কভিড-অন্ধকাৰৰ জোনাকী পৰুৱা

কভিড-অন্ধকাৰৰ জোনাকী পৰুৱা
  • 30 May, 2021

ভিড-১৯-ৰ দ্বিতীয় লহৰৰ ফলস্বৰূপে দেশৰ জনগণৰ শোচনীয় অৱস্থা আৰু একে সময়তে চৰকাৰৰ দায়িত্বহীনতা, অকৰ্মণ্যতা আৰু চুড়ান্ত অসংবেদনশীলতাই বিশ্বৰ আগতে ভাৰতবৰ্ষক পুতৌৰ পাত্ৰ কৰি তুলিছে৷ অক্সিজেন, ঔষধ, ভেকচিনৰ অভাৱ; হস্পিতেলে হস্পিতেলে অগণন কভিড ৰোগীৰ যন্ত্ৰণা, গংগাৰ বুকুত ভাহি ফুৰা শয়ে শয়ে কভিড ৰোগীৰ মৃতদেহেও শাসকীয় পক্ষক মিছা মতা আৰু গছত গৰু উঠা বক্তব্য দিয়াৰ পৰা বাৰণ কৰিব পৰা নাই৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক হাঁহিয়াতৰ পাত্ৰ কৰি তোলা ভাৰতৰ শাসকীয় পক্ষৰ অসংবেদনশীলতা, স্বৈৰাচাৰী মনোভাৱৰ তুলনা পাবলৈ টান৷ নিউ য়ৰ্ক টাইমচ্, দ্য অষ্ট্ৰেলিয়ান, দ্য গাৰ্ডিয়ান, দ্য লেনচেট আদি বিদেশী কাকত-আলোচনীত ভাৰতৰ কভিড-পৰিচালনাৰ অনেক দোষ-ত্ৰুটি আঙুলিয়াই দিয়াৰ উত্তৰত আত্ম-সমালোচনাৰ পৰিৱৰ্তে ভূৱা ৱেবচাইট খুলি চৰকাৰক ৰক্ষণাৱেক্ষণ দিয়াৰ প্ৰচেষ্টাহে দেখা পোৱা গৈছে৷ ‘অষ্ট্ৰেলিয়ান’ৰ প্ৰবন্ধক মিছা বুলি কʼবলৈ গৈ ভাৰতীয় ৰাষ্ট্ৰদূত হাঁহিয়াতৰ পাত্ৰ হৈছে৷ দেশৰ কটা যোৱা নাক খাৰণি দি ঢাকিবলৈ কৰা এই ধৰণৰ প্ৰচেষ্টা নিৰ্বুধিতাৰ নামান্তৰ৷ এনে এক মানৱীয় বিপৰ্যয়ৰ মাজতো কিন্তু ‘মোদী মহল’ বুলি চছিয়েল মিডিয়াত আখ্যা পোৱা বিশ হাজাৰ কোটি টকীয়া চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম চলিয়েই আছে আৰু চলিয়েই থাকিব বুলি কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্প হৈ আছে৷ সেয়া বোলে অত্যাৱশ্যকীয় সেৱা! দেশ মানে এতিয়া মানুহ নহয়,— দেশ মানে এতিয়া ঘৰ-দুৱাৰ, চুপ্ৰিম লিডাৰৰ ভাবমূৰ্তিৰ সৰ্বতোপ্ৰকাৰ সুৰক্ষা আৰু চেণ্ট্ৰেল ভিস্তা!

ইমান অন্ধকাৰৰ মাজতো মুস্তিমেয় কিছু মানুহে মানৱীয়তাৰ টিপ চাকি একোটাৰে চৌপাশ পোহৰ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ চৰকাৰী আগ্ৰহত চৰকাৰক সুৰক্ষা দিবলৈ তৰিৎ গতিত টুইট কৰিবলৈ অহা বলিউডী প্ৰথম শাৰীৰ নায়ক আৰু ক্ৰিকেটৰ ভগৱান-দেৱতাসকলক এই সময়ত জনগণৰ পক্ষত নেদেখিলেও অভিনেতা চনু সুদক কভিডৰ প্ৰথম লহৰত দেখা পোৱাৰ দৰে এইবেলিও সক্ৰিয় ৰূপত দেখা পোৱা গৈছে৷ কভিডৰ প্ৰথম লহৰৰ বেলিকা নভবা-নিচিন্তা লকডাউনৰ ফলস্বৰূপে দিশহাৰা হোৱা স্থানান্তৰিত শ্ৰমিকক নিজৰ ঠাইলৈ পঠোৱাৰ ক্ষেত্ৰত চনু সুদে লোৱা ভূমিকা দেশৰ জনগণে মনত ৰাখিব৷ এইবাৰত চনুক ৰোগীসকললৈ অক্সিজেন, ঔষধ আদি যোগানৰ বাবে সক্ৰিয় হৈ থকা দেখা পোৱা গৈছে৷ অভিনেত্ৰী ভূমি পেডনেকাৰক কভিড ৰোগীলৈ সহায় আগবঢ়োৱা দেখা পোৱা গৈছে৷ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভিক এটা দলৰ সহযোগত ৰাতিক দিন কৰি অক্সিজেন, ঔষধ, খাদ্য আদিৰে মানুহক সহায় কৰি থকা দেখা পোৱা গৈছে৷ মৃত ৰোগীৰ সৎকাৰতো তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে৷ টুইটাৰ খুলিলেই সহায় বিচাৰি শ্ৰীনিৱাসক টেগ কৰা অলেখ টুইট দেখিবলৈ পোৱা যায়৷ আনকি দুখন ৰাষ্ট্ৰ— নিউজিলেণ্ড আৰু ফিলিপিনচৰ হাইকমিছন আৰু দূতাবাসেও অক্সিজেন বিচাৰি চৰকাৰক নহয়, শ্ৰীনিৱাসকহে অনুৰোধ জনাইছিল আৰু তেওঁলোকেও সহায় কৰিছিল৷ পিছে চছিয়েল মিডিয়াত এই লৈ আলোচনা হোৱাৰ অব্যৱহিত সময়ত সহায় বিচৰা টুইট দূতাবাসে মচি পেলাইছে৷ চছিয়েল মিডিয়াত সন্দেহ কৰা মতে চৰকাৰৰ হেঁচা বা কূটনৈতিক কাৰণত টুইট মচি পেলোৱা হৈছে৷ শেহতীয়াকৈ দিল্লী পুলিচে শ্ৰীনিৱাসক সোধ-পোছ কৰিছে বুলি খবৰ প্ৰকাশ হৈছে৷ মানুহক সহায় কৰক চাৰি, সোঁপন্থীসকলৰ দ্বাৰা চছিয়েল মিডিয়াত শ্ৰীনিৱাসক লঘু কৰিবলৈ অনেক চেষ্টা চলিছে৷ এৰা, কটা যোৱা নাকত খাৰণিৰ ঢাকোনৰ প্ৰয়াস!

মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতা-ধেমাধৰা, আই টী চেলৰ অনেক প্ৰচাৰ-অপপ্ৰচাৰ, প্ৰপাগেণ্ডা, চৰিত্ৰ হনন, ননচেন্স টক, ষ্টুপিডিটিৰ অন্ধকাৰ আৰু কʼৰোনা-কালৰ ঘনঘোৰ অন্ধকাৰৰ মাজতো এইদৰেই কিছুমান অনুভৱী জোনাকী পৰুৱাই পোহৰ বিলাবলৈ অহোপুৰুষাৰ্থ কৰিছে৷ এইসকলৰ ভিতৰৰ এটি ৯ বছৰীয়া কন্যাশিশুৰ ভূমিকাই আশ্চৰ্যচকিত কৰিছে৷ বিস্ময়-বালিকা বুলি কোৱা ভাল হʼব নে দেৱদূতী বুলি কোৱা ভাল হʼব! নাম তাইৰ লিচিপ্ৰিয়া কাঙুজম৷ ভাৰতৰ গ্ৰেটা থুনবাৰ্গ বুলি আখ্যা পোৱা মণিপুৰী লিচিপ্ৰিয়া বৰ্তমানে দিল্লীত থাকে৷ ‘ভাৰতৰ গ্ৰেটা থুনবাৰ্গ’ কিয়? লিচিপ্ৰিয়া মূলতঃ এক পৰিৱেশকৰ্মী,— বিশ্বৰ সৰ্বকনিষ্ঠ পৰিৱেশকৰ্মীসকলৰ অন্যতম৷ ২০১৬ চনত মণিপুৰৰ পৰা দিল্লীলৈ যোৱাৰ পাছত তাৰ উদ্বেগজনক প্ৰদূষণ প্ৰত্যক্ষ কৰি আৰু সেই বছৰেই ওড়িশালৈ স্থানান্তৰিত হৈ টিটলি ঘূৰ্ণীবায়ুৰ মুখামুখি হৈ আৰু পৰৱৰ্তী ২০১৯ চনত ফানি ঘূৰ্ণিবায়ু দেখি লিচিপ্ৰিয়া জলবায়ু-সলনি আৰু পৰিৱেশ সম্পৰ্কে সচেতন হৈ উঠে৷ পৰিৱেশ অধ্যয়নৰ এগৰাকী ছাত্ৰ লিচিপ্ৰিয়াৰ দেউতাকৰ প্ৰত্যক্ষ প্ৰভাৱত লিচিপ্ৰিয়াই জলবায়ু সলনিৰ কুফল সম্পৰ্কে গভীৰভাৱে অনুভৱ কৰিবলৈ লয় আৰু এই সম্পৰ্কে মাত মাতিবলৈ লয়৷ ২০১৮ চনত মঙ্গোলিয়াত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ সম্পৰ্কীয় সন্মিলনত লিচিপ্ৰিয়াই ভাগ লʼবলৈ সুযোগ পায়৷ ইয়াৰ পাছৰে পৰা সক্ৰিয়ভাৱে লিচিপ্ৰিয়াই বিভিন্ন পৰিৱেশ সম্পৰ্কীয় সভা আৰু প্ৰতিবাদত অংশ লৈ আহিছে৷ ২০১৯ চনত তেওঁ স্পেইনৰ মাদ্ৰিদত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰে৷ লিচিপ্ৰয়াই ইতিমধ্যে ৩২খন দেশ ভ্ৰমণ কৰি প্ৰায় ৪০০ অনুষ্ঠান-সন্মিলনত নিজৰ বক্তব্য উপস্থাপন কৰিছে৷ ভাৰতত জলবায়ু সম্পৰ্কীয় আইন গ্ৰহণ কৰাৰ দাবীত তেওঁ সংসদৰ সমুখত নিয়মীয়াকৈ প্ৰতিবাদ প্ৰদৰ্শন কৰি আহিছে৷ লিচিপ্ৰয়াই ইতিমধ্যে বিশ্ব শিশু শান্তি পুৰস্কাৰ (২০১৯), এ পি জে আব্দুল কালাম শিশু বঁটা (২০১৯), নবেল নাগৰিক বঁটা (২০২০), ৰাষ্ট্ৰীয় যুৱ দিৱস বঁটা (২০২১) আদি কেইবাটিও পুৰস্কাৰ-সন্মান লাভ কৰিছে৷

লিচিপ্ৰিয়া কাঙুজম

লিচিপ্ৰিয়া কাঙুজম। Image courtesy: Twitter/LicypriyaK

ভাৰতত কভিড-১৯ৰ দ্বিতীয় ঢৌৱে প্ৰলয়ংকাৰী ৰূপ লোৱাৰ পাছত লিচিপ্ৰিয়া কাঙুজম নিশ্চুপ হৈ ঘৰতে থাকিব নোৱাৰিলে৷ অক্সিজেন, ঔষধৰ অভাৱত মানুহৰ মৃত্যু আৰু অবৰ্ণনীয় কষ্টই হৃদয় কঁপাই পেলোৱা কণমানি লিচিপ্ৰিয়া আগুৱাই আহিল৷ ‘অক্সিজেন, ঔষধ আৰু চিকিৎসা-বিছনাৰ অভাৱত এই মুহূৰ্তত মোৰ দেশ আটাইতকৈ শোচনীয় মানৱীয় সংকটৰ মুখামুখি হৈছেʼ বুলি অনুভৱ কৰা লিচিপ্ৰিয়াই তাই লাভ কৰা বিভিন্ন পুৰস্কাৰ আদিৰ পৰা সংগৃহীত ধনেৰে প্ৰায় ১০০টা অক্সিজেন কনচেনট্ৰেটৰ কিনি প্ৰয়োজন হোৱা কভিড ৰোগীলৈ আগবঢ়ালে৷ লগে লগে বিভিন্ন ঠাইৰ পৰা, অনেক ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ পৰা অক্সিজেনৰ বাবে অনুৰোধেৰে লিচিপ্ৰিয়াৰ চছিয়েল মিডিয়া ভৰি পৰিল৷ কিন্তু সেইবোৰ কিনিবলৈ তাই ধন কʼত পাব? পিছে লিচিপ্ৰিয়া থমকি নৰʼল, চছিয়েল মিডিয়াক সাৰথি কৰি তাই দান-বৰঙণি গোটাবলৈ আগবাঢ়ি আহিল৷ দেশ-বিদেশৰ মানুহলৈ তাই অনুৰোধ জনালে,— ‘ভাৰতক অক্সিজেন লাগে, আপোনালোকে সহায় কৰকʼ!

লিচিপ্ৰিয়া এই মুহূৰ্তত খুবেই ব্যস্ত৷ অনলাইন ফাণ্ড ৰাইজাৰ ৱেবচাইটৰ জৰিয়তে দান-বৰঙণি উঠাই সেই ধনেৰে বিদেশৰ পৰা অক্সিজেন কনচেনট্ৰেটৰ কিনি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰাত তাই ৰাতিক দিন কৰিছে৷ দিল্লী-মুম্বাইৰ পৰা উত্তৰ ভাৰত-দক্ষিণ ভাৰতৰ বিভিন্ন ঠাই, নগালেণ্ড-মণিপুৰ-অসমৰ বিভিন্ন ঠাইলৈ লিচিপ্ৰিয়াই চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে৷ প্ৰয়োজনত কাৰোবাৰ পৰা কনচেনট্ৰেটৰ এটা বিমান বন্দৰৰ পৰা ৰোগীৰ ঘৰলৈ লৈ যোৱাৰ বাবে সহায় বিচাৰিছে, কোনো সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ‘আপোনাক মই কেইটামান অক্সিজেন কনচেনট্ৰেটৰ দিব খোজোঁʼ বুলিও জনাইছে৷ সময়ত শ্ৰীনিৱাসৰ দৰে আন স্বেচ্ছাসেৱকৰ সৈতে সহায়ৰ হাতৰ সলনা-সলনিও কৰিছে৷

❧ | আৰু পঢ়ক: শাসক, সমৰ্থক, তোষামোদকাৰী স্তাৱক আৰু মেৰুদণ্ডহীন মিডিয়া

‘আমাৰ নেতাসকলে এই সংকটক সংকট হিচাপেই লোৱাহেঁতেন আজি এনেকুৱা অৱস্থা নহʼলহেঁতেনʼ বুলি দ্ব্যৰ্থহীন ভাষাত মত প্ৰকাশ কৰা লিচিপ্ৰিয়া কাঙুজম এই মুহূৰ্তত অনেক কভিড ৰোগীৰ বাবে দ্বিতীয় জনম দাত্ৰী৷ কভিডৰ এই বিনাশী ৰূপৰ কথা ভাৰতে যিদৰে নাপাহৰিব, সেইদৰে শ্ৰীনিৱাস-লিচিপ্ৰিয়াৰ দৰে এই জোনাকীবোৰৰ কথাও নাপাহৰিব৷ পাহৰা উচিত নহʼব৷

Featured image courtesy: Twitter/srinivasiyc, LicypriyaK

কভিড-অন্ধকাৰৰ জোনাকী পৰুৱা | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook