ৰাতিৰ দিনলিপি

ৰাতিৰ দিনলিপি
  • 12 May, 2022


এতিয়া পৃথিৱী শুইছে
সাৰে আছে আকাশ বতাহ আৰু অভিলাস
দশমীৰ জোনে উদ্ভাসিত কৰিছে চৌপাশ,
ক্লান্ত শৰীৰবোৰ পৰি আছে য’তে-ত’তে
মনবোৰ ওলাই আহিছে বাহিৰলৈ
জুমি জুমি তৰাবোৰ চাইছে কিছুমানে।

মই মোৰ সৈতে ব্যস্ত হৈছোঁ
পোৱা-নোপোৱাৰ হিচাপত।


ক্রমে গভীৰ হৈছে নিশা,
অহৰহ সুগন্ধি বিলাই ক্লান্তিত জিৰণি লৈছে
শেৱালিবোৰে,
বিদায়ৰ সময় সমাগত বুলি
নিয়ৰে কেৱল চকুলো টুকিছে।


ক্লান্ত নিশাহত অপ্রাপ্তিৰ হুমুনিয়াহ
বেদনাদগ্ধ হৃদয়ত মুক ক্রন্দন।
গুজৰি-গুমৰি আছে আহত মেঘবোৰে
তৰাবোৰ শুই আছে নিৰৱে,
যন্ত্রণাক্লিষ্ট জোনটোৱে কেৱল নাও বাইছে
অকলশৰে।


গছবোৰ মৌন
কর্তব্যইতো জীৱন,
ত্যাগৰ মহত্ত্বই দিয়ে জীয়াই থকাৰ সম্বল।
চকুপানীৰ মূল্য কাক বিচাবিব?
নিৰৱে আহ্বান সাহস আৰু সহ্যৰ…

❧ | আৰু পঢ়ক:

ফিচাৰড্ ইমেজ: ভিনচেণ্ট ভেন গগ’ৰ পেইণ্টিং ‘দ্য ষ্টেৰি নাইট’

ৰাতিৰ দিনলিপি | কবিতা | ৰাজুমণি বৰুৱা
Follow Nilacharai on Instagsram