদ!
হয়, আমি পাহৰিব পাৰোঁ
আপোন মাতৃৰ প্ৰসৱ-বেদনা,
কাষৰ গাঁৱৰ ৰংলিনিৰ আৰ্ত চিঞৰ,
ভোকাতুৰ মানুহ এজাকৰ চকু
কাৰোবাৰ কাজল চকুলো…
মনত থাকোঁতেই এটা কাম কৰোঁ আহক,
এটা মিনিট মৌন প্ৰাৰ্থনা কৰোঁ
নিজৰ বাবে
পাহৰি যোৱা ব্যাধিয়ে এইমাত্ৰ হত্যা কৰিলে
আমাৰ বিবেকক…!
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply