মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী চৰিত্ৰ

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী চৰিত্ৰ
  • 19 Sep, 2022

মা মণি ৰয়ছম গোস্বামী অকল অসমীয়াৰে নহয়, সকলো সাহিত্যপ্ৰেমীৰে হিয়াৰ আমঠু। এই গৰাকী লেখিকা একাধাৰে ঔপন্যাসিক, গল্পকাৰ আৰু কবি হিচাপে সু-পৰিচিতা। তেওঁৰ ৰচনাসমূহ মৌলিক চিন্তাৰে সমৃদ্ধ।

মামণি ৰয়ছম গোস্বামীয়ে জীৱনৰ প্ৰথমভাগত চুটিগল্পহে লিখিছিল। ১৯৫৬ চনত প্ৰকাশিত ‘স্মৃতিৰ মুক্তি’ নামৰ গল্পটো তেওঁৰ দ্বাৰা লিখিত প্ৰথম গল্প। তেওঁ বিয়াৰ পাছতহে উপন্যাস ৰচনা কৰিবলৈ ধৰে। স্বামী মাধবেন ৰয়ছম আয়েঙ্গাৰৰ চাকৰিৰ সূত্ৰে কাশ্মীৰত থাকিবলৈ লোৱাৰ পাছৰ পৰা তাৰ চিনাব বা চেনাব নৈৰ দাঁতি-কাষৰীয়া শ্ৰমিকসকলক লৈ ‘চেনাবৰ সোঁত’ নামৰ উপন্যাসখন লিখিবলৈ লয়। কিন্তু উপন্যাসখনৰ পৰিসমাপ্তি হ’বলৈ নৌপাওঁতেই তেওঁ স্বামীক হেৰুৱাবলগীয়া হয়। তাৰ পাছৰ পৰা আৰম্ভ হয় তেওঁৰ একাকী জীৱনৰ দুখৰ অধ্যায়।

ইয়াৰ পাছত মামণি ৰয়ছম গোস্বামীয়ে গোৱালপাৰা সৈনিক স্কুলত চাকৰি কৰিবলৈ লয়। সেই সময়তে বৃন্দাবনত স্বনামধন্য পণ্ডিত ডঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তত্ত্বাৱধানত গৱেষণা কৰাৰ সুযোগ পোৱা হেতুকে সেই চাকৰি এৰি বৃন্দাবনলৈ যায়। বিংশ শতিকাৰ ছয়ৰ দশকত ‘দৈনিক অসম’ কাকতৰ বিশেষ সংখ্যা আলোচনীত ‘চেনাবৰ সোঁতে কথা কয়’ নামেৰে উপন্যাস এখন প্ৰকাশ পায়। ১৯৭২ চনত সেই উপন্যাসখন প্ৰকাশ পায় স্বকীয় ৰূপত।

‘চেনাবৰ সোঁত’ৰ পাছত ‘নীলকণ্ঠী ব্ৰজ’, ‘অহিৰণ’, ‘মামৰে ধৰা তৰোৱাল’, ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’, ‘জখমী যাত্ৰী’, ‘উদয়ভানুৰ চৰিত্ৰ’, ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’, ‘দাশৰথিৰ খোজ’, ‘চিন্নমস্তাৰ মানুহটো’, ‘থেং ফাংখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল’, ‘দেৱীপীঠৰ তেজ’ তেখেতৰ দ্বাৰা সৃষ্ট অনন্য উপন্যাস।

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসসমূহ অকল নাৰীকেন্দ্ৰিক বুলি ক’ব নোৱাৰি, তথাপি যিকেইখন উপন্যাসত নাৰীয়ে কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ণ কৰিছে, সেইকেইখন উপন্যাস বিচাৰ কৰি চালে দেখা যায় যে লেখিকাই নাৰী-পুৰুষ উভয়ৰে চৰিত্ৰ অংকন কৰোঁতে ব্যক্তিনিষ্ঠ দৃষ্টিভঙ্গীৰে বিচাৰ নকৰি বস্তুনিষ্ঠ দৃষ্টিভঙ্গীৰেহে চাইছে।

আজিৰ এই প্ৰবন্ধত আলোচনাৰ বাবে মামণি ৰয়ছম গোস্বামীৰ সমূহ উপন্যাসৰ নাৰী চৰিত্ৰসমূহ আলোচনাৰ মাজলৈ নানি মাত্ৰ দুখন উপন্যাসহে আলোচনাৰ বাবে ল’ব বিচৰা হৈছে। সেই দুখন উপন্যাস হ’ল— ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ আৰু ‘নীলকণ্ঠী ব্ৰজ’।

‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ত দক্ষিণ কামৰূপৰ এটি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ বাল-বিধৱাসকলৰ কৰুণ কাহিনী সাৱলীলভাৱে বৰ্ণনা কৰিছে। এই উপন্যাসখনত গিৰিবালা চৰিত্ৰটোৱে মুখ্য চৰিত্ৰ হিচাপে দেখা দিছে। উপন্যাসখনত এখন ৰক্ষণশীল সমাজত বিধৱাসকলে নীতি-নিয়মৰ অজুহাতত কেনেধৰণে দুঃসহ বেদনা আৰু পীড়িত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল, তাৰ মৰ্মস্পশী বৰ্ণনা দাঙি ধৰা হৈছে। ইয়াত বৰ্ণিত গিৰিবালাৰ বাহিৰে বাকী চৰিত্ৰসমূহ প্ৰতিবাদহীন। তেওঁলোকে ৰক্ষণশীল সমাজৰ প্ৰতিভূ হিচাপে দেখা দিছে। গিৰিবালাহে ইয়াৰ ব্যতিক্ৰম।

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

উপন্যাসখনৰ আন নাৰী চৰিত্ৰ— দুৰ্গা, সৰু গোসাঁনী, গিৰিবালা— এই তিনি গৰাকী ব্ৰাহ্মণ বিধৱা এটি যন্ত্ৰণাময় পৰিৱেশত জীয়াই আছিল মাত্ৰ। তেওঁলোক যেন আবেগ-অনুভূতিহীন একোটা চাবি দিয়া কাঠৰ পুতলাহে। সমাজৰ নিৰ্দেশ আখৰে আখৰে পালন কৰা তেওঁলোকৰ কৰ্তব্য। কিন্তু তাৰ মাজতে গিৰিবালাই বৈধৱ্য জীৱনৰ যন্ত্ৰণা আৰু তেওঁলোকৰ ওপৰত আৰোপিত মানসিক যন্ত্ৰণাৰ শৃংখল ভাঙি ওলাই আহিব বিচাৰিছিল।

এই উপন্যাসত গিৰিবালাই আত্মজাহৰ দৰে চৰম পন্থাৰে প্ৰতিবাদ কৰি থৈ গৈছে। সকলোৰে সন্মুখতে নীতি-নিয়মৰ আবেষ্টনীৰ মাজত থাকি গিৰিবালাই সকলোকে সচকিত আৰু আচৰিত কৰি জুইৰ মাজৰ পৰা ওলাই নাহি সমাজৰ ৰীতি-নীতিক উপেক্ষা কৰি গৈছিল। সেই কৰুণ হৃদয় বিদাৰক ঘটনাৰে গিৰিবালাই দুঃসাহসিক স্থিতি দেখুওৱাৰ লগতে সমাজৰ ৰক্ষণশীল মনোবৃত্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে। গিৰিবালাই পুৰণি ৰীতি-নীতিৰ আলমত লাঞ্চিত-গঞ্জিত জীৱন এটি বিচৰা নাছিল। তাই বিচৰা নাছিল আবেগ-অনুভূতিসমূহ সমাধিস্থ কৰি মৃত স্বামীৰ স্মৃতিৰ মাজতেই সমস্ত জীৱন অতিবাহিত কৰিবলৈ। সেয়ে তাই সকলো দ্বিধা, সংকোচ আৰু সামাজিক প্ৰতিবন্ধকতা পৰিহাৰ কৰি মাৰ্ক নামৰ খ্ৰীষ্টান যুৱক এজনৰ লগত আবেগিক সম্পৰ্ক ৰাখিছিল, যিটো সেই সময়ৰ সমাজ ব্যৱস্থা মতে ‘মহাপাপ’।

গিৰিবালাক সেই মহাপাপৰ পৰা উদ্ধাৰ কৰাৰ কথা আলোচ্য বিষয় হৈ পৰিল। ফলস্বৰূপে পিতৃপ্ৰধান সমাজৰ প্ৰতিভূ স্বৰূপ সমাজখন আৰু পুৰোহিত আহিল প্ৰায়শ্চিত্ত কৰাবলৈ। প্ৰায়শ্চিত্ত বিধি মানি গিৰিবালা বহি আছে বাঁহ, বেত, কল ঠৰুৱা আৰু শুকান খৰিৰে নিৰ্মিত চালিখনৰ তলত। সেই গৃহৰ ভিতৰতে কুল পুৰোহিতে নিয়মানুযায়ী তাইক পৰাচিত কৰোৱাৰ পাছত তাইক ওলাই আহিবলৈ কোৱা সত্ত্বেও তাই ওলাই নাহিল। গিৰিবালাই ক’লে— “জুই লগে দিয়াৰ পস্তাকতে মই বাহিৰ হৈ যাম। দি, জুই লগাই দি।”

চালিখনত জুই লগাই দিয়াৰ সময়তে বাহিৰ ওলাই যাম বুলি কোৱা গিৰিবালা কিন্তু ওলাই নাহিল। এটা সময়ত হুৰ হুৰ শব্দ কৰি চালিখন গিৰিবালাৰ গাত ভাগি পৰিল। তাৰ পাছত আৰু কৰিবলগীয়া একো নাথাকিল— “চাৰিওফালে বিয়পি পৰিছিল মানুহ পোৰা গোন্ধ, মানুহ পোৰা গোন্ধ।”

তাইৰ আত্মাহুতিয়ে সকলোকে মুক কৰি তুলিছিল। জুইৰ মাজত জাহ যাবলৈ গিৰিবালাক কোনেও প্ৰৰোচিত কৰা নাছিল। কিন্তু এয়া তাইৰ এক প্ৰতিবাদ, যি প্ৰতিবাদে সাব্যস্ত কৰিলে যে তাইৰ দেহ-মন, সত্তা এজন জীৱিত পুৰুষৰ লগতহে জড়িত কৰিব বিচাৰে; মৃত স্বামীৰ লগত কোনো ধৰণে জড়িত কৰিব নোৱাৰে, যাৰ লগত আবেগিক সম্পৰ্ক স্থাপনৰ কোনো সুযোগেই তাইৰ নহ’ল।

তাই সমাজৰ তথাকথিত সতী তিৰোতা হৈ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি এটি দুৰ্বিসহ নিপীড়িত, লাঞ্চিত, গঞ্জিত, অৱহেলিত জীৱন যাপন কৰিব বিচৰা নাই, সেয়ে তাই মুক্তি বিচাৰিছে— সমাজক প্ৰত্যাহ্বান জনাই। সতী তিৰোতাৰ অস্তিত্ব বা পৰিচয়েৰে তাই পদদলিত জীৱন নিবিচাৰে।

উপন্যাসখনৰ আন আন নাৰী চৰিত্ৰসমূহ, যেনে— ভনীয়েক ইলিমন, মাক ডাঙৰ গোসাঁনী, দুৰ্গা, সৰু গোসাঁনী আদি চৰিত্ৰই নিৰ্বিবাদে সমাজৰ নিপীড়ন, নিৰ্যাতন আদি সমাজৰে ৰীতি-নীতি বুলি আশাহত বেদনাপুষ্ট জীৱন যাপন কৰিছিল। তেওঁলোকৰ জীৱন মৃত্যুৰ নামান্তৰ মাত্ৰহে আছিল। তথাপি সমাজৰ আগত মুখ খোলাৰ সাহস গোটাব নোৱাৰিলে। তেওঁলোক সমাজৰ পৰম্পৰাৰ প্ৰতিভূ হিচাপে থাকি গ’ল।

মামণি ৰয়ছম গোস্বামীৰ আন এখন উপন্যাস ‘নীলকণ্ঠী ব্ৰজ’ত আধ্যাত্মিক জীৱন-যাপন কৰি পৰলৌকিক মুক্তি বিচৰা বিধৱা ৰাধেশ্যামীসকলৰ সকৰুণ জীৱন ধাৰণ প্ৰণালী আৰু মৃত্যুৰ পাছত আত্মাৰ মুক্তিৰ বাবে পিণ্ড আদি লাভ কৰিবৰ বাবে কষ্ট কৰি গোটোৱা ধন আৰু সেইবোৰ বলপূৰ্বক কাঢ়ি নিয়া বৰ্বৰ ঘটনাৰ হৃদয় বিদাৰক বৰ্ণনা দাঙি ধৰা হৈছে।

নীলকণ্ঠী ব্ৰজ

নীলকণ্ঠী ব্ৰজ

‘নীলকণ্ঠী ব্ৰজ’ত ব্ৰজধামৰ ৰাধেশ্যামীসকলৰ জীৱনৰ কৰুণ আৰু নিষ্ঠুৰ ছবি এখন সমাজৰ আগত দাঙি ধৰা হৈছে। এই উপন্যাসখনৰ আন আন চৰিত্ৰৰ লগতে মুখ্য চৰিত্ৰ সৌদামিনীক এগৰাকী ব্যতিক্ৰমী নাৰী হিচাপে অংকন কৰা হৈছে। ওপৰত আলোচিত উপন্যাসখনৰ দৰে ইয়াতো বিধৱা সৌদামিনীৰ এজন খ্ৰীষ্টান যুৱকৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল। ক্ৰমে সেই সম্পৰ্ক নিবিড় হৈ পৰিছিল। বিধৱা নাৰী এগৰাকীৰ বাবে সেই কাৰ্য কোনোধৰণে গ্ৰহণীয় নহয় বুলি ভাবি পিতৃ ডঃ ৰায়চৌধুৰী আৰু মাতৃ অনুপমাই সৌদামিনীক লৈ যায় ব্ৰজধামলৈ। তেওঁলোকৰ ধাৰণা আছিল, ব্ৰজধামৰ পৰিৱেশত তাইৰ মনৰ পৰিৱৰ্তন হ’ব। কিন্তু কাৰ্যত সেয়া হৈ নুঠিল।

ব্ৰজধামত থাকিও সৌদামিনীয়ে তিল তিলকৈ উপলব্ধি কৰে যে তাই “সেই মাটিৰ তিৰোতা, যাৰ দেহ-মন এতিয়াও ধূলি-মাকতিৰে ধূসৰিত”, যাৰ দেহ-মনত “জৈৱিক স্পৃহাৰ সেই তৰঙ্গৰাশিৰ কোনো পৰিৱৰ্তন হোৱা নাই”। পিতৃৰ জৰিয়তেই অৱশেষত সৌদামিনীৰ সেই যুৱকজনৰ লগত লগালগি হয়। তাই যুৱকজনক নিজৰ কৰি ল’ব বিচাৰে, কিন্তু সমাজ ব্যৱস্থাই বান্ধি দিয়া নীতি-নিয়মৰ ঊৰ্ধ্বলৈ তাই যাব নোৱাৰে। যুৱকজনৰ লগত সম্পৰ্ক ৰাখি তাই আত্মগ্লানিত ভূগিবলগীয়া হৈছে। তাইৰ মতে তাইৰ পৰাজয় হৈছে। আধ্যাত্মিক জগত বিচাৰি আহি তাক নেপাই আগৰ প্ৰেমিকক বিচৰাৰ বাবে দুদোল্যমান অৱস্থাত পৰি তাইৰ মনত বাহ লৈছে পৰাজয়ৰ গ্লানিয়ে। সৌদামিনীয়ে শেষলৈকে নিজক প্ৰশ্ন কৰি গ’ল— “ব্ৰজৰ এই পৱিত্ৰ ভূমিত বাস কৰি কোনোবাই মৃত স্বামীৰ স্মৃতি স্ব-ইচ্ছাৰে ঠিক এনেধৰণে বিবৰ্ণ কৰি তোলা দেখিছানে?”

খ্ৰীষ্টান যুৱকজনৰ ওচৰত আত্মসমৰ্পণ কৰি তাই আধ্যাত্মিক পৰাজয় মানি লব নোৱাৰে। আনহাতে “মৃত স্বামীৰ বেদনাদায়ক স্মৃতিৰ আশ্ৰয়লৈকো তাই উভতি যাব নোৱাৰে”। এনে মানসিক অন্তৰ্দ্বন্দ্বই সৃষ্টি কৰা অস্থিৰতাৰ কৰুণ পৰিণতি ঘটিছে তাইৰ মৃত্যুত, যি মৃত্যুৰ মাজত ব্ৰজধামৰ মানুহবোৰে কেলেংকাৰীৰ কাহিনী পঢ়ি চোৱাৰ উন্মাদ আনন্দ লভি উন্মত্ত হৈ পৰিছে। সৌদামিনীৰ মৃত্যুৰ মাজত গিৰিবালাৰ মৃত্যুৱে বহন কৰা প্ৰতিবাদৰ ভাষা প্ৰকট হৈ উঠা নাই। সৌদামিনীৰ মৃত্যুৱে সংস্কাৰ-যুক্ত আৰু সংসাৰ-মুক্ত— এই দুটি চিন্তাৰ এটি দুদোল্যমান মানসিক অৱস্থাৰ কৰুণ পৰিণতি দেখুৱাইছে।

সৌদামিনীক ব্ৰজধামলৈ আনি তাইৰ পিতৃ-মাতৃয়ে তাইক সহজ-সৰল আবেগ-অনুভূতিৰ জগতখনৰ পৰা জোৰকৈ আধ্যাত্মিক জগতৰ লগত সাঙুৰি দিব খুজিছিল। কিন্তু মানসিক অন্তৰ্দ্বন্দ্বৰ মাজত কোনো এখন জগতকে তাই নিজৰ বুলি ল’ব নোৱৰা অৱস্থাতে খ্ৰীষ্টান যুৱকজনৰ আৱিৰ্ভাৱে তাইৰ মানসিক জগতখনত অধিক অস্থিৰতাৰ সৃষ্টি কৰি তাইক মানসিকভাৱে বিধ্বস্ত কৰি পেলাইছিল। অৱশেষত তাই মৃত্যুকেই শেষ আশ্ৰয় হিচাপে গ্ৰহণ কৰিলে। তাইৰ মৃত্যু যেন পিতৃ-মাতৃৰ স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱৰা সংস্কাৰ-আচ্ছন্ন আচৰণৰ বিৰুদ্ধে এক নীৰব প্ৰতিবাদ।

‘নীলকণ্ঠী ব্ৰজ’ সম্পৰ্কে মামণি ৰয়ছম গোস্বামীয়ে নিজা ভাষাত এনেদৰে লিখিছে— “সৌদামিনীৰ মানসিক অৱস্থা, তাইৰ যন্ত্ৰণা, ক্ষোভ, সমাজৰ কিছুমান মানুহৰ প্ৰতি বিষোদ্‌গাৰ, দ্বিতীয় প্ৰেমিকক সৰ্ব অন্তঃকৰণেৰে গ্ৰহণ কৰিব নোৱৰা গ্লানি আৰু সেই গ্লানিয়ে আঙুলিয়াই দিয়া ধ্বংসৰ ভয়ংকৰ পথৰ কল্পনা মোৰ নিজৰ জীৱনৰ বাস্তৱৰ ভাবধাৰাৰ ভেটিত আনি দেখুওৱা হৈছে।”

তেওঁৰ এই দুখন বিখ্যাত উপন্যাসত গিৰিবালা আৰু সৌদামিনী প্ৰধান নাৰী চৰিত্ৰ হোৱা বাবেই এই চৰিত্ৰ দুটাহে আলোচনাৰ বাবে লোৱা হৈছিল। বাকী নাৰী চৰিত্ৰসমূহ গতানুগতিক চৰিত্ৰ। দুখ-বেদনাই পিষ্ট কৰি পেলোৱা, যন্ত্ৰণা আৰু পীড়াৰ সহযোগী হোৱা, প্ৰতিবাদ কৰিবলৈ সাহস গোটাব নোৱৰা সাধাৰণ চৰিত্ৰ হৈছে বাকী চৰিত্ৰসমূহ।

এই দুখন উপন্যাসৰ মুখ্য চৰিত্ৰ দুটিৰ মৃত্যুৰ মাজেৰে প্ৰতিবাদৰ ভাষা মূৰ্ত হৈ উঠিছে। ইয়ে প্ৰচলিত সমাজ ব্যৱস্থাৰ নেতিবাচক দিশ উদঙাই দি সেই দিশটিৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে, লগতে পাঠকৰ মনত সহমৰ্মিতাৰ অনুভূতি উদ্ৰেক কৰাত লেখিকা কৃতকাৰ্য হৈছে।

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ প্ৰধান নাৰী চৰিত্ৰসমূহৰ মাজত নাৰী মুক্তিৰ প্ৰবল ভাষা নাই। তেওঁ নিজকে নাৰীবাদী লেখিকা হিচাপে উপস্থাপন কৰিব বিচৰা নাই। তেওঁ নাৰী-পুৰুষ উভয়কে ব্যক্তিনিষ্ঠতাৰ ঊৰ্ধ্বত ৰাখি নিৰ্মোহভাৱে অংকন কৰিছে। সেয়েহে নাৰীৰ প্ৰতিবাদী ভাষাই সকলো স্তৰৰ সংবেদনশীল পাঠকৰ অন্তৰ জোকাৰি যাবলৈ সক্ষম হৈছে। দুয়োখন উপন্যাসতে জীয়া বিধৱাৰ সকৰুণ কাহিনী বাস্তৱ ভিত্তিত হৃদয়স্পৰ্শীভাৱে দাঙি ধৰা হৈছে, ফলত চৰিত্ৰসমূহে পাঠকৰ অন্তৰত স্থান লৈ পাঠকক চৰিত্ৰসমূহক উপলব্ধি কৰিবলৈ বাধ্য কৰাইছে।

❧ | আৰু পঢ়ক:

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী চৰিত্ৰ | ডঃ মোহিনী গোস্বামী
Follow Nilacharai on Twitter