মই ব্যতিক্রম?
নহয়, নহয়।
মই যে মই যে মাথোঁ চিৰন্তন নাৰী
যুগমীয়া ৰহস্যেৰে ভৰা
বিচিত্র বর্ণালীৰ এক সহজ প্রকাশ।
মোৰ বাসনাত কোনো নতুনত্ব নাই;
আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে
মনৰ মজিয়াত মোৰ আল্পনা আঁকে
মোৰ দোষ ক’ত?
মই মাথোঁ কৰি গ’লো
সত্যৰ সহজ স্বীকাৰ।
যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত
সর্বদায় গুপ্ত হৈ থাকে।
হাঁহি উঠে, আৱৰণৰ আঁৰত আমি সকলো উলঙ্গ।
প্রাণৰ পাত্র জানো কেতিয়াবা ভৰে?
যেতিয়া নিজকে ভাবোঁ সৱাতোকে ঐশ্বর্যমণ্ডিতা বুলি
সকলো পাইছোঁ বুলি গর্বিত ভঙ্গীত স্ফীত হৈ উঠোঁ।
সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে
বিদ্ৰূপৰ হাঁহি
ধূৰ্ত এক খেলুৱৈৰ দৰে।
চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকোঁ মই
মোৰ ভৰিৰ তলত থকা দুপতা মাটিতে
আশ্চর্য তথাপি
মোৰ ছাঁয়া যায় আগবাঢ়ি দুহাত প্রসাৰি।
নহ’লেনো ধীৰ স্থিৰ মনীষাৰ ধৰ্ম যুধিষ্ঠিৰ
শাল বৃক্ষ সম যেন দ্বিতীয় পাণ্ডৱ
শৌর্য-বীর্য সৌন্দৰ্যৰ প্ৰতীক অর্জুন
সৌম্য শান্ত, নম্র বীৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ
পাঁচখনি উজ্জ্বল আলেখ্য থাকোঁতেও মনৰ পটত
আৰু এক ছবি আহি দোলে কিয় ঘনে ঘনে
কোনোটি ক্ষণত!
বিচাৰোঁ কর্ণক কিয়? কিয় এই তৃষা জাগে
আকণ্ঠ ভৰি মোৰ থাকোঁতে অমৃত?
এয়া যে মায়াৰ খেলা
দেহী আমি তথাপি কৰোঁ যে বাস
দেহৰ ঊৰ্ধ্বত।
এয়া এক অনুভৱ বিশেষ স্তৰৰ
এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ
সৌন্দর্যই বিভিন্ন স্তৰৰ কঁপায় সুস্থিৰ বক্ষ
প্রতি সৰসৰ।
সৌন্দর্য নহয় মাথোঁ অপৰূপ অবয়ব ভঙ্গী আৰু
সুললিত স্বৰ
সৌন্দর্য লুকাই থাকে বোধ, মেধা, বীৰত্ব,
পাণ্ডিত্য, ব্যক্তিত্ব আৰু
সুঠাম মনৰ কত প্রকাশত।
❧ | আৰু পঢ়ক: তোষপ্ৰভা কলিতাৰ কবিতা ‘দ্ৰৌপদী’ৰ আবৃত্তি আৰু পূৰ্ণ পাঠ
নাৰী মই যুগে যুগে সেই সৌন্দর্যৰে
অক্লান্ত পিয়াসী।
মাতৃৰ সঞ্চয় তৃষ্ণা, লালনৰ মায়া থাকে
অচিনাকি ৰূপ লৈ হৃদয় মাজত:
প্ৰতিটো ৰঙৰে, প্রতি পাহ ফুল যদি
থাকিলেহেঁতেন মোৰ
মৰমৰ, জীৱনৰ সৰু এই বননিখনত।