অন্ধবিশ্বাসৰ বলি ফেঁচা

ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিঁয়ৰি উঠে৷ সচৰাচৰ দেখা পোৱা চৰাই-চিৰিকটিবোৰৰ ভিতৰত লোকবিশ্বাসত ফেঁচাৰ আসনখন যেন কিছু বেলেগ— কিছু ৰহস্যময় আৰু শিহৰণকাৰী! ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ তেনেদৰে ফেঁচাৰ উৰুলি শুনি কাৰোবাৰ বিয়াৰ লগন পৰিছে বুলিও বহুতে ভাবে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্ছিত ভূমিকা লাভ কৰি আহিছে৷ অৱশ্যে, ভাৰতত হিন্দুৰ দেৱী লক্ষ্মীৰ বাহন হিচাপে শুকুলা ফেঁচাক জ্ঞান আৰু ঐশ্বৰ্যৰ প্ৰতীক বুলি মনা হয়৷ এই ফেঁচাবিধ ‘Barn owl’ বুলি ভবা হয়৷ প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল৷ ফলত ই অমংগলৰ এক প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘূৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস— সকলো মিলি ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ তদুপৰি গভীৰ নিশা ভাহি অহা ফেঁচাৰ বিশেষ মাতেও এক শিহৰণ জগাই তোলাটো স্বাভাৱিক৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ এনে গছ সাধাৰণতে শ্মশানৰ ওচৰে পাজৰেও থাকে, সেয়ে এনে ঠাইৰ পৰা ভাহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷

এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে ফেঁচা দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বত কমেও ১৫০ বিধ ফেঁচাৰ প্ৰজাতি আছে৷ ইহঁতৰ মাইকী চৰাইজনী মতাটোতকৈ সাধাৰণতে আকাৰত কিছু ডাঙৰ হয়৷ ফেঁচা প্ৰধানতঃ এবিধ নিশাচৰ চৰাই৷ ইয়াৰ শাৰিৰীক গঠনো অন্য চৰাইতকৈ যথেষ্ট বেলেগ৷ মুখখন ঘূৰণীয়া চেপেটা, দুচকু বৃহৎ আকাৰৰ আৰু ঠেংকেইখন নোমাল৷ ফেঁচাৰ চকু দুটা ‘স্ক্লেৰ’টিক ৰিং’ (Sclerotic ring) নামৰ এক হাড়েৰে আবৰি থাকে বাবে ই কেৱল পোনে পোনেহে চাব পাৰে৷ কাষৰীয়াকৈ চাব লগা হ’লে সেয়ে ই মূৰটো ঘূৰাই চাব লাগে৷ তাৰ বাবে ইয়াৰ ডিঙি বিশেষভাৱে অভিযোজিত, ফলত ই মূৰটো ২৭০ ডিগ্ৰীলৈকে ঘূৰাব পাৰে৷ তেনেদৰে নিশা চিকাৰ কৰিবৰ বাবেও ইয়াৰ শ্ৰৱণ শক্তি অতি শক্তিশালী৷ এই অভিযোজনৰ বাবে ফেঁচাৰ কাণদুখন কেতিয়াবা অলপ তল-ওপৰকৈ থাকে৷ ফেঁচাই জীৱন্ত প্ৰাণী, যেনে পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি সৰু স্তন্যপায়ী প্ৰাণীও চিকাৰ কৰি খায়৷ বহুতে ভাবে, ফেঁচাৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ প্ৰায়বোৰ চৰাইৰে মাতৰ উদেশ্য হ’ল, নিজৰ মাজত যোগাযোগ কৰা৷ মতাই মাইকী চৰাইক মোহিবলৈ সুললিত কণ্ঠেৰে গান (bird song) গায়, এটা মতা চৰায়ে অন্য এটাক নিজৰ বাসস্থান বা টেৰিটৰীৰ ভিতৰত নোসোমাবলৈ সঁকীয়াই দিওঁতে এবিধ বিশেষ মাত (territorial call) উলিয়ায়৷ তেনেকৈ শত্ৰুৰ আগমণৰ ইংগিত দিবলৈয়ো চৰায়ে এবিধ বিশেষ মাত (alarm call) মাতে৷ ফেঁচাৰ ক্ষেত্ৰতো একে কথাই খাটে৷

Forest-Eagle Owl-অৰ মাত

অসমত বিশ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে— Forest-Eagle Owl (Bubo nipalensis)৷ অতীজৰে পৰা অসমকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই চৰাইবিধক মৃত্যু-সংবাদৰ বাহক বুলি গণ্য কৰি ‘Devil Bird’ নামেৰে জনা যায়৷ কিন্তু, ঘৰৰ চালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে; লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ভাৰতত ঠাই বিশেষে প্ৰজনন কাল ভিন্ন যদিও অসমৰ ফালে ই ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ দেহৰ আকাৰ বৃহৎ আৰু সেই অনুপাতে কেৰ্কেটুৱা, বনকুকুৰা, ময়ূৰৰ পৰা পোৱালি সুগৰি পহুও ইহঁতে চিকাৰ কৰিব পাৰে৷ তেনেদৰে উৰুলিৰ দৰে গান গোৱা ফেঁচাবিধ হ’ল— Asian barred Owlet (Glaucidium cuculoides)৷ ইয়াৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ইহঁত নিশাচৰ নহয়, দিনৰ ভাগতহে বিশেষকৈ সক্ৰিয় হৈ থাকে৷ ইয়াৰ মাতো কেইবাবিধো বুলি জনা যায়৷

Asian barred Owlet-অৰ মাত

মৃত্যুৰ আগজাননী দিয়া বুলি অপবাদ পোৱা ফেঁচাৰ বৰ্তমান নিজৰ জীৱনলৈয়ে শংকা আহি পৰিছে মানুহৰ এই অন্ধবিশ্বাসবোৰৰ ফলস্বৰূপে৷ TRAFFIC নামৰ বন্যপ্ৰাণীৰ বেহা নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ঠাইত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰা ফেঁচাৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ দীপাৱলীৰ দিনা হিন্দু পৰম্পৰা মানি বহুতে ফেঁচা বলি দিয়ে৷ ফেঁচাৰ দেহৰ বিভিন্ন অংশ তথাকথিত দৰৱৰ নামত চোৰাংভাৱে বিক্ৰী হয়৷ তেনেদৰে ৰাইজক আভুঁৱা ভৰা তান্ত্ৰিক-বাবা জাতীয় লোকেও ফেঁচাৰ পাখি, চকু, কণী আৰু অন্যান্য অংগ প্ৰত্যংগ ব্যৱহাৰ কৰে৷

| আৰু পঢ়ক: বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গ’লেই যেনিবা, তাতেনো কি অমঙ্গল হ’ল!

এই নিমাখিত চৰাইবিধে মানুহৰ অপকাৰ সধা দূৰৰে কথা, বৰং ই মানুহৰ বসতিস্থলৰ পোক-পতংগ, নিগনি আদি চিকাৰ কৰি প্ৰাকৃতিকভাৱে মহামাৰী নিয়ন্ত্ৰণৰ কামহে কৰে৷ সেয়ে ই খাদ্যজালৰ সমতা ৰক্ষা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ খেতি-প্ৰধান অঞ্চল এটাত ফেঁচাই উৎপাদন বৃদ্ধিতো বহুলভাৱে সহায় কৰিব পাৰে৷ পুৰণি কালত বতাহ-বৰষুণলৈকো ভয় কৰা মানুহৰ সমাজ এখনত অজ্ঞানতাৰ আন্ধাৰত জন্ম হোৱা এইবোৰ অন্ধবিশ্বাসৰ পৰা আধুনিক সমাজ মুক্ত নোহোৱাটো অতি পৰিতাপৰ কথা৷ ৰাইজ সচেতন নহ’লে সংকটৰ গৰাহত পৰা অন্য বহুতো আপুৰুগীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিৰ দৰে এই চৰাইবিধো অদূৰ ভৱিষ্যতে আমাৰ মাজৰ পৰা হেৰাই যাব৷

লেখকৰ ঠিকনা: University of Sheffield, UK

আপোনাৰ আৰু ভাল লাগিব পাৰে:
জলি বৰা

জলি বৰা

Department of Animal and Plant Sciences Alfred Denny Building University of Sheffield Western Bank, Sheffield S10 2TN, UK

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of