অৱচেতন

শেষ বুলিলেইতো সকলো শেষ নহয়,
শেষৰ পিছতো সমাপ্তিলৈ ৰৈ থাকে
অপেক্ষাৰ হাঁ‌চতিখনৰ দীঘ-বাণি।
উকি মাৰি গুচি যায় প্ৰিয়জনৰ ৰেলখন,
গছে-পাতে ভাহি ৰয় শব্দবোৰ ৰিণি ৰিণি।

কঁ‌হুৱাবোৰে কয় জানো বতাহক
ৰৈ যোৱা এপলক মোৰ বাউলী নাচোনত।
নৈখনে কয়নে বাৰু, হেৰা নাৱৰীয়া
সুহুৰিটো দি থৈ যোৱাচোন
নিশা যে মই তেনেই অকলশৰীয়া?

শেষ হ’বলৈও এনেদৰে ৰৈ থাকে সময়
নঙলামুখত সৰি পৰে প্ৰিয়াৰ খোপাৰ পাহি,
পথাৰত জোনাক নামিবলৈ এতিয়া বহু পৰ বাকী।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of