হিমাৰ সাফল্যই তুলি ধৰা প্ৰশ্নবোৰ

অসংখ্য নঞর্থক খবৰৰ কোলাহলৰ মাজত এটা ইতিবাচক খবৰ— যেন জুলাইৰ জ্বলন্ত দুপৰত হঠাতে আকাশ গোমা কৰি নামি অহা এজাক বৰষুণ আৰু এছাটি বতাহৰ শীতলতা! আক্ষৰিক অর্থতেই জুলাইৰ এটা দিনতে আহিল দেহ-মন সজীৱতাৰে ভৰোৱা সেই খবৰ, দূৰণিৰ ফিনলেণ্ডৰ টামপেৰে বোলা ঠাইখনৰ পৰা। নগাঁও জিলাৰ কান্ধুলিমাৰী নামৰ গাঁওখনৰ এজনী মৰমলগা ছোৱালীৰ বিশ্বজয়ৰ খবৰ!

কান্ধুলিমাৰী গাঁৱৰ এটা কৃষক পৰিয়ালৰ হিমা দাস নামৰ কিশোৰীজনীয়ে বিশ বছৰৰ অনুর্ধ্ব বিশ্ব দৌৰ প্রতিযোগিতাত মহিলা শাখাৰ ৪০০ মিটাৰৰ ইভেণ্টত নামী-দামী দেশৰ প্রতিযোগীক পিছ পেলাই প্রথম স্থান অধিকাৰ কৰিলে। আনকি দেশখনলৈ হিমাৰ জৰিয়তে অহা সোণৰ পদকটো এনেকুৱা খেলত ভাৰতৰো প্ৰথম। সেই ফালৰ পৰা হিমাৰ নামটো ভাৰতবৰ্ষৰ ক্ৰীড়াৰ ইতিহাসত যুগমীয়া হৈৰ’ল। এই মুহূৰ্ততো তাই নিজৰ ৰাজ্যখনৰ ৰাইজ, দেশৰ ৰাষ্ট্রপতি-প্রধান মন্ত্রীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ মূধাফুটা ব্যক্তিসকল আৰু সংবাদ মাধ্যমৰ মৰম, সন্মান আৰু উল্লেখ (Coverage) কাৰ্পণ্যহীনভাৱে পাইছে। এক অবিস্মৰণীয় দৌৰক, বিশেষকৈ শেহৰ ১০০ মিটাৰমানৰ দৌৰৰ ৰুদ্ধশ্বাস উত্তেজনাক দেশখনে আলফুলে হৃদয়ত কঢ়িয়াব।

মাথোঁ দেড় বছৰমান আগৰ পৰাহে এথলেটিকছৰ ট্ৰেকত ভৰি দিয়া হিমা নামৰ ছোৱালীজনী, তাইৰ ঘৰখন আৰু গাঁওখনৰ টুকুৰা-টুকুৰি খবৰবোৰ সংবাদ মাধ্যম আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাইজৰ ওচৰ চাপিছে। সেই খবৰবোৰ আৰু খবৰবোৰৰ নেপথ্যৰ কিছুমান ছবিয়ে আমাৰ মনত প্রত্যয় জন্মাইছে যে ক্ৰীড়াৰ ইতিহাসৰ ব্যতিৰেকেও হিমা দাসৰ নামটো আমাৰ সামাজিক-ৰাজনৈতিক চিন্তাধাৰাৰ মাজতো মোটা আখৰেৰে জিলিকি থকা উচিত। লগতে হিমাৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাসৰ নাম দুটাও।

হিমাৰ অসাধ্যসাধন সফলতা আৰু সেই সফলতাৰ আঁৰৰ কাহিনীয়ে সামাজিক বিষয় কিছুমানৰ প্ৰসংগতো বহুকেইটা ইতিবাচক দিশ, সম্ভাৱনা আৰু আলোচনাৰ দুৱাৰ মুকলি কৰিছে। এখন প্রান্তীয় অসম,— যত এতিয়াও ডাইনী বুলি সবল মানুহে দুর্বল মানুহক হত্যা কৰে, উৰাবাতৰিৰ প্ৰভাৱত সোপাধৰাৰ সন্দেহত তেজাল যুৱকক উন্মত্ত জনতাই পৈশাচিকভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে, অন্ধবিশ্বাস আৰু কু-সংস্কাৰে য’ৰ মানুহৰ দৈনন্দিন জীৱনযাত্রাৰ বহুলাংশ নিয়ন্ত্রণ কৰে, যত ল’ৰা-ছোৱালীৰ বন্ধুত্বক সদায় সন্দেহৰ চকুৰে চোৱা হয় আৰু সমাজ-ৰাজনৈতিক দৃষ্টিকোণৰ পৰা সেই সন্দেহক মান্যতা প্রদান কৰা হয়, য’ত অমুকটো নকৰিবি, তমুকলৈ নাযাবি বুলি মূলতঃ ছোৱালীবিলাকৰ হাত-ভৰি বান্ধি ৰখা হয়, ত’ত হিমাৰ দেউতাকে তাইক ল’ৰাৰ লগত ফুটবল গুৰিয়াবলৈ পঠাইছে! নাযাবি নকৰিবি বুলি ভাৰতীয় পুৰুষতান্ত্রিক মাতব্বৰতা প্রকাশ নকৰি তাইক উৎসাহ দিছে! পথৰুৱা শুকান চপৰা অথবা বোকা-পানীৰ মাজতে হিমাৰ একাগ্র অনুশীলনত তেওঁ হেঙাৰ টনা নাই!

img
অংকন: জয়ন্ত জিৎ বৰা, গোলাঘাট

বিশেষকৈ, আমাৰ গাঁওবিলাকত ছোৱালী এজনী পুষ্পিতা হোৱাৰ দিন ধৰি তাইৰ ওপৰত এক ধৰণৰ নৈতিকতাৰ অত্যাচাৰ আৰম্ভ হয়। কিছু দিনৰ আগলৈকেতো তোলনী বিয়া বোলা অনুষ্ঠানটোলৈকে ফুল কুমলীয়া ছোৱালীজনীৰ ওপৰত দস্তুৰমত শাৰীৰিক অত্যাচাৰো চলিছিল। অস্বাস্থ্যকৰ পৰিৱেশত মাটিত খেৰ পাৰি শুবলৈ দিয়া, বাহিৰলৈ ওলাবলৈ নিদিয়া, লঘোণে ৰখা, পর্যাপ্ত পৰিমাণৰ আহাৰ খাবলৈ নিদিয়া, এটা প্রাকৃতিক পৰিঘটনাক অসংখ্য নিয়ম-কাৰণ, বিধি-নিষেধেৰে এক ভয়ংকৰ টেবু (taboo)ৰ ৰূপ দিয়া হৈছিল। ‘তই অবলা’— এনে ধৰণৰ এটা ‘বাণী’ বিভিন্ন প্রকাৰে আৰু বাৰে বাৰে তাইৰ আগত দোহাৰি ছোৱালীজনীৰ মনটো দুর্বল কৰি পেলোৱা হৈছিল। অসংখ্য প্রবাদ-প্রবচন, উদাহৰণ, কল্পকথাৰে ছোৱালীজনীৰ মনত এই ধাৰণা উভালিব নোৱৰাকৈ গজাই দিয়া হৈছিল— নাৰী পুৰুষৰ অধীন—‘লাও সদায় পাতৰ তল’!

এতিয়াও ছবিখন বৰ বেছি সলনি হোৱা নাই। আংগিক বদলিছে, প্রতিপাদ্য একেই আছে। এনেকুৱা এক হতাশজনক পৰিৱেশৰ মাজত হিমাৰ উত্থান আৰু সাফল্য এক চকু ছাট মাৰি ধৰা উজ্জ্বল ব্যতিক্রম। হিমাৰ প্রথম পছন্দ আছিল ফুটবল। তাইৰ ফুটবল খেলৰ লগ— আটাইকেইটা আছিল ল’ৰা। মোটামোটি ১৩ বছৰমান বয়সৰ পৰা তাই মন পুতি খেলিবলৈ লৈছিল। যেতিয়া দেউতাকক তাই কৈছিল, তাই চিৰিয়াছভাৱে খেলিব বিচাৰে, দেউতাক ৰঞ্জিত দাসে তাইক আন অসংখ্য দেউতাকৰ দৰে বাধা দিয়া নাছিল, কোৱা নাছিল— ল’ৰামখাৰ লগত দৌৰি ফুৰাৰ দৰকাৰ নাই, তাতকৈ চিলাই শিক, মাৰক ৰন্ধা-বঢ়াত সহায় কৰ! এটা গোট ৰাতি এজনী গাভৰু ছোৱালীক পাঁচ-ছটা অনাত্মীয় ল’ৰাৰ লগত কেৰম খেলি থাকিবলৈ দিবলৈ দেউতাকজন, মাকজনী নৈতিকভাৱে সাহসী হ’বই লাগিব; নিজৰ সোতৰ বছৰীয়া (২০১৭) ছোৱালীজনীক নৈতিকভাৱে সাহসী কৰি গঢ়িবই লাগিব। তাইৰ দুচকুৰ মণিত তাইৰ পৃথিৱী জয়ৰ সপোনটোক দেখিবই লাগিব, তাইৰ বুকুৰ ঢপঢপনিটোৰ স্বৰূপ বুজি পাবই লাগিব। তত্ত্ব নাজানিলেও, প্রায়োগিকভাৱে সেইখিনিতেই ৰঞ্জিত দাস আৰু জোনালী দাস বোলা সহজ-সৰল মানুহযোৰা বিপ্লৱী সত্তাৰ অধিকাৰী। আৰু তেওঁলোকৰ ঘৰখন। হিমা আৰু তাইৰ খেলৰ লগৰী ল’ৰাকেইটা, যিকেইটা ল’ৰাই হিমাৰ সাফল্যত পুৰুষ-ইগ’ প্রদর্শন নকৰি আনন্দ কৰিব পাৰে, আনন্দৰ ভাগ ল’ব পাৰে নির্ভেজালভাৱে। কেনে এক প্রেৰণাময় আদর্শ দাঙি ধৰিলে কান্ধুলিমাৰী নামৰ কালিলৈকে অখ্যাত গাঁওখনে!

বহুল আলোচিত ‘নাৰী-পুৰুষৰ অসমতা’ বোলা ধাৰণাটোতো হিমা দাস এক প্রচণ্ড চাবুকৰ কোব। এই কোবটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত হিমাৰ সেই চাৰিশ মিটাৰৰ দৌৰটোৱে আমাৰ সমাজক অনুপ্রেৰিত কৰিব পাৰিবনে? হিমাৰ এই বিশ্ব মানৰ সাফল্যৰ পাছত আমাৰ অসম তথা ভাৰতৰে পিতৃ-মাতৃ বা অভিভাৱকসকলৰ দায়িত্ব বাঢ়িল। নহয়, এই কথা কোৱা নাই যে সকলো পিতৃ-মাতৃয়ে নিজৰ সন্তানক হিমাৰ দৰে দৌৰবিদ কৰিয়েই গঢ়িব লাগিব; কিন্তু সিহঁতৰ বুকুৰ ঢপঢপনিটো বুজি পাবলৈ চেষ্টা কৰিব লাগিব, সিহঁতক নৈতিকতাৰে অত্যাচাৰ নকৰি নৈতিকভাৱে সবল কৰিবলৈ যত্ন কৰিব লাগিব, নাৰী-পুৰুষৰ বৈষম্যৰ খোলাটোৰ পৰা বাহিৰত ডাঙৰ-দীঘল কৰিব লাগিব। ‘বিউতি বক্স’টোৰেহে ছোৱালী ধুনীয়া হয় বোলা এলান্ধুকলীয়া চিন্তাধাৰাক এবাৰো ঘূৰি নোচোৱাকৈ বিসর্জন দিব পাৰিব লাগিব।

| আৰু পঢ়ক: পষ্ট-ট্ৰুথ যুগৰ দুমুখীয়া তৰোৱাল

হিমা আৰু এতিয়া কান্ধুলিমাৰী গাঁওখনৰ এজনী ছোৱালী মাথোঁ নহয়। হিমা এটা সপোন, হিমা এখন দাপোণ। হিমা এক মুক্তিৰ গান, যুক্তিৰ গান। এতিয়া আৰু আপোনাৰ কন্যাকাল পোৱা ছোৱালীজনীক আওপুৰণি প্রবাদ-প্রবচন, কল্পকাহিনী নহয়; শুনাওক হিমাৰ কাহিনী, হিমাৰ প্রেক্ষাপট আৰু তাইৰ উত্থান-সাফল্যৰ কাহিনী— হিমাই কিয় ‘মন যায়’ বুলি আওৰাই থাকে, তাৰ মর্মবাণী।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of