সেই নাৰীকেই বিচাৰি যাওঁ

সেই নাৰীকেই বিচাৰি যাওঁ
যাৰ বুকুত এডৰা সেউজীয়া আশা
পানী কঁটালি কঁটালি বৰষুণত
তিতে আৰু বুৰে!
মোৰ দুচকুত মেঘৰ শুকুলা সপোন চপৰা-চপৰে গজে!
ৰ’দজাকে হাতবাউলি মাতি মোক
এটোপোলা জীৱনৰ উম ধাৰলৈ দিয়ে!

সেই নাৰীকেই বিচাৰি যাওঁ
যি ৰ’দত তিতে, বৰষুণত শুকায়
মোৰ শেঁতা আঙুলিত ধৰি মোৰ সৈতেই খোজকাঢ়ে আৰু
তেওঁৰ ছাঁটোৱে মোৰ ছাঁটোক সাৱটি থাকে প্ৰিয়জনৰ দৰে!

কাৰ বুকুত কোনে এজোপা ৰঙাগোলাপ ৰোৱে?
কাৰ চকুত কোনে বিষাদৰ বান দেখে?
এটুকুৰা নীলা আকাশ যাৰ চেতনাত অহৰহ কান্দে
সেই নাৰীকেই বিচাৰি যাওঁ—
যি নোখোলে হৃদয়ৰ বেৰা
যি নিপিন্ধে ভদ্ৰতাৰ ৰঙীন মুখা
আৰু যি আবেলি আবেলি গোন্ধোৱা চুলিবোৰ মেলি দিয়ে
মোৰ গালে-মুখে
সেই নাৰীকেই বিচাৰি যাওঁ বাটে-ঘাটে।

নীলা চৰাই . আগষ্ট ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

লিখন নীল কোঁৱৰ

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰী চাবুৱা

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz