বৰষুণ

[ উদয়ন গোস্বামী ]image

বতাহৰ বোকোচাত উঠি আহিছিল
ডাৱৰৰ হেঁপাহৰ কৰুণ গান

চিপ্ চিপ্‌ বৰষুণ
উচুপি উচুপি দুখৰ ধুমুহাত বুকুৰ উমাল ঘৰ থান্‌-বান্

বেলিটো বাগৰি আছিল হতাশাৰ বিষাদ বিচনাত
উঠিব খুজিও উঠিব নোৱাৰি বিষণ্ণতাৰ বিস্বাদ বেদনাত

ময় কেনি গ’ল, পোহৰ এন্ধাৰ সকলো একাকাৰ হ’ল—
সপোনৰ দিকচৌ বনত।

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz