প্ৰেমলতাৰ গঁতা

মই এতিয়াও কওঁ, মোৰ জীৱিকা অন্বেষণৰ এই বৃহৎ অভিযানৰ গুৰিত যদি কিহবাৰ অনুপ্রেৰণা আছিল, তেনেহ’লে সেয়া প্রেমলতাৰ প্রতি অবাধ প্রেমহে, আই-বোপাইৰ শতুৰালি নহয়। প্রেমলতাই এদিন কথা নাই, বতৰা নাই, প্রেমালাপৰ মাজতে পোনচাটেই কৈ দিলে বোলে ‘মোক যদি বিয়া কৰাব খোজা, তেনেহ’লে আগতে চাকৰি-বাকৰি এটাৰ যোগাৰ কৰা। নহ’লে তুমি মোৰ মূৰটো চোবাই যেনিবা থাকিব পাৰিবা; কিন্তু মই কি খাই থাকিম?ʼ ছিঃ প্রেমলতাই যে কেনে নির্দয় কথাবোৰ ক’ব পাৰে! মইনো বাৰু কেলেই তেওঁৰ মূৰটো চোবাবলৈ যাম?

বৰ সুখেৰে বোপাইৰ হোটেলত নিশ্চিন্ত মনে খাই-বৈ কাল কটাইছিলো। তাতো এদিন এটা দুৰ্ভগীয়া মুহূর্তত অনুভৱ কৰিলো যেন আই-বোপাইৰ এই ধৰমশালাৰ সোৱাদ লগা ফ্ৰি ৰেশ্যনবোৰ অকস্মাতে তিতা আৰু অকটা হৈ পৰিল। আগৰ দৰে প্রেমলতাৰ ঘৰৰ পৰা উভতি নহালৈকে আয়ে ভাতৰ কাঁহী আগত লৈ বহি নথকা হ’ল আৰু বোপায়েও মুখামুখি হ’লে এষাৰ মাত লগাওক ছাৰি মুখখন কঠুৱাকৈ সিমুখহে কৰা হ’ল। এদিন আয়েই ক’লে, ‘এনেকৈ যে আছ, কিবা কাম-বন এটাকে নিবিচাৰ কিয়? এইদৰে ধিতিঙা কোবায়েই বাপেৰৰ ওপৰতে সদায় খাবিনে?’ লোকৰ ওপৰত খাওঁ বুলি প্রেমলতাই নিজ মূৰটোকে চোবোৱাৰ কথাষাৰ ক’লে আৰু মই নিজে উপার্জন নকৰিলে নিজৰ পৈতৃক ঘৰখনতো ঠাই নাই বুলি আই-বোপায়েও নিদাৰুণ জাননী দিলে। অর্থাৎ সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে। গতিকেই চাকৰি এটাকে বিচাৰিব লগা হ’ল— আই-বোপাইৰ সংসাৰত লাভ বঢ়াবলৈ নহলেও অন্ততঃ প্ৰেমলতাক লাভ কৰিবলৈকে।

কিন্তু সমস্যা হ’ল চাকৰি এটা পাওঁ ক’ত? আৰু পাওঁ কেনেকৈ? কোনোবাই মনত পেলাই দিলে যে চৰকাৰে নিয়োগ বিনিময় কেন্দ্র পাতি দিছে, তাতে নামভর্তি কৰি থৈ দিয়া। চাকৰি ওলালে তোমাক ঘৰৰ পৰাই মাতি নিব। গতিকে মই নামভর্তি কৰিলো আৰু হাঁহি হাঁহি প্রেমলতাক খবৰ দিলোগৈ যে এইবাৰ চাকৰি হ’বই, তুমি চিন্তা নকৰিবা। প্রথমতে কাৰো চিন্তা হোৱা নাছিল, কিন্তু এমাহ-দুমাহকৈ এবছৰো পাৰ হোৱাৰ পাছত যেতিয়া চাকৰিৰ একো খবৰ নাহিল, তেতিয়া মোৰেই চিন্তা বেছিকৈ হ’ব ধৰিলে। আন কথা ভাবি নহয়, প্রেমলতাই কি কয়, সেই কথা ভাবিহে। কিন্তু প্রেমলতাই এদিন ক’লেই, ʼলোকে মাতি নি চাকৰি দিব বুলি বহি আছা হ’বলা? যʼত টকা দি নাম লিখাই থৈ আহিছিলা, তাত নধৰাগৈ কিয়?ʼ
ʼকিন্তু ধৰিলেই দিব জানো ?’ মই থেৰোগেৰোকৈ ক’লো।
ʼবাঘে ধৰাদি ধৰিবা, নিদিব কিয় ? এনেয়ে দেখোন খুব দপদপাই ফুৰিব পাৰা।ʼ
প্রেমলতাই একেবাৰে গাজত লাগি যোৱাকৈ কথাবোৰ কৈ দিয়ে। তাৰমানে প্ৰেমলতাই মোক এটা মেকুৰী বুলিহে ভাবে। বাৰু তেনেহ’লে য’ত চাকৰিৰ বাবে নাম লিখাই থৈ আহিছিলো, তাত বাঘৰ দৰে জপিয়াই পৰিবগৈ পাৰোঁনে নোৱাৰোঁ মই প্রেমলতাক দেখুৱাম। এইবুলি মই চিকাৰ বিচাৰি ওলোৱা বাঘটোৰ দৰে সাজু হ’লো।

সেইখিনি সময়তে জনাজাত ৰাজনৈতিক নেতা জনাৰ্দন বৰুৱাৰ পাৰ্টিৰ এখন অধিৱেশন নগৰত বহিছিল। আমি কাম-বন নোহোৱা ডেকাবোৰৰ এইবোৰ সভা-সমিতিত ভলণ্টিয়াৰ হোৱাই কাম। আগে-পাছে কোৱাৰ দৰে জনাৰ্দন বৰুৱাই মাতি নি সেইবাৰো ক’লে অধিৱেশনৰ কেইদিন খাটি দিবলৈ। আগেয়ে বৰ আগ্ৰহেৰে এইবোৰ কামলৈ আগবাঢ়ি গৈছিলো। কিন্তু সেই সময়ত মোৰ মূৰত প্রেমলতাই জুই দি থৈছে। তাৰে ভমকত জনাৰ্দন বৰুৱাৰ মুখতে কৈ দিলো, ʼকি হ’ব আপোনালোকৰ এইবোৰ পাৰ্টিৰ বিনামূলীয়া ভলেণ্টিয়াৰী কৰি? এইবোৰ পার্টি কৰি আপোনালোকৰ নিচিনা মানুহৰহে সুবিধা হৈছে, আমাৰ নিচিনা নিবনুৱা ডেকা ল’ৰাবোৰৰ কি উপকাৰ কৰিব পাৰিছে আপোনালোকে? মাথোন বিনা পইচাই আমাৰ শ্ৰমবোৰ আপোনালোকৰ কামত লগাইছে। নকৰোঁ মই একো ভলেণ্টিয়াৰী। আৰু আনকো কৰিবলৈ নিদিওঁ। বৰঞ্চ সকলোকে লৈ আহি আপোনালোকৰ নেতাবোৰৰ মুখা খুলি দি মিটিঙত চিঞৰ-বাখৰ লগাই দিম।ʼ এনেকৈ আৰু কিবাকিবি কৈ যিমান পাৰোঁ ডাঙৰ ডাঙৰকৈ গুজৰিবলৈ ধৰিলো। কিন্তু সেই গোজৰণি প্রেমলতাই নিজ কাণে শুনিবলৈ নাপালে যদিও জনাৰ্দন বৰুৱাই ভয় খাই উঠি মোক পিঠিত হাত ফুৰাই ক’বলৈ ধৰিলে, ʼৰবাচোন ৰ’বা, ফট্‌কৰে ইমান উত্তেজিত হোৱাৰ কি দৰকাৰ। ভালকৈ কথাবোৰ মোক ক’লেই হ’ল নহয়। তোমাক চাকৰি-বাকৰি এটাৰ যে দৰকাৰ হৈছে, ইমানদিনে মোক কোৱা নাই কিয়? কতবোৰ ডাঙৰ ডাঙৰ কাম কৰিব লাগিছোঁ ৰাইজৰ কাৰণে, তোমাৰ বাবে এই সামান্য কাম এটাও কৰিব নোৱাৰিলোহেঁতেননে ? বাৰু হ’ব, চাকৰি এটা নিশ্চয় পাবা। এতিয়া এইবিলাক একো গণ্ডগোল নকৰিবা।ʼ এটা গোজৰণিয়েই ইমান কাম কৰিব বুলি ভবা নাছিলো। জনাৰ্দন বৰুৱাৰ কথা শুনি মই তেনেই বিগলিত হৈ গ’লো। মইতো জানোৱেই, জনাৰ্দন বৰুৱাৰ দৰে এজন ডাঙৰ নেতাই কৰোঁ বুলিলে কি কৰিব নোৱাৰে!

তাৰ পাছত জনাৰ্দন বৰুৱাৰ কথা মতে এদিন মোৰ চাকৰিটোৰ খবৰ কৰিবলৈ তেওঁৰ ওচৰ ওলালোগৈ। তেওঁ গহীনাই ক’লে, ʼবাৰু তোমাক কি চাকৰি দিব পাৰি ভাবি চাওঁ।ʼ এইবুলি সেইদিনা মোক বিদায় দিলে। কিছুদিন পাছত মই আকৌ তেওঁৰ ওচৰলৈ গ’লো। তেওঁ সেইদিনাও মোক পঠাই দিলে। তাৰ পাছতো যেতিয়া তেওঁ মোক একেধৰণেৰে সমিধান দিব খোজা যেন পালো, তেতিয়া মই ভাবিলো যে এই কথাই কথা নহয়, বৰুৱাকো বাঘে ধৰাদি ধৰিব লগা হ’ল। সেইবুলি ভাবি তাৰ পাছত মই দিনে-নিশাই বৰুৱাৰ ওচৰলৈ যাবলৈ ধৰিলো। কেতিয়াবা ৰাতিপুৱা, কেতিয়াবা দুপৰীয়া, কেতিয়াবা গা-ধোৱাৰ পৰত আৰু কেতিয়াবা ভাত খোৱাৰ মাজতে গৈ তেওঁক সুধিবলৈ ধৰিলো, ছাৰ মোৰ চাকৰিটাে? এদিন দুপৰীয়া টোপনিৰ পৰাও জগাই আনি তেওঁক চাকৰিটােৰ কথা সুধিবলৈ মুখ মেলা মাত্রকেই তেওঁ অতিষ্ঠ হৈ উঠি কাণ দুখন ঢাকি ধৰি চিঞৰি উঠিল, ʼহেৰা, তুমি আৰু এইদৰে যেতিয়াই তেতিয়াই চাকৰি চাকৰি কৰি মোক জ্বলাবলৈ আহি নাথাকিবা। উস্ মই তোমাক চাকৰি এটা দিম বুলি যেনিবা বিষহে খাই ল’লো। মই তোমাক চাকৰি এটা দিম বুলি কৈছােঁ যেতিয়া দিমেই। মই শপত খাই কৈছোঁ। যোৱা এতিয়া।ʼ মই সুধিলো, ‘তেনেহ’লে ছাৰ মই আকৌ কেতিয়া আহিম?’ বৰুৱা বিবুদ্ধি হৈ থকা যেন দেখি মই নিজেই ক’লো, ‘তেনেহ’লে ছাৰ, অহা পহিলা তাৰিখৰ পৰাই একেবাৰে চাকৰিত জইন কৰিবলৈ ওলাই আহিম।ʼ এইবুলি কৈ বৰুৱাৰ উত্তৰলৈ বাট নাচাই মই গুচি আহিলো।

নির্দিষ্ট দিনা পুৱাই বৰুৱাৰ ঘৰত উপস্থিত হ’লোগৈ। বৰুৱাই মোক কোনো কথাই ক’বলৈ নিদি ক’লে, ʼমই ভাবিছোঁ তোমাৰ কাৰণে উপযুক্ত চাকৰি এটা মোৰ ঘৰতে ওলাল। মোৰ ল’ৰা-ছোৱালীকেইটাৰ বাবে ঘৰুৱা শিক্ষক এজন লাগে। তল ক্লাছত পঢ়া ল’ৰা-ছোৱালীক তুমিয়েই ভালকৈ পঢ়াব পাৰিবা। তোমাক দৰমহাহে লাগে। আন কিবা ভাল চাকৰি নোপোৱালৈকে এতিয়া ইয়াকে কৰি থাকা।ʼ মই মান্তি হৈ গ’লো আৰু সেইদিনাই মোৰ ছাত্র-ছাত্রীহঁতক লৈ বিদ্যাদান কৰাৰ কাম আৰম্ভ কৰি দিলো।

কেইদিনমানৰ পাছৰ কথা। ল’ৰা-ছোৱালীহঁতক ঢেৰেকনি এটা মাৰি সুধিলো, ʼএই, আজি কি পঢ়িবিহঁত?ʼ সিহঁতে ক’লে, ʼছাৰ অংক।ʼ অলপ পাছতে ল’ৰা এটাই ভয়ে ভয়ে মোলৈ চাই ক’লে, ʼছাৰ, এইটো অংক কৰিব নোৱাৰোঁ, বুজাই দিব লাগে।ʼ ʼচাওঁʼ বুলি অংকটো পঢ়ি গ’লো— এটা দুর্গত ২৫জন সৈন্যৰ খোৱাবস্তু আছিল। দুর্গটোত ১৮জন সৈন্য ১১ দিন থকাৰ পাছত সিহঁতৰ মাজৰ পৰা ৮জন গুচি গ’ল; কিন্তু দুদিনৰ পাছতে আৰু ১০জন সৈন্য নতুনকৈ আহিল। এতিয়া দুর্গত থকা খাদ্যৰে সৈন্যবোৰৰ কেইদিন যাব? ল’ৰাটোক ক’লো, ʼকিনো টান পালি তই অংকটো? সৈন্যবোৰ কমি গ’লে খোৱা বস্তুবোৰ ৰাহি হৈ যাব আৰু সৈন্যবোৰৰ সংখ্যা বাঢ়ি গ’লে খোৱাবস্তু কমি গৈ থাকিব। যোগ-বিয়োগ কৰি যা, ওলাই যাব।ʼ ল’ৰাটোৱে ক’লে, ʼছাৰ, আপুনিয়েই কৰি দিয়ক।ʼ এইবুলি সি বহীখন মোলৈ আগবঢ়াই দিলে। মই অংকটো যিমানেই বাৰে বাৰে পঢ়িবলৈ ধৰিলো, সিমানেই সৈন্যবোৰৰ ওপৰত বিৰাট খং উঠিবলৈ ধৰিলে। নুঠিব কিয় ? কোনো নিয়ম নোহোৱাকৈ এই সৈন্যবোৰে দুৰ্গটোলৈ অহা-যোৱা কৰিবলৈ লৈয়েইতো সকলোবোৰ হিচাপ-পত্ৰৰ গোলমাল লগাই পেলাইছে। ইফালে ল’ৰাটোৱে অংকটোৰ বাবে মোৰ মুখলৈ চাই আছে আৰু সিফালে একেদিনাই সকলোবোৰ খাদ্য খাই লেঠা মাৰি থ’ব নোৱৰা সৈন্যমখাই লেফট্-ৰাইট কৰি দুৰ্গৰ পৰা মিছাতে ওলাই-সোমাই মোৰ মূৰৰ ভিতৰত বুটৰ লাথি মাৰিব লাগিছে। সৈন্যবোৰক মই ধীৰে-সুস্থিৰে এফালৰ পৰা হিচাপ কৰি খাদ্য খুৱাই গৈ থাকোঁ, কিন্তু সিহঁতে মাজতে শৃংখলা ভাঙি দি হিচাপ ভুল কৰি দিয়ে। এক মহা সমস্যাতে পৰি গ’লো৷ নিৰুপায় হৈ ল’ৰাটোক ক’লো, ʼঅংকটো বাৰু কাইলৈ বুজাই দিম। আজি বেলেগ কৰ।ʼ ভাবিলো, তাৰ কালিলৈ আৰু অংকৰ কথা ক’ত মনত থাকিব? কিন্তু পাছদিনা পঢ়াৰ টেবুলত বহাৰ লগে লগেই ল’ৰাটোৱে আগদিনাৰ অংকৰ কিতাপখন উলিয়াই দিলে, ‘ছাৰ, কালিৰ দুৰ্গৰ অংকটো?ʼ সেইদিনাও আন পঢ়াৰ কামত ব্যস্ত ৰাখি অংকৰ কথা পাছলৈ থ’লো আৰু তেনেকৈয়ে দিনটো পাৰ কৰিলো। কিন্তু দেখিলো ল’ৰা নাছোৰবান্দা। সি পাছদিনা আকৌ সুধিলে, ʼছাৰ, দুৰ্গৰ অংকটো?ʼ আৰু তাৰ কথাত মোৰ এনে অৱস্থা হ’ল যেন এইবাৰ এটা দুর্গত ময়ো বন্দী হ’লো। ইয়াৰ পৰা ওলাই সাৰিবলৈ আৰু একো পথ নাই। চব বন্ধ। কি বিপদ! দুৰ্গৰ অংকই মোক মহা দুৰ্গতিত পেলালে। আজিও যদি মই অংকটো কৰি দিব নোৱাৰোঁ, তেনেহ’লে কালিলৈ তাক মুখ দেখুৱাবতো নোৱাৰোঁৱেই, কিন্তু আজিয়েই কেনেকৈ নিস্তাৰ পাওঁ তাকে ভাবি মনতে দুর্গা দুর্গা স্মৰণ কৰিবলৈ ধৰিলো। সেইদিনাই বুধিবুধাকৈ তাৰ পৰা যি সাৰিলো, তাৰ পাছত আৰু সেইপিনে ভৰি পেলোৱা নাই। মোৰ প্রথম জীৱিকাৰ্জনৰ তাতেই শেষ আৰু জনাৰ্দন বৰুৱাৰ ওচৰত আকৌ বাঘৰ গোজৰণি মৰাৰ বাটো তাতেই শেষ। অগত্যা আকৌ মেকুৰীটোৱেই হৈ প্রেমলতাৰ ওচৰত থিয় হ’বলগীয়া হ’ল। কিন্তু দুৰ্গৰ মাজত পৰা মোৰ দুৰ্গতিৰ কথা প্রেমলতাৰ আগত কওঁ কেনেকৈ? মাত্ৰ ক’লো, ‘প্রেমলতাʼ মই চাকৰি ৰিজাইন দিছোঁ। খাবলৈ নোপোৱা মৰকেলেপ এটা মাষ্টৰৰ জীৱিকা ল’বলৈ মোৰ মন নাই।ʼ ʼতেনেহ’লে কি কৰিবা এতিয়া?ʼ প্রেমলতাই সুধিলে। বুকু ডাঠ কৰি কৈ দিলো, ‘স্বাধীন বিজিনেছ কৰিম।ʼ

কিন্তু স্বাধীন বিজিনেছ কৰিম বুলি ভবা এক কথা আৰু কৰাটো এক কথা। মই ভাবোঁহে ভাবোঁ, মই কৰিব পৰা বিজিনেছ এটাৰ কথা ভাবি নাপাওঁ। আৰু ভাবি পালেও বিচাৰোঁহে বিচাৰোঁ, সেই বিজিনেছটাে বিচাৰি নাপাওঁ। এইদৰে ঘুৰ্মুটিয়াই ফুৰোঁতে এদিন এজন মস্ত বিজিনেছমেনে হাতত চামৰাৰ বেগ লৈ ফুৰা ধুনীয়া পোছাকৰ ডেকা এজনলৈ দেখুৱাই মোক সুধিলে, ʼএওঁ কি কৰে জানা?’ মই ক’লো, ʼজানো, কেনভাছৰ৷ʼ বিজিনেছমেনজনে শুদ্ধৰাই দিলে, ‘কেনভাছৰ নহয়, আজিকালি এনেকুৱা কাম কৰা মানুহক বিজিনেছ ৰিপ্রেজেন্টেটিভ বুলিহে কয়। বুদ্ধি থাকিলে বহুত পইচা উপার্জন কৰিব পাৰে। স্বাধীন আৰু সন্মানজনক কাম। তুমি কৰিবা?ʼ গৰৈ মাছে টোপ গিলাৰ দৰে শুনা মাত্রকেই মই কৈ উঠিলো, ʼকৰিম।ʼ ʼতেন্তে আহাঁ, আমাৰ কোম্পানীত ৰিপ্রেজেণ্টেটিভ হোৱাহি। যিমান টকাৰ বস্তুৰ গ্ৰাহক বাহিৰত ঠিক কৰিব পাৰিবা, সিমান কমিছন পাবা। শতকৰা পঁচিশ টকা।ʼ বন্দৱস্ত হৈ গ’ল। পাছদিনাৰ পৰাই হাতত তেনেকুৱা বেগ এটা ওলোমাই লৈ ফিটফাট পোছাক মাৰি উৎসাহৰ কোবত শিলগুটিত উজুটিয়াই উজুটিয়াই ওলাই গ’লো। কোম্পানীৰ বস্তুবোৰ হৈছে বিশেষকৈ তিৰোতা মানুহৰ প্রয়োজনীয় নানাবিধ সামগ্রী। কিন্তু যিখিনি উৎসাহ লৈ গ’লো, সিমান নিৰুৎসাহ হৈ সুদা হাতে উভতি আহিব লগা হ’ল। ক’ত যে কেনেকৈ এই বিজিনেছ আৰম্ভ কৰিব লাগে, মই একো উৱাদিহ নাপালো। যিখন দোকানকে বস্তুবোৰৰ গ্ৰাহক কৰিবলৈ যাওঁ, সেইখনেই পাছত আহিবলৈ নাইবা প্রয়োজন নাই বুলি কয়। কোম্পানীৰ মানুহজনে মোৰ কথা শুনি হাঁহি ক’লে, ʼমিঠা কথাৰে গ্ৰাহকৰ মন মুহিব লাগিব। তেহে কিনিব। সেইখিনিতেই তোমাৰ কৃতকার্যতা। আৰু তোমাৰ বস্তুৰ গ্রাহকবোৰতো হৈছে আচলতে তিৰোতা মানুহহে। তেওঁলোকৰ চকুক চমক লগোৱা বুদ্ধিও তুমি উলিয়াব লাগিব।ʼ কথাটো মনত ৰাখি পাছদিনা আকৌ নতুন উৎসাহেৰে ওলাই গ’লো। মোৰ এনেনো ভাগ্য যে বাটতে জাক পাতি অহা এজাক স্কুল নে কলেজৰ ছোৱালী দেখা পালো। মনতে ভাবিলো, মোৰ বিজিনেছৰ প্রথম বহনীটো ভাল কৰিবলৈকে বোধ হয় বাবা গণেশে এই হেন এজাক ছোৱালীক আজি মোৰ মুখত পেলাই দিছে। এতিয়া মই মাথোন কোম্পানীৰ গ্রাহক গোটাবহে লাগে। তথাপি সৰহীয়া ছোৱালীৰ জাক দুটামান পাৰ হৈ যাবলৈ দিলো আৰু তাৰ পিছে পিছে আহি থকা অলপ হেবাং যেন ছোৱালী এজনীকে আগচি ধৰিলো আৰু বাকচটোৰ পৰা চেণ্ট, স্ন’-পাওডাৰৰ একোবটল তেওঁলৈ আগবঢ়াই দি কোম্পানীৰ বিজ্ঞাপনবোৰ কেনেকৈ ক’ব লাগিব ভাবিবলৈ নৌপাওঁতেই ছোৱালীজনীয়ে ভূত দেখাৰ দৰে চিঞৰ এটা মাৰি গালি পাৰিবলৈ ধৰিলে, ‘অসভ্য, গুণ্ডা, বদমাচ, বাটৰ ছোৱালীক স্ন’-পাওডাৰ দিবলৈ আহিছে, লাজ নাই।’ মই কি মাতিম নামাতিম হতভম্ব হোৱাৰ লগে লগে দেখিবলৈ পালো চাৰিওফালৰ পৰা জাক জাক লগৰ ছোৱালীয়ে মোলৈ চোচা লৈছে। আৰু জীৱিকাৰ সন্ধানত আহি এইদৰে অকস্মাতে জীৱটো হেৰুওৱাৰ ভয়ত মই কোনোফালে নাচাই ভিৰাই ধৰি ঢাপলি মেলিলো— কলৈ ক’ব নোৱাৰোঁ। কাৰণ মোৰ পিছফালে যেন এতিয়াও সেই সুমধুৰ সম্ভাষণবোৰে খেদি আহিছে— গুণ্ডা, বদমাচ, অসভ্য। আৰু মাতটো যেন আনৰ নহয়, প্ৰেমলতাৰেই!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

তিলক হাজৰিকা

তিলক হাজৰিকা

বৰ্ষীয়ান সাংবাদিক, সাহিত্যিক৷ জন্ম: ৩ অক্টোবৰ, ১৯২১ (সোণাৰি গাঁও, কলিয়াবৰ, নগাঁও)৷ ʼসাদিনʼ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক৷

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz